এই প্ৰকাৰৰ ডায়েবেটিছ গৰ্ভাৱস্থাতহে হয়। গৰ্ভাৱস্থাৰ যিকোনো সময়তে হ’ব পাৰে যদিও গৰ্ভাৱস্থাৰ দ্বিতীয়ভাগত ই সঘনাই দেখা দিয়ে। গৰ্ভাৱস্থাৰ সময়ত বাঢ়ি যোৱা ইনছুলিনৰ চাহিদা পূৰণ কৰিব নোৱাৰাৰ ফলত মহিলাগৰাকী এই ৰোগত ভোগে। প্ৰসৱৰ পিছত মহিলাগৰাকীৰ অতিৰিক্ত ইনছুলিনৰ চাহিদা নাইকিয়া হয়। এইটো মন কৰিবলগীয়া যে যিসকল মহিলা গৰ্ভাৱস্থাত ডায়েবেটিছত আক্ৰান্ত হয়, তেওঁলোকৰ পিছৰ জীৱনত টাইপ-টু ডায়েবেটিছ হোৱাৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়।
মাক-শিশুটিৰ ওপৰত প্ৰভাৱ:
যিহেতু গৰ্ভস্থ সন্তানটি জোখতকৈ বেছি ওজনৰ হয়, সেয়েহে স্বাভাৱিক প্ৰসৱৰ তুলনাত অস্ত্ৰোপচাৰৰ সহায়ত কৰা প্ৰসৱৰ সম্ভাৱনা বৃদ্ধি পায়।
মাকৰ ডায়েবেটিছ থাকিলে গৰ্ভস্থ সন্তানটিৰ দেহত, কান্ধত যথেষ্ট পৰিমাণে চৰ্বি জমা হয়ু। ফলত প্ৰসৱৰ সময়ত কান্ধত লাগি ধৰি জটিলতাৰ সৃষ্টি কৰে। ইয়াক ছ’লডাৰ ডিচট’চিয়া বোলে। ডায়েবেটিছ মাকৰ গ্লুক’জৰ পৰিমাণ অস্বাভাৱিক হাৰত বৃদ্ধি পায়ু- এই গ্লুক’জ গৰ্ভস্থ সন্তানটিৰ তেজত প্ৰকাশ কৰে। ইয়ে গৰ্ভস্থ সন্তানটিৰ তেজত থকা গ্লুক’জৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি কৰে। ফলত সন্তানটিৰ শৰীৰত ইনছুলিনৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পায়। এই ইনছুলিনৰ ফলত সন্তানটি অস্বাভাৱিকভাৱে বাঢ়ি যায়। প্ৰসৱৰ পিছত বৰ্ধিত এই ইনছুলিনে কেঁচুৱাটিৰ শৰীৰত গ্লুক’জৰ পৰিমাণক বহুলাংশে কমাই দিয়ে। ইয়াক হাইপ’গ্লিচেমিয়া বোলে।
যিবিলাক জেষ্টেচনেল ডায়েবেটিছ মহিলাৰ ইনছুলিনৰ প্ৰয়োজন নহয় বা খোৱা তালিকাৰ সংশোধন কৰিয়েই তেজত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি, তেনে মহিলাৰ ক্ষেত্ৰত সন্তান প্ৰসৱ স্বাভাৱিক ধৰণে হ’ব বুলি আশা কৰিব পাৰি। এইটো মন কৰিব লাগে, যাতে তেওঁৰ প্ৰসৱৰ সময় আগতীয়াকৈ দিয়া সময়তকৈ পাৰ হৈ নাযায়।
যিবোৰ গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবৰ বাবে ইনছুলিন ব্যৱহাৰ কৰিব লগা হয়, গৰ্ভস্থ সন্তাটোৰ ওজন বৃদ্ধি ৪.৫ কিলোগ্ৰাম(আল্ট্ৰাছাউণ্ড মতে)ৰ অধিক হয়, তেনে মহিলাৰ অস্ত্ৰোপচাৰৰ সহায়ত প্ৰসৱ কৰোৱা হয়।
প্ৰসৱৰ প্ৰাছতেই মহিলাগৰাকীৰ ইনছুলিনৰ প্ৰয়োজনীয়তা কমি নাইকিয়া হয়। সেয়েহে ইনছুলিন বা ডায়েবেটিছৰ ঔষধ বন্ধ কৰিব লাগে। চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ আগেয়ে আৰু প্ৰসৱৰ ডেৰ মাহ পিছত তেজত গ্লুক’জৰ পৰিমাণ পৰিমাণ পৰীক্ষা কৰি চোৱা হয়। এইটো দেখা গৈছে যে ২০-৩০ শতাংশ মহিলাৰ গৰ্ভাৱস্থাৰ ডায়েবেটিছ পিছৰবাৰ গৰ্ভৱস্থাৰ সময়ত পুনৰ দেখা দিব পাৰে। শকত মহিলাৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা আৰু বেছি। সেয়েহে গৰ্ভাৱস্থা নোহোৱা সময়ত খাদ্যাভ্যাসৰ সালসলনি কৰি, খোজ কঢ়া, নিয়মিত ব্যায়াম কৰি ইয়াক বাধা দিব পাৰি।
গৰ্ভৱতী মহিলাগৰাকীৰ তেজত গ্লু’কজৰ পৰিমাণ স্বাভাৱিক কৰি ৰাখিবলৈ আন কেতবোৰ দৰব, যেনে- মেটফৰমিন, গ্লিবেন ক্লেমাইড ব্যৱহাৰ কৰা হয়। গৰ্ভাৱস্থাৰ সময়ত এনে দৰব কিছুমানে ব্যৱহাৰ কৰে। কিছুমানে নকৰে। মুখেৰে খোৱা বাকী ঔষধ বাদ দি কেৱল মেটফৰমিন আৰু গ্লিবেন ক্লেমাইড গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰে।
জেষ্টেচনেল ডায়েবেটিছ চিকিৎসাৰ মূল লক্ষ্য হ’ল মাকৰ তেজত থকা অতিৰিক্ত গ্লুক’জৰ পৰিমাণ স্বাভাৱিক কৰি ৰখা আৰু শিশুটিৰ অস্বাভাৱিক শাৰীৰিক বৃদ্ধি ৰোধ কৰা।
গৰ্ভৱতী মহিলাগৰাকীৰ তেজত গ্লুক’জৰ পৰিমাণ একো নোখোৱা বা খালী পেটত ৯৫ মিলিগ্ৰাম/১০০ মিলিগ্ৰাম আৰু খোৱাৰ দুঘন্টা পিছত ১২০ মিলিগ্ৰাম/১০০ মিলিলিটাৰতকৈ কম কৰি ৰখাই মূল লক্ষ্য।
আহাৰ(ডায়েট)ৰ সংশোধন ঘটাই জেষ্টেচনেল ডায়েবেটিছ স্বাভাৱিক কৰিব পাৰীজ। আমেৰিকান ডায়েবেটিছ এছ’চিয়েচনৰ(২০০০ চন) মতে সাধাৰণ ওজনৰ গৰ্ভৱতী মহিলা এগৰাকীয়ে দৈনিক ৩০ কিলো কেলৰি প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজন হিচাপত শক্তি খাদ্যৰ পৰা পাব লাগে। এনে মহিলাৰ খাদ্য তালিকাত শৰ্কৰাজাতীয় খাদ্যৰ পৰিমাণ কম, সতেজ শাক-পাচলি, ফল-মূল বেছি হ’ব লাগে।
লঘু ব্যায়াম গৰ্ভাৱস্থাৰ সময়ত খোজ কঢ়া, সৰু-সুৰা কাম কৰা, লঘু ব্যায়াম আদি কৰিলে ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পাৰি।
প্ৰায়ভাগ চিকিৎসকে গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছত ইনছুলিন ব্যৱহাৰ কৰে। যদিহে খাদ্য তালিকাৰ সংশোধন কৰাৰ পিছতো খালী পেটত তেজত থকা গ্লুক’জৰ পৰিমাণ ১০৫ মিলিগ্ৰাম/১০০ মিলিলিটাৰতকৈ বেছি হয়, তেতিয়াহ’লে ইনছুলিন ব্যৱহাৰ কৰিব লাগে।
উৎস: জিএনআৰচি স্বাস্থ্য(ডাঃ ৰাজীৱ লোচন শৰ্মা)