অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দক্ষ প্ৰসৱ

দক্ষ প্ৰসৱ

মই কামৰূপ জিলাৰ কমলপুৰ ব্লক পিএইচচি ৰ অধীনৰ আঠগাঁও উপ স্বাস্থ্য কেন্দ্ৰৰ এজনী এচবিএ ৰ প্ৰশিক্ষণ লৈছিলো। ২০১০ চনৰ ২২ এপ্ৰিলৰ পৰা ১২ মে’ লৈ। এই প্ৰশিক্ষণটো অনুস্থিত হৈছিল কামৰূপ জিলাৰ বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত।

এচবিএ ৰ অৰ্থ হৈছে Skilled Attendance at Birth, মানে দক্ষ প্ৰসৱ কৰোতা। মই জনাত আমাক এচবিএ ৰ প্ৰশিক্ষণ দিয়াৰ মূল উদ্দেশ্যটো আছিল গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ কমোৱা আৰু স্বাস্থ্য বৰ্ধনৰ বাবে।

Natinal Population Policy 2000 ত আমাৰ ভাৰতবৰ্ষত গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ কমাবৰ বাবে আৰু গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ কমাবৰ বাবে আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্য বৰ্ধনৰ বাবে বিশেষ ভাৱে কিছুমান গুৰুত্ব প্ৰদান কৰা হৈছিল, কাৰণ তেতিয়া মৃত্যুৰ হাৰ প্ৰতি একলাখ জীৱিত জন্মৰ ভিতৰত ৪০৭ গৰাকী আছিল। এই মৃত্যুৰ হাৰ ২০১০ চনত প্ৰতি এক লাখত ১০০ গৰাকীতকৈয়ো কম কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে Child Health Programme, Phase-11 (2005-2010) ANM/SN/LHV সকলক SBA প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল। অসমতো এই প্ৰশিক্ষণ NRHM ৰ জৰিয়তে দিয়া হৈছিল।

আগতে মহিলাৰ মৃত্যুৰ হাৰ বেছি হোৱাৰ প্ৰধান কাৰণ আছিল অকৌশলী বা অদক্ষ প্ৰসৱ কৰোতাৰ সহায়ত ঘৰতে প্ৰসৱ কৰোৱা, কাৰণ এজনী অদক্ষ প্ৰসৱ কৰোতাই গৰ্ভৱতী মহিলাৰ জৰুৰীকালীন জটিলতাবোৰ যেনে, ৰক্তস্বাৱ, ৰক্তদূষণ, ৰক্তহীনতা, বাধাগ্ৰস্ত প্ৰসৱ, প্ৰসৱোত্তৰ কালত জীৱাণু সংক্ৰমণ, নিৰাপদ গৰ্ভপাত আদিৰ প্ৰতি উপযুক্ত দক্ষতাৰ অভাৱ। মহিলাৰ এনেবোৰ জৰুৰীকালীন জটিলতাৰ আৰু এটা অন্যতম কাৰণ আছিল গৰ্ভৱতী মহিলাৰ প্ৰথমাৱস্থাৰ পৰা ল’ব লগা যতনবোৰ নোলোৱা।

দক্ষ প্ৰসৱ কৰোৱা এনে এগৰাকী ব্যক্তি যিয়ে প্ৰসৱ সংক্ৰান্ত কামবোৰ নিপুনভাৱে পৰিচালনা কৰিব পাৰে আৰু যদি তেওঁৰ আয়ত্বৰ বাহিৰত থাকে তেতিয়াহ’লে উপযুক্ত কাৰ্য্য, দিহা, পৰামৰ্শ আদিৰে উন্নত প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰি মহিলাগৰাকীৰ জীৱন ৰক্ষা কৰিব পাৰে। এছবিএ এগৰাকীয়ে মহিলাৰ গৰ্ভধাৰণৰ কথা গম পোৱা মাত্ৰকে তেওঁক স্বাস্থ্যকেন্দ্ৰলৈ মতাই আনি নাম পঞ্জীয়ন কৰি নিম্নতম তথ্যসমূহ সংগ্ৰহ কৰি, সময়মতে প্ৰতিষেধক, স্বাস্থ্য পৰীক্ষা, ঔষধ আদিৰ পৰামৰ্শ দি মহিলাগৰাকীৰ

গৰ্ভাৱস্থাত বা প্ৰসৱোত্তৰ কালত হ’ব পৰা জটিলতা বিলাকৰ পৰা ৰক্ষা কৰে। যাৰ ফলত মহিলাগৰাকীৰ বিপদমুক্ত প্ৰসৱ কৰিব পাৰে, যিটো অদক্ষ প্ৰসৱ কৰোতাৰ ক্ষেত্ৰত সম্ভৱ নহয়। সেয়ে আজিৰ দিনত মহিলাৰ মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে কমাবলৈ সম্ভৱ হৈছে আৰু ইয়াৰ কাৰণে দক্ষ প্ৰসৱ কৰোতাৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ।

মই এচবিএ প্ৰশিক্ষণ লৈ খুউব গৌৰাৱান্বিত কাৰণ বৰ্তমান মোৰ দিহা পৰামৰ্শৰ দ্বাৰা বহুতো গৰ্ভৱতী মহিলা উপকৃত হ’ব। তথাপিও মই এচবিএ প্ৰশিক্ষণপ্ৰাপ্ত হিচাপে গৰ্ভৱতী মহিলা সকলক উপদেশ দিব বিচাৰো যে, তেওঁলোকে যাতে নিজৰ ঘৰত বা ওচৰৰ উপস্বাস্থ্য কেন্দ্ৰত (য’ত প্ৰসৱ কেন্দ্ৰ নাই) প্ৰসৱ কৰাৰ কথা চিন্তা নকৰি, নিজৰ লগতে শিশুটিৰ জীৱন সুৰক্ষাৰ কথা ভাবি চিকিৎসালয়লৈ গৈ প্ৰসৱ কৰিলে জৰুৰীকালীন জটিলতাবোৰৰ ফলত উপযুক্ত চিকিৎসাৰ অভাৱত মাক আৰু নৱজাতকৰ বিপদ ঘটিব পাৰে।

লেখিকাৰ নাম: শ্ৰীৰেণু কলিতা

শেহতীয়া উন্নীতকৰণ: : 12/23/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate