অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভস্থ সন্তান ধ্বংসকাৰী ৰোগ জিকা

শেহতীয়াকৈ লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ বহুকেইখন দেশকে ধৰি বিশ্বৰ এক বৃহত্তম অঞ্চলত জিকা নামৰ ভইৰাছবিধে আত্ংকৰ সৃষ্টি কৰিছে। এডিছ মহৰ কামোৰেৰে মানুহৰ শৰীৰলৈ বিয়পি পৰা এই ভাইৰাছবিধে সৃষ্টি কৰা ৰোগ সাদধাৰণ ব্যক্তিৰ ক্ষেত্ৰত প্ৰাণঘাটী ৰোগ নহ্যয় যদিও আক্ৰান্ত দেশবোৰৰ পৰা পোৱা তথ্যমতে গৰ্ভৱতী মহিলা এই ভাইৰাছবিধৰ দ্বাৰা স্ংক্ৰমিত হ’লে গৰ্ভস্থ সন্তানৰ মগজুৰ বিকাশ তথা বৃদ্ধিত বাধাগ্ৰস্ত হয় বাবে এনে ৰোগীয়ে জন্ম দিয়া শিশুৰ মূৰটো অস্বাভাৱিকভাৱে সৰু (মাইক্ৰ’কেফেলী) হোৱা দেখা যায়। ফলত জন্মৰ পিচতো এনেবোৰ শিশুৰ সাধাৰণ শিশুৰ দৰে মস্তিস্কৰ বিকাশ নহয় আৰু বহু শিশুৰ মৃত্যুও হোৱা দেখা যায়। সম্প্ৰতি বাৰ্বাডোছা, বলিভিয়া, ব্ৰাজিল, কলম্বিয়া, ডমিনিকান ৰিপাব্লিক, ইকুৱেডৰ, এলছালভাডৰ, ফ্ৰান্স, গুৱানা, গুৱেটমালা, হাইটি, হণ্ডুৰাছ, মেক্সিকো, পানামা, পাৰাগুৱে, প’ট্ৰৰিকো। ভেনিজুৱেলা, ছেইণ্ট মাৰ্টিন আদি দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে। অকল ব্ৰাজিলতে প্ৰায় এক নিযুত ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈওছে। ৰোগ প্ৰতিৰোধী ভেকচিন আৰু দৰৱ নথকা গৰ্ভস্থ সন্তান ধ্বংসকাৰী জিকা ভাইৰাছৰ দ্বাৰা এই দেশবোৰ আত্ংকিত  হৈ গৰ্ভৱতী মহিলাসকলক এই ভাইৰাছ নথকা অন্য দেশলৈ মহিলাসকলক অন্তত: ২০১৮ চনলৈ গৰ্ভৱতী নহ’বলৈ অনুৰোধ কৰিছে। আনহাতে ২০১৬ চনত ব্ৰাজিলত ল’বলগীয়া গ্ৰীস্ম অলিম্পিকত যাতে জিকাই আত্ংকৰ সৃষ্টি কৰিব নকৰে, তাৰ্বাবেও নজৰ দিব লগা হৈছে। ভাৰতৰ জলবায়ু এনে ভাইৰাছৰ বাবে উপযুক্ত। ইয়াত এই ভাইৰাছৰ বাহক এডিছ মহ আছে আৰু ভ্ৰমণকাৰীৰ যোগেদি এই ভাইৰাছ ভাৰতত বিয়পিব পাৰে। সেয়েহে ভাৰত চৰকাৰ জিকা ভাইৰাছৰ স্ংক্ৰমণৰ আশ্ংকাত উদ্বিগ্ন হৈ আৰু ভাৰতক এনে স্ংক্ৰমণৰ পৰা মুক্ত কৰি ৰখাত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে আমাৰ দেশৰ গৰ্ভৱতী মহিলাক এই ভাইৰাছৰ স্ংক্ৰমণ ঘটা দেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়াৰ উপৰি সেই দেশলৈ ভ্ৰমণৰ বাবে অহা ব্যক্তিৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তুলনামূলকভাৱে আমাৰ দেশৰ বাবে অপৰিছিত এই জিকা ভাইৰাছবিধ কি, কিদৰে বিয়পে, এই ৰোগৰ লক্ষণ, চিনাক্তকৰণ, চিকিতসা আৰু প্ৰতিৰোধ সম্পৰ্কে তলত আলোচনা কৰা হ’ল।

জিকাৰ চিকিৎসা

জিকাৰ বাবে কোনো সুনিৰ্দিষ্ট ঔষধ নাই। তথাপি জিকাৰ লক্ষণ শৰীৰত দেখা দিলে চিকিতসকৰ পৰামৰ্শ ল’ব লাগে। ৰোগীক লক্ষণৰ Supportive চিকিৎসা কৰিব পাৰি।সাধাৰণতে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিব লগা নহয়। এনে ৰোগীক পুষ্টিকৰ, সহজে হজম হোৱা খাদ্য খবলৈ দিয়াৰ লগতে জিৰণি লৈ জ্বৰ কমোৱাৰ ববে পেৰাচিটামল আৰু শৰীৰত পানীৰ পৰিমাণ সঠিক ৰখাৰ বাবে মুখেৰে যথেষ্ট পানী খাবলৈ দিয়া হয়। বিষ নিৰাময়ৰ বাবে দৰৱ দিব পাৰি। এনে ৰোগীয়৩এ ঘৰত কিছুদিন অকলশৰে আঁঠুৱাৰ তলত থাকিব লাগে যাতে ৰোগীজনক কামুৰি মহে পুনৰ আন ব্যক্তিলৈ জিক বিজ্যপাব নোৱাৰে। গৰ্ভৱতী মহিলা এই ৰোগত আক্ৰান্ত হ’লে তেওঁৰ গৰ্ভস্থ সন্তানটিক কেনেকৈ এই ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি, তাৰ কোনো উপায় বৰ্তমানলৈকে চিকিৎসকৰ হাতত নাই।

জিকা ভাইৰাছ কি?

ডেংগি ভাইৰাছৰ দৰে ফ্লেভি ভাইৰাছ পৰিয়ালৰ অন্তৰ্ভুক্ত জিকা এবিধ বিশেষ আৰ এন ভাইৰাছ। ১৯৪৭ চনত উগাণ্ডাৰ জিকা বনঞ্চলত এটা বান্দৰৰ শৰীৰত প্ৰথমবৰৰ বাবে এই ভাইৰাছৰ বীজাণু পোৱা গৈছিল। ১৯৪৮ চনত একেখন বনাঞ্চলতে এডিছ প্ৰজাতিৰ মহৰ শৰীৰত এই ভাইৰাছ ধৰা পৰিছিল। ১৯৫৪ চনত নাইজেৰিয়াত পোন প্ৰথম মানুহৰ শৰীৰৰ পৰা জিকা ভাইৰাছ পৃথক কৰি গৱেষণা কৰা হয়। আৰম্ভণিৰে পৰা আফ্ৰিকা আৰু এছিয়াৰ কিছুমান অঞ্চদলত জিকা ভাইৰাছ জনিত ৰোগ হৈ থাকিলেও কোনো আত্ংকৰ সৃষ্টি হোৱা নাছিল। ২০০৭ চনত মাইক্ৰ’নেছিয়াৰয়াপ দ্বীপত হোৱা মহমাৰীৰ পিচৰে পৰাই জিকা ভাইৰাছে মধ্য  আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এচিয়াৰ কেইখনমান দেশত সংক্ৰমিত হৈ আত্ংকৰ সৃষ্টি কৰি আহিছে। অতি শেহতীয়াকৈ ই লেটিন আমেৰিকা আৰু আফ্ৰিকাত আত্ংকৰ সৃষ্টি কৰিছে। ২০১৫ চনৰ নৱেম্বৰ মাহৰ্পৰা আজিলৈকে ব্ৰাজিলত জিকা ভাইৰাছ স্ংক্ৰমিত গৰ্ভৱতীয়ে প্ৰায় ৪০০০ মাইক্ৰ’কেফেলি সন্তান জন্ম দিয়াৰ বাবে ই অধিক আত্ংকৰ সৃষ্টি কৰিছে। ইণ্ডিয়া টুডেত প্ৰকাশিত এক বাতৰি মতে ১৯৫২-৫৩ চনত জিকা ভাইৰাছৰ কথা সামান্যভাৱে ভাৰতত উচ্চাৰিত হৈছিল যদিও যোৱা ষাঠিটা বছৰ ভাৰত জিকা ভাইৰাছৰ পৰা মুক্ত হৈ আছে।

কিদৰে বিয়পে

এডিছ প্ৰজাতিৰ মুখ্যত: Aedes aegypti আৰু কমকৈ Aedes albopictus মহৰ কামোৰৰ দ্বাৰা এই ৰোগ মানুহৰ শৰীৰলৈ বিয়পি পৰে। প্ৰায় ৫ মিলিমিটাৰ দীঘল গাত বগা আঁচ টনা ক’লা ৰঙৰ এই মহবিধে মনুহৰ ঘৰৰ ওচৰত থকা কুলাৰ, ড্ৰাম, জগ, ফুলদানি, পানীৰ টেংকি, বটল, টিন, টায়াৰ, ঘৰৰ ছাদ, ফ্ৰীজ, বাহৰ টুকুৰা, নাৰিকলৰ খোলা, গছৰ খোৰাং আদিত জমা হৈ থকা বৰষুণৰ পৰিস্কাৰ পানীত বংশবৃদ্ধি কৰি মানুহৰ আশে-পাশে ঘৰৰ আন্ধাৰ চুকবোৰত, ওলোমাই থোৱা কাপোৰৰ মাজত, ছাতি, আচবাবৰ তলত আৰু ঘৰৰ বাহিৰত ওচৰে-পাচৰে বাস কৰে। এই প্ৰজাতিৰ মাইকী মহবিধে দিনৰ ভাগত বাৰে বাৰে কামুৰি মানুহৰ তেজ খায়। জিকা জ্বৰত আক্ৰান্ত ব্যক্তিক বা জিকা ভাইৰাছ স্ংক্ৰমিত ব্যক্তি অথবা জিকা ভাইৰাছ বহন কৰা প্ৰাণীক এই প্ৰজাতিৰ মাইকী মহে কামুৰি তেজ খোৱাৰ ২ ৰ পৰা ৭ দিনৰ ভিতৰত মহটো ভাইৰাছৰ দ্বাৰা স্ংক্ৰমিত হ্য। স্ংক্ৰমিত মহটোৰ অন্যান্য কলাৰ লাগতে লালটি গ্ৰন্থিলৈকে এই ভাইৰাছ বিধ বিয়পি পৰে। এনে মহে সুস্থ মানুহ এজনক কামুৰিলে মহটিৰ লালটিৰ সৈতে এই ভাইৰাছো সুস্থ মানুহজনৰ শৰীৰত প্ৰৱেশ কৰে। মানুহৰ শৰীৰৰ ভিতৰত ২ ৰপৰা ১২ দিনৰ ভিতৰত এই ভাইৰাছ বিকাশ হৈ জিকা ৰোগৰ সৃষ্টি কৰে। তদুপৰি জিকা অধ্যুষিত অঞ্চলবোৰত জিকা ভাইৰাছ থকা ব্যক্তিৰ ৰক্তদান, এনে ব্যক্তিৰে যৌন সম্পৰ্ক আৰু জিকা ৰোঅগৰ মাতৃয়ে গৰ্ভধাৰণ অথবা জন্মৰ সময়ত কেঁচুৱালৈ অতি কম হাৰত জিকা ভাইৰাছ বিয়াপাব পাৰে।

লক্ষণ আৰু উপসৰ্গবোৰ

সাধাৰণতে জিকা ভাইৰাছৰ দ্বাৰা স্ংক্ৰমিত প্ৰতি পাঁচগৰাকী ব্যক্তিৰ মাজত এজনৰহে ইনফ্লুৱেঞ্জাসদৃশ জ্বৰৰ লক্ষণ দেখা যায়। এনেক্ষেত্ৰত সুস্থ মানুহ এজনৰ শৰীৰত জিকা ভাইৰাছ প্ৰৱেশ কৰাৰ পৰা ইয়াৰ লক্ষণ স্পষ্ট হোৱালৈ ৩ ৰপৰা ১২ দিন সময় লাগে যদিও বেছিভাগ ক্ষেত্ৰতে ৪ ৰ পৰা ৭ দিনতে লক্ষণ স্পষ্ট হয় আৰু লক্ষণবোৰ ৩ ৰ পৰা ৫ দিনলৈ থাকে। এই ৰোগত আক্ৰান্তসকলৰ প্ৰথমতে কম পৰিমাণে জ্বৰ উঠে(৩৭.৮-৩৮.৫ ডিগ্ৰি চেলছিয়াছ), পাতলীয়াভাৱে শৰীৰ আৰু মূৰৰ বিষ হয়, ভিওক কমি আহে, শৰীৰত ৰঙা ৰঙা দাগ পৰে, ফোহা হয়, গাঠিৰ বিষ(বিশেষকৈ হাত আৰু ভৰিৰ সৰু গাঁঠি)আৰু সামান্যভাৱে ফুলি উঠে, চকু ৰঙা পৰে, কনজাংটিভাইটিছ হয়। খুব কমস্ংখ্যক এই ভাইৰাছৰ দ্বাৰা স্ংক্ৰমিত ব্যক্তিৰ পেটৰ বিষ, ডায়েৰিয়া, জিভাৰ ঘা অৰু কেতিয়াবা উত্তৰ স্ংক্ৰমণ কালত শৰীৰৰ কিছু অংশৰ স্ংবেদনশীলতা কম হোৱা দেখা যায়। আজিলৈকে এই ৰোগত কোনো ব্যক্তিৰ ম্ৰিত্যু হোৱা নই। সাধাৰণতে ৭ ৰ পৰা ১০ দিনৰ ভিতৰত এই ৰোগ নিজে নিজেই ভাল হয়। অৱশ্যে দুই-এজন ৰোগীৰ ক্ষেত্ৰত অটৈমুন আৰু গুলেন বেৰী ছিন্দ্ৰমসদৃশ স্নায়ু ৰোগৰ লক্ষণ দেখ যায়। গৰ্ভৱতী মহিল এই ভাইৰাছৰ দ্বৰা আক্ৰান্ত হ’লে এই ভাইৰাছ গৰ্ভস্থ সন্তানটিলৈ বিয়পি সন্তানৰ ওপৰত প্ৰত্যক্ষভাৱে বিৰুপ প্ৰভাৱ পেলায়। ব্ৰাজিলকে ধৰি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বহু দেশৰ পৰা পোৱা তথ্যমতে আক্ৰান্ত গৰ্ভস্থ সন্তানৰ মগজুৰ বৃদ্ধি আৰু বিকাশ স্বাভাৱিক নহয়। ফলত শিশুটিৰ মূৰটো স্স্বাভাৱিক ভাৱে সৰু হৈ পৰে। ইয়াক চিকিতসা শাস্ত্ৰত মাইক্ৰ’কেফেলি বুলি কোৱা হয়। তদুপৰি শিশুটিৰ জন্মৰ সময়ত আন বহুতো জন্মগত বিস্ংগতি থাকে। ফলত জন্মৰ পিচতে এনে বহু শিশুৰ মৃত্যু হয়।

চিনাক্তকৰণ

জিকা ৰোগৰ লক্ষণ সাধাৰণ ভাইৰাছজনিত জ্বৰৰ সৈতে এজকে হোৱা বাবে ইয়াক প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত কৰা বৰ টান। তদুপৰি জিকাৰ লক্ষণ ডেংগি আৰু মিজিলছৰ সৈতে বহুখিনি একে বাবে জিকা ৰোগক এনে মাৰাত্মক ৰোগৰ সৈতে ভুল কৰা যায়। স্যেয়হে এনে ৰোগীৰ ক্ষেত্ৰত প্ৰথমে ডেংগি অথবা আন ভাইৰাছজনিত ৰোগ নোহোৱাটো থিৰাং কৰি লোৱা হয়। সাধৰণতে ৰোগী যদি জিকা অধ্যুষিত অঞ্চলৰ বাসিন্দা অথবা জিকা অধ্যুষিত অঞ্চল ভ্ৰমণ কৰি অহাৰ পিচতে অতি কমেও জিকাৰ দুটা লক্ষণ দেখায়, তেন্তে ৰোগীৰ জিকা হোৱা বুলি সন্দেহ কৰিব পাৰি। ৰোগ নিৰ্ণয়ৰ বাবে লেব’ৰেটৰী পৰীক্ষাৰ বিকল্প নাই। সাধাৰণতে লক্ষণ দেখাৰ তিনি দিনৰ পৰা ৰোগীৰ তেজত ELISA কৰিলে জিকাৰ এণ্টিবডি IgG আৰু IgM ধৰ পেলাব পাৰি। কিন্তু এইবোৰ নিৰ্ভৰযোগ্য নহয়, কাৰণ বহুক্ষেত্ৰত ই ডেংগি আদিৰ বাবে মিছা ধনাত্মক ফল দেখায়। Indirect Flurecnt Antibody Staining (IFAS) পদ্ধতিৰ দ্বাৰা এই ভাইৰাছবিধৰ এণ্টিবডি নিৰ্দ্ধৰাণ কৰিব পৰা যায়। তদুপৰি ৰোগীৰ তেজ, প্ৰস্ৰাৱ, লেলাউটি অথবা এস্নায়োটিক ফ্লুইডত RT-PCR কৰি জিকা ভাইৰাছ Isolation কৰি জিকাৰ স্ংক্ৰমণ থিৰাং কৰিব। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ ১৪ সপ্তাহ পিচত এম্নায়োছিণ্টেছিছ কৰি এম্নায়টিক ফ্লুইডত জিকআ ভাইৰাছ আছেনে থিৰাং কৰিব পাৰি। তদুপৰি গৰ্ভস্থ কেঁচুৱাৰ মাইক্ৰ’কেফেলি অথব অনব্বিস্ংগতি হৈছে নেকি গৰ্ভধাৰণৰ ১৮ সপ্তাহ পিছত ছ’ন’গ্ৰাফী কৰি থিৰাং কৰিব পাৰি।

প্ৰতিৰোধ

গৱেষণা চলি থাকিলেও বৰ্তমানলৈকে জিকা ভাইৰাছ স্ংক্ৰমণ প্ৰতিৰোধৰ বাবে কোনো ভেকচিন উপলব্দ্ধ নহয়। এনে ভাইৰাছ অধ্যুষিত অঞ্চললৈ ভ্ৰমণ নকৰা আৰু সেই অঞ্চলৰ আক্ৰান্ত ব্যক্তিয়ে অন্য দেশলৈ ভ্ৰমণ বন্ধ কৰা উচিত। এডিছ ইজিপ্ত মহৰ আবাস আৰু স্ংখ্যা নিয়ন্ত্ৰয়ণ কৰি মহৰ কামোৰৰ পৰা ৰক্ষা পৰি এই ৰোগ প্ৰতিৰোধ কৰাৰ বাদে বিশেষ বিকল্প নাই। এই মহবিধৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ হাত-ভৰি সম্পূৰ্ণকৈ ঢাক খাই থকা পোছাক)দীঘল হাতৰ চোলা-পেণ্ট) আৰু মোজা পিন্ধিব লাগে। দিনত বা ৰাতি শুলে আঁঠুৱা তৰি শুব লাগে, ঘৰৰ চাৰিওফালে .০৪৭৫ ইঞ্চিতকৈ ক্ষুদ্ৰ ছিদ্ৰযুক্ত স্ক্ৰীন ব্যৱহাৰ কৰিব পাৰে। মহ খেদা তেল বা মহ বিকৰ্ষণ কৰা পদাৰ্থ শৰীৰত ঘঁহি লব পাৰে। কেঁচুৱাক হাত-ভৰি ওলাই থকা পোছাক পিন্ধাব নালাগে। শিশুসকলক চুটি কাপোৰ পিন্ধি খেলিবলৈ যাব দিব নালাগে, পাৰ্ক আদিলৈ ফুৰিবলৈ গ’লেও এইবোৰৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আন্ধাৰ ঠাই আৰু ঘাঁহনিৰ ওপৰত বহিব নালাগে। কেঁচুৱা আৰু শিশুসকলক দিনত আঁঠুৱাৰ তক্লত শুবলৈ দিব লাগে আৰু মহ খেদা তৰল পদাৰ্ত, ধূপ, ধূনা, ধোঁৱা আদি ব্যৱহাৰ কৰিব লগে। এডিছ মহৰ বংশ বৃদ্ধি ৰোধ আৰু ধ্বংস  কৰাৰ বাবে বাসস্থানৰ ওচৰে-পাঁজৰে থকা নলা-নৰ্দমা পুতি পেলোৱা, ভগা আচবাব, বটল, পানীৰ পাত্ৰ, পুৰণা টায়াৰ আদি গুচাই পেলাব লাগে। ঘৰৰ ছাদ পৰিস্কাৰকৈ ৰখা, জমা হৈ থকা পানীৰ ওপৰত ভলদৰে ঢাকনি দিয়া, সপ্তাহত কমেও এবাৰ কুলাৰৰ পানী সলনি কৰা, পানঈ থোৱা টেংকি আদি শুকুৱাই পৰিস্কাৰ কৰি পেলাব লাগে। জমা হৈ থকা পানীৰ ওপৰত মহ মৰা তেল, ডিডিটি আদি ছটিয়াব লাগে। মহৰ কণী, পলু, লেটা আদি খোৱা গাম্বিচিয়া এফিনিচ, লেবিষ্টাৰ ৰেটিকুলাৰিছ মাছ ঘৰৰ ওচৰৰ খাল-বিল, সৌন্দৰ্যবৰ্দ্ধক পুখুৰী আদিত মেলি দিব পাৰি। পূৰ্ণাংগ মহ ধ্বংস কৰাৰ বাবে ডিডিটি, মালাথিয়ন আদি কীটনাশক দৰৱ ঘৰৰ ওচৰে-পাঁজৰে, ঘৰৰ বেৰ আৰু চিলিং আদিত নিয়মিতভাৱে ছটিয়াব্লাগে। ফগিং মেচিনেৰেও মহ ম্ৰা ধোঁৱা বিয়পাব লাগে। তদুপৰি পানী যোগান ব্যৱস্থা পাইপেৰে কৰা, পেলনীয়া সামগ্ৰীৰ আৰু পানীৰ শুদ্ধ নিস্কাষণ ব্যৱস্থা কৰা ঘৰৰ চাৰিওফাল পৰিস্কাৰ কৰি ৰাখিব লাগে।

ডা: ধৰ্মকান্ত কুম্ভকাৰ, সম্ভাৰ, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate