অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিচিঅ’এচ-ৰ বিষয়ে সত্যতা জানক

পিচিঅ’এচ-ৰ বিষয়ে সত্যতা জানক

পিচিঅ’এচ কি?

পলিচিষ্টিক অ’ভেৰি চিনড্র’ম (পিচিঅ’এচ) হৈছে সাম্প্রতিক কালত প্ৰজনন ক্ষমতা থকা বয়স (১৫-৪৫ বছৰ বয়স)ৰ মহিলাই সন্মুখীন হোৱা এটা অতি সাধাৰণ সমস্যা| ভাৰত বর্ষত প্ৰজনন ক্ষমতাৰ থকা বয়সৰ প্ৰায় ৩৬% মহিলা জনসংখ্যাই পিচিঅ’এচ-ত ভোগে বুলি কোৱা হয় বা প্ৰজনন ক্ষমতা থকা বয়সৰ গোটৰ প্ৰত্যেক ৪ গৰাকী মহিলাৰ ভিতৰত ১ গৰাকীৰ পলিচিষ্টিক অ’ভেৰি হয়| সাম্প্রতিক সময়ত যি কোনো সামাজিক বা মিডিয়াৰ পটত পিচিঅ’এচ হৈছে মহিলাৰ স্বাস্যবিধিৰ ভিতৰত এটা সবাতোকৈ অধিক আলোচ্য বিষয়| এই সমস্যাটো অতি সাধাৰণ আৰু এইটো আমাৰ মাজৰ যি কোনো এগৰাকীৰে হ’ব পাৰে| এনে ক্ষেত্রত এজন ব্যক্তিয়ে কেৱল এইটোৱে বুজি পোৱা উচিত যে পিচিঅ’এচ-ৰ জটিলতাৰ পৰা বিৰত থাকিবলৈ বা ইয়াক অতিক্রম কৰিবলৈ গুরুত্বপূর্ণ কথাবোৰ কি কি সেইটো জনা উচিত কাৰণ যদি ইয়াক চিকিৎসা কৰা নহয় তেনেহ’লে ইয়াৰ পৰিণাম বন্ধ্যাত্ব হ’ব পাৰে|

পিচিঅ’এচ ধৰা পেলোৱাৰ সহায়ক সংকেত

  • শালমইনা/ফোঁহা আৰু দীর্ঘলোম/অত্যন্ত চুলি গজা
  • মেদবহুলতা/ওজন বৃদ্ধি
  • অনিয়মিত মাহেকীয়া ঋতুস্ৰাৱ
  • ৰঙা পৰা বিশেষকৈ ডিঙি আৰু কাষলতিৰ তলত
  • পলিচিষ্টিক অ’ভেৰিজ (ডিম্বাশয়ত ছিষ্ট হোৱা) - আল্ট্রা চনোগ্রাফী (ইউএচজি) ৰ দ্বাৰা দৃঢ় প্ৰতিপন্ন কৰিব পৰা যায়|
পিচিঅ’এচ-ৰ সংকেত সোনকালে আৰম্ভ হ’ব পাৰে কিন্তু বেছিভাগ ক্ষেত্রতে কিশোৰী অৱস্থাৰ পিচৰফালে আৰু প্ৰাপ্তবয়স্কৰ প্ৰাৰম্ভিকতে সংকেত ওলায়| পিচিঅ’এচ সঘনে ভুলকৈ নিদান হয় বা ইয়াক শালমইনা /ফোঁহা তথা দীৰ্ঘলোম/অত্যন্ত চুলি গজাৰ দৰে পৰিলক্ষিত সংকেত সমূহ চাই নিজে নিজে নিদান কৰে|
যি কি নহওঁক, বেছি ভাগ মহিলাই পিচিঅ’এচ হোৱা বুলি তেতিয়ালৈকে গমেই নেপায় যেতিয়ালৈকে তেওঁলোকৰ ঋতুস্ৰাৱৰ চক্রত সমস্যা নহয় বা তেওঁলোকে গর্ভৱতী হোৱাত অসুবিধাৰ সন্মুখীন হয়|

১) পলিচিষ্টিক অ’ভেৰিজ (ডিম্বাশয়ত হোৱা ছিষ্ট):
প্ৰত্যেক গৰাকী মহিলাৰে দুটাকৈ ডিম্বাশয় থাকে ই কেইটা গর্ভাশয়ৰ দুয়োকাষে অৱস্তিত| প্ৰত্যেকটো ডিম্বাশয়ৰ আকাৰ হৈছে এটা মার্বলৰ সমান| ডিম্বাশয় কেইটাই ডিম্ব আৰু অন্যান্য হৰম’ন তৈয়াৰ কৰে| 
স্বাভাৱিকতে, প্ৰত্যেক ঋতুস্ৰাৱ চক্রৰ সময়ত ডিম্বাশয়ত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ পুটক উদ্ভৱ হয় আৰু ডিম্ব তৈয়াৰ কৰে| চক্রটোৰ মাজভাগত এটা ডিম্বাশয়ৰ পৰা এটা ডিম্ব ডিম্ববাহী নলীলৈ মুক্ত কৰি দিয়ে| ইয়াক ডিম্বক্ষৰণ প্ৰক্রিয়া বুলি কোৱা হয়| বাকীবোৰ পুটক বেছিকৈ পকি ভাগি আয়| 
পিচিঅ’এচ হোৱা মহিলাৰ ক্ষেত্রত ‘‘ডিম্বক্ষৰণ’’-য়ে দেখা নিদিয়ে আৰু সেয়েহে ডিম্ব এৰি নিদিয়ে| পুটক সমূহ ভাগি নেআয় কিন্তু জুলীয়া পদার্থৰে ভৰি পৰে আৰু ছিষ্টলৈ পৰিৱর্তন হয় যিবোৰ এথোক আঙুৰৰ দৰে দেখা পোৱা যায়| ডিম্বাশয় কেইটা ফুলি যাব পাৰে আৰু কেতিয়াবা স্বাভাৱিকতকৈ ২-ৰ পৰা ৫ গুণ ডাঙৰ হৈ পৰিব পাৰে|
আপোনাৰ পলিচিষ্টিক অ’ভেৰিজ হৈছে নে নাই দৃঢ় প্ৰতিপন্ন কৰিবলৈ আপোনাৰ চিকিৎসকে এখন আল্ট্রাচাউণ্ড কৰাৰ বাবে পৰামর্শ দিব পাৰে| 

২) অনিয়মিত মাহেকীয়া ঋতুস্ৰাৱ :
প্ৰজনন ক্ষমতা থকা বয়সীয়া এগৰাকী মহিলাৰ গড়ে ২৮ দিনত এটা মাহেকীয়া ঋতুস্ৰাৱৰ চক্র হয়, যদিও ই ২৫-ৰ পৰা ৩৫ দিনৰ ব্যৱধানতো হ’ব পাৰে| পিচিঅ’এচ হোৱা মহিলাৰ ক্ষেত্রত ঋতুস্ৰাৱ সাধাৰণতে > ৩৫ দিনত হয় (অনিয়মিত মাহেকীয়া ঋতুস্ৰাৱ) বা নহ’বও পাৰে| 
যদি আমি সাম্প্রতিক অধ্যয়নক প্ৰাধান্য দিও তেন্তে দেখা পাম যে পিচিঅ’এচ থকা ৯৯% মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ অনিয়মিত হয়|
যদি আপোনাৰ মাহেকীয়া ঋতুস্ৰাৱ অনিয়মিত হয়, পলম হোৱাৰ পূর্বেই পদক্ষেপ গ্রহণ কৰক আৰু অনুগ্রহ কৰি আপোনাৰ চিকিৎসকৰ পৰামর্শ লওক| 

৩) শালমইনা/ফোঁহা তথা দীর্ঘলোম/অত্যন্ত চুলি গজা :
শালমইনা/ফোঁহা তথা দীর্ঘলোম/অত্যন্ত চুলি গজা হৈছে পিচিঅ’এচ-ৰ অতি সাধাৰণ আৰু দেখা পোৱা লক্ষণ| দীর্ঘলোম হৈছে অত্যন্ত বেছি চুলি গজা, বিশেষকৈ তপিনা, পিঠি, বুকু আৰু মুখমণ্ডলত| শালমইনা হৈছে এটা চর্মৰোগ যিটো হলে পাপ্লচ হয় ইবোৰ ফোঁহাৰ দৰে হয়| শালমইনা/ফোঁহা সাধাৰণতে মুখমণ্ডল, পিঠি তথা বুকুত হয়| পিচিঅ’এচ হোৱা ৭৫% মহিলাৰে দীর্ঘলোম হয় আৰু পিচিঅ’এচ হোৱা ৩৪% মহিলাৰ শালমইনা/ফোঁহা হয়| 
পিচিঅ’এচ হোৱা মহিলাৰ ক্ষেত্রত ডিম্বাশয়ৰ ছিষ্টে হৰম’নেল সন্তুলন নষ্ট কৰে আৰু পুৰুষ হৰম’ন (যেনে টেষ্ট’ষ্টেৰণ) অধিক উৎপন্ন হয়| বৃদ্ধি হোৱা পুৰুষ হৰম’নৰ বাবে শালমইনা/ফোঁহা কৰে আৰু দীর্ঘলোম /অত্যন্ত চুলি গজে| 


৪) মেদবহুলতা / ওজন বৃদ্ধি :
পিচিঅ’এচ-ৰ এটা সাধাৰণ বৈশিষ্ট্য হৈছে মেদবহুলতা বা একেৰাহে হোৱা ওজন বৃদ্ধি| পিচিঅ’এচ হোৱা ৫০% মহিলা হৈছে মেদবহুল| আহাৰৰ অভ্যাস তথা সলনি হৈ থকা জীৱনশৈলীয়ে পিচিঅ’এচ মহিলাক অধিক মেদবহুল কৰি তোলে| 
পিচিঅ’এচ থকা মহিলাৰ ক্ষেত্রত মেদবহুলতা হয় কাৰণ তেওঁলোকৰ শৰীৰৰ কোষবোৰে ইনচুলিন নামৰ শর্কৰা/গ্লুক’জ নিয়ন্ত্ৰণ কৰা হৰম’নক বাধা দিয়ে| এই প্ৰতিবন্ধকতাই (ইনচুলিন ৰেজিষ্টেন্স) কোষবোৰে শর্কৰা/গ্লুক’জ ব্যৱহাৰ কৰাটো প্ৰতিৰোধ কৰে যিবোৰ এইচএ আৰু চর্বি হিচাপে জমা হয় আৰু ইয়াৰ ফলত মেদবহুলতা বা ওজন বৃদ্ধি হয়|
মেদবহুলতাই হৰম’নৰ সন্তুলন ওলট-পালট কৰে আৰু যিটোৱে ঋতুস্ৰাৱৰ সময় কালত প্ৰভাৱ পেলায়| যদি আপোনাৰ ওজন বেছি তেন্তে আপোনাক ওজন কমোৱাৰ বাবে পৰামর্শ দিয়া হয় আৰু আপুনি পুষ্টিকৰ আহাৰ খোৱা উচিত| 

৫) ৰঙা পৰা, বিশেষকৈ ডিঙি আৰু কাষলতিৰ তলত
পিচিঅ’এচ হোৱা মহিলাৰ ডিঙিৰ পিচফালে, কাষলতিৰ তলত, কপালত, সম্ভৱত: শৰীৰৰ কিছুমান অন্য অংশত ৰঙা পৰা বা ছালত ঠায়ে ঠায়ে ক’লা পৰিব পাৰে| এইয়া তেজত অতিৰিক্ত ইনচুলিনৰ কাৰণে হয়| ততালিকে এগৰাকী স্ত্রীৰোগ বিশেষজ্ঞৰ পৰামর্শ ল’বলৈ কোৱা হয়| 

৬) বন্ধ্যাত্ব :
বন্ধ্যাত্ব মানে হৈছে গর্ভধাৰণ (গর্ভৱতী) হোৱাত কঠিনতা| সাম্প্রতিক সময়ত পিচিঅ’এচ হৈছে বন্ধ্যাত্বৰ এটা অতিকৈ সাধাৰণ কাৰণ| যিহেতু এগৰাকী পিচিঅ’এচ হোৱা মহিলাৰ অনিয়মিত বা একেবাৰে নোহোৱা ঋতুস্ৰাৱৰ অৱস্থা ডিম্বক্ষৰণ (গর্ভাশয়ৰ ডিম্ব উৎপাদন হৈ এৰি দিয়াৰ প্ৰক্রিয়া) নোহোৱা কাৰ্য্যত সঘনে সংলগ্ন কৰা যায়, ই গর্ভধাৰণ কৰা বা গর্ভৱতী হোৱাৰ সম্ভাৱনা হ্রাস কৰে| 
গর্ভধাৰণ কৰা যদি আপোনাৰ বাবে কঠিন হয়, পৰামর্শ লওক কাৰণ ই পিচিঅ’এচ হ’ব পাৰে|


চিকিৎসা নকৰা পিচিঅ’এচ-ৰ পৰা কি কি প্ৰভাৱ পৰে?
পিচিঅ’এচ-ৰ বিষয়ে সবাতোকৈ গুরুত্বপূর্ণ কথা হৈছে যে ই কেৱল এটা কচমেটিক বা মাহেকীয়া ঋতুস্ৰাৱৰ সমস্যা নহয়| ইয়াক বৰ্দ্ধিত সংখ্যক দীৰ্ঘদিনীয়া সমস্যাৰ ক্ষতিশংকাৰ সৈতে সংলগ্ন কৰিব পৰা যায়| পিচিঅ’এচ হোৱা মহিলাই স্ত্রীৰোগ বিশেষজ্ঞৰ দ্বাৰা ৰজোনিবৃত্তি হোৱা পৰ্য্যন্ত নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত যদিও সংকেত সমূহ লোপ পায়|

পিচিঅ’এচ পীড়িত মহিলাই চিকিৎসা নকৰালে নিম্নলিখিত অৱস্থা বা ৰোগসমূহ হোৱাৰ উচ্চ ক্ষতিশংকা থাকে:
  • বন্ধ্যাত্ব/গর্ভধাৰণ কৰাত অক্ষমতা
    ইতিমধ্যে আলোচনা কৰা হৈছে যে পিচিঅ’এচ হৈছে বন্ধ্যাত্ব বা গর্ভধাৰণ কৰাত অক্ষম হোৱাৰ এটা সাধাৰণ কাৰক| সেয়েহে ভৱিষ্যতে বন্ধ্যাত্বৰ ক্ষতিশংকাৰ পৰা বিৰত থকাৰ বাবে আগতীয়াকৈ নিদান কৰাটো হৈছে অপৰিহাৰ্য্য| 




    ডায়েবিটিজ
  • পিচিঅ’এচ হোৱা প্ৰায় ৫০% মহিলাৰ ৪০ বছৰৰ পূর্বেই ডায়েবিটিজ বা প্ৰি-ডায়েবিটিজ হ’ব পাৰে| সেইবাবে যদি আপোনাৰ পিচিঅ’এচ হয়, ডায়েবিটিজ প্ৰতিৰোধ কৰিবৰ বাবে ব্যায়াম কৰা তথা আহাৰ লোৱাৰ অভ্যাস সলনি কৰাৰ বাবে পৰামর্শ দিয়া হয়| 





  • হাই ব্লাড কলেষ্টেৰল আৰু কার্ডিঅ’ভাস্কুলাৰ ৰোগ
    পিচিঅ’এচ পীড়িত মহিলাৰ হাই ব্লাড কলেষ্টেৰল হোৱাৰ সম্ভাৱনা অধিক| যিহেতু কলেষ্টেৰলৰ সৈতে কার্ডিঅ’ভাস্কুলাৰ ৰোগ ঘনিষ্ঠভাৱে জড়িত, এনে ৰোগৰ ক্ষতিশংকা (হার্ট এটেক) পিচিঅ’এচ পীড়িত মহিলাৰ ক্ষেত্রত বৃদ্ধি হ’ব পাৰে| 





    গর্ভাৱস্থাত জটিলতা
  • পিচিঅ’এচ-ৰ দ্বাৰা প্ৰভাৱিত মহিলাৰ গর্ভাৱস্থাত জটিলতা হোৱাৰ ক্ষতিশংকা অধিক| এই জটিলতা সমূহত অন্তৰ্ভুক্ত হয় অতি বেছি আগতীয়াকৈ প্ৰসৱ হোৱা বা গর্ভাৱস্থাত উচ্চ ৰক্তচাপ (প্ৰি-এক্লেম্পচিয়া) বা গর্ভাৱস্থাৰ সময়ত আনকি ডায়েবিটিজ হোৱা| যদি আপুনি পিচিঅ’এচ-ত ভুগিছে তেন্তে নিয়মিয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাওক|



    এণ্ডমেট্রিয়েল কেন্সাৰ / গর্ভাশয়ৰ কাষে কাষে হোৱা কর্কট ৰোগ
  • আগেয়ে আলোচনা কৰাৰ দৰে পিচিঅ’এচ-ৰ দ্বাৰা প্ৰভাৱিত মহিলাৰ ঋতুস্ৰাৱ অনিয়মিত হয় বা একেবাৰে নহয়| সেয়েহে, তেওঁলোকৰ গর্ভাশয়ৰ কাষে কাষে কর্কট ৰোগ হোৱা ক্ষতিশংকা অধিক হ’ব পাৰে|






গতিকে, যদি আপোনাৰ পিচিঅ’এচ থকা বুলি সন্দেহ হয়, অনুগ্রহ কৰি আপোনাৰ লক্ষণ সমূহ আওকাণ নকৰিব| এইবোৰ সাধাৰণ লক্ষণৰ পিচত লুকাই থকাখিনি দেখা পোৱাতো, আৰু আপুনি ভুগিব লগীয়া হ’ব পৰা স্বাস্য সমস্যাৰ গুৰুতৰ অৱস্থা উপলব্ধি কৰাতো প্ৰয়োজনীয়|


পিচিঅ’এচ-ৰ কাৰণ সমূহ কি কি?

আমি জানো যে পিচিঅ’এচ হৈছে এটা বহু-কাৰক উক্ত বেমেজালি| নিমলিখিত সমূহ হৈছে পিচিঅ’এচ-ৰ সম্ভাব্য কাৰক|
  • জীৱনশৈলী সলনি হোৱা: পুষ্টিহীন খাদ্য, জাংক ফুড খালে আৰু ব্যায়ামৰ অভাৱে এগৰাকী মহিলাৰ ক্ষেত্রত ওজন বৃদ্ধি হোৱাত সহায়ক হয়| মেদবহুলতা বা ওজন বৃদ্ধিয়ে হৰম’নৰ সন্তুলন নষ্ট কৰে যি আপোনাৰ মাহেকীয়া ঋতুস্ৰাৱত প্ৰভাৱ পেলায়|
  • ইনচুলিন প্ৰতিবন্ধকতা: প্ৰায় ৫০-৮০%-ৰ ক্ষেত্রত ইনচুলিন প্ৰতিবন্ধকতা হৈছে এটা প্ৰধান কাৰক| ই এগৰাকী মহিলাৰ ওজন বৃদ্ধিও কৰাব পাৰে ইটোৱে তেওঁৰ পিচিঅ’এচ লক্ষণসমূহ বৃদ্ধি কৰিব পাৰে|
  • হৰমনেল অসন্তুলন: পিচিঅ’এচ হোৱা মহিলাৰ ক্ষেত্রত হৰম’নেল অসন্তুলন হৈছে সাধাৰণ
  • পৰিয়াল ইতিবৃত্ত: এগৰাকী মহিলাৰ পিচিঅ’এচ হোৱাৰ সম্ভাৱনা অধিক হয় যদি তেওঁৰ মাতৃ, মাহীয়েক বা বাই ভনীৰ এই বেমেজালি থাকে|

চিকিৎসকৰ ওচৰলৈ কেতিয়া যাব?

যদি আপুনি শালমইনা/ফোঁহা বা দীর্ঘলোম/অত্যন্ত চুলি গজা আদিৰ দৰে পিচিঅ’এচ-ৰ সংকেত বা লক্ষণ সমূহত ভুগিছে, তেন্তে অতি শীঘ্রে আপোনাৰ সমীপৱর্তী চিকিৎসক (স্ত্রীৰোগ বিশেষজ্ঞ) ৰ ওচৰলৈ যাওক| কাৰণ, পিচিঅ’এচ-য়ে দীৰ্ঘদিনীয়া সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে বন্ধ্যাত্ব, ডায়েবিটিজ, কার্ডিঅ’ভাস্কুˆলাৰ ৰোগ আৰু গর্ভাৱস্থাৰ জটিলতা ইত্যাদি| 

আগতীয়াকৈ পিচিঅ’এচ নিদান কৰিলে বন্ধ্যাত্বৰ দৰে দীৰ্ঘদিনীয়া সমস্যা সমূহ প্ৰতিৰোধ কৰিব পৰা যায়| গতিকে পলম হোৱাৰ পূর্বেই এটা পদক্ষেপ লওক|



পিচিঅ’এচ-ৰ চিকিৎসা কি?

পিচিঅ’এচ নিয়ন্ত্ৰণ কৰাৰ বাবে কেইবাটাও পদ্ধতি আছে| নিয়ন্ত্ৰণ বিকল্প সমূহ লক্ষণ সমূহৰ গুৰুতৰ অৱস্থাৰ ওপৰত নির্ভৰ কৰে|

জীৱনশৈলী ৰূপান্তৰিত কৰা:

এগৰাকী পিচিঅ’এচ-ত ভোগা মহিলাৰ বাবে এই অৱস্থা নিয়ন্ত্ৰণ ৰাখিবলৈ এক স্বাস্যকৰ জীৱনশৈলী গঢ়ি ল’লে সহায়ক হ’ব পাৰে| আপুনি মেদবহুল হওকেই বা ক্ষীণেই হওক পিচিঅ’এচ-ত ভোগা সকলো মহিলাৰ বাবেই জীৱনশৈলী নিয়ন্ত্ৰণ কৰাটো হৈছে গুরুত্বপূর্ণ|

এখন স্বাস্থ্যবৰ্ধক আহাৰ তালিকা মানি চলিলে এইটো নিশ্চিত হ’ব যে আপুনি নিউট্রিয়েট, ভিটামিন তথা মিনাৰেলৰ পুষ্টি পাইছে যিবোৰে ডায়েবিটিজ আৰু কার্ডিঅ’ভাস্কুলাৰ ৰোগৰ দীৰ্ঘদিনীয়া ক্ষতিশংকা হ্রাস কৰিব পাৰে| 

নিম্ন জি আই আহাৰ খাওক: এগৰাকী মহিলাই নিম গ্লাইছেমিক ইণ্ডেক্সৰ আহাৰ গ্রহণ কৰি তেওঁৰ ৰক্ত শর্কৰাৰ মাত্রা ভাল কৰি পিচিঅ’এচ নিয়ন্ত্ৰণ কৰিব পাৰে| নিম্ন জি আই আহাৰত অন্তৰ্ভুক্ত থাকে গোটা শস্য, প্ৰ’টিন, বাদাম আৰু গুটি তথা বহু সতেজ ফল-মূল তথা ষ্টার্চ নোহোৱা শাক-পাচলি| আপোনাৰ বাবে কেনেধৰণৰ আহাৰ উত্তম সেই কথা আপোনাৰ চিকিৎসক বা নিউট্রিশ্যনেষ্টৰ পৰা মানি লওক| কম চর্বিযুক্ত আহাৰ গ্রহণ কৰাটোও উপদেশমূলক|




এবাৰত কমকৈ খাব, দিনে কেইবাবাৰো খাব: অলপীয়াকৈ দিনটোত কেইবাবাৰো খালে আপোনাৰ ৰক্ত শর্কৰাৰ মাত্রা নিয়ন্ত্ৰণত ৰাখিব পাৰে| প্ৰত্যেক ৩-৪ ঘটাত আপুনি খোৱাৰ অভ্যাস কৰিব লাগে|








প্ৰচুৰ পৰিমাণে পানী খাওক: ইনচুলিন প্ৰতিবন্ধকতাৰ বাবে পিচিঅ’এচ-ত ভোগা মহিলাই পানীৰ ওজন বৃদ্ধি বা শীঘ্র ডিহাইড্রেশ্যেন উপলব্ধি কৰিব পাৰে| সেয়েহে, দিনটোত অতি কমেও ৮ গিলাচ পানী খোৱাটো আপোনাৰ বাবে গুরুত্বপূর্ণ|







শাৰীৰিক কাৰ্য্যকলাপ বা ব্যায়াম: ই আপোনাৰ শক্তিৰ মাত্রা বঢ়ায়, আত্মবিশ্বাস বৃদ্ধি কৰে আৰু মানসিক চাপ হ্রাস কৰে| ওজন নিয়ন্ত্ৰণ কৰাৰ নিমিত্তে চৰকাৰী মার্গদর্শিকাই প্ৰত্যেক দিনে ৩০-ৰ পৰা ৬০ মিনিট শাৰীৰিক কাৰ্য্যকলাপৰ পৰামর্শ দিয়ে| প্ৰত্যেক দিনে ৯০ মিনিটৰ ব্যায়ামৰ পৰামর্শ দিয়া হয়|





কেৱল এখন আহাৰৰ তালিকা মানি চলাতকৈ আহাৰ তথা শাৰীৰিক কাৰ্য্যকলাপ একত্রিতভাৱে কৰিলে ওজন নিয়ন্ত্ৰণ উত্তম হয়| 

মেদবহুলতা বা অধিক ওজনৰ মহিলা ই পিচিঅ’এচ-ত ভোগে সেই মহিলাই এটা সুস্থ জীৱনশৈলী অৱলম্বন কৰিলে ডায়েবিটিজ তথা কার্ডিঅ’ভাস্কুলাৰ ৰোগৰ দৰে দীৰ্ঘদিনীয়া সমস্যাৰ ক্ষতিশংকা হ্রাস কৰিব পাৰে| 

ঔষধ:

যদি আপুনি পিচিঅ’এচ-ত ভুগিছে তেন্তে আপোনাৰ চিকিৎসকে আপোনাক মায়’-ইনচিটল আৰু মেটফর্মিনৰ দৰে ইনচুলিন হ্রাস কৰা ঔষধ, এন্টি-মে’ল হৰম’ন ঔষধ, গর্ভনিৰোধক বড়ি, ডিম্বক্ষৰণ কৰা ঔষধ, ভিটামিন ডি পৰিপূৰক ইত্যাদি ল’বলৈ ক’ব পাৰে| যদি ৰোগীৰ ক্ষেত্রত ঔষধৰ কোনো প্ৰভাৱ নপৰে তেন্তে চিকিৎসকে অস্ত্রোপচাৰ কৰাৰ বাবে পৰামর্শ দিব পাৰে|

কোনো ঔষধ লোৱাৰ পূর্বে অনুগ্রহ কৰি আপোনাৰ স্ত্রীৰোগ বিশেষজ্ঞৰ পৰামর্শ লওক|
উৎস: পিচিঅ’এচ

 

শেহতীয়া উন্নীতকৰণ: : 7/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate