নাৰীৰ শাৰীৰিক সৌন্দৰ্যৰ অন্যতম মুখ্য অংগ হ’ল সুগঢ়ি বক্ষযুগল। কিন্তু বিচৰামতে বহুতৰ বক্ষযুগল সুগঢ়ি নহয়। তেওঁলোকে কেইটামান যত্নৰ জৰিয়তে সুগঢ়ি বক্ষৰ অধিকাৰী হ’ব পাৰে। সেইকেইটা হ’ল-খাদ্য, মালিচ, উপযুক্ত বক্ষ বন্ধনী, শাৰীৰিক পৰিশ্ৰম আৰু প্ৰয়োজনীয় ব্যায়াম। তলত উল্লেখ কৰা হ’ল-
এযোৰ সুগঢ়ি বক্ষ পাবলৈ হ’লে সুষম পুষ্টিকৰ খাদ্যৰ খুবেই প্ৰয়োজন। মাংস, ৰঙালাউ, পনীৰ, মাটিমাহৰ দাইল, দৈ গাখীৰ, মচুৰ দাইল আদি খালে সৰু আৰু চেপেটা আকাৰৰ বক্ষযুগল নিপোটল আৰু সুন্দৰ গঢ় হৈ পৰে। সেউজীয়া শাকৰ পাত, লাছি, মৌ, ঔটেঙা, থেকেৰা টেঙা, অমিতা, পনীৰ পানী, নেমুটেঙাৰ চৰবত খালে যাৰ বক্ষৰ আকাৰ জোখতকৈ ডাঙৰ আৰু গঢ়টো সুন্দৰ নহয় তেওঁলোকৰ বক্ষৰ গাঢ় সুন্দৰ হোৱাত সহায় হয়।
বহুতৰ বক্ষ অনুপযক্ত বক্ষবন্ধনীৰ ফলতো দেখাত বেয়া হৈ পৰে। গতিকে বক্ষবন্ধনী ক্ৰয় কৰাৰ আগতে নিজৰ বক্ষৰ জোখ সম্পৰ্কে ভালদৰে জানি লোৱা উচিত। বক্ষৰ সঠিক জোখমতে বক্ষবন্ধনী পিন্ধিলে বক্ষযুগল বেয়া হৈ নপৰে। বক্ষবন্ধনী সদায় কপাহী কাপোৰৰ হোৱা উচিত। বক্ষবন্ধনী আৰামদায়ক হোৱাৰ লগতে পৰিষ্কাৰ হোৱাটো নিতান্তই প্ৰয়োজনীয়।
বক্ষযুগল সুগঢ়ি কৰিবলৈ মালিচৰে প্ৰয়োজন। উপযুক্ত মালিচৰ জৰিয়তে অতি সোনকালে বক্ষযুগলে উপকাৰ পায়। পিঠি পেলাই শুই লৈ লাহে ধীৰে প্ৰতিদিনেই বক্ষযুগলৰ মালিচ কৰিব লাগে। মালিচ কৰাৰ কিছুমান বিশেষ পদ্ধতি আছে। পদ্ধতিবোৰ নিজে শিকি লৈ নতুবা কোনোৱে দক্ষ সৌন্দৰ্য বিশেষজ্ঞাৰ হতুৱাই মালিচ কৰিব লাগে। ভুল পদ্ধতিৰ দ্বাৰা মালিচ কৰিলে হিতে বিপৰীতহে হ’ব পাৰে। মালিচ কৰোতে বুকুৰ ফালৰ পৰা কাষলৈ নি কান্ধলৈকে কৰিব লাগে। এনে কৰিলে বক্ষযুগল শকত হয়। আনহাতে, বক্ষযুগলৰ আকাৰ কমাবলৈ হ’লে ইয়াৰ বিপৰীতে মালিচ কৰিলেই হ’ব। ইয়াৰ পিছত কপাহী কাপোৰৰ বক্ষবন্ধনী ব্যৱহাৰ কৰি শীতল ভাপ ল’ব লাগে। এনেদৰে এমাহ ধৰি প্ৰতিদিনেই কৰিব লাগে।
ব্যায়ামৰ জৰিয়তে বক্ষযুগলৰ গঠন সুন্দৰ আৰু সুগঢ়ি কৰিব পাৰি। চক্ৰাসন, বজ্ৰাসন, হলাসন, পদসঞ্চালন, পদহস্তাসন আদি আসন কৰিলে বক্ষযুগল বিচৰামতে সুগঢ়ি হৈ উঠিব। লগতে বক্সিং খেলা, ৰোয়িং কৰা, স্কিপিং, কাৰাটেৰ অভ্যাস কৰিলেও বক্ষযুগলৰ গঢ় সুন্দৰ কৰিব পাৰি।
শাৰীৰিক পৰিশ্ৰমৰ যোগেদি বক্ষযুগলৰ গঠন ভাল কৰিব পাৰি। কাপোৰ আছাৰি ধোৱা, ডলা বা কুলাৰে চাউল জৰা, নাদৰ পৰা পানী তোলা, দমকলৰ পৰা পানী তোলা, দমকলৰ পৰা পানী তোলা, ঘৰ মচা, চোতাল সৰা, কোৰ কুঠাৰ মৰা আদি কাম কৰিলেও বক্ষ সুগঢ়ি হয়।
বহুতো নাৰীয়ে সন্তানৰ মাতৃ হোৱাৰ পিছত বক্ষযুগলক লৈ চিন্তাত পৰে। বহুতৰ ধাৰণা যে কেঁচুৱাক গাখীৰ খোৱালে নিজৰ বক্ষযুগলৰ গঠনত কু-প্ৰভাৱ পৰে। নাৰীৰ সৌন্দৰ্যৰ আধাৰ বক্ষযুগলক লৈ বহু মাতৃ বিমোৰত পৰে। কিন্তু তেওঁলোকৰ ধাৰণা সম্পূৰ্ণ ভূল। কাৰণ মাতৃয়ে স্তনপান কৰোৱালে বক্ষৰ উপকাৰহে হয়। মাতৃয়ে সন্তানক নিয়মিতভাৱে স্তনপান কৰোৱালে বক্ষযুগল বেছি সুগঢ়ি হৈ পৰে। সন্তান জন্ম হোৱাৰ পিছত মাতৃৰ জৰায়ুৰ উপযুক্ত সংকোচন নঘটাৰ ফলত বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হোৱাৰ লগতে পেটটো বহুত ডাঙৰ হৈয়ে থাকি যায়। এনে ক্ষেত্ৰত স্তনপানে যথেষ্ট উপকাৰ সাধন কৰে। লগতে ব্ৰেষ্ট ফিডিঙে সন্তানক খুৱাওঁতে যি শিহৰণ মাকে অনুভৱ কৰে, সি বক্ষৰ গঠন দৃঢ় হোৱাত সহায় কৰে। গতিকে মাতৃগৰাকীয়ে সন্তানক গাখীৰ খোৱাওঁতে বক্ষযুগলৰ গঠন অগঢ়ি হ’ব বুলি চিন্তা নকৰাই উচিত।
ইয়াৰ উপৰিও বক্ষযুগলৰ সুন্দৰ গঢ় পাবলৈ কেইটামান প্ৰয়োজনীয় যত্ন তলত উল্লেখ কৰা হ’ল-
নাৰীৰ সৌন্দৰ্যৰ আধাৰ স্তনযুৰিক লৈ বহুতৰে অসন্তুষ্টি দেখা যায়। সাধাৰণতে শৰীৰৰ আন অংগৰ তুলনাত স্তনৰ বৃদ্ধি বহুত কম হ’লে নাৰীগৰাকী অসন্তুষ্ট হয়। ছিলিকন ইমপ্লান্ট লগাই এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। ছিলিকন ইমপ্লান্টিৰ কাৰণে মানাৰী গ্লেণ্ডৰ তলত কাটি লগোৱা হয়। এই দাগটো ঢাক খাই থাকে আৰু এটা সময়ত নোহোৱা হৈ যায়। এৰিওৱালাৰ কাষেৰে, কাষলতিত বা নাভিৰ ওপৰত কাটিলে এই প্ৰথাত এণ্ডোস্কপিৰ ছেলাইন ইমপ্লান্ট সুমুৱাই দিয়া হয়। ইমপ্লান্ট গ্লেণ্ডৰ তলত বহুৱালে ইমপ্লান্টৰ কাৰণে পকেটটো ইয়াৰ পৰিধিতকৈ অলপ ডাঙৰ হোৱাটো ভাল। অপাৰেশ্যনৰ পিছত ছালত অলপ টান খায়। ই দামী ব্ৰেষ্ট ছাৰ্জাৰী যদিও ইয়াৰ সমস্যা বহুত কম।
কেতিয়াবা কোনো কাৰণত স্তনৰ আকাৰ বহু ডাঙৰ হয়। ফলত মহিলাগৰাকী ভীষণ সমস্যাত পৰে। কিন্তু অপাৰেশ্যনৰ দ্বাৰা স্তনৰ আকাৰ সৰু বা জোখৰ কৰি ল’ব পাৰি। স্তনৰ এইবিধ ছাৰ্জাৰী অলপ জটিল। অপাৰেশ্যনৰ পিছত নিপুল আৰু ওচৰে-পাজৰে ছালত নতুবা স্তনৰ কটা দাগ থাকিব পাৰে। অৱশ্যে পিছলৈ এই দাগ নোহোৱা হৈ পৰে।
কোনো মহিলাৰ ব্ৰেষ্ট কেন্সাৰ নতুবা অন্য কাৰণত স্তন আতঁৰাই পেলাব লগীয়া হয়। এনে ক্ষেত্ৰত স্তন আতৰাই দিয়াৰ লগে লগে ইমপ্লান্ট সুমুৱাই দিব পাৰি। যদি স্তন আঁতৰোৱাৰ কিছুদিনৰ পিছতে এই ছাৰ্জাৰী কৰা হয় তেন্তে দুটা ষ্টেজত ছাৰ্জাৰী সম্পূৰ্ণ কৰা হয়। প্ৰথম ষ্টেজত এক্সপাণ্ডাৰ সুমুৱাই লাহে লাহে এইটো ফুলাই লোৱা হয়। কেইসপ্তাহমানৰ ভিতৰত এটা ‘পকেট’ বনোৱা হয়। বিচৰামতে এক্সপাণ্ড হোৱাৰ পিছত এক্সপাণ্ডাৰটো আঁতৰাই পেলোৱা হয়। তাৰ ঠাইত স্থায়ীভাৱে ইমপ্লান্ট বহুওৱা হয়। কিন্তু ই খুবেই খৰচি। পিঠিৰ ছাল, মাংসপেশী, পেটৰ ছাল, চৰ্বি আদি আনিও স্তনটো পুনৰ বনাব পাৰি। ই সহজ পদ্ধতি আৰু স্তনে স্বাভাৱিক আৰু প্ৰকৃতিগত আকাৰ পায়। ছমাহ পিছতহে নিপুল আৰু এৰিওৱালা বনোৱা হয়।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 6/19/2020
আধুনিক বনাম বিকল্প চিকিৎসা
আঁঠুৰ বিষত ভুগিছে নেকি?
কিড্নি সুস্থ ৰখাৰ উপায়
আপোনাৰ মুখমণ্ডলৰ যত্ন লওঁক