অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষ্টেম চেল চিকিৎসা

ষ্টেম চেল চিকিৎসা

ষ্টেম চেল চিকিৎসা সম্পৰ্কে কোৱাৰ আগেয়ে মানৱ দেহৰ চেল বা কোষ সম্পৰ্কে উল্লেখ কৰা হল।মানৱ দেহ কোষেৰে আবৃত। আমাৰ শৰীৰত প্ৰায় ৬০ মহাপদ্ম কোষ আছে। মহাপদ্ম বুলিলে হয়তো বহুতে বুজি নাপাব। ইংৰাজীত কোৱা হয় বিলিয়ন।এক মহাপদ্ম মানে এক বিলিয়ন।স্ংক্ষেপে একৰ পিছত বাৰটা শূন্য। অৰ্থাৎ ৬০,০০০০০০০০০০ কোষেৰে মানৱ দেহ গঠিত।এই কোষ ইমানেই সূক্ষ্ণ যে ইয়াক চকুৰে চাবলৈ অনুবিক্ষন যন্ত্ৰৰ সহায় লব লগা হয়। আকৌ এটি কোষৰ ভিতৰৰ বিভিন্ন কাৰুকাৰ্য চাবলগীয়া হয় তেনেহলে অতি উন্নত মানৰ উচ্চ ক্ষমতা সম্পন্ন অনুবিক্ষন যন্ত্ৰৰ সহায় লব লাগিব।এই লিখনিত মাথো ষ্টেম চেল চেল চিকিৎসা সম্পৰ্কে অতি চমুকৈ উল্লেখ কৰা হব।

আমাৰ শৰীৰত যেতিয়া কোনো ৰোগে দেখা দিয়ে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ চিকিৎসকে পৰীক্ষা নিৰীক্ষাৰ পিছত ঔষধ আদি দি সেই ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰে।ঠিক তেনেধৰনে যেতিয়া কোনো ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ যাওঁতে চিকিৎসকে আপোনাৰ দেহৰ বিশেষ কিছু কোষ বিশেষ পদ্ধতিৰে সংগ্ৰহ কৰি সেই কোষেৰেই চিকিৎসা আৰম্ভ কৰিলে আৰু শেষত আপুনি সেই ৰোগৰ পৰা আৰোগ্যও হল।এয়া হল ষ্টেমচেল চিকিৎসা।এই চিকিৎসা পদ্ধতিত উন্নত গৱেষনা আৰু প্ৰযুক্তি ব্যৱহাৰৰ দ্বাৰা এক ৱৈপ্লৱিক উন্নতিৰ দিশ ধামবান হৈ আছে।

আমি সাধাৰন চেল বা কোষ বুলিলে যি জানো ষ্টেম চেলৰ চৰিত্ৰত আৰু কিছুমান বেশিষ্ট যুক্ত হয়।শৰীৰৰ কিছু কোষসমূহ যিবিলাক অবিভেদিত বা অপৃথকীত অৱস্থাত আছে যাৰ পৰা এফালে বিভিন্ন অংগৰ বিশেষ চাৰিত্ৰীক বৈশিষ্ট সম্পন্ন পৃথকীকৃত কোষ সমষ্টিৰ সৃষ্টি হয় আৰু আনফালে মাইটোচিচ পদ্ধতিত ষ্টেম চেলবোৰ বিভাজিত হৈ আৰু বেচি পৰিমানে ষ্টেম চেলৰ সৃষ্টি হয়।

ষ্টেম চেল প্ৰ্ধানকৈ দুই প্ৰকাৰৰ হয়। এমব্ৰায়োনিক ষ্টেম চেল আৰু এডাষ্ট ষ্টেম চেল।চিকিৎসাত ব্যৱহাৰ কৰিবলৈ ষ্টেম চেল শৰীৰৰ পৰা সংগ্ৰ্হ কৰা হয়।অস্থি মজজা,এডিওপজ কলা,তেজ আনকি সদ্যজাত শিশুৰ জন্মৰ এমবিকেল কৰ্ড ব্লাডৰ পৰাও প্ৰ্চুৰ পৰিমানে ষ্টেম চেল সংগ্ৰহ কৰা হয়।আনকি উন্নত গৱেষনাৰ গাৰত এদল বৈজ্ঞানিক ভ্ৰূনজ জৈৱ পদাৰ্থ নোহোৱাকৈ মাথো ৩০ মিনিটত ষ্টেম চেল তৈয়াৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান ষ্টেম চেল চিকিৎসা পদ্ধতিৰে ষ্টোক দূৰ্ঘটনা জড়িত মস্তিকৰ আঘাত আনকি মস্তিকৰ কিছুমান ডিজিনেৰেটিভ ডিচ অৰ্ডাৰ-যেনে পাৰকিচন ডিজিজ,এলজাইমাৰ ডিজিজ ইত্যাদিৰো চিকিৎসা কৰা হৈছে।

পৰীক্ষা মূলক ভাৱে মানৱ দেহৰ চিকিৎসাত ষ্টেম চেল চিকিৎসাৰ দ্বাৰা সাফল্য পোৱা কেইবিধমান ৰোগ হল।

(১) মাইকো কাৰ্ডিনেল ইনকাৰ্কশন বা অন্যান্য হাৰ্ট ফেইলৰ ক্ষেত্ৰত।

(২) আন মানুহে দান কৰা তেজতকৈ বা নিজৰ ষ্টেম চেল চিকিৎসা বেচি কাৰ্য্যকৰি হয়।

(৩) মূৰৰ চুলিৰ বিশেষকৈ টপা হোৱা সমস্যা কাণৰ ককলিয়াৰ হেয়াৰ চেলৰ গোলমালৰ বাবে হোৱা বধিৰতা প্ৰতিকাৰ কৰ্ণিয়া আৰু ৰেটিনাৰ ষ্টেম চেলৰ জৰিয়তে দৃষ্টিহীনতা দূৰনীকৰনৰ ষ্টেম চেলৰ গৱেষনাৰ যথেষ্ঠ উন্নত বিশেষকৈ উল্লেখযোগ্য।

(৪)টাইপ ১ ডায়েবেটিছ Amyotrophic Leteral Sclerosis- পৃথিৱী বিখ্যাত বিজ্ঞানী ষ্টিফেন হকিং এই ৰোগৰ দ্বাৰা আক্ৰান্ত,Gohns Disc are,অংগ প্ৰ্তিষ্ঠাপনৰ ক্ষেত্ৰত(Ghyat VS Hot Discare)আৰু জন্মগত মানসিক ৰোগ দুৰনিকৰনত ষ্টেম চেল প্ৰয়োগ কৰি আশাতীত ফল পাবলৈ সক্ষম হৈছে।

(৫)হাড়ৰ চিকিৎসাত শুক্ৰানুৰ স্বল্পতাৰ চিকিৎসাত ষ্টেম চেল চিকিৎসা উপযোগী।

যদিও যি পদ্ধতিৰে স্ংগ্ৰহ কৰা হয় Embryonic ট্ৰ্ঙ্গ্ব্ব্ব্জ্বঙ্গ CELL সেই সম্পৰ্কে চিকিৎসক তথা বৈজ্ঞানিক মাজত কিছু মত ভেদ থাকিলেও বৰ্তমান ভাৰতবৰ্ষত বিভিন্ন স্থানত ষ্টেম চেল চিকিৎসা জনসাধাৰনৰ মাজলৈ নিবলৈ বহু উল্লেখ যোগ্য প্ৰ্তিষ্ঠানে গুৰুত্বপূৰ্ন ভুমীকা লৈছে। বাংগালোৰৰ Centre for Stem Cell Science উল্লেখযোগ্য।

ষ্টেম চেল চিকিৎসা পদ্ধতিত বহু বাধা তথা প্ৰ্তিবন্ধকতা থাকিলেও ইয়াৰ সম্ভাৱনা অতি বেছি।বৈজ্ঞানিক সকলে নিশ্চিত যে লাহে লাহে এই বাধা অতিক্ৰ্ম কৰি অদূৰ ভৱিষ্যতে এই চিকিৎসা পদ্ধতিয়ে এক যুগান্তকাৰী সপোন হৈ বহুল ভাৱে ব্যৱহাৰ হব আৰু বহু ৰোগৰ পৰা মানুহ ৰক্ষা পাব।

ড: সনাতন ডেকা

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate