প্ৰায় দুটা দশকৰ পূৰ্বলৈকে শিৰোনামাত উল্লিখিত এই ৰোগবিধৰ নাম সৰ্বসাধাৰণৰ মুখত খুব ফটকাই শুনা নগৈছিল যদিও শেহতীয়াভাৱে যেন ইয়াৰ প্ৰাদুৰ্ভাৱ ক্ৰমান্বয়ে বাঢ়িছে। নাৰীসকলৰ ৰজোঃ নিবৃত্তিৰ (মেন’পজ) পৰৱৰ্তী সময়ত দেখা দিয়া এই ৰোগৰ আক্ৰমণ ঘাইকৈ নিৰ্ভৰ কৰে নাৰী দেহৰ কেতবোৰ বৈশিষ্ট্যৰ ওপৰত। এনেবোৰ বৈশিষ্ট্যৰ সন্দৰ্ভত আলোচনা কৰাৰ পূৰ্বে মানসিক তথা চাৰিত্ৰিক দিশটোৰ বিষয়ে উমান লোৱা যুক্তিসংগত হ’ব। তাহানিখনৰ কিছুমান গ্ৰন্থত নাৰীক মিথ্যাচাৰিণী বুলি উল্লেখ কৰি তেওঁলোকক মানসিকতা বাস্তৱ বিবৰ্জিত, অযুক্তিকৰ তথা হিষ্টেৰিয়া নামৰ উপসৰ্গৰ দ্বাৰা পৰিচালিত বুলি উল্লেখ কৰা হৈছে। অথচ প্ৰকৃতাৰ্থত ক’বলৈ গ’লে বা চাবলৈ গ’লে তেওঁলোকৰ মানসিকতা যথেষ্ট যুক্তিযুক্ততাৰ ওপৰত নিৰ্ভৰশীল। পাছে পুৰুষ প্ৰধান সমাজৰ ৰক্ষণশীল মানসিকতাৰ অংশ হিচাপে প্ৰচলিত এক অৰ্বাচিন ধাৰণা হৈছে যে কেতবোৰ স্ত্ৰী হৰম’নৰ প্ৰভাৱত নাৰীসকলৰ আচাৰ-ব্যৱহাৰ বা অন্যান্য দিশবোৰ কেতিয়াও যুক্তিৰ আধাৰত পৰিচালিত নহয়। ঊনবিংশ শতিকাত চিকিৎসা বিজ্ঞানৰ অগ্ৰগতি আশাপ্ৰদ নাছিল আৰু সেই সময়ৰ কায় চিকিৎসা বিজ্ঞানীসকলে এনে মত পোষণ কৰিছিল যে গ্ৰীৱাদেশ বা ইউটেৰাছৰ অস্বাভাৱিক অৱস্থাৰ হেতুকেই নাৰীৰ আচাৰ-ব্যৱহাৰ বা এনেকি মানসিকতাৰো প্ৰভেদ পুৰুষৰ সৈতে থাকিব পাৰে। গতিকেই এগৰাকী নাৰীক স্বাভাৱিক কৰি তুলিবলৈ এনে পৰিস্থিতিত (অৰ্থাৎ ৰজোঃ নিবৃত্তিৰ পৰৱৰ্তী কালত) গ্ৰাৱাদেশ চ্ছেদ কৰাৰো (অস্ত্ৰোপচাৰৰ জৰিয়তে) পৰামৰ্শ দিছিল।
দুৰ্ভাগ্যক্ৰমে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ পাছতো আজিৰ তাৰিখত এনে এক মুষ্টিমেয় সংখ্যক ছাৰ্জন আছে- যিয়ে নেকি এনে পুৰণি তথা অযুক্তিকৰ মতামতেই সমৰ্থন কৰে। এগৰাকী নাৰীৰ প্ৰজনন ক্ষমতাযুক্ত সময়খিনি বা বছৰকেইটা পাৰ হৈ যোৱাৰ পাছতেই এইসকল বিশেষজ্ঞই ইউটেৰাছ চ্ছেদ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় যাতে ভৱিষ্যতে নাৰীগৰাকীয়ে দৈহিক তথা মানসিক দিশত কোনা ধৰণৰ অস্বাভাৱিকতা প্ৰদৰ্শন নকৰে।
তৎসত্ত্বেও ৰজোঃনিবৃত্তিৰ পাছত ১৫ শতাংশ নাৰীৰ ক্ষেত্ৰত আচাৰ-ব্যৱহাৰ তথা মানসিকতাৰ পৰিৱৰ্তন দেখা যায়। ইয়াৰ বাহ্যিক প্ৰকাশ এনে ধৰণৰ হ’ব পাৰে- অহেতুকভাৱে খিঙখিঙীয়া স্বভাৱ, অত্যধিক সংবেদনশীলতা, অসংলগ্ন চিন্তা-ভাৱনাৰ জোৱাৰ, হতাশ গ্ৰস্ততা, উদ্বিগ্নতা, বাধাহীনভাৱে ক্ৰন্দন যিটো নেকি অনিয়ন্ত্ৰিত ধৰণৰ হ’ব পাৰে। তদুপৰি কিছুমান নাৰীৰ ক্ষেত্ৰত অদ্ভুত ধৰণৰ দ্ৰব্য ভক্ষণৰ ( যেনে মাটি) হেঁপাহ জাগিব পাৰে। ০.৪ শতাংশ ৰোগীৰ ক্ষেত্ৰত অৱস্থাই এনে এক শোচনীয় ৰূপ পৰিগ্ৰহণ কৰে যে নাৰীগৰাকী বিকাৰগ্ৰস্ত মানসিকতাত আক্ৰান্ত হোৱা বুলি আখ্যা দিয়া হয়। এনে অৱস্থা ৰজোঃনিবৃত্তিৰ ঠিক আগে আগে দেখা দিলে ‘প্ৰি মেন’পজেল ছিনড্ৰোম’ বুলি আখ্যা দিয়া হয়। মাহেকীয়া ঋতু চক্ৰৰ সময়ত স্ত্ৰী হৰম’নবোৰৰ (ইষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰণ) মাজত থকা স্বাভাৱিক ভাৰসাম্যতা বিনষ্ট হোৱা বাবেই এনে হয় বুলি ব্যাখ্যা কৰা হৈছে।
এই ৰোগত ভুক্তভোগীসকলৰ ক্ষেত্ৰত মগজুৰ পিটুইটাৰী-হাইপোথেলামিক অক্ষ আৰু ডিম্বাশয়ৰ পৰ্যায়ত হৰম’নৰ নিঃসৰণৰ মাত্ৰাৰ হঠাতে ঘটা বঢ়া-টুটাৰ হেতুকে ছেৰটনিনৰ দৰে স্নায়ৱিক পৰিবাহকবোৰৰ মাত্ৰাৰ পৰিৱৰ্তন ঘটে আৰু ফলত মনত হতাশাৰ ভাব দেখা দিয়ে। এনে ধৰণৰ ঋণাত্মক মানসিকতাৰ পৰা সকাহ লভিবলৈ আৰু নিউৰোট্ৰেন্সমিটাৰবোৰৰ পৰিমাণ স্বাভাৱিক কৰাৰ উদ্দেশ্যে ৰোগীয়ে অতিমাত্ৰা যুক্ত ভুৰি-ভোজন কৰিব পাৰে যদিও এনে প্ৰয়াস ব্যৰ্থতাত পৰ্যবসিত হয়।
ৰোগীক মানসিকতাৰ পৰিৱৰ্তনৰ হেতুকে পৰিয়ালত আৰু কৰ্মস্থানত থকা মানুহবোৰৰ অসুবিধা হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলে অসুবিধাগ্ৰস্ত হৈ নাৰীগৰাকীক বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ বাধ্য কৰাৰ সময়তে আক্ৰান্ত ৰোগীনিৰ ঋতুচক্ৰ পুনৰাই স্বাভাৱিক হ’ব পাৰে। গতিকে ঘটনাৰ পৰিক্ৰমা লুকাভাকু খেলাৰ লেখীয়া হোৱাৰ সম্ভাৱনীয়তা আছে। পাছে দুৰ্ভাগ্যক্ৰমে ঋতুচক্ৰৰ অস্বাভাৱিকতা তথা মানসিক অস্থিৰতা পৰৱৰ্তী সময়ত আকৌ দেখা দিব পাৰে। ৩০-৪৫ বছৰ বয়সীয়া নাৰীৰ ক্ষেত্ৰত পি এম এছ (প্ৰি মেন’পজেল ছিনড্ৰোম) দেখা দিয়াৰ শংকগ্ৰস্ততা বেছি। সমাগত ৰজোঃনিবৃত্তিৰ এক অংশবিশেষ বুলি ভ্ৰান্ত ধাৰণাৰ এই হেতুকে সৃষ্টি হ’ব পাৰে। এই ধাৰণা অসত্য। অৱশ্যে এইটো এক ধুৰূপ সত্য যে এগৰাকী নাৰীৰ জীৱনৰ এইখিনি সময়তে কেৰিয়াৰ তথা ঘৰখনত তেওঁ সবাকোকৈ বেছি ষ্ট্ৰেছৰ সন্মুখীন হ’বলগীয়াত পৰে। হৰম’নজনিত ভাৰসাম্যহীনতা আৰু এনে ধৰণৰ ষ্ট্ৰেছৰ সৈতে তাল মিলাবলৈ তেওঁ অসুবিধা পাবও পাৰে।
হৰম’নৰ প্ৰভাৱত কেতবোৰ দৈহিক পৰিৱৰ্তন দেখা দিয়ে। শৰীৰত তৰল দ্ৰব্য জমা হোৱা বাবে দৈহিক ওজন বাঢ়িব পাৰে (গড় হিচাপে ১.২ কিলোগ্ৰাম)। ইয়াৰ ফলত পৰিধান কৰা কানি-কাপোৰবোৰ টান হৈ পৰে। তদুপৰি এনেবোৰ উপসৰ্গ দেখা দিব পাৰে- বুকুৰ ধপধপনি, স্তনযুগলত বিষ অনুভূতি, কঁকালৰ বিষ আৰু গাঁঠিৰ বিষ।
মন-মেজাজৰ ব্যাপক পৰিৱৰ্তনৰ হেতুকে নাৰীগৰাকী হতাশগ্ৰস্ততাত ভুগি আত্মহত্যাৰ প্ৰৱণতা তেওঁৰ মনত জাগি উঠিব পাৰে বা কেতিয়াবা হিংস্ৰ হৈ হত্যাৰ বাসনাও তেওঁৰ মনত উদিত হ’ব পাৰে। এনে পৰিস্থিতিত চিকিৎসা আৰম্ভ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰে। দেখা গৈছে যে সৰহভাগ হত্যাকাৰিণীয়েই পি এম এছ নামৰ ৰোগবিধ যিটো সময়ত দেখা দিয়ে তেনে সময়তে অপৰাধমূলক কাৰ্যত লিপ্ত হয়। তদুপৰি এনেবোৰ কাৰকৰ প্ৰভাৱত দৈহিক কাৰ্যদক্ষতা আৰু ব্যক্তিজনিত সম্পৰ্কৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে- অৱসাদগ্ৰস্ততা, সংবেদনশীলতা আৰু খং, ৰাগ আদি অনুভূতি।
যিসকল নাৰী পি এম এছত আক্ৰান্ত হৈছে- তেওঁলোকক এই কথাষাৰ ব্যাখ্যা কৰা কঠিন হৈ পৰে যে কিবা এটা অস্বাভাৱিকতাত তেওঁলোক ভুগি আছে। ইয়াৰ কাৰণ হৈছে যে মাহেকৰ ২০টা দিনতেই তেওঁলোক স্বাভাৱিক অৱস্থাতেই থাকে। তদুপৰি নাৰীভেদে সংবেদনশীলতাৰ ভিন্নতা থাকিব পাৰে। কেতিয়াবা তেনেই প্ৰাৰম্ভিক বা সাধাৰণ অৱস্থাতেই ৰোগবিধৰ তীব্ৰতা অতি বেছি হ’ব পাৰে। বিপৰীতক্ৰমে ৰোগবিধ অত্যন্ত গুৰুতৰ হৈ থাকিলেও সময় সাপেক্ষে তেনে কোনো ধৰণৰ উপসৰ্গ দেখা নিদিবও পাৰে। পি এম এছ নামৰ ৰোগবধৰ আক্ৰমণৰ বিপক্ষে নিম্নোক্ত প্ৰতিষেধকমূলক ব্যৱস্থাবোৰ গ্ৰহণ কৰিলেও সুফল পাব পাৰি-
বংশগতভাৱে ৰোগীসকল পি এম এছত আক্ৰান্ত হ’ব পাৰে। ইয়াৰ কাৰণ হৈছে যে হৰম’নৰ মাত্ৰাৰ অনুপাত বংশগতভাৱে একেই হ’ব, পাৰে তাৰ ফলত একে ৰোগাক্ৰান্ত হোৱাৰ শংকা বিৰাজমান। তদুপৰি ভ্ৰান্ত ধৰণৰ জীৱন ধাৰণৰ শৈলীয়েও ৰোগৰ সৃষ্টিত প্ৰভাৱ পেলায়।
(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।
শেহতীয়া উন্নীতকৰণ: : 2/27/2024