অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিকল্প মাতৃত্বঃ

বিকল্প মাতৃত্বঃ

 

বিকল্প মাতৃত্ব (Surrogacy) হ’ল এনে এক ব্যৱস্থা যাৰ সহায়ত এগৰাকী মহিলাই অন্য ব্যক্তি/দম্পতীৰ হৈ গৰ্ভধাৰণ কৰিব পাৰে। এই সন্তানৰ আইনগত পিতৃ-মাতৃ হ’ব মহিলাগৰাকীৰ গৰ্ভধাৰণৰ বাবে নিয়োগ কৰা ব্যক্তি বা দম্পতী। এই সম্পৰ্কত এখন চুক্তি হয়। কেনেকুৱা পৰিস্থিতিত এই চুক্তি কৰিব পাৰিব ? যেতিয়া কোনো দম্পতীৰ স্বাস্থ্যজনিত কাৰণত গৰ্ভধাৰণ কৰা সম্ভৱপৰ নহয়, গৰ্ভধাৰণজনিত বিপদৰ সম্ভাৱনা হেতু কোনো মাতৃয়ে গৰ্ভধাৰণ কৰিব নোৱাৰে আৰু যেতিয়া দম্পতী সমকামী হয়। এই ব্যৱস্থাত ধনৰ লেনদেন থাকিবও পাৰে, নাথাকিবও পাৰে। যদি বিকল্প মাতৃয়ে গৰ্ভধাৰণৰ বাবে ধন লয়, তেনেহ’লে তেনে বিকল্প মাতৃত্বক বাণিজ্যিক বুলি ধৰা হয়। যদি বিকল্প মাতৃয়ে ধন নলয়, তেনেহ’লে তেওঁক গৰ্ভধাৰণজনিত স্বাস্থ্যসেৱাৰ ব্যয় আৰু অন্যান্য বয়সৰ ক্ষতিপূৰণ দিব লাগে। এনে বিকল্প মাতৃত্বক বোলা হয় হিতবাদী।

বিকল্প মাতৃৰ নিসেচন বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। তাৰ ভিতৰত দুই প্ৰকাৰৰ প্ৰধান নিসেচন প্ৰণালী আছে- গৰ্ভবিদিয় আৰু পৰম্পৰাগত।

বিকল্প মাতৃৰ গৰ্ভবিদিয় নিসেচনঃ

 

এই ধৰণৰ নিসেচন ১৯৮৬ চনত প্ৰথমবাৰৰ বাবে সম্পাদন কৰা হয়। এই ক্ষেত্ৰত ভ্ৰূণ নাৰীদেহৰ বাহিৰত লেব’ৰেটৰীত প্ৰস্তুত কৰা হয় আৰু বিকল্প মাতৃৰ গৰ্ভত স্থাপন কৰা হয়। এনে নিসেচনত ভাবী সন্তানৰ সৈতে বিকল্প মাতৃৰ জিনীয় সম্পৰ্ক নাথাকে। গৰ্ভবিদিয় নিসেচন পদ্ধতিসমূহ এইধৰণৰ-

- ইচ্ছুক পিতৃৰ শুক্ৰকীট আৰু ইচ্ছুক মাতৃৰ ডিম্বকোষ ব্যৱহাৰ কৰি ভ্ৰূণ সৃষ্টি কৰা হয়। ভাবী সন্তানৰ পিতৃ আৰু মাতৃ দুয়োৰে সৈতে জিনীয় সম্পৰ্ক থাকে।

-  ইচ্ছুক পিতৃৰ শুক্ৰকীট আৰু দাতাৰ ডিম্বকোষ ব্যৱহাৰ কৰি ভ্ৰূণ সৃষ্টি কৰা হয়। অৱশ্যে দাতা বিকল্প মাতৃ নহয়। এনে সন্তানৰ পিতৃৰ সৈতে জিনীয় সম্পৰ্ক থাকে।

-  ইচ্ছুক মাতৃৰ ডিম্বকোষ আৰু দাতাৰ শুক্ৰকীট ব্যৱহাৰ কৰি ভ্ৰূণ সৃষ্টি কৰা হয়। এনে সন্তানৰ জিনীয় সম্পৰ্ক থাকে মাতৃৰে সৈতে।

-  বিকল্প মাতৃৰ গৰ্ভত দাতাৰ ভ্ৰূণ স্থাপিত কৰা হয়। এনে ভ্ৰূণ সাধাৰণতে অন্য দম্পতীয়ে গৰ্ভৰ বাহিৰত সৃষ্টি কৰা ৰাহি ভ্ৰূণৰ পৰা লোৱা হয়। এইক্ষেত্ৰত সন্তানৰ জিনীয় সম্পৰ্ক ইচ্ছুক পিতৃ-মাতৃ কাৰো সৈতে নাথাকে।

বিকল্প মাতৃৰ পৰম্পৰাগত নিসেচনঃ

 

এনে নিসেচনত বিকল্প মাতৃৰ গৰ্ভত ইচ্ছুক পিতৃৰ শুক্ৰকীট প্ৰাকৃতিকভাৱে অথবা কৃত্ৰিমভাৱে ব্যৱহাৰ কৰি ভ্ৰূণ সৃষ্টি কৰা হয়। এইক্ষেত্ৰত ভাবী সন্তানৰ জিনীয় সম্পৰ্ক থাকে ইচ্ছুক পিতৃ আৰু বিকল্প মাতৃৰ সৈতে। কিন্তু দাতাৰ শুক্ৰকীট ব্যৱহাৰ কৰিলে সন্তান ইচ্ছুক দম্পতীৰ কাৰো সৈতে জিনীয়ভাৱে সম্পৰ্কিত নহয়, কিন্তু বিকল্প মাতৃৰ সৈতে জিনীয় সম্পৰ্ক থাকে।

ভাৰতৰ বিকল্প মাতৃত্ব আইন সম্পৰ্কে কিছু আলোচনা কৰা যাওক। বাণিজ্যিক বিকল্প গৰ্ভধাৰণ ২০০২ চনৰ পৰা ভাৰতত আইনসিদ্ধ। ভাৰতৰ হিন্দী চলচিত্ৰ জগতৰ ভালেসংখ্যক তাৰকাই এই আইন সুবিধাৰে পিতৃ-মাতৃ হৈছে। অলপতে প্ৰযোজক-অভিনেতা কৰণ জোহৰ এই প্ৰক্ৰিয়াৰে যঁজা সন্তানৰ পিতৃ হৈছে- এটা ল’ৰা আৰু এজনী ছোৱালী। পিতৃ হিচাপে কৰণ জোহৰৰ নাম নথিভুক্ত কৰা হৈছে। মাতৃৰ নাম অপ্ৰকাশিত।

বিকল্প মাতৃত্বৰ সুযোগ ল’বলৈ দেশীয় দম্পতীৰ উপৰি বিশ্বৰ বিভিন্ন দেশৰ পৰা সন্তানহীন দম্পতী আহে। অন্যান্য কিছুমান দেশত এনে মাতৃত্ব আইনসিদ্ধ যদিও নিয়ম-কানুন অতি কঠোৰ। কিছুমান দেশত অনুমতি দিয়াই নহয়। এনে কাৰণতে বিকল্প মাতৃত্বৰ বাবে ভাৰতলৈ বহু দেশৰ দম্পতী আহে। অৱশ্যে ভাৰতত এনে মাতৃত্ব সিমান ব্যয়বহুলো নহয়। ভাৰতত বিকল্প মাতৃত্বৰ ৰমৰমীয়া ব্যৱসায় চলি আছে। এইপৰ্যন্ত আমাৰ দেশত এই বিষয়ত কোনো কঠোৰ আইন উপলব্ধ নহয়। ২০০২ চনত ৰাষ্ট্ৰসংঘই কৰা এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে এই ব্যৱসায়ত ৪০০ নিযুততকৈও অধিক ধন বিনিয়োগ হয়। ভাৰতত বিভিন্ন চহৰত ৩,০০০তকৈও অধিক কেন্দ্ৰই কৃত্ৰিম প্ৰক্ৰিয়াৰে ভ্ৰূণ তৈয়াৰ কৰা তথা গৰ্ভৱতী কৰাৰ ব্যৱসায় কৰে।

বিধানিক পৃষ্ঠপোষকতা নাথাকিলেও ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানে কিছুমান বিধি-বিধান ঘোষণা কৰিছে, যাতে বিকল্প মাতৃ আৰু ইচ্ছুক দম্পতী কিছু পৰিমাণে হ’লেও সুৰক্ষিত হয়। এই প্ৰতিষ্ঠানে লিংগ নিৰ্ণায়ক বিকল্প মাতৃত্ব অবৈধ বুলি ঘোষণা কৰিছে। বিকল্প মাতৃত্বৰ সহায়ত জন্ম হোৱা সন্তানৰ জন্ম প্ৰমাণ পত্ৰিকাত নিয়োজিক পিতৃ-মাতৃৰ নাম থকাটো বাধ্যতামূলক। শুক্ৰকীট আৰু ডিম্বৰ দাতা নিয়োজক পিতৃ-মাতৃ হ’ব লাগিব। বিকল্প মাতৃৰ বাবে জীৱন বীমা কৰাটোও বাধ্যতামূলক। বিকল্প মাতৃৰ আৰু দাতাৰ নাম গোপনে ৰখাটো নিশ্চিত হ’ব লাগিব।

বিকল্প মাতৃত্বৰ জৰিয়তে জন্ম হোৱা সন্তানৰ আইনী সুৰক্ষাৰ প্ৰয়োজন স্বীকৃত হয় মঞ্জি নামৰ শিশু এটাৰ সৈতে জড়িত মোকৰ্দমা এটাৰ পৰা। জাপানী দম্পতী এহালে ভাৰতত বিকল্প মাতৃত্বৰ জৰিয়তে এটি সন্তান জন্ম দি যায়, কিন্তু সন্তানৰ জন্ম হোৱাৰ আগেয়েই দম্পতীৰ বিবাহ-বিচ্ছেদ হয়। সন্তানৰ দায়িত্ব অকলে পিতৃক দিয়া নহ’ল। ইফালে মাতৃয়ে সন্তানটিৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰে। জাপান চৰকাৰে শিশুটিক মানৱতাবাদী ভিছা প্ৰদান কৰে আৰু শিশুটিৰ দায়িত্ব গ্ৰহণ কৰিবলৈ অনুমতি দিয়ে। পিতৃৰ সৈতে শিশুটিৰ জিনীয় সম্পৰ্কও স্বীকৃত হয়। এই মোকৰ্দমা চলি থকাৰ সময়ত ভাৰতৰ উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে বিকল্প মাতৃত্বৰ জৰিয়তে জন্ম হোৱা সন্তানৰ দাবীদাৰ পুৰুষজনো হ’ব পাৰে। ন্যায়ালয়ে বিকল্প মাতৃত্বৰ প্ৰক্ৰিয়াটো যোগাত্মক বুলিও স্বীকৃতি দিয়ে।

(উৎসঃ খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate