অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভাৱস্থা আৰু ডায়েবেটিছ

বিশ্বত দিনক দিনে মধুমেহ ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। অতিমাত্ৰা শৰীৰৰ ওজন বৃদ্ধি, কম পৰিশ্ৰম, খেলা-ধূলাৰ অনভ্যাস তথা বৰ্তমানৰ জীৱন শৈলীৰ লগত নিজৰ দেহৰ প্ৰতি থাকিবলগীয়া যত্নৰ অভাৱত এই সংখ্যা দিনক দিনে বাঢ়ি গৈছে। লগতে গৰ্ভাৱস্থাৰ সময়ত ইয়াৰ বৃদ্ধিয়ে মাতৃ আৰু গৰ্ভস্থ শিশুটিৰ জীৱন বিপদাপন্ন কৰি তুলিছে। মধুমেহ ৰোগত ভোগা মাতৃৰ সন্তান পিছলৈ মধুমেহ ৰোগৰ চিকাৰ হোৱা দেখা যায়। গৰ্ভাৱস্থাত সময়ত অলপ সাৱধান হৈ চিকিৎসকৰ পৰামৰ্শমতে চলিলে এই বিপদসমূহৰ পৰা হাত সাৰিব পাৰি।

গৰ্ভাৱস্থাৰ ডায়েবেটিছ বা জেষ্টেচনেল ডায়েবেটিছ

এই প্ৰকাৰৰ ডায়েবেটিছ গৰ্ভাৱস্থাতহে হয়। গৰ্ভাৱস্থাৰ যিকোনো সময়ত হ’ব পাৰে যদিও গৰ্ভাৱস্থাৰ দ্বিতীয় ভাগত ই সঘনাই দেখা দিয়ে। গৰ্ভাৱস্থাৰ সময়ত বাঢ়ি যোৱা ইনছুলিনৰ চাহিদা পূৰণ কৰিব নোৱাৰাৰ ফলত মহিলাগৰাকী এই ৰোগত ভোগে। প্ৰসৱৰ পিছত মহিলাগৰাকীৰ অতিৰিক্ত ইনছুলিনৰ চাহিদা নাইকিয়া হয়। ফলত ডায়েবেটিছ নাইকিয়া হয়। এইটো মন কৰিবলগীয়া যে যিসকল মহিলা গৰ্ভাৱস্থাত ডায়েবেটিছ আক্ৰান্ত হয়, তেওঁলোকৰ পিচৰ জীৱনত টাইপ-টু-ডায়েবেটিছ হোৱাৰ সম্ভাৱনা দুগুণে বৃদ্ধি পায়।

কোন মহিলা এই ৰোগত আক্ৰান্ত হয়

  • যদিহে মহিলাগৰাকীৰ ওজন জোখতকৈ অধিক হয়। বি এম আই (ব’ডি মাছ ইনডেক্স) ৩০ ৰ অধিক (গৰ্ভাৱস্থাৰ আগেয়ে)।
  • অতীতত যদিহে মহিলাগৰাকীয়ে ওজন ৪.৫ কিলোগ্ৰামএ অধিক ওজনৰ সন্তান জন্ম দিয়াৰ ইতিহাস থাকে।
  • আগেয়ে জেষ্টেচনেল ডায়েবেটিছত আক্ৰান্ত হোৱাৰ ইতিহাস থাকে।
  • পৰিয়ালত কোনোবা সদস্যৰ (মা, দেউতা,ভাই-ভনী, ককা, আইতা) ডায়েবেটিছত আক্ৰান্ত হোৱাৰ ইতিহাস থাকিলে।
  • যদিহে মহিলাগৰাকী এছীয় মূলৰ হয়।
  • মহিলাগৰাকীৰ বয়স ৩০ ৰ অধিক হ’লে।
  • আহেয়ে মৃত সন্তান প্ৰসৱ কৰাৰ ইতিহাস থাকিলে।
  • এনে মহিলাৰ ক্ষেত্ৰত গ্লুক’জ টলাৰেঞ্চ টেষ্ট নামৰ এবিধ বিশেষধৰণৰ তেজৰ পৰীক্ষা কৰা হয়। এই পৰীক্ষা ২৪-২৮ ৰ ভিতৰত কৰা হয়।

মাক শিশুটিৰ ওপৰত প্ৰভাৱ

মাকৰ ওপৰত পৰা প্ৰভাৱসমূহ

  • যিহেতু গৰ্ভস্থ সন্তানটি জোখতকৈ বেছি ওজনৰ হয়। সেয়েহে স্বাভাৱিক প্ৰসৱৰ সম্ভাৱনা বৃদ্ধি পায়।
  • মাকজনী ডায়েবেটিছত আক্ৰান্ত হোৱাৰ ফলত উচ্চ ৰক্তচাপত ভুগিব পাৰে। সাধাৰণ গৰ্ভৱতী মহিলাতকৈ ডায়েবেটিছত আক্ৰান্ত মহিলা সঘনাই উচ্চ ৰক্তচাপত ভোগে।
  • এইটো দেখা গৈছে যে আধাতকৈ বেছিক ডায়েবেটিছত আক্ৰান্ত গৰ্ভৱতী মহিলা পিছৰ ২০ বছৰত টাইপ-টু ডায়েবেটিছত ভোগে।

গৰ্ভস্থ সন্তানটিৰ ওপৰত পৰা প্ৰভাৱ

  • মাকৰ ডায়েবেটিছ থাকিলে গৰ্ভস্থ সন্তানটিৰ দেহত, কান্ধত যথেষ্ট পৰিমাণে চৰ্বি জমা হয়। ফলত প্ৰসৱৰ সময়ত কান্ধত লাগি ধৰি জটিলতাৰ সৃষ্টি কৰে। ইয়াক শ্বলডাৰ ডিচ্‌ট’চিয়া বোলে। ডায়েবেটিছ মাকৰ তেজত গ্লুক’জৰ পৰিমাণ অস্বাভাৱিক হাৰত বৃদ্ধি পায়-এই গ্লুক’জ গৰ্ভস্থ সন্তানটিৰ তেজত প্ৰৱেশ কৰে। ইয়ে গৰ্ভস্থ সন্তানটিৰ তেজত থকা গ্লুক’জৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি কৰে। ফলত সন্তানটিৰ শৰীৰত ইনছুলিনৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পায়। এই ইনছুলিনৰ ফলত সন্তানটি অস্বাভাৱিকভাৱে বাঢ়ি যায়। প্ৰসৱৰ পিছত বৰ্ধিত এই ইনছুলিনে কেঁচুৱাটিৰ শৰীৰৰ গ্লুক’জৰ পৰিমাণে বহুলাংশে কমাই দিয়ে। ইয়াক হাইপ’গ্লিচেমিয়া বোলে।
  • ডায়েবেটিছৰ কাৰণে প্ৰসৱৰ পিছত শিশুৰ মৃত্যুৰ হাৰ বহুলাংশে বাঢ়ি যায়।
  • গৰ্ভস্থ শিশুটি পিছৰ জীৱনত মেদবহুলতা আৰু ডায়েবেটিছৰ চিকাৰ হ’ব পাৰে।

চিকিৎসা

  • জেষ্টেচনেল ডায়েবেটিছ চিকিৎসাৰ মূল লক্ষ্য হ’ল মাকৰ তেজত থকা অতিৰিক্ত গ্লক’জৰ পৰিমাণ স্বাভাৱিক কৰি ৰখা আৰু শিশুটিৰ অস্বাভাৱিক শাৰিৰীক বৃদ্ধি ৰোধ কৰা।
  • গৰ্ভৱতী মহিলাগৰাকীৰ তেজৰ গ্লুক’জৰ পৰিমাণ একো নোখোৱা বা খালী পেটত ৯৫ মিলিগ্ৰাম/১০০ মিলিমিটাৰ আৰু খোৱাৰ দুঘন্টা পিছত ১২০ মিলিগ্ৰাম/১০০ মিলিমিটাৰতকৈ কম কৰি ৰখাই মূল লক্ষ্য।
  • আহাৰ (ডায়েট) ৰ সংশোধন ঘটাই জেষ্টেচনেল ডায়েবেটিছ স্বাভাৱিক কৰিব পাৰি। আমেৰিকান ডায়েবেটিছ এছ’চিয়েচনৰ (২০০০ চন) সাধাৰণ ওজনৰ গৰ্ভৱতী মহিলা এগৰাকীয়ে দৈনিক ৩০ কিলো কেলৰি প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজন হিচাপত শক্তি খাদ্যৰ পৰা পাব লাগে। শকত মহিলাৰ ক্ষেত্ৰত এই পৰিমাণ ৩০-৩৩ শতাংশ কম হ’ব লাগে। এনে মহিলাৰ খাদ্য তালিকাত শৰ্কৰাজাতীয় খাদ্যৰ পৰিমাণ কম, সতেজ শাক-পাচলি, ফল-মূল বেছি হ’ব লাগে।
  • খোজকঢ়া, লঘু ব্যায়াম গৰ্ভাৱস্থাৰ সময়ত খোজকঢ়া, সৰু-সুৰা কাম কৰা, লঘু ব্যায়াম আদি কৰিলে ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পাৰি।
  • ইনছুলিনৰ ব্যৱহাৰ। প্ৰায়ভাগ চিকিৎসকে গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছত ইনছুলিন ব্যৱহাৰ কৰে। যদিহে খাদ্য তালিকাৰ সংশোধন কৰাৰ পিছতো খালী পেটত তেজত থকা গ্লুক’জৰ পৰিমাণ ১০৫ মিলিগ্ৰাম/১০০ মিলিলিটাৰতকৈ বেছি হয়, তেতিয়া হ’লে ইনছুলিন ব্যৱহাৰ কৰিব লাগে।

গ্লুক’জ কমোৱাৰ আন ঔষধসমূহ

  • গৰ্ভৱতী মহিলাগৰাকীৰ তেজৰ গ্লুক’জৰ পৰিমাণ স্বাভাৱিক কৰি ৰাখিবলৈ আন কেতবোৰ দৰৱ যেনে-মেটফৰমিন, গ্লিবেন ক্লেমাইড ব্যৱহাৰ কৰা হয়। গৰ্ভাৱস্থাৰ সময়ত এনে দৰৱ কিছুমানে ব্যৱহাৰ কৰে, কিছুমানে নকৰে। মুখেৰে খোৱা বাকী ঔষধ বাদ দি কেৱল মেট’ফৰমিন আৰু গ্লিবেন ক্লেমাইড গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

সন্তান প্ৰসৱৰ সময়

  • যিবিলাক জেষ্টেচনেল ডায়েবেটিছ মহিলাৰ ইনছুলিনৰ প্ৰয়োজন নহয় বা খোৱা তালিকাৰ সংশোধন কৰিয়েই তেজৰ গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰিত কৰিব পাৰি, তেনে মহিলাৰ ক্ষেত্ৰত সন্তান প্ৰসৱ স্বাভাৱিক ধৰণে হ’ব বুলি আশা কৰিব পাৰি।
  • এইটো মন কৰিব লাগে যাতে তেওঁৰ প্ৰসৱৰ সময় আগতীয়াকৈ দিয়া সময়তকৈ পাৰ হৈ নাযায়।
  • যিবোৰ গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবৰ বাবে ইনছুলিন ব্যৱহাৰ কৰিব লগা হয়, গৰ্ভস্থ সন্তানটোৰ ওজন বৃদ্ধি ৪.৫ কিলোগ্ৰামৰ অধিক হয়, তেনে মহিলাৰ অস্ত্ৰোপচাৰৰ সহায়ত প্ৰসৱ কৰোৱা হয়।

প্ৰসৱৰ পিছত

  • প্ৰসৱৰ পিছতেই মহিলাগৰাকীৰ ইনছুলিনৰ প্ৰয়োজনীয়তা কমি নাইকিয়া হয়। সেয়েহে ইনছুলিন বা ডায়েবেটিছৰ ঔষধ বন্ধ কৰিব লাগে। চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ আগেয়ে আৰু প্ৰসৱৰ ১ ১/২ মাহৰ পিছত তেজত গ্লুক’জৰ পৰিমাণ পৰীক্ষা কৰি চোৱা হয়। এইটো দেখা গৈছে যে ২০-৩০ শতাংশ মহিলাৰ গৰ্ভাৱস্থাৰ ডায়েবেটিছ পিছৰবাৰ গৰ্ভাৱস্থাৰ সময়ত পুনৰ দেখা দিব পাৰে। শকত মহিলাৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা আৰু বেছি। সেয়েহে গৰ্ভৱস্থা নোহোৱা সময়ত খাদ্যাভাসৰ সাল-সলনি কৰি, খোজকঢ়া, নিয়মিত ব্যায়াম কৰি ইয়াক বাধা দিব পাৰি।

লিখক: ৰাজীৱ লোচন শৰ্মা, সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate