অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভাৱস্থাৰ প্ৰাক্‌কালীন উপসৰ্গ

গৰ্ভাৱস্থাৰ প্ৰাক্‌কালীন উপসৰ্গ

বর্তমান সময়ত মাতৃসকলৰ কল্যাণৰ বাবে বহু আঁচনি লোৱা হৈছে। এই আঁচনিসমূহৰ লক্ষ্যই হ’ল নিৰাপদ মাতৃত্ব; য’ত মাতৃৰ লগতে শিশুৰ স্বাস্থ্যৰ যত্নও লোৱা হয়। মাতৃগৰাকী সুস্থ আৰু নিৰোগী হৈ থাকিলেহে দেশে নতুন সুস্থ প্ৰজন্মৰ গৰাকী হ'ব পাৰে। আজিৰ আলোচনাত নতুনকৈ গৰ্ভধাৰণ কৰা মহিলাসকলে ভোগ কৰা উপসর্গসমূহৰ কথা আগবঢ়োৱা হ’ল-

গৰ্ভধাৰণ কৰা মহিলাক উপযুক্ত খাদ্য, জিৰণি আৰু মানসিক প্রশান্তি প্ৰদান কৰিব লাগে। চিকিৎসকৰ লগত সঘনাই আলোচনা কৰি সকলো কথা বিতংভাৱে বুজি লৈ গৰ্ভাৱস্থাত ল’ব লগা যত্ন তথা চিকিৎসা পূৰামাত্রাই গ্রহণ কৰি শিশু আৰু মাতৃ উভয়কে সুস্বাস্থ্যৱান হৈ থকাত সহায় আগবঢ়াব লাগে।

উপসৰ্গসমূহ কোনো ৰোগ নহয়। গৰ্ভাৱস্থাৰ পিছৰ স্তৰ বা গৰ্ভাৱস্থাৰ সামৰণিৰ লগে লগে ইয়াৰো ইতি পৰে। তথাপি বহুতো নতুনকৈ মাতৃ হ’ব ওলোৱা মহিলা এই উপসর্গসমূহৰ বিষয়ে অজ্ঞ। গতিকে তেওঁলোকৰ সহায় হওক বুলিয়েই এই প্রচেষ্টা।

বেছিভাগ মহিলাই সাম্ভাব্য গৰ্ভধাৰণৰ সময়ত মাহেকীয়া ঋতুস্ৰাৱৰ সময় এৰাই যোৱা প্ৰত্যক্ষ কৰে, কিন্তু বাকী উপসর্গসমূহ গৰ্ভাৱস্থাৰ প্ৰাথমিক স্তৰতহে অনুভৱ কৰে। এইটো কথা মনত ৰখা উচিত যে সকলো মহিলাৰে এই উপসৰ্গসমূহ অনুভৱ নহ’বও পাৰে আৰু হ’লেও প্রত্যেকৰে একেধৰণৰ উপসর্গ বা উপসৰ্গৰ মাত্ৰা একে নহ’ব পাৰে। আনকি এগৰাকী মহিলাৰ প্ৰথমবাৰ গৰ্ভধাৰণৰ সময়ত দেখা দিয়া উপসৰ্গসমূহ পৰৱৰ্তী গৰ্ভধাৰণত দেখা নিদিবও পাৰে বা ভিন্ন ধৰণৰ উপসৰ্গ দেখা দিব পাৰে।

মাহেকীয়া ঋতুস্ৰাৱ সময় এৰাই যোৱা

মাহেকীয়া ঋতুস্ৰাৱৰ সময় এৰাই যোৱাৰ লক্ষণে বেছিভাগ ক্ষেত্ৰতেই গৰ্ভধাৰণৰ ইংগিত দিয়ে। কেতিয়াবা কোনো মহিলাৰ গৰ্ভধাৰণ হোৱাৰ পিছতো কম পৰিমাণৰ ঋতুস্ৰাৱ বা স্ৰাৱৰ দাগ লগাৰ অভিজ্ঞতা হ'ব পাৰে, ই সচৰাচৰ সম্ভাব্য মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত দেখা দিয়ে আৰু সাধাৰণতে গৰ্ভধাৰণৰ পৰা ১২ দিন পিছত হোৱা দেখা পোৱা যায়। যেতিয়া নিষেদিত ডিম্ব জৰায়ুৰ গাত লাগি যায় তেতিয়াই এনেধৰণৰ সামান্য ঋতুস্ৰাৱ ঘটে।

গৰ্ভধাৰণৰ মাজৰ যিকোনো ৰক্তস্রাৱেই মাহেকীয়া ঋতুস্ৰাৱতকৈ পাতল হয়। যদি কোনো মহিলাৰ ঋতুস্ৰাৱৰ সময় উকলি যায়, তেন্তে তেওঁ প্ৰাথমিক গৰ্ভধাৰণৰ আন কিছুমান উপসৰ্গ লক্ষ্য কৰে। মাহেকীয়া ঋতুস্রাৱ বন্ধ বা সময় এৰাই গ’লেই কোনো এক মহিলা গৰ্ভৱতী হোৱা বুলি ঠাৱৰ কৰিব নোৱাৰি। কোনো মহিলাৰ নিয়মীয়া মাহেকীয়া ঋতুস্ৰাৱ হৈ থকাৰ পিছতো মানসিক উদ্বেগ আৰু শাৰীৰিক অৱস্থাৰ বাবে ঋতুস্ৰাৱ নোহোৱা বা পিছুৱাই যোৱা দেখা যায়।

স্তনৰ আকাৰ বৃদ্ধি, স্ফীতাৱস্থা আৰু বিষ

গৰ্ভধাৰণৰ প্ৰথম অৱস্থাত স্তনৰ আকাৰ বাঢ়ে, ই স্ফীত আৰু টান হৈ উঠে তথা স্পৰ্শ কৰিলে বিষ অনুভৱ হয়। এই উপসৰ্গসমূহ কেতিয়াবা ঋতুস্ৰাৱৰ আগে আগে দেখা দিয়া স্তনৰ উপসৰ্গৰ সৈতে একে হোৱা দেখা যায়। মহিলাসকলে বর্ণনা কৰা মতে তেওঁলোকে এই সময়ত স্তন গধুৰ আৰু ভৰিপৰা অনুভৱ কৰে। এই উপসৰ্গসমূহ গৰ্ভধাৰণৰ এসপ্তাহৰপৰা দুসপ্তাহৰ ভিতৰতে দেখা দিব পাৰে।

বমি ভাব আৰু বমি

বমিভাব আৰু বমি গৰ্ভধাৰণৰ আদি অৱস্থাত দেখা দিয়া আন এক উপসর্গ। অতীজৰেপৰা ইয়াক ‘ৰাতিপুৱাৰ অসুস্থতা’ হিচাপে জনসাধাৰণৰ মাজত প্ৰচাৰিত হৈ আহিছে। বমি ভাব বা বমি যি প্রাথমিক স্তৰৰ গৰ্ভধাৰণৰ লগত প্রযোজ্য হৈ থাকে, ই দিন বা ৰাতি যিকোনো সময়তেই হোৱা দেখা যায়। গৰ্ভধাৰণৰ দ্বিতীয়ৰপৰা অষ্টম সপ্তাহৰ যিকোনো সময়তেই বমি বা বমি ভাবে দেখা দিব পাৰে। বেছিভাগ মহিলাই, যাৰ পুৱাৰ অসুস্থতাৰ উপসর্গ দেখা পোৱা যায়, তেওঁ গৰ্ভধাৰণৰ প্ৰায় এমাহ পিছত বমি ভাব আৰু বমিৰ উপসর্গত ভোগে। কিছুসংখ্যক মহিলা সোনকালে ইয়াৰদ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। কেতিয়াবা মহিলাসকলৰ কোনো বিশেষ বস্তুৰ গোন্ধৰ প্রতি অনুভূতি বাঢ়ে আৰু সিয়েই বমি বা বমি ভাব সৃষ্টিত অৰিহণা যোগাব পাৰে।

প্রাথমিক স্তৰৰ গৰ্ভধাৰণৰ সময়ত বৃদ্ধি পোৱা ইষ্ট্ৰোজেন হৰমনে পাকস্থলী খালী কৰা কাৰ্যৰ বিলম্ব ঘটায়, যাৰ ফৰ্মত বমি ভাবৰ সৃষ্টি হ'ব পাৰে। পুৱাৰ অসুস্থতাৰ কার্যপ্রণালীৰে লগ হৈ ইয়েই কোনো বিশেষ খাদ্যবস্তু বা গোন্ধৰ প্ৰতি বমি ভাব যোগায়। সেয়েহে এইটো কোনো বিচূৰ্তি খাব লগা কথা নহয়। এই সময়ত বহুতো মহিলাই নিজৰ খাদ্যাভ্যাস সলনি কৰে আৰু কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে আগতে খাই ভাল পোৱা খাদ্যবস্তুও এই সময়ত খাবলৈ ভাল নোপোৱা হৈ পৰে। বেছিভাগ মহিলাৰ এইধৰণৰ বমি ভাব আৰু বমি অহাৰ উপসর্গ গৰ্ভাৱস্থাৰ দ্বিতীয় স্তৰত কমি যায়।

খোৱা বস্তুৰ প্ৰতি হাবিয়াস

কিছু মহিলাৰ গৰ্ভাৱস্থাৰ প্ৰাথমিক অৱস্থাত কিছুমান বিশেষ খাদ্যবস্তুৰ প্রতি হুতাহ জন্মে। এই হাবিয়াস বা হুতাহ কেতিয়াবা গৰ্ভধাৰণৰ গোটেই কালছোৱা ধৰি থকা দেখা যায়। বহুসংখ্যক মহিলাৰ টেঙাজাতীয় ফলৰ প্ৰতি আৰু এচাম মহিলাই এখোপ আগুৱাই গৈ অখাদ্য হিচাপে পৰিগণিত মাটি (হীৰামাটি) খোৱাও দেখা যায়।

ক্লান্ত আৰু ভাগৰুৱা অনুভৱ

বহুসংখ্যক মহিলাই গৰ্ভধাৰণৰ আদি অৱস্থাত অতিশয় ক্লান্ত আৰু ভাগৰুৱা অনুভৱ কৰে। কিছুমানে গৰ্ভধাৰণৰ প্রথম সপ্তাহৰ পিছতেই ক্লান্ত অনুভৱ কৰা দেখা যায়।

এনেধৰণৰ ক্লান্তবোধৰ কোনো বাহিৰেও আন সময়ত ক্লান্তি অনুভৱ হ'ব পাৰে। দৰাচলতে ক্লান্তিবোধ অকল গৰ্ভধাৰণৰে মুখ্য উপসৰ্গ নহয়, আন বহুতো কাৰণত গৰ্ভধাৰণৰ সময়ৰ বাহিৰেও আন সময়ত ক্লান্তি অনুভৱ হ’ব পাৰে।

পেট ওফন্দা

কিছুসংখ্যক মহিলাই এই সময়ত তলপেট ওফন্দা অনুভৱ কৰে, কিন্তু সচৰাচৰ গৰ্ভধাৰণৰ এই সয়মত অতি কমকৈহে শৰীৰৰ ওজন বৃদ্ধি হয়। গৰ্ভাৱস্থাৰ প্ৰথম পৰ্যায়ত প্ৰতিমাহে ১ পাউণ্ডকৈহে ওজন বৃদ্ধি হয়। কেতিয়াবা গৰ্ভধাৰণৰ আৰম্ভণিৰ সপ্তাহত মহিলাসকলে পেট খামোচ মাৰি ধৰা যেন অনুভৱ কৰে। এইধৰণৰ পেট খামোচাৰ অভিজ্ঞতা ঋতুস্ৰাৱৰ আগে আগে আৰু ঋতুস্ৰাৱৰ ভিতৰত দেখা দিয়াৰ দৰেই হয়।

সঘনাই পেচাব লগাৰ অনুভৱ

কোনো কোনো মহিলাৰ গৰ্ভধাৰণৰ প্রথম স্তৰত সঘনাই পেচাব লগাৰ অনুভূতি জাগে, বিশেষকৈ ৰাতি এই অনুভৱ বেছি হয় আৰু তেখেতসকলৰ কাঁহ, হাঁচি বা হাঁহিৰ লগত কেতিয়াবা পেচাব ওলাই যোৱাৰ ঘটনা ঘটে। পেচাব ঘনাই লগা অনুভূতি শাৰীৰিক আৰু হৰমনৰ বাবে হয়। এবাৰ ভ্ৰূণ জৰায়ুত সংস্থাপিত হোৱাৰ পিছত ‘হিউমেন ক্লৰিয়নিক গনাড’ট্রফিন নামৰ এক হৰমনৰ উৎপন্ন কৰে, যাৰ ফলতেই সঘনাই পেচাব লগা বুলি ভবা হয়। গৰ্ভাৱস্থাৰ পিছৰ পৰ্যায়ত স্ফীত পেটে পেচাব থলীৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাবে গৰ্ভৱতী মহিলাসকলৰ সঘনাই পেচাব লগাৰ অনুভৱ হয়।

শৰীৰৰ উত্তাপ বৃদ্ধি

শৰীৰৰ উত্তাপ একেলেথাৰিয়ে বাঢ়ি থকাটো গৰ্ভধাৰণৰ প্ৰথম অৱস্থাৰ আন এক উপসর্গ।

মহিলাসকলৰ ডিম্ব নিঃসৰণৰ পিছতেই শৰীৰৰ উত্তাপ বৃদ্ধি পায় আৰু পিছৰ ঋতুস্রাৱ নোহোৱালৈকে ই বাঢ়ি থাকে। পিছৰ সম্ভাব্য ঋতুস্ৰাৱৰ দিনলৈকে শৰীৰৰ উত্তাপ একেলেথাৰিয়ে বাঢ়ি থকাটোৱেই গৰ্ভাৱস্থাৰ প্ৰথম অৱস্থাৰ এক উল্লেখযোগ্য উপসর্গ।

স্তনৰ অগ্ৰভাগৰ ৰঙৰ সলনি ঘটা

গৰ্ভাৱস্থাৰ আদি স্তৰত মহিলাসকলে স্তনৰ অগ্ৰভাগৰ চাৰিওফালে যাক এৰিঅ'লা বুলি কোৱা হয়, ৰং বেছি গাঢ় হোৱা লক্ষ্য কৰে আৰু এডাল গাঢ় ৰঙৰ চিন পেটৰ মাজৰপৰা তলপেটৰ তললৈ হোৱা লক্ষ্য কৰে। এৰিঅ'লা অংশৰ গাঢ় সন্তান ভূমিষ্ঠ হোৱাৰ পিছতো কিছু পৰিমাণে থকা দেখা যায়। কিন্তু পেটৰ মাজৰ চিন সন্তান ভূমিষ্ঠ হোৱাৰ কিছুদিন পিছতেই নোহোৱা হোৱা দেখা যায়।

ছালৰ ৰং গাঢ় হোৱা

কিছুসংখ্যক মহিলাই গৰ্ভধাৰণৰ আদি অৱস্থাত ধেমালিতে কোৱা ধৰণৰ – এখন মুখা পিন্ধি লয়, তাৰমানে এই অৱস্থাত কপাল, নাক, ওপৰ ওঁঠ, গাল আদিৰ ৰং গাঢ় হৈ পৰে। এইধৰণৰ গাঢ় ৰং মুখৰ দুয়োফালেই হয়। এইধৰণৰ উপসর্গ বগা ৰঙৰ মহিলাতকৈ ক’লা বৰণৰ ছালৰ মহিলাৰ মাজত বেছিকৈ হোৱা দেখা যায়। ছালৰ ৰঙৰ এনেধৰণৰ গাঢ়তা গৰ্ভস্থিতিৰ বাহিৰেও আন কাৰণতো হ’ব। পাৰে। যিসকল মহিলাৰ পৰিয়ালত এনেধৰণৰ ছালৰ ৰঙৰ গাঢ়তাৰ পৰম্পৰা চলি আহিছে তেওঁলোকৰ গৰ্ভধাৰণৰ সময়ত এনেধৰণৰ সমস্যা হোৱাৰ আশংকা বহুগুণে বৃদ্ধি পায়।

মনৰ অৱস্থাৰ সলনি আৰু মানসিক চাপ

বহুতো মহিলাই মনৰ অৱস্থাৰ সঘন সলনি, মানসিক উদ্বেগ আৰু চাপ গৰ্ভধাৰণৰ প্ৰথম অৱস্থাত অনুভৱ কৰে। তেওঁলোক এই সময়ত বেছি আৱেগিক হৈ উঠে আৰু সামান্য কাৰণতে কান্দিবৰ উপক্ৰম কৰে। সঘনাই সলনি হোৱা হৰমনৰ সুৰৰ বাবেই এনেধৰণৰ অৱস্থা হয় বুলি ভবা হয়। গৰ্ভৱতী মহিলাই অতি সঘনাই আৰু আকস্মিকভাৱে মনৰ পৰিৱৰ্তন হোৱা এই সময়ছোৱাত লক্ষ্য কৰে।

মূৰৰ বিষ

কিছুসংখ্যক মহিলাই গৰ্ভাৱস্থাৰ আদিৰত মূৰৰ বিষত ভোগে। ইও হৰমনৰ সালসলনিৰ ফলতেই হয়।

সামৰণি

গৰ্ভাৱস্থাৰ আদিস্তৰত হোৱা উক্ত উপসৰ্গসমূহ যিহেতু কোনো ৰোগ নহয়, সেয়ে পৰিয়ালৰ সকলোৱে মিলি গৰ্ভধাৰণ কৰা মহিলাক উপযুক্ত খাদ্য, জিৰণি আৰু মানসিক প্রশান্তি প্ৰদান কৰিব লাগে। চিকিৎসকৰ লগত সঘনাই আলোচনা কৰি সকলো কথা বিতংভাৱে বুজি লৈ গৰ্ভাৱস্থাত ল’ব লগা যত্ন তথা চিকিৎসা পূৰামাত্ৰাই গ্ৰহণ কৰি শিশু আৰু মাতৃ উভয়কে সুস্বাস্থ্যৱান হৈ থকাত সহায় আগবঢ়াব লাগে।

লিখক: ডা: বীৰেন্দ্ৰ নাৰায়ণ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 7/18/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate