অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুনৰায় হোৱা গৰ্ভপাত :

পুনৰায় হোৱা গৰ্ভপাত :

 

তিনিবাৰ বা তাতোকৈ বেছি নিজে নিজে হোৱা গৰ্ভধাৰণ পুন: পুন: হোৱা গৰ্ভপাত বা পুনৰায় হোৱা গৰ্ভপাত বোলে। ই মহিলাগৰাকীৰ প্ৰথমৰে পৰাই বা এটা সন্তান থকাৰ পিছত সংঘটিত হ’ব পাৰে। বাৰে বাৰে হোৱা এনে গৰ্ভপাত মহিলাগৰাকীৰ লগতে পৰিয়ালৰ বাবে চিন্তাৰ কাৰক। সঠিক চিকিৎসা প্ৰদান কৰি এনে মহিলাৰ কোলা শুৱনি কৰিব পাৰি। প্ৰায় এক শতাংশ পূৰ্ণবয়স্কা মহিলা এনে গৰ্ভপাতৰ সমস্যাত ভুগিব পাৰে। যিমানে বেছিবাৰ গৰ্ভপাত হয় সিমানে পুনৰায় গৰ্ভপাত হোৱাৰ আশংকা বৃদ্ধি পায়। তিনিবাৰকৈ গৰ্ভপাত হোৱা মহিলাৰ এনে আশংকা ৩০ শতাংশ পৰ্যন্ত বাঢ়িব পাৰে।

গৰ্ভপাতৰ কাৰণসমূহ -

কাৰণসমূহ সাধাৰণতে বৰ জটিল আৰু নুবুজা ধৰণৰ। কেতিয়াবা আকৌ এগৰাকী মহিলাৰ ক্ষেত্ৰত একাধিক কাৰকে ক্ৰিয়া কৰিব পাৰে।

ক) প্ৰথম তিনি মাহৰ ভিতৰত হোৱা গৰ্ভপাতৰ কাৰণসমূহ:

১) বংশজনিত বংশানুক্ৰমিক: প্ৰথম তিনি মাহৰ ভিতৰত নিজে নিজে হোৱা গৰ্ভপাতৰ মুল কাৰণ। পিতৃ বা মাতৃ দুয়োৰে বংশজনিত ক্ৰুটি থাকিব পাৰে।

২) গ্ৰন্থি সম্পৰ্কীয় (এনড’ক্ৰিন): মধুমেহ ৰোগ, থাইৰয়ড গ্ৰন্থিৰ সমস্যা, পলিছিষ্টিক অ’ভেৰী আদিত ভোগা মহিলা এনে গৰ্ভপাতৰ সমস্যাত ভুগিব পাৰে। ডিম্বাণুৰ পৰা নি:সৰিত প্ৰজেষ্টেৰন হৰ’মনৰ অভাৱো পুন: পুন: হোৱা গৰ্ভপাতৰ আন এক কাৰণ। ইয়াৰোপৰি শৰীৰত প্ৰ’লেকটিন হৰম’নৰ পৰিমাণ বাঢ়ি যোৱাটোও পুনৰায় হোৱা গৰ্ভপাতৰ কাৰণ।

৩) যৌনাংগৰ সোঁচৰণ (ইনফেকচন): গৰ্ভপাতৰ আন এক কাৰণ এই সোঁচৰণ। ই বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰজাতীয় বা টক্স’প্লাজমাৰ সোঁচৰণ হ’ব পাৰে।

৪) ইমিউন’লজিকেল: পুনৰায় হোৱা গৰ্ভপাতৰ ই এক কাৰণ। এনে মহিলাৰ তেজত এণ্টি-ফছফ’লিপিড এণ্টিবডী, এণ্টি-কাৰ্ডিঅ’লিপিন এণ্টিবডী থকাটো ধৰা পৰে।

৫) বয়সস্থ মহিলাৰ ক্ষেত্ৰত পুনৰায় হোৱা গৰ্ভপাতৰ সংখ্যা অধিক হোৱা দেখা যায়।

৬) অন্যান্য কাৰকৰ ভিতৰত মানসিক চাপ, দুশ্চিন্তা , পুৰুষ-মহিলা দুয়োৰে থকা তেজৰ গ্ৰুপৰ অমিল। থ্ৰ্ম্ব’ফিলিয়া আদি।

পাৰিপাৰ্শ্বিক -

চিগাৰেট, মদ দৈনিক পান কৰা মহিলাৰ পুন: পুন: গৰ্ভপাত হ’ব পাৰে। সপ্তাহত ৩-৫ বাৰ মদ খোৱা মহিলা তথা দিনে ৩-৫ কাপ কফি খোৱা মহিলাৰ গৰ্ভপাত পুনৰায় নিজে নিজে হ’ব পাৰে। ইয়াৰোপৰি প্ৰায় ৩৩ শতাংশ এনে মহিলাৰ পুন: পুন: হোৱা গৰ্ভপাতৰ নিৰ্দিষ্ট কাৰণ ঠাৱৰ কৰিব নোৱাৰি।

খ)  ৩ মাহৰ পৰা ৫ মাহৰ ভিতৰত হোৱা গৰ্ভপাতৰ কাৰণসমূহ:

১) জৰায়ুৰ মুখৰ সোলোক-ঢোলোক অৱস্থা প্ৰায় ২০ শতাংশ গৰ্ভপাতৰ কাৰণ। সাধাৰণ অৱস্থাত জৰায়ুৰ মুখবন্ধ হৈ থাকি গৰ্ভস্থ সন্তান ধৰি ৰাখে। বিভিন্ন কাৰণত এই মুখ ছীল হৈ গৰ্ভস্থ সন্তান ধৰি ৰাখিব নোৱাৰা পৰ্যায় পায় আৰু নিজে নিজে গৰ্ভপাত হয়। জৰায়ুৰ মুখৰ বিভিন্ন অস্ত্ৰোপচাৰ, আগতে জোৰকৈ কৰা গৰ্ভপাত বা বেছি পলমকৈ কৰা গৰ্ভপাতৰ নতুবা জন্মগত বিসংগতিৰ বাবে জৰায়ুৰ মুখৰ মাংসপেশী দুৰ্বল হৈ পৰে আৰু নিজে নিজে গৰ্ভপাত হয়।

২) জৰায়ুৰ বিভিন্ন জন্মগত গাঁথনিক বিসংগতি পুনৰায় হোৱা গৰ্ভপাতৰ কাৰণ। উদাহৰণ স্বৰুপে জৰায়ুৰ ভিতৰত থকা পৃথিকীকৰণ আৱৰণ, বিভক্ত হৈ থকা দেখা যায়।

৩) জৰায়ুৰ ভিতৰভাগত থকা টিউমাৰ, ফাইব্ৰয়ড, বিভিন্ন কাৰণত জৰায়ুৰ ভিতৰভাগ লগ লাগি গ’লে (ছাইনেকিয়া ) পুনৰায় গৰ্ভপাতৰ কাৰণ হ’ব পাৰে।

৪) মহিলাগৰাকী বিভিন্ন ৰোগত আক্ৰান্ত হ’লে, যেনে-মধুমেহ ৰোগ, বৃক্কৰ ৰোগ আদি গৰ্ভপাতৰ কাৰণ হ’ব পাৰে।

৫) যৌনাংগৰ সোঁচৰণ (ইনফেকচন) আন কেতবোৰ কাৰণ। উদাহৰণ স্বৰুপে ছিফিলিছ, টক্স’প্লাজমা আদি।

পৰীক্ষাসমূহ -

১) পুংখানুপুংখভাৱে কৰা স্বাস্থ্য পৰীক্ষাৰ লগতে আগৰ কোনো বেমাৰ, অস্ত্ৰোপচাৰৰ ইতিহাস লিপিবদ্ধ কৰি গৰ্ভপাতৰ কাৰণসমূহ ঠাৱৰ কৰা হয়।

২) তেজৰ সম্পূৰ্ণ পৰীক্ষা: তেজৰ গ্ৰুপ, শৰ্কৰাৰ পৰিমাণ, থাইৰয়ড, প্ৰ’লেকটিন, ভি ডি আৰ এল, টক্স’প্লাজমাৰ উপস্থিতি পৰীক্ষা কৰা হয়।

৩) এণ্টি-ফছফ’লিপিড এণ্টিবডী, এণ্টি-কাৰ্ডিঅ’লিপিন এণ্টিবডী, এল এইচ হৰম’নৰ পৰিমাণ জোখা হয়।

৪) আল্ট্ৰাছাউণ্ড, এম আৰ আই কৰি জৰায়ুৰ টিউমাৰ, বিসংগতি ডিম্বাণুৰ অৱস্থা নিৰুপণ কৰা হয়।

৫) জৰায়ুৰ ভিতৰৰ এক্স-ৰে কৰি (এইচ এছ জি) জন্মগত বিসংগতি ঠাৱৰ কৰা হয়।

৬) লেপাৰ’স্ক’পী, হিছটেৰ’স্ক’পী আন কেতবোৰ পৰীক্ষা।

৭) পুৰুষ-মহিলা দুয়োৰে ক্ৰম’জমৰ বিন্যাস, লগতে গৰ্ভপাত হোৱা কোষৰ ক্ৰম’জমৰ বিন্যাস অতি গুৰুত্বপূৰ্ণ পৰীক্ষা।

৮) যৌনাংগৰ সোঁচৰণৰ বিভিন্ন পৰীক্ষাসমূহ কৰি প্ৰকৃত কাৰণ জনি লোৱা হয়।

চিকিৎসা:

পুনৰায় হোৱা গৰ্ভপাতৰ কাৰণসমূহ জনাৰ পিছত তাৰ চিকিৎসা কৰিলেই এনে গৰ্ভপাত ৰোধ কৰিব পাৰি।

১) বুজনিৰে মহিলাগৰাকীক মানসিকভাৱে সবল কৰি তুলিব লাগে।

২) জৰায়ুৰ বিসংগতি থাকিলে বিভিন্ন অস্ত্ৰোপচাৰৰ সহায়ত ঠিক কৰিব লাগে। উদাহৰণস্বৰুপে সহায়ত ঠিক কৰিব লাগে। উদাহৰণস্বৰুপে জৰায়ু দুভাগত বিভক্ত হৈ থাকিলে অস্ত্ৰোপচাৰ কৰি একলগ কৰিলে সুফল পোৱা যায়। জৰায়ুৰ মাজভাগত থকা আৱৰণ অস্ত্ৰোপচাৰৰ সহায়ত গুচাই পেলোৱা হয়। জৰায়ুৰ মুখ ঢিলা হৈ থাকিলে ১৪-২০ সপ্তাহৰ ভিতৰত চিলাই কৰি মুখখন টান কৰি দিয়া হয়। ইয়াক ছাৰ্ভাইকেল এনছাৰক্লেজ বোলে।

৩) বংশগত বিসংগতি থাকিলে পুৰুষ আৰু মহিলা দুয়োকে বুজাব লাগে ভৱিষ্যতে হ’ব পৰা গৰ্ভপাতৰ বিষয়ে। দৰকাৰ হ’লে আনৰ পৰা নিষেচিত ডিম্বকোষ ধাৰণ কৰি গৰ্ভৱতী হ’ব পাৰে, নতুবা পুনৰায় গৰ্ভধাৰণ নকৰিবলৈ বুজনি দিব লাগে।

৪) যৌনাংগৰ সোঁচৰণ। গৰ্ভধাৰণৰ আগেয়ে চিকিৎসা কৰি নাইকিয়া কৰিব লাগে।

৫) মধুমেহ ৰোগ, থাইৰয়ডৰ অসুখৰ গৰ্ভধাৰণ কৰাৰ আগেয়ে চিকিৎসা কৰিব লাগে।

গৰ্ভাৱস্থাৰ সময়ত ল’ব লগা যত্ন -

১) যথেষ্ট পৰিমাণৰ জিৰণি। গধুৰ কামৰ পৰা আঁতৰি থকা, দূৰণিবটীয়া ভ্ৰমণ নকৰা, সংগমৰ পৰা আঁতৰি থকা আন কেতবোৰ সাৱধানতামুলক ব্যৱস্থা।

২) প্ৰয়োজন অনুসাৰে প্ৰজেষ্টেৰন টেবলেট খাবলৈ বা যৌনাংগৰ ভিতৰত লগাবলৈ দিয়া হয়।

৩) কম পৰিমাণৰ এছপিৰিন টেবলেট দৈনিক খাবলৈ দিয়া হয়, যদিহে মহিলাগৰাকীৰ তেজত এণ্টি-ফছফ’লিপিড এণ্টিবডী ধৰা পৰে।

৪) জৰায়ুৰ মুখ ঢিলা হ’লে ছাৰ্ভাইকেল এনছাৰক্লেজ অস্ত্ৰোপচাৰ কৰা হয়।

সামৰণি -

যদিওৱা তিনিটা বা ততোধিক গৰ্ভপাত হোৱা মহিলাক পৰীক্ষা কৰি উপযুক্ত চিকিৎসা আগবঢ়োৱা হয়, বহুতো গৱেষকে ক’ব বিচাৰে যে বয়স বেছি হোৱা মহিলৰ দুবাৰ নিজে নিজে গৰ্ভপাত হ’লেই কাৰণসমূহ বিচাৰ কৰি চিকিৎসা কৰাব লাগে। উপযুক্ত চিকিৎসা কৰি চাৰিবাৰতকৈ বেছি হোৱা গৰ্ভপাতৰ পিছতো ৬০-৬৫ শতাংশ মহিলাৰ কোলা শুৱনি কৰিব পাৰি। কেৱল ধৈৰ্য আৰু ধনাত্মক চিন্তা আৰু চেষ্টা।

লেখক: ডা: ৰাজীৱ লোচন শৰ্মা (জি এনআৰচি স্বাস্থ্য)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate