অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেন’পজ বা ৰজো নিবৃত্তি

মেন’পজ বা ৰজো নিবৃত্তি

মহিলাসকলৰ ৪৫ বছৰ বয়সৰ পৰা ৫০ বছৰৰ ভিতৰত ঋতুস্ৰাৱ বন্ধ হোৱা প্ৰক্ৰিয়াটোকে মেন’পজ বোলে। এই সময়ত মহিলাগৰাকীৰ বিভিন্ন ধৰণৰ শাৰিৰীক আৰু মানসিক পৰিৱৰ্তন ঘটে। ৰজো নিবৃত্তি দিৱস হিচাপে প্ৰতি বছৰে ১৮ অক্টোৱৰত পালন কৰা হয়।

মেন’পজ বা ৰজো নিবৃত্তি

১) মাহেকীয়া ঋতুস্ৰাৱ অনিয়মিত হৈ লাহে লাহে বন্ধ হয়।

২) দৈনিক কেইবাবাৰো হঠাতে গৰম উঠে আকৌ পিছ মুহূৰ্তত ঠাণ্ডা লাগে। মুখ, গলধন, ৰঙা পৰিও যায়।

৩) শৰীৰৰ হাড় ঠুনুকা হৈ পৰে।

৪) ৰাতি ঘামি উঠা, টোপনি ভাল নোহোৱা, সঘনাই প্ৰস্ৰাৱ হোৱা, কাৰণ নোহোৱাকৈ ভাগৰ লগা, যৌন স্পৃহা কমি অহা, যোনি শুকান হৈ পৰা, যোনিত সংক্ৰমণৰ মাত্ৰা বৃদ্ধি হোৱা আদি লক্ষণসমূহ মেন’পজ বা ৰজো নিবৃত্তিৰ সময়ত দেখা পোৱা যায়।

৫) মনলৈ দু:চিন্তা, ভয়ভাৱ আহে, অহেতুক খং উঠে স্তন ঢিলা হৈ পৰে, কান্দোনৰ ইচ্ছা হয়, বুকুৰ ঢপঢপনি হয়, মনলৈ হতাশা আহে, ছাল, চুলিৰ মসৃণতা হেৰাই যায়, মনৰ অৱস্থাৰ পৰিৱৰ্তন হৈ থাকে।

৬) কেতিয়াবা অষ্টিয়’পৰছিছ আৰু হৃদৰোগো হ’ব পাৰে।

৭) ৰক্তচাপ বৃদ্ধি পায়, স্মৃতিশক্তি কমি আহে নতুবা হেৰাই যায়।

৮) কেতিয়াবা স্তনৰ কেন্সাৰ, গৰ্ভাশয়ৰ কেন্সাৰ, হাৰ্ট এটেক, ষ্ট্ৰ’ক হ’ব পাৰে। মেন’পজৰ সকলো সমস্যা দূৰ কৰাৰ উপায় ওলোৱা নাই যদিও কিছুমান সমস্যা দূৰ কৰাৰ উপায় আছে।

মেন’পজ ক্লিনিকত চিকিৎসা লৈ মহিলাসকলে যথেষ্ট সুফল পাব পাৰে। HRT বা হৰ’মন ৰিপ্লেচমেন্ট থেৰাপিৰ সহায়ত মেন’পজৰ সমস্যাসমূহৰ পৰা মুক্তি পাব পাৰি। মেন’পজৰ সমস্যাসমূহৰ এষ্ট্ৰ’জেনৰ অভাৱৰ বাবেই হয়। সেয়ে HRT ৰ সহায়ত শৰীৰত কমি অহা এষ্ট্ৰ’জেনখিনি কম মাত্ৰাৰ ঔষধেৰে লাহে লাহে পূৰ কৰা হয়।

HRT দুবছৰ পৰ্য্যন্ত ব্যৱহাৰ কৰিব পাৰি। হৃদৰোগত আক্ৰান্ত সকলে পাঁচৰ পৰা দহ বছৰ পৰ্য্যন্ত HRT ল’ব পাৰে। HRT ব্যৱহাৰ কৰি গৰম উঠি ঠাণ্ডা লগা, যোনি শুকাই যোৱা, হাড় ভাঙি যোৱা, স্মৰণশক্তি কমি অহা, দৃষ্টিশক্তি কমি অহা, টোপনি নহা আদি সমস্যাসমূহৰ পৰা ৰক্ষা পাব পাৰি। HRT এ তেজত LDT ৰ মাত্ৰা কমাই হৃদৰোগৰ পৰা ৰক্ষা পোৱাত সহায় কৰে।

HRT ব্যৱহাৰৰ লগতে মহিলাগৰাকীয়ে নিয়মিতভাৱে ব্যায়াম কৰিব লাগে। খোৱা-বোৱা ক্ষেত্ৰত ধূমপান, মদ্যপান, চেনি, নিমখ, কেফেইন আদি খোৱা বাদ দিব লাগিব। তেওঁলোকে সুষম আহাৰ, ভিটামিন, মিনাৰেল আদি খোৱা উচিত। মেন’পজেল ক্লিনিকত নিৰ্দিষ্ট সময়ে সময়ে জৰায়ু আৰু যোনিপথৰ পৰীক্ষা কৰিব লাগে।

তদুপৰি যোগ চৰ্চাৰ জৰিয়তে মেন’পজৰ সমস্যাসমূহ দূৰ কৰিবও পাৰি। এজন অভিজ্ঞ যোগ বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰি যোগধ্যান আৰু যৌগিক অনুশীলনৰ বিষয়ে ভালকৈ শিকি ল’ব লাগে। নিয়মিতভাৱে যোগধ্যান আৰু অনুশীলন কৰি মেন’পজৰ বহু সমস্যাৰ সমাধান কৰিব পাৰি।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate