স্বাস্থ্যৱান পিতৃ-মাতৃয়েহে এটি স্বাস্থ্যৱান সন্তান জন্ম দিবলৈ সক্ষম হয়। সেয়েহে সন্তান এটি জন্ম দিয়াৰ পৰিকল্পনা কৰাৰ আগতে মাক-দেউতাকে বিশেষ কেইটামান কথাত মন দিয়া উচিত।
- অত্যধিক কামৰ বোজা কমাই নিজকে টেনছনমুক্ত কৰি তোলক।
- এটা সুস্থ-সবল সন্তান লাভ কৰিবলৈ গৰ্ভধাৰণ কৰাৰ আগেয়ে স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ গৈ সম্পূৰ্ণ শাৰীৰিক পৰীক্ষা-নিৰীক্ষা কৰাব।
- ব্যায়াম আৰম্ভ কৰাৰ লগতে খোৱা-লোৱাত চকু দিব লাগে।
- আপোনাৰ স্বামীয়ে যদিহে ধূমপান কৰে, তেন্তে তাৰ পৰা বিৰত থাকি খোৱা-লোৱাত মন দিবলৈ অনুপ্ৰেৰণা যোগাব।
- কোনো সাৱধানতা অৱলম্বন নকৰাকৈ এবছৰলৈ গৰ্ভৱতী নহ’লে পৰামৰ্শ ল’ব।
আপুনি গৰ্ভধাৰণ কৰা বুলি কেনেদৰে জানিব পাৰিব
- মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱা।
- দিনটোত কেইবাবাৰো প্ৰস্ৰাৱ লগা।
- স্তনৰ নিপুলৰ চাৰিওকাষে সৰু সৰু গুটিৰ দৰে উঠা।
- স্তনৰ সিৰাবোৰ স্পষ্টকৈ প্ৰকট হোৱা।
- নাভিৰ তলৰ ৰেখা স্পষ্ট হোৱা।
প্ৰথম মাহত মহিলাগৰাকীৰ শৰীৰত দেখা দিয়া পৰিৱৰ্তনসমূহ
- এই সময়ছোৱাত অলপ দুৰ্বলতা অনুভৱ কৰিব।
- মাহেকীয়া বন্ধ হোৱা মানেই আপুনি দুসপ্তাহৰ গৰ্ভৱতী।
- প্ৰথম মাহত শিশুটি ভ্ৰূণ আকাৰত থাকে।
- সাধাৰণ অৱস্থাতকৈ আপুনি নিজকে দুৰ্বল যেন অনুভৱ কৰিব।
- আপুনি অনুভৱ নকৰাকৈয়ে জৰায়ুটো ডাঙৰ হৈ আহিবলৈ ধৰিব।
- আপোনাক গৰ্ভধাৰণৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ প্লেচেণ্টাই হৰম’ন উত্পাদন কৰিব।
- এই মাহত আপোনাৰ অকণো শাৰীৰিক পৰিৱৰ্তন নহয়।
প্ৰথম মাহত শিশুটোৰ হ’বলগীয়া পৰিৱৰ্তনবোৰ
- এই সময়ছোৱাত শিশুটি এটি মটৰমাহৰ সমান হৈ থাকে যদিও ইয়াত এটা মূৰ আৰু এটা শৰীৰ থাকে।
- শিশুটো এটা পানীৰ মোনাৰ ভিতৰতহে ডাঙৰ হয়।
- মগজু, চকু, মুখ, কাণ আৰু পাচনতন্ত্ৰ এই সময়ছোৱাৰ পৰাই বাঢ়ি আহিবলৈ আৰম্ভ কৰে।
- ২৫ দিনৰ পৰাই শিশুটিৰ হাৰ্ট বিট আলট্ৰা-ছাউণ্ড মেচিনৰ জৰিয়তে শুনিবলৈ পোৱা যায়।
প্ৰথম মাহত আপুনি ল’বলগীয়া সাৱধানতা
- গৰ্ভাৱস্থাত এক্সৰে’ নকৰাব।
- চিগাৰেট আৰু মদ খোৱা বন্ধ কৰিব।
- কফি, চাহ কম মাত্ৰাত খাব।
- ফল-মূল, শাক-পাচলি, মাংস, মাছ, গাখীৰ, কণী আদি যথেষ্ট পৰিমাণে খাব।
- চিকিৎসকে দিয়া ভিটামিন, মিনাৰেল আৰু ফলিক এচিড নিয়মিত ব্যৱহাৰ কৰিব।
দ্বিতীয় মাহত শৰীৰত দেখা দিয়া পৰিৱৰ্তনসমূহ
- শৰীৰটো ভাগৰুৱা আৰু শক্তি কমি যোৱা যেন লাগিব।
- কিছুমান খাদ্য-সামগ্ৰীৰ গোন্ধ পোৱাৰ লগতে বমি হোৱাৰ সম্ভাৱনা থাকে।
- স্তন শিথিল হোৱাৰ বাবে মাজে মাজে টনাটনি কৰা যেন অনুমান কৰিব।
- বেছিকৈ ভোক লগাৰ বাবে আপোনাক অধিক মাত্ৰাত কেল’ৰিৰ প্ৰয়োজন হ’ব।
- সাধাৰণ অৱস্থাত মাহেকীয়া হোৱাৰ সময়ত অকণমান ব্লিডিং হ’ব পাৰে যদিও বেছিকৈ পেটৰ বিষ নহ’লে কোনো চিন্তাৰ কাৰণ নাই।
দ্বিতীয় মাহত শিশুটোৰ মাজত হোৱা পৰিৱৰ্তনসমূহ
- শিশুটোৰ আভ্যন্তৰীণ অংগ আৰু শৰীৰটো ক্ৰমান্বয়ে বাঢ়ি আহিবলৈ ধৰে।
- আঠ সপ্তাহৰ পাছত শিশুটোৰ শৰীৰৰ প্ৰতিটো অংগই পৰিস্ফূট হয়।
- মগজু আৰু ৰাজহাড় বাঢ়ি আহে।
- আঠ সপ্তাহৰ পাছত আপোনাৰ শিশুটি এক ইঞ্চি দীঘল হয়।
- এই সময়ছোৱাত চকু, কাণ, আৰু দাঁতৰ গঠন আৰম্ভ নহয়।
দ্বিতীয় মাহত গৰ্ভৱতী মহিলাগৰাকীয়ে ল’বলগীয়া সাৱধানতা
- শাক-পাচলি, মাছ-মাংস, ফল-মূল যথেষ্ট পৰিমাণে খাব।
- দুৰ্বলতা অনুভৱ কৰিলে অকণমান আৰাম কৰি ল’ব।
- চিকিত্সৰক পৰামৰ্শ অনুসৰি ভিটামিন বা ফলিক এচিড খাই থাকিব।
- গৰ্ভাৱস্থাৰ বাবে যদিহে আপুনি অকণো অসুবিধা নাপায়, তেন্তে কেইটামান সাধাৰণ ব্যায়াম কৰি থাকিব।
তিনি মাহত গৰ্ভস্থ সন্তানটিৰ হ’বলগীয়া পৰিৱৰ্তনসমূহ
- গৰ্ভৱস্থাত মহিলাগৰাকীৰ শৰীৰৰ ওজন বৃদ্ধি হোৱাটো এটা স্বাভাৱিক ঘটনা।
- ১২ সপ্তাহৰ শিশুটি তিনি ইঞ্চি দীঘল হয়।
- শিশুটিৰ চকু সম্পূৰ্ণ হয় আৰু হাতৰ আঙুলিবোৰ বিকশিত হয়।
- আলট্ৰা-ছন’গ্ৰাফীৰ দ্বাৰা শিশুটিৰ আন আন অংগবোৰৰ লগতে ইয়াৰ কাৰ্যক্ষমতাও স্পষ্টকৈ ধৰিব পাৰি।
- যিকোনো অসুবিধা পালেই চিকিৎসকৰ পৰামৰ্শ ল’ব।
- দিনটোত কমেও আঠ গিলাচ পানী খাব।
- দিনটোত যথেষ্ট পৰিমাণে খোজ কাঢ়িব।
চতুৰ্থ মাহত মহিলাগৰাকীৰ পৰিৱৰ্তন
- চতুৰ্থ মাহত ছালৰ বিভিন্ন পৰিৱৰ্তন হয়।
- গৰ্ভৱতী মহিলাগৰাকীৰ কোষ্ঠকাঠিন্য হ’ব পাৰে যদিও বিশেষ চিন্তা কৰিবলগীয়া নাই।
- চতুৰ্থ মাহত কিছুসংখ্যক মহিলাই শিশুটো লৰচৰ হোৱা যেন অনুভৱ কৰে।
চতুৰ্থ মাহত শিশুৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন
- এই সময়ছোৱাত শিশুৰ কাণৰ হাড় শক্তিশালী হয়।
- শিশুৰ মুখখন পুৰঠ হয়।
- মূৰৰ আৰু আইব্ৰো চুলিবোৰ গজিবলৈ আৰম্ভ কৰে। এই সময়ত শিশুটোৱে বুঢ়া আঙুলি চুপিব পৰা হয়।
- ১৬ সপ্তাহৰ পাছত আপোনাৰ শিশুটি ৬.৫ ইঞ্চি হয়।
- দৈনিক ব্যায়াম কৰিব। অতিকমেও দিনটোত এক কিলোমিটাৰ খোজ কাঢ়িব।
- আৰামদায়ক সাজপাৰ পৰিধান কৰিব।
পঞ্চম মাহত মহিলাগৰাকীৰ শৰীৰত দেখা দিয়া পৰিৱৰ্তনবোৰ
- পেটটো ডাঙৰ হৈ অহাৰ বাবে আপুনি যে গৰ্ভৱতী সকলোৱে সহজতে ধৰিব পাৰিব।
- কিছুমান গৰ্ভৱতী মহিলাৰ এই সময়ছোৱাত মুখত বিভিন্ন ক’লা দাগ পৰা দেখা যায়।
- বেছিকৈ ভাগৰ লাগিলেও সকলো সময়তে শুই থাকিবলৈ চেষ্টা নকৰিব।
- নিজকে যিকোনো কামতে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিব।
- আপোনাৰ পেটৰ ভিতৰত শিশুটোৱে লৰচৰ কৰা যেন অনুমান হ’ব।
- এটা পখিলাই উৰি ফুৰাৰ দৰে শিশুটোৱে পেটৰ ভিতৰতে লৰচৰ কৰি থাকে।
মহিলাগৰাকীয়ে ল’বলগীয়া সাৱধানতা
- চিকিৎসকৰ পৰামৰ্শ অনুসৰি সকলোবোৰ টেষ্ট কৰাব।
- গাখীৰৰ পৰা উত্পাদিত সামগ্ৰী অধিক পৰিমাণে খাব।
- দিনটোত খোৱা-লোৱা ভালদৰে কৰাৰ লগতে পানী যথেষ্ট পৰিমাণে খাব।
- প্ৰতিদিনে কিছু সময় জিৰণি ল’ব।
শিশুটোৰ মাজত হোৱা পৰিৱৰ্তনবোৰ
- এই সময়ছোৱাত শিশুটোৱে নিৰ্দিষ্ট সময় অনুযায়ী টোপনি যোৱা, সাৰ পোৱা আদি কৰে।
- শিশুটোৰ নখবোৰ বাঢ়ি আহিবলৈ ধৰে।
- ২০ সপ্তাহৰ পাছত শিশুটোৰ কিডনীৰ কাৰ্যপ্ৰণালী আৰম্ভ হয় বাবে প্ৰস্ৰাৱ কৰিব পৰা হয়।
- ষষ্ঠ মাহত মহিলাগৰাকীৰ শৰীৰত হোৱা পৰিৱৰ্তনবোৰঃ
- পেটৰ ভিতৰত শিশুটোৱে লৰচৰ কৰা নিজে অনুভৱ কৰিব পাৰিব।
- স্তনৰ আকাৰ ডাঙৰ হৈ আহিব। স্তনৰ সিৰা-উপসিৰাবোৰ সুন্দৰকৈ প্ৰকট হ’ব।
- নাভি বাহিৰলৈ ওলাই আহিব।
- নাভিৰ তলত থকা ক’লা লাইনডাল স্পষ্ট হ’ব।
শিশুটোৰ মাজত হোৱা পৰিৱৰ্তনবোৰ
- এই সময়ছোৱাত শিশুটোৱে চকু মেলিব বা বন্ধ কৰিব পাৰে।
- শিশুৰ হাত আৰু ভৰিৰ আঙুলিৰ গঠন হয়।
- এই সময়ছোৱাত শিশুটো ১৫ ইঞ্চি দীঘল হয়।
- শিশুটোৱে তাৰ আঙুলি চুপিবলৈ চেষ্টা কৰে।
মহিলাগৰাকীয়ে ল’বলগীয়া সাৱধানতা
- চিকিৎসকে দিয়া ভিটামিন, ফলিক এচিড আৰু আইৰনৰ টেবলেটবোৰ ভালদৰে খাব।
- শৰীৰৰ পৰিৱৰ্তনৰ বাবে আপুনি পৰিধান কৰা সাজপাৰবোৰ ডাঙৰ ছাইজৰ পিন্ধিব।
- ফ্লেট চেণ্ডেল পিন্ধিব।
- খোজ কাঢ়োতে সাৱধানে খোজ কাঢ়িব।
- খোৱা-লোৱাত চকু দিব। কম পৰিমাণে হ’লেও শুকান ফল খাব।
সপ্তম মাহত মহিলাগৰাকীৰ শৰীৰত হোৱা পৰিৱৰ্তনবোৰ
- এই সময়ছোৱাত শিশুটো ক্ষিপ্ৰ গতিত বাঢ়ে বাবে পেটটো ডাঙৰ হৈ আহে।
- উশাহ লোৱাত অকণমান কষ্ট পাব পাৰে। ঘনকৈ প্ৰস্ৰাৱ লাগিব পাৰে।
- এই সময়ছোৱাত কিছুমান মহিলাৰ ছাল উজ্জ্বল হয় যদিও কিছুমানৰ মুখত বিভিন্ন দাগ পৰিস্ফুট হয়। কেতিয়াবা আকৌ চুলি সৰাও দেখা যায়।
- স্তনৰ পৰা গাখীৰ ওলাব পাৰে।
- ৰাতি শুই থাকোতে ভৰিৰ বিষ হ’ব পাৰে।
- কেতিয়াবা কেতিয়াবা ঠিক ৰাতিপুৱা শুই উঠাৰ আগে আগে ভৰিৰ গাঁঠি নাইবা কলাফুল ফুলি উঠে।
শিশুটোৰ মাজত হোৱা পৰিৱৰ্তন
- শিশুটোৱে খুব সোনকালে লৰচৰ কৰে।
- আপোনাৰ পেটত কোনোবাই কাণখন লগাই দিলেও পেটৰ ভিতৰত থকা শিশুটোৰ হৃদস্পন্দন শুনিবলৈ পাব।
- জৰায়ুৰ ভিতৰত পোহৰ আৰু আন্ধাৰ অংশ শিশুটোৱে অনুমান কৰিব পৰা হয়।
- শিশুটোৱে আপোনাৰ পেটৰ পাচনতন্ত্ৰ, হাৰ্ট বিট শুনাৰ লগতে মাতটোও শুনিবলৈ পায়।
- শিশুটিৰ দৈহিক গঠন বাঢ়ি অহাৰ বাবে এই সময়ছোৱাত আপোনাৰ ওজন ক্ষিপ্ৰ গতিত বাঢ়িব।
মহিলাগৰাকীয়ে ল’বলগীয়া সাৱধানতা
- প্ৰতি দুসপ্তাহৰ মূৰে মূৰে চিকিৎসকৰ ওচৰলৈ যাব।
- হজম শক্তি কমি অহাৰ বাবে এবাৰতে বেছিকৈ নাখাই কম কমকৈ সঘনাই খাব।
- খুব বেছিকৈ গৰম লাগিল বুলিয়ে বেছিকৈ গা নুধুব। কাৰণ এই অৱস্থাত চৰ্দি লাগিলে যথেষ্ট কষ্ট পায়।
- জিৰণি ল’ব। দুপৰীয়া আহাৰৰ পিছত দুঘণ্টা আৰু ৰাতি আঠ ঘণ্টাকৈ শুব।
- আপুনি কষ্ট নোপোৱা কামবোৰ লাহে লাহে কৰিব।
- হাঁচি আহিলে খোলোচাকৈ মাৰিব।
অষ্টম মাহত মহিলাগৰাকীৰ শৰীৰত হোৱা পৰিৱৰ্তনসমূহ
- শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ বাবে বেছিকৈ খোজ কাঢ়িলে কষ্ট পাব পাৰে।
- খুব কম সময়ৰ ভিতৰতে ভাগৰুৱা যেন লাগিব।
- এই সময়ছোৱাত ভৰি ফুলিব পাৰে।
- সোনকালে হজম হোৱা খাদ্য কম পৰিমাণত কেইবাবাৰো খাব।
শিশুটোৰ মাজত হোৱা পৰিৱৰ্তন
- জন্ম পোৱাৰ বাবে নিজৰ স্থানটো ঠিক কৰি লয়।
- কেতিয়াবা হঠাৎ পেটটো লৰচৰ কৰা যেন অনুমান হয়।
- এটি পখিলাৰ দৰে শিশুটোৱে পেটটোত লৰচৰ কৰি ফুৰিব।
- এই সময়ছোৱাত জন্ম পোৱা শিশুৱেও সুন্দৰকৈ জীয়াই থাকিব পাৰে।
- প্ৰতি দুসপ্তাহৰ মূৰে মূৰে চিকিৎসকৰ ওচৰলৈ যাব।
ল’বলগীয়া সাৱধানতা
- কম কমকৈ দিনটোত কেইবাবাৰো খাব। দিনটোত পানী বেছিকৈ খাব।
- দিনটোত বেছি পৰিমাণে খোজ কাঢ়িবলৈ চেষ্টা কৰিব।
- চিকিৎসকৰ লগত যোগাযোগ ৰাখিব।
- চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰীক্ষা-নিৰীক্ষা কৰাব।
- খোৱা-লোৱাত যত্ন ল’ব।
- নিজৰ শৰীৰটোক লৈ সকলো সময়তে সচেতন হৈ থাকিব।
- ভ্ৰমণ নকৰাই ভাল।
- নৱম মাহত মহিলাগৰাকীৰ শৰীৰত হোৱা পৰিৱৰ্তনঃ
- নিজকে খুব ভাগৰুৱা যেন অনুভৱ কৰিব।
- এই মাহৰ শেষলৈকে শিশুটি সকলো ফালৰ পৰাই পূৰ্ণ হয়।
- জন্মৰ সময়ত শিশুটিৰ হাড় কোমল আৰু লেহুকা হয়।
- হাতৰ আঙুলিৰ নখবোৰ যথেষ্ট দীঘল হয়।
লেখকঃ ডাঃ ফটিক কলিতা, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ, জিএনআৰচি মেডিকেল, উত্তৰ গুৱাহাটী, জিএনআৰচি, স্বাস্থ্য।
শেহতীয়া উন্নীতকৰণ: : 5/16/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.