অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যাখ্যাবিহীন বন্ধ্যাত্ব

ব্যাখ্যাবিহীন বন্ধ্যাত্ব

এক যুক্তিসংগত সময় সীমাৰ ভিতৰত আৰু এক প্ৰণালীবদ্ধ বৈজ্ঞানিক পৰীক্ষাৰ অন্তত যিসকল স্বামী-স্ত্ৰী এজনৰো বা উভয়ৰে বন্ধ্যাত্বৰ একো কাৰণ বিচাৰি পোৱা নাযায় তাক ব্যাখ্যাবিহীন বন্ধ্যাত্ব বুলি কোৱা হয়। পৰিসংখ্যাৰ হিচাপেৰে নিখুত লেখ দিয়াটো টান, কিয়নো পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিৰ্ভৰ কৰে পৰীক্ষা পদ্ধতিসমূহৰ স্বচ্ছতা, গভীৰতা আৰু গুৰতৰ ওপৰত। সেয়েহে হয়তো ইয়াৰ পৰিসংখ্যাৰ অংকটোত কিছু তাৰতম্য ঘটে। তথাপি যিসকল অভিজ্ঞ স্ত্ৰী ৰোগ বিজ্ঞানী আৰু বন্ধ্যাত্ব বিশেষজ্ঞই একাণপতীয়াভাৱে এই ধৰণৰ  পৰীক্ষা আৰু গৱেষণাত নিজকে বহুকাল নিয়োগ কৰি ৰাখিছে তেওঁলোকৰ মতে ১০ ৰ পৰা ৩০ শতাংশ দম্পতি এই শ্ৰেণীৰ বন্ধ্যাত্বত পৰে। আকৌ আশ্চৰ্যজনক ঘটনাটো হ’ল যে এনেধৰণৰ দহহাল দম্পতীৰ ভিতৰত চাৰিহাল দম্পতীয়ে নিৰ্দিষ্ট কোনো চিকিৎসা অবিহনে ৩ বছৰৰ ভিতৰত গৰ্ভাৱস্থা লাভ কৰিছে। কেনেকৈনো ই সম্ভৱ? ইয়াক বিশ্লেষণ কৰি বুজাব নোৱাৰি, সেয়েহে নেকি কোৱা হয় যে গৰ্ভাৱস্থাৰ আগমন এক ঐশ্বৰিক দান। সৰ্বশেষত ইয়াকে ক’ব পৰা যায় যে, যিহেতু, গৰ্ভাৱস্থাৰ আগমন বন্ধ্যা ৰমণীৰ ক্ষেত্ৰত এক আকস্মিক ঘটনা হয় বা হ’ব পাৰে, গতিকেই আধুনিক স্ত্ৰীৰোগ চিকিৎসা বিজ্ঞানত প্ৰচলিত জটিল আৰু কৃত্ৰিম সহায়ক প্ৰজনন কৌশলৰ মাজলৈ সাউৎকৈ সোমাই নগৈ কিছু সময় অপেক্ষা কৰাটোৱেই শ্ৰেয়। কৃত্ৰিম সহায়ক প্ৰজনন কৌশল বা এ আৰ টি মানে আচলতে কি? স্ত্ৰীৰোগ চিকিৎসা বিজ্ঞানৰ বন্ধ্যাত্বৰ চিকিৎসা বিষয়ত ই এক আধুনিক চিকিৎসা কৌশল। ইয়াকেই Asisted Reproductive Technology চমুকৈ A R T বুলি উল্লেখ কৰা হৈছে।

যেতিয়া বন্ধ্যাত্বৰ বাবে কৰা সকলো প্ৰকাৰ সম্ভৱপৰ পৰীক্ষা-নিৰীক্ষাৰ অন্ত পৰে অথচ গৰ্ভসঞ্চাৰো নঘটে সেইসকল নাৰীৰ ক্ষেত্ৰতেই কৃত্ৰিম গৰ্ভ সঞ্চাৰৰ কলা-কৌশল প্ৰয়োগ কৰা হয়। এই কৌশল খৰচ বহুল আৰু মুখ্যত: তিনি প্ৰকাৰৰ-

IVF বা ইনভিট্ৰো ফাৰ্টিলাইজেচন।

GIFT বা গ্যেমেট ইন্ট্ৰাফেলপিয়ান টিউব ট্ৰেন্সফাৰ।

ZIFT জাইগ’ট ইন্ট্ৰাফেলপিয়ান টিউব ট্ৰেন্সফাৰ।

বন্ধ্যা মহিলাৰ বয়স ৩৫ বা তাতোকৈ কম হ’লে সাফল্যৰ হাৰ বেছি আৰু বয়স ৩৫ ৰ বেছি হ’লে সাফল্যৰ হাৰ কম হয়।

I V F: I V F ৰ ক্ষেত্ৰত দেহৰ বাহিৰত অৰ্থাৎ লেবৰেটৰীৰ কালচাৰ মিডিয়ামত ডিম্বাণুৰ ফাৰ্টিলাইজেচন ঘটোৱা হয়। এই কৌশল আকৌ টেষ্ট টিউব বেবী টেকনিক নামেৰে বহুল প্ৰচলিত।

IVF কৌশল কেনে ধৰণৰ মহিলাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়?

যিসকল ৰমণীৰ ক্ষেত্ৰত গৰ্ভনলী বা ফেলপিয়ান টিউবৰ উপস্থিতি নাথাকে, থাকিলেও কাৰ্য্যক্ষম নহয় বা পথ বন্ধ হৈ থাকে; পেলভিচত জটিল পৰ্য্যায়ৰ এণ্ডোমেট্ৰিঅ’ছিছত থাকে অথবা ছাৰ্ভিক্সত এন্টিস্পাৰ্ম এন্টিবডিৰ সমস্যা থাকে আৰু যদি দৰৱৰ সহায়েৰে কৰা ডিম্বাণু বিকাশ বা Ovulation introduction বিফল হয়।

GIFT কৌশল প্ৰয়োগ কৰিবলৈ হ’লে IVF কৌশলৰ দৰেই। প্ৰয়োজনীয় কথা একেখিনিয়েই মাথোন ৰমণীৰ গৰ্ভনলী বা ফেলপিয়ান টিউবৰ কাৰ্যক্ষমতা কিন্তু স্বাভাৱিক হৈ থকা প্ৰয়োজন। আকৌ যিসকল পুৰুষৰ গৰ্ভত শুক্ৰকীটৰ সংখ্যা কম বা গতিশীলতা কম তেওঁলোকৰ স্ত্ৰীৰ ক্ষেত্ৰতো এই কৌশল ব্যৱহাৰ কৰা হয়। ব্যাখ্যাবিহীন বন্ধ্যাত্বৰ ক্ষেত্ৰত এই কৌশল প্ৰয়োগ কৰিলে তাৰ সফলতাৰ হাৰ বেছি হয় আৰু পুৰুষৰ ক্ৰটীপূৰ্ণ শুক্ৰকীটৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে সফলতা কম বুলি কোৱা হয়।

GIFT কৌশলৰ ক্ষেত্ৰত ডিম্বাণু আৰু শুক্ৰকীটৰ ফাৰ্টিলাইজেচন লেবৰেটৰীত কৃত্ৰিমভাৱে কৰোৱা নহয়, কৰা হয় ডিম্বনলীৰ একেবাৰে শেষ প্ৰান্তত সুমুৱাই দিয়া হয়। তাতেই স্বাভাৱিকভাৱে ডিম্বাণু আৰু শুক্ৰকীটৰ ফাৰ্টিলাইজেচন হয়।

ZIFT কৌশলৰ ক্ষেত্ৰত ফাৰ্টিলাইজড এমব্ৰিওটিক আৰু অধিক পৰিপক্ক বা mature কৰি Zygote অৱস্থাত জৰায়ুৰ গৰ্ভত প্ৰেৰণ কৰি দিয়া হয়, এই পদ্ধতিৰ নামেই ZIFT কৌশল।

লিখক: ডা: দীনেশ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 12/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate