ম’লাৰ গৰ্ভাৱস্থা এটা জটিল কিন্তু বিৰল গৰ্ভাৱস্থা। এনে জটিলতা হয় যদিহে ভ্ৰুণ বীজৰ বিকাশত কিবা বিসংগতি হয়। ফুলটো গঠনত জড়িত কোষবোৰৰ কিবা বিসংগতি থাকিলেও এনে হব পাৰে।
ডিম্বাণু এটা শুক্ৰাণুৰ দ্বাৰা নিষিক্ত হৈ জীৱকোষ গঠন কৰাৰ সময়ত মাকৰ পৰা ২৩ আৰু পিতৃৰ পৰা ২৩ টা ক্ৰমজম থাকে। ম’লাৰ গৰ্ভধাৰণত জীৱকোষটোত মাকৰ ক্ৰমজম নাথাকে- কেৱল শুক্ৰাণুটোৰ পৰাহে ২৩+২৩ ৪৬ ক্ৰমজম আহে। এনে হ’লে ভ্ৰুণ, এমনিঅ’টিক থলি, আৰু কোনো ধৰণৰ ফুলৰ টিচু নাথাকে। ইয়াৰ পৰিবৰ্তে ফুলটো কিছুমান চিষ্ট হৈ এটা আঙুৰৰ থোপৰ দৰে হৈ থাকে। এই চিষ্টবোৰ আল্টাচাউণ্ড স্কেনিংত দেখা যায়।
আংশিক ম’লাৰ গৰ্ভধাৰণত নিষিক্ত ডিম্বাণুটোত স্বাভাৱিক পৰিমাণত (২৩) মাতৃৰ ক্ৰমজম আৰু দুগুন পিতৃৰ ক্ৰমজম (৪৬) থাকে। মুঠতে ৬৯ ক্ৰমজম হয়গৈ। স্বাভাৱিকতেই (২৩+২৩=৪৬ থাকিব লাগে)। শুক্ৰাণুৰ ক্ৰমজম দুগুন থাকিলে বা দুটা শুক্ৰাণুৱে একে সময়তে দুটা শুক্ৰাণুৱে এটা ডিম্বাণুক নিষিক্ত কৰিলে এনে হয়। এনে ক্ষেত্ৰত কিছুমান অস্বাভাৱিক টিছুৰ মাজত গৰ্ভফুলৰ টিছুও থাকে। ভ্ৰুণটোও বিকশিত হবলৈ ধৰে। ইয়াত ভ্ৰণ বা ভ্ৰুণৰ টিছু বা এমনিঅ’টিক অংশও থাকিব পাৰে। ভ্ৰুণ থাকিলেও এই ভ্ৰুণটো জেনেটিকেলি স্বাভাৱিক নহয় আৰু এই ভ্ৰুণটোৰ পৰা পূৰ্ণাংগ শিশু হব নোৱাৰে।
গৰ্ভধাৰণৰ অৱস্থাটো এনেদৰে নষ্ট হোৱাটো এটা ভয় লগা আৰু দুখজনক কথা। কিন্তু সঠিক ভাৱে চিকিত্সা আৰু যত্ন ললে শৰীৰত কোনো দীৰ্ঘম্যাদী বেয়া প্ৰভাৱ পৰাৰ সম্ভৱনা কম
পশ্চিমীয়া দেশবোৰত প্ৰতি ১০০ গৰাকী গৰ্ভবতীৰ মাজত এগৰাকীৰ ম’লাৰ গৰ্ভধাৰণ হোৱা দেখা যায়। কিন্তু এচিয়াৰ মহিলা সকলৰ মাজত এনে গৰ্ভধাৰণ প্ৰায়ে দেখা যায়। ইয়াৰ কাৰণ জনা নাযায়। যিবোৰ মহিলাৰ তেজৰ গ্ৰুপ ‘বি’ তেওঁলোকে বেছিকৈ ম’লাৰ গৰ্ভধাৰণ হোৱা দেখা যায়। ভাৰত আৰু পাকিস্তানৰ মহিলাৰ ক্ষেত্ৰত এই তেজৰ গ্ৰুপৰ মহিলাৰ মাজত দ্বিতীয় বাৰো ম’লাৰ গৰ্ভধাৰণ হোৱাৰ আংশকা বেছি থাকে।
প্ৰথম অৱস্থা গৰ্ভাৱস্থাৰ বিশেষ লক্ষণবোৰে দেখা দিব। লাহে লাহে ৰক্তস্ৰাৱ হোৱা আৰম্ভ হব। (গৰ্ভাৱস্থাত ৰক্তস্ৰাৱ বিশেষ ভয়াবহ সমস্যা নহয়, সেয়া ম’লাৰ গৰ্ভধাৰণৰ বাবে নহবও পাৰে, কিন্তু চিকিত্সকক অনতিপলমে দেখুৱা উচিত)। তেজৰ ৰং উজ্জ্বল ৰঙা বা ডাঠ মুগা হব পাৰে। ৰক্তস্ৰাৱ একেলেঠাৰিয়ে বা মাজে মাজে হয় আৰু কেতিয়াবা ডাঠ আৰু কেতিয়াবা পাতল হব পাৰে। গৰ্ভধাৰণৰ ডেৰমাহ বা ৪ মাহটো এনে ৰক্তস্ৰাৱ আৰম্ভ হব পাৰে।
খাবলৈ ইচ্ছা নথকা, অৰুচি আৰু বমি ভাব হব পাৰে, পেট ফুলি উঠিব পাৰে ( জৰায়ু খুউব সোনকালে ডাঙৰ হৈ যাব পাৰে)। গৰ্ভৰ হৰমন হিউমেন ক’ৰিঅ’নিক গ’নাডেট্ৰেফিন (HCG) ৰ মাত্ৰা স্বাভাৱিক অৱস্থাতকৈ সম্পূৰ্ণ ম’লাৰ গৰ্ভধাৰণৰ আল্টাচাউণ্ড স্কেনিংত সাধাৰণতে ধৰা পৰে। তেজ পৰীক্ষাৰে HCG ৰ পৰিমাণ চাইও এই কথা ধৰিব পৰা যায়। কিন্তু আংশিক ম’লাৰ গৰ্ভধাৰণ ধৰা পেলাবলৈ কেতিয়াবা অসুবিধা হয়। স্কেন কৰি নিৰ্ণয় কৰিব পৰাৰ আগতেই যদি এনে ম’লাৰ গৰ্ভধাৰণ গৰ্ভপাত হৈ যায়- তেতিয়া তাৰ টিছুবোৰ পৰীক্ষা কৰি সেয়া ম’লাৰ গৰ্ভধাৰণ আছিল বুলি গম পোৱা যাব পাৰে। সেয়ে স্থানীয় চিকিত্সালয়ত যদি এনে স্বতঃফুত গৰ্ভপাত হয় তেন্তে তাৰ টিছুবোৰ পৰীক্ষাৰ বাবে পঠিয়াব লাগে।
ম’লাৰ গৰ্ভধাৰণ হৈছে বুলি নিশ্চিত হ’লে এটা সাধাৰণ অপাৰেচন ডি এণ্ড চি (ডিলেচন এণ্ড কিউৰেটেজ) কৰিব লাগিব পাৰে। এই পদ্ধতিত অস্বাভাৱিক টিছুবোৰ কাটি উলিয়াই পেলোৱা হয় বা ঔষধৰ দ্বাৰা গৰ্ভপাত কৰোৱা হয়। কেতিয়াবা দ্বিতীয় বাৰৰ বাবে ম’লটোক সম্পূৰ্ণৰূপে উলিয়াই পেলাবলৈ ডি এণ্ড চি ৰ প্ৰয়োজন হব পাৰে।
এই অপাৰেচনৰ পাছত চিকিত্সকে তেজ আৰু প্ৰসাৱৰ পৰীক্ষা কৰিবলৈ কব। এই পৰীক্ষাৰ যোগেৰে HCG ৰ মাত্ৰা চোৱা হয়। যদি ম’লাৰ গৰ্ভধাৰণৰ কোনো অংশ দেহত নাথাকে, তেতিয়া HCG ৰ পৰিমাণ শূণ্যত থাকিব।
ম’লাৰ গৰ্ভ নিশ্চিত হ’লে পৰিস্থিতি সাপেক্ষে ছমাহলৈ পৰ্যাবেক্ষণ কৰিব লাগে। কাৰণ অতি কম পৰিমাণৰ ম’লাৰ গৰ্ভৰ অবশিষ্টও যদি গৰ্ভত থাকি যায় তেন্তে খুব দ্ৰুত গতিত এইবোৰ বাঢ়ি চাৰিওফালে বিয়পি পৰিব পাৰে। চিকিত্সাৰ কেইমাহমানৰ ভিতৰতে এনে হব পাৰে। যদি HCG ৰ পৰিমাণ বাঢ়ি যায় বা বেছি হয়- লগে লগে চিকিত্সকক দেখুৱাব লাগে।
ম’লাৰ গৰ্ভৰ অপাৰেচনৰ পাছতো এটা ইনভেচিভ ম’লৰ সৃষ্টি হব পাৰে। এই ভেচিড ম’লৰ গৰ্ভ মানে গৰ্ভাশয়ৰ পেশীৰ মাজত ম’লৰ টিছুৰ সৃষ্টি হোৱা। ইয়াৰ প্ৰাথমিক লক্ষণ হ’ল, অপাৰেচনৰ পাছত মাজে মাজে বা অবিৰত ভাৱে ৰক্তস্ৰাৱ হোৱা।
ইনভেচিভ ম’ল যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিহেতু এই ম’ল গৰ্ভাশয়ৰ পেশীৰ মাজত হয়- ই তেজৰ লগত শৰীৰৰ বিভিন্ন ঠাইলৈ বিয়পিব পাৰে। আংশিক ম’লৰ গৰ্ভ পিছলৈ গৈ ইনভেচিভ মললৈ ৰূপান্তৰিত হবগৈ পাৰে। কিন্তু সম্পূৰ্ণ ম’লাৰ গৰ্ভ এনে হয়গৈ। কেতিয়াবা ম’লাৰ গৰ্ভত টিছুবোৰ আঁতৰাই পেলোৱাৰ পাছত কিছুমান অস্বাভাৱিক কোষ থাকি যায়। ইয়াক পাৰ্চিষ্টেন্ট গেষ্টাচনেল ট্ৰফব্লাষ্টিক ৰোগ। সম্পূৰ্ণ ম’লাৰ গৰ্ভ হোৱা মহিলাৰ ১৫ শতাংশ আৰু আংশিক হোৱা মহিলাৰ এক শতাংশতকৈ কম মহিলাৰ এনে ৰোগ হোৱা দেখা যায়। যদি এনে ৰোগ হয় তেন্তে ঔষধৰে চিকিত্সা কৰিব লাগে (কেমথেৰাপী)। গৰ্ভাশয়ৰ বাহিৰলৈ এই ৰোগ বিয়পি নপৰিবলৈ HCG ৰ মাত্ৰা স্বাভাৱিক নোহোৱালৈকে চিকিত্সা ততালিকে উপযুক্ত চিকিত্সা কৰিলে ১০০ শতাংশই এই ৰোগটো নিৰাময় কৰিব পৰা যায়। কিছুমান ক্ষেত্ৰত এই কোষবোৰ গৰ্ভাশয়ৰ বাহিৰলৈ গলে’ও আৰোগ্য কৰিব পৰা যায়। ৰোগটো আৰোগ্য হলে’ও গোটেই জীৱন মাজে মাজে HCGৰ মাত্ৰা পৰীক্ষা কৰি থাকিব লাগে।
খুব কম সংখ্যক সম্পূৰ্ণ ম’লাৰ গৰ্ভৰ পৰা কাৰ্চিনমালৈ পৰিণত হয়। এইটো এবিধ কেন্সাৰ ৰোগ। খুব কমকৈ হলেও এই ৰোগ আৰোগ্য কৰিব পৰা যায়। ইয়াত গৰ্ভফুলটো অনিষ্টকাৰী হৈ যায়। প্ৰতি ৩০,০০০ ৰ ভিতৰত এই অৱস্থা এগৰাকীৰহে হয়। ম’লাৰ গৰ্ভ, স্বাভাৱিক গৰ্ভ বা গৰ্ভপাতৰ পৰাও এই কেন্সাৰ হব পাৰে।
যদি কেমথেৰাপী ব্যৱহাৰ কৰা নহয়, তেন্তে ছমাহলৈ HCGৰ মাত্ৰা পৰীক্ষা কৰি থাকিব লাগে। এই মাত্ৰা শূণ্য হোৱাৰ পাছত। তাৰ পাছত গৰ্ভধাৰণৰ চেষ্টা কৰা উচিত।
যদি কেমথেৰাপী লোৱা হয়, তেতিয়া এবছৰ অপেক্ষা কৰিব লাগে। ইয়াৰ আগতে গৰ্ভধাৰণৰ চেষ্টা কৰিলে HCG ৰ মাত্ৰা বাঢ়ি যাব- ফলত ই চিকিত্সকেও ধৰিব নোৱাৰিব টিছুবিলাক পুনৰ বাঢ়িছে নেকি। পুণৰ এটা ম’লাৰ গৰ্ভ হোৱাৰ সম্ভৱনা ২-৩ শতাংশ। পিছৰ গৰ্ভধাৰণৰ তিনিমাহৰ পাছত কৰা আল্টাচাউণ্ড স্কেনিং সকলো ঠিকে আছেনে নাই গম পোৱা যাব।
ম’লাৰ গৰ্ভধাৰণ এটা দুখজনক কথা। এইটো গৰ্ভপাত বা আন কিবা কাৰণত গৰ্ভধাৰণ শেষ হোৱাৰ দৰেই। বহু মহিলাই এই অৱস্থাত তেওঁৰ গৰ্ভধাৰণৰ বাবে যোগ্য নহয় বুলি ভাবিব পাৰে। কিন্তু এনে ৰোগত কমেও ৬ মাহ সময় নিয়মীয়া পৰীক্ষা কৰাৰ পাছত গৰ্ভধাৰণৰ বাবে চেষ্টা কৰিব পাৰি। এনে অৱস্থাত মহিলা গৰাকীয়ে স্বামীৰ লগত বিষয় সম্বন্ধে ভালদৰে আলোচনা কৰা প্ৰয়োজন। স্বামীয়েও পত্নীৰ দোষৰ সমভাগী হোৱা উচিত।
গৰ্ভাৱস্থাত যেতিয়া এমনি’য়টিক তৰল অধিক থাকে এই অৱস্থাটোকে হাইড্ৰমনিঅছ বোলা হয়। ইয়াক এমনি’য়টিক ফ্লুইড ডিচঅৰ্ডাৰ বা পলিহাইড্ৰমনিঅছ বোলা হয়।
ভ্ৰুণৰ চাৰিওফালে থকা তৰল পদাৰ্থৰ পৰিমাণ অধিক হলেই এই অৱস্থা হয়। এই তৰলে ভ্ৰুণটোক চাৰিওফালৰ পৰা আৱৰি ৰাখে আৰু দুখ পোৱা বা ঠেকেছা খোৱাৰ পৰা ৰক্ষা কৰে। এই তৰল পদাৰ্থ ভ্ৰুণৰ কিডনিৰ পৰা নিৰ্গত হয়। এইবোৰ ভ্ৰুণৰ প্ৰস্ৰাৱ। ভ্ৰুণে এই তৰল পান কৰাৰ ফলত ইয়াৰ পৰিমাণ কমি যায়। গৰ্ভাৱস্থাৰ ৩৬ সপ্তাহলৈ এই তৰলৰ পৰিমাণ বাঢ়ি গৈ থাকে। ইয়াৰ পাছত লাহে লাহে কমিবলৈ আৰম্ভ কৰে। যেতিয়া ভ্ৰুণে অধিক প্ৰস্ৰাৱ কৰে বা যথেষ্ট পৰিমাণে এই তৰল পান নকৰে, তেতিয়া অত্যাধিক তৰল জমা হয় আৰু তেতিয়াই হাইড্ৰমনিঅছ হয়।
খুব বেছি তৰল পদাৰ্থ বাঢ়ি গ’লে ভ্ৰুণৰ অৱস্থা জটিল হোৱাৰ আশংকা থাকে। ভ্ৰুণৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰত বিসংগতি, পাকস্থলী বা অন্ত্ৰ আৰু ক্ৰমজমৰ কিবা বিসংগতি হব পাৰে। অতি কম ক্ষেত্ৰত সময়তকৈ আগতে প্ৰসৱ বা ভ্ৰুণৰ মৃত্যু হব পাৰে। কম মাত্ৰাত হাইড্ৰমনিঅছ এটা স্বাভাৱিক অৱস্থা, ইয়াক ৰোগ বুলিব নোৱাৰি বা ইয়াৰ পৰা কোনো সমস্যাও নহয়। ৪-৬ মাহৰ ভিতৰত এই তৰলৰ মাত্ৰা বেছি হ’লেও ই নিজে নিজে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।
অলপ অচৰপ এই তৰল বাঢ়িলে সাধাৰণতে কোনো লক্ষণে দেখা নিদিয়ে বা মহিলা গৰাকীয়েও কোনো ধৰণৰ অসুবিধা উপলব্ধি নকৰে। উশাহত অসুবিধা পোৱা, উশাহ বন্ধ হৈ যোৱা পেটৰ বিষ আৰু যদি অস্বাভাৱিক ভাৱে ফুলি যায়। তেতিয়া বুজিব লাগিব যে সাংঘাটিক ভাৱে হাইড্ৰমনিঅছে হৈছে।
গৰ্ভধাৰণৰ নিয়মিয়া চিকিত্সকক দেখুৱাৰ সময়ত চিকিত্সকে ফিটা এডালেৰে ‘ফানডাল হাইট’ জুখে ৰাজহাড়ৰ শেষ অংশৰ পৰা জৰায়ুৰ একেবাৰে ওপৰ অংশলৈ এই জোখ লোৱা হয়।চিকিত্সকে খুউব সহজে পেটৰ ওপৰৰ পৰাই আঙুলিৰে চাই বা আল্ট্ৰাচাউণ্ডৰ যোগেৰে ভ্ৰুণৰ বৃদ্ধিও পৰীক্ষা কৰিব পাৰে। যদি হাইড্ৰমনিঅছ হৈছে তেন্তে এই পৰীক্ষাবোৰত ধৰা পৰিব।
চিকিত্সকে হাইড্ৰমনিঅছৰ পৰা হোৱা উপসৰ্গবোৰৰ চিকিত্সা কৰিব পাৰে, কিন্তু ইয়াৰ প্ৰকৃত কাৰণটোৰ চিকিত্সা কৰিব নোৱাৰে। যদি উশাহ লওতে কষ্ট হয় বা খোজ কঢ়াত কষ্ট হয়। তেন্তে চিকিত্সকে ৰোগীক চিকিত্সালয়ত ভৰ্তি কৰাব পাৰে। সাধাৰণতে হাইড্ৰমনিঅছ হ’লে সময়তকৈ আগতেই প্ৰসৱ হব পাৰে। এইটো বাধা দিবলৈ ঔষধৰো প্ৰয়োজন হব পাৰে। ৰোগীৰ অসুবিধা কিছু লাঘব কৰিবলৈ কিছু এমনি’য়টিক তৰল বাহিৰ কৰি দিব লগাও হব পাৰে।
এই তৰল বিধ কিয় বেছি হৈছে তাৰ বাবে কিছু পৰীক্ষাও কৰিব লগা হব পাৰে। চিকিত্সকে আল্ট্ৰাচাউণ্ড স্কেনিংৰ যোগেৰে ভ্ৰুণৰ বিসংগতিবোৰ পৰীক্ষা কৰিব পাৰে। এমনি’য়সেণ্টেচিছ নামৰ পৰীক্ষাৰ যোগেৰে ভ্ৰুণৰ কিবা ক্ৰমজমৰ সমস্যা হৈছে নেকি সেয়াও পৰীক্ষা কৰিব পাৰে। তেজ পৰীক্ষা কৰি ডায়েবেটিছ আছে নেকি বা কিবা সংক্ৰমন হৈছে নেকি সেয়াও চাব পাৰে। বেছিভাগ ক্ষেত্ৰতে এমনি’য়টিক তৰল বেছি হোৱাৰ প্ৰকৃত কাৰণ বিচাৰি পোৱা নাযায়।
এই ৰোগ প্ৰতিৰোধ কৰিব নোৱাৰি। হাইড্ৰমনিঅছৰ প্ৰকৃত কাৰণ আজিলৈকে ধৰিব পৰা হোৱা নাই। বেছিভাগ ক্ষেত্ৰতে ভ্ৰুণৰ খোৱা প্ৰক্ৰিয়াত কিবা বিসংগতি থকাৰ বাবে এনে হব পাৰে বুলি ধাৰাণা কৰা হয়। এইটো জন্মগত বিসংগতিৰ লগত জড়িত। হাইড্ৰমনিঅছ হব পাৰে বুলি ইয়াক প্ৰতিৰোধ কৰিবলৈ বিশেষ কোনো পথ্য বা ব্যৱস্থা নাই। এই ৰোগটি নোহোৱা কৰাৰ কোনো উপায় নাই।
নহয়। দুয়োটা সম্পূৰ্ণ বিপৰীত অৱস্থা অলিগ’হাইড্ৰমনিঅছত প্ৰয়োজনতকৈ যথেষ্ট কম তৰল থাকে। ভ্ৰুণ বা ফুলত যদি কিবা বিসংগতি বা মাকৰ যদি উচ্চ ৰক্তচাপ থাকে। তেতিয়া এই সমস্যা হব পাৰে। যিহেতু এই ৰোগত ভ্ৰুণটোৰ চাৰিওফালে প্ৰয়োজনীয় তৰল নাথাকে গতিকে, ভ্ৰুণটোৰ গাত হেঁচা পৰিব পাৰে। নাড়ীৰ ওপৰত হেঁচা পৰি অক্সিজেন আৰু আন পুষ্টিসমূহ ভ্ৰুণে নাপাবও পাৰে। ফলত জটিল অৱস্থাৰ সৃষ্টি হয়। এইৰোগ হ’লে ঘনাই চিকিত্সকৰ দ্বাৰা ভ্ৰুণৰ স্বাস্থ্য পৰীক্ষা কৰাৰ প্ৰয়োজন হয়।
সময়ৰ আগতে প্ৰসৱ হোৱাৰ বাহিৰে আন সমস্যাৰ সৃষ্টি নহয়। খুব বেছি হাইড্ৰমনিঅছ হলে, শিশুটিৰ পাকস্থলী, অন্ত্ৰ, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, হাওঁফাওঁ আৰু ক্ৰমজমৰ বিসংগতি আদি বিষয়বোৰত চিকিত্সকে পৰীক্ষা কৰিব।
এইটো একেবাৰেই নহয়। যদি গৰ্ভাৱস্থাৰ ছমাহৰ ভিতৰত হাইড্ৰমনিঅছ হয়, তেন্তে বুজা যাব যে শিশুটি সুস্থ আছে আৰু হাইড্ৰমনিঅছ নিজে নিজেই ঠিক হৈ যাব। বহু ক্ষেত্ৰত হাইড্ৰমনিঅছ হলেও ভ্ৰুণৰ কোনো বিসংগতি পোৱা নাযায়। যদি কিবা বিসংগতি থকা বুলি সন্দেহ হয়, তেন্তে আল্ট্ৰাচাউণ্ডৰ দ্বাৰা সেইবোৰ নিৰ্ণয় কৰিব পাৰি।
ভ্ৰুণৰ চাৰিওফালে তৰল পদাৰ্থৰ পৰিমাণ বেছি হ’লে শিশুটিয়ে বেছিকৈ লৰচৰ কৰিবলৈ সুবিধা পায়। ইয়াৰ ফলত শিশুটি উলোটামুৱা হৈ যোৱাৰ সম্ভৱনা বেছি। ইয়াৰ ফলত ভৰি দুটা তলৰ ফাললৈ গুছি যাব পাৰে। ইয়াক ব্ৰিছ বেবী বুলি কোৱা হয়। কেতিয়াবা প্ৰসৱৰ সময়ত পুনৰ আগৰ অৱস্থালৈ অৰ্থাত মূৰটো তলমূৱা কৰিব পৰা যায়। কিন্তু বেছিভাগ ক্ষেত্ৰতে চিজাৰিঙৰ দ্বাৰা প্ৰসৱ কৰোৱা হয়।
অলিগ’হাইড্ৰমনিঅছ হ’লে ভ্ৰুণৰ চাৰিওফালে থকা এমনিয়টিক তৰলৰ পৰিমাণ কমি যায়। এনে অৱস্থাৰ সৃষ্টি হ’লে মাক আৰু শিশুটোৰ ওপৰত কি প্ৰভাৱ পৰিব সেই কথা বুজিবলৈ হ’লে এই তৰলৰ কামনো কি সেয়া জানিব লাগিব।
ভ্ৰুণৰ চাৰিওফালে থকা তৰলক এমনিয়টিক তৰল বোলা হয়। ই শিশুৰ গঠন আৰু বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই তৰল বিধ স্বচ্ছ আৰু ই ভ্ৰুণটোক ৰক্ষা কৰাৰ লগতে প্ৰয়োজনীয় তৰল পদাৰ্থৰো যোগান ধৰে। ভ্ৰুণে এই পদাৰ্থৰেই উশাহ লয় আৰু মুখেৰেও পান কৰে। ইয়াৰ ফলত ভ্ৰুণৰ হাওঁফাওঁ আৰু পৰিপাক প্ৰনালী শক্তিশালী হয়। এই এমনিয়টিক তৰলৰ মাজতে ওপঙি থাকি ভ্ৰুণে লৰি চৰি ফুৰিব পাৰে। ইয়াৰ ফলত শিশুৰ মাংস পেশী আৰু হাড়ৰ বিকাশ হয়।
এমনিয়টিক মোনা- য’ত ভ্ৰুণটো সোমাই থাকে, গৰ্ভধাৰণৰ ১২ দিনৰ পাছত সেইটো তৈয়াৰ হয়। প্ৰথম অৱস্থাত মাকৰ শৰীৰৰ পৰা অহা পানীৰে এই এমনিয়টিক তৰলৰ সৃষ্টি হয়। ১২ সপ্তাহৰ পাছত এই তৰল সৃষ্টি হয় ভ্ৰুণৰ প্ৰস্ৰাৱৰ পৰা। গৰ্ভাৱস্থাৰ ২৮ ৰ পৰা ৩২ সপ্তাহলৈকে এই তৰলৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। এই সময়ত চাৰিভাগৰ এক অংশ এই তৰলেই থাকে। ৩৭ ৰ পৰা ৪০ সপ্তাহলৈকে এই তৰলৰ পৰিমাণ একেই থাকে। এই সময়তেই ভ্ৰুণটোৱে পূৰ্ণতা পায়। ইয়াৰ পিছৰ পৰা এই তৰলৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে।
গৰ্ভধাৰণ কৰা প্ৰতি ১০০ গৰাকী মহিলাৰ ভিতৰত ৮ গৰাকীৰ অলিগ’হাইড্ৰমনিঅছ হয়। শেষৰ তিনিমাহৰ ভিতৰত এইয়া স্বাভাৱিক কথা। যদিও গৰ্ভাৱস্থাৰ যিকোনো সময়ত এনে অৱস্থা হব পাৰে। যিসকল মহিলাৰ প্ৰসৱৰ সাম্ভাব্য তাৰিখৰ দুসপ্তাহ পিছলৈকে গৰ্ভাৱস্থা বাহাল থাকে তেনে মহিলাৰ প্ৰতি ৮ গৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ অলিগ’হাইড্ৰমনিঅছৰ বাবে এনে হয়। প্ৰাকৃতিক ভাৱে তৰলৰ মাত্ৰা কমি যোৱাৰ ফলতে এনে হবলৈ পায়।
গৰ্ভাৱস্থাৰ প্ৰথম অৱস্থাত অলিগ’হাইড্ৰমনিঅছ হোৱাৰ কাৰণবোৰ হ’ল:
ভ্ৰুণৰ কিডনি আৰু মূত্ৰ নলীত কিবা বিসংগতি থাকিলেও এনে হয়। ইয়াৰ ফলত ভ্ৰুণে কম পৰিমাণে প্ৰস্ৰাৱ কৰে- যি প্ৰস্ৰাৱৰেই এমনিয়টিক তৰলৰ সৃষ্টি হয়। মাকৰ কিছুমান স্বাস্থ্য সমস্যাৰ বাবেও এমনিয়টিক তৰলৰ পৰিমাণ কমিব পাৰে। এইবোৰৰ ভিতৰত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, ফুল সম্বন্ধীয় জটিলতা আৰু এবিধ ৰোগ- লুপাছ এৰিথিমাটোছাচ (SLE) আদিৰ।
এই ৰোগে সাধাৰণতে মাতৃ, শিশু আৰু প্ৰসৱত সময়ত নানা প্ৰভাৱ পেলায়। এই প্ৰভাৱ নিৰ্ভৰ কৰে এই ৰোগ হোৱাৰ কাৰণ, ৰোগ হোৱাৰ সময় আৰু তৰলৰ পৰিমাণৰ ওপৰত।
অলপতে কৰা অধ্যয়ণত দেখা গৈছে যে, যিসকল মহিলাৰ গৰ্ভাৱস্থা আন সকলো দিশত স্বাভাৱিক, তেওঁলোকৰ অলিগ’হাইড্ৰমনিঅছ হ’লেও কোনো চিকিত্সাৰ প্ৰয়োজন নহয়। তেওঁলোকৰ শিশু সুস্থ আৰু স্বাস্থ্যবান হৈয়েই জন্ম হব।
যিসকল মহিলাৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, লুপাছ, ফুলৰ সমস্যা আদি আছে। তেওঁলোকৰ অলিগ’হাইড্ৰমনিঅছ হোৱাৰ সম্ভৱনা অতি বেছি। উচ্চ ৰক্তচাপ থকা সকলে গৰ্ভধাৰণৰ আগতেই চিকিত্সকৰ সৈতে পৰামৰ্শ কৰিব লাগে। গৰ্ভাৱস্থাত যিকোনো ঔষধ চিকিত্সকৰ লগত পৰামৰ্শ কৰিহে খাব লাগে। ৰক্তচাপ সদাই নিয়ন্ত্ৰণত ৰাখিব লাগে।
এটা নিষিক্ত ডিম্ব জৰায়ুৰ বেৰত স্থিতি লয়, কিন্তু ভ্ৰুণৰ বিকাশ নহয়; কোষবৃদ্ধি হৈ গৰ্ভাশয় সাজু হয়, কিন্তু ভ্ৰুণৰ সৃষ্টি নহয়- এনে ডিম্বাণুক ক্ষতিগ্ৰস্ত ডিম্বাণু বোলা হয়। সাধাৰণতে মহিলাগৰাকীয়ে গৰ্ভাৱস্থা উপলব্ধি কৰাৰ আগতেই- প্ৰথম তিনিমাহৰ ভিতৰত এই অৱস্থা হয়। অতি বেছি ক্ৰমজমৰ বিসংগতিৰ বাবে নিজে নিজে গৰ্ভপাত হৈ যায়।
গৰ্ভাৱস্থাৰ প্ৰথম সময়তেই ক্ষতিগ্ৰস্ত ডিম্বাণু হব পাৰে। এই সময়ত মহিলাগৰাকীয়েও নাজানিব পাৰে যে তেওঁ গৰ্ভৱতী। মাহেকীয়া ঋতুস্ৰাৱ নোহোৱা বা গৰ্ভ পৰীক্ষা কৰিলে হয়তো গৰ্ভধাৰণৰ লক্ষণ বুলি বুজিব পাৰি।ক্ষতিগ্ৰস্ত ডিম্বাণু থাকিলে সামান্য পেটৰ বিষ বা যোণীৰে অলপ তেজ যোৱা, বা ৰক্তপাত হব পাৰে। স্বাভাৱিক ঋতুস্ৰাৱৰ দৰে শৰীৰৰ পৰা জৰায়ুৰ আৱৰণ বা কোষবোৰ বাহিৰ হৈ আহিব পাৰে। কিন্তু ঋতুস্ৰাৱতকৈ বেছি তেজ যায়।
যিহেতু এই সময়ত মহিলাৰ HCG ৰ মাত্ৰা বৃদ্ধি পায়, ভ্ৰুণ অবিহনে গৰ্ভফুল অলপ দিনৰ বাবে বাঢ়িব পাৰে, গৰ্ভৰ হৰমন বিলাকো বাঢ়িব পাৰে- সেয়েহে মহিলাগৰাকীয়ে নিজকে গৰ্ভৱতী বুলি ভাবিব পাৰে। কেৱল আল্ট্ৰাচাউণ্ড স্কেনিংৰ দ্বাৰাহে শূণ্য গৰ্ভাশয় বা শূণ্য গৰ্ভথলী নিৰ্ণয় কৰিব পৰা যায়।
প্ৰথম তিনিমাহৰ ভিতৰত হোৱা গৰ্ভপাতৰ ৫০ শতাংশ ক্ষতিগ্ৰস্ত ডিম্বৰ বাবে ঘটে। ইয়াৰ প্ৰধান কাৰণ হ’ল ক্ৰমজমৰ বিসংগতি। শৰীৰে প্ৰাকৃতিক ভাৱে ক্ৰমজমৰ বিসংগতি নিৰ্ণয় কৰে আৰু স্বাভাৱিক গৰ্ভাৱস্থাক চলি থাকিবলৈ নিদিয়ে। কাৰণ এনে শিশু জন্ম হ’লে বিকলাংগ হৈ জন্ম হব পাৰে। সেয়ে প্ৰাকৃতিক ভাৱেই ভ্ৰুণৰ বিকাশ স্তব্ধ হৈ যায়। অস্বাভাৱিক কোষ বিভাজন বা নিম্ন মানৰ শুক্ৰাণু বা ডিম্বাণুৰ বাবে এনে হয়।
এইটো সিদ্ধান্ত মহিলাগৰাকীয়ে নিজে লব পাৰে। গৰ্ভাৱস্থাৰ প্ৰথম পৰ্য্যায়ত এই পদ্ধতি ব্যৱহাৰ কৰিবলৈ চিকিত্সকে সাধাৰণতে পৰামৰ্শ নিদিয়ে। দেহৰ পৰা এই কোষবিলাক নিজে নিজেই বাহিৰ হৈ যায়। সেইবাবেই কোনো অপাৰেচনৰ প্ৰয়োজন নহয়। কাৰণ অপাৰেচন কৰিলে অন্যান্য কিছুমান জটিল পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভৱনা থাকে। যদি গৰ্ভপাতৰ কাৰণ জানিবলৈ ইচ্ছা কৰে তেতিয়াহে ডি আৰু চি পদ্ধতি ব্যৱহাৰ কৰিব লাগে। বহু মহিলাই ডি আৰু চি পদ্ধতিৰেহে এই পৰ্য্যায়টো সম্পূৰ্ণভাৱে সমাপ্ত হোৱা বুলি ভাৱে।
বেছিভাগ ক্ষেত্ৰতে ক্ষতিগ্ৰস্ত ডিম্ব ৰোধ কৰিব নোৱাৰি। প্ৰাথমিক পৰ্য্যায়তে একে লেঠাৰিয়ে গৰ্ভপাত হ’লে স্বামী-স্ত্ৰী দুয়োৰে জিন পৰীক্ষা কৰিব পাৰি। খুব কম সংখ্যক মহিলাৰহে এনে একেলেঠাৰিয়ে গৰ্ভপাত হয়। গৰ্ভপাতৰ হ’লে- মাজত এটামান ঋতুচক্ৰ বাদ দি পুনৰ গৰ্ভধাৰণৰ চেষ্টা কৰিব লাগে।
জৰায়ুৰ আগভাগ বা যোনী অংশ বহু কম বয়সতে নষ্ট হৈ যায়। যোনী অংশ চুটি আৰু বেৰখন পাতল হৈ পৰে। জৰায়ুমুখৰ দূৰ্বলতাৰ বাবে প্ৰসাৰিত হৈ পৰে। ইয়াক জৰায়ুৰ অক্ষমতা বোলা হয়। এই দূৰ্বলতা বিভিন্ন কাৰণত হব পাৰে। বেছিভাগৰ ক্ষেত্ৰতে জৰায়ুমুখত হোৱা পুৰণি আঘাট বা বংশগত শাৰিৰীক দূৰ্বলতাৰ বাবে এনে হব পাৰে।
গৰ্ভধাৰণৰ ৪-৬ মাহৰ ভিতৰত হোৱা গৰ্ভপাতৰ ১৫ৰ পৰা ২০ শতাংশ জৰায়ুৰ অক্ষমতা বাবে হয়।
জৰায়ুমুখ যেতিয়া ক্ষতিগ্ৰস্ত হয় বা দূৰ্বল হয়, তেতিয়া ই গৰ্ভৰ ওজন বহন কৰিবলৈ অক্ষম হৈ পৰে। বেছিভাগ ক্ষেত্ৰতে কোনো বেদনা উপলব্ধি নকৰাকৈ জৰায়ুমুখ প্ৰসাৰিত হৈ যায়। কোনো সময়ত ই সম্পূৰ্ণৰূপে মেলখাই যায়। এনেদৰে প্ৰসাৰিত হলে এমনিয়টিক মোনাটো বাঢ়ি গৈ খোল খোৱা জৰায়ু মুখেৰে ওলাই আহিবলৈ বিচাৰে। আৰু শেষত চিঙি যায় আৰু ভ্ৰুণ বাহিৰলৈ ওলাই পৰে। ইয়াৰ ফলত প্ৰসৱ বেদনাৰ সৃষ্টি হয় আৰু নিয়ন্ত্ৰণ কৰিব পৰাৰ আগতেই গৰ্ভপাত হয়।
জৰায়ুমুখৰ অক্ষমতাৰ হব পৰা বিপদ সমূহ: আগতে অক্ষম জৰায়ুমুখৰ গৰ্ভধাৰণ, অপাৰেচন, জৰায়ুমুখৰ আঘাট, DES ৰ প্ৰভাৱ, জৰায়ুমুখ গঠনত বিসংগতি আদি। উদাহৰণস্বৰূপে, ডি আৰু চি অপাৰেচন কৰিলে জৰায়ুমুখৰ ক্ষতি হয়।
জৰায়ুমুখৰ দূৰ্বলতাৰ আন কাৰণবোৰ হ’ল: জৰায়ুমুখৰ কেনটেচি ( অংগবৃদ্ধি কাটি অনা আৰু ৰক্তপাত ৰোধ কৰা) আৰু কোন বায়পচি ( কেঞ্চাৰ আছে নেকি তাকে চাবলৈ কোষৰ পৰীক্ষা কৰা)। গৰ্ভধাৰণ কৰাৰ আগতে বা প্ৰথম তিনিমাহৰ ভিতৰত ভবিষ্যতে জৰায়ুমুখৰ দূৰ্বলতাই দেখা দিব নেকি, সেইটো জনাৰ কোনো উপায় নাই।
গৰ্ভধাৰণৰ ১৬ৰ পৰা ২৮ সপ্তাহৰ ভিতৰত প্ৰসাৰণ দেখা যায় এই প্ৰসাৰণ প্ৰায় ২ ছেন্টিমিটাৰ বা তাতকৈ বেছি হয়। কিন্তু সৰু সুৰা উপসৰ্গইয়ো দেখা দিয়ে। যেতিয়া জৰায়ু মুখৰ প্ৰসাৰণ ৪ ছেন্টিমিটাৰ বা তাতকৈ বেছি হয়। তেতিয়া জৰায়ুৰ সংকোচন আৰু গৰ্ভমূল ছিঙি যোৱাৰ সম্ভৱনা থাকে।
ৰোগীৰ স্বাস্থ্য বুৰঞ্জী, শাৰিৰীক পৰীক্ষা আৰু আল্ট্ৰাচাউণ্ডৰ যোগেৰেহে এই ৰোগ নিৰূপন কৰিব পৰা যায়। এই পৰীক্ষাবোৰ গৰ্ভধাৰণৰ পৰীক্ষাৰ সৈতে একে।
চাৰক্লজ: অক্ষমতাৰ ৰোগ ধৰা পৰিলে চাৰক্লজ নামৰ চিকিত্সাৰ দ্বাৰা জৰায়ুমুখ চিলাই কৰি বন্ধ কৰি দিয়া হয়। জৰায়ুমুখৰ চাৰিওফালে বা ভিতৰফালে প্ৰয়োজন অনুসৰি এটা বা অধিক চিলাই কৰি দিয়া হয়- যাতে মুখখন ভালদৰে বন্ধ হৈ থাকে। সাধাৰণতে গৰ্ভাৱস্থাৰ ১২ সপ্তাহৰ পাছত এই কাৰ্য্য কৰা হয়।এই সময়ৰ পাছত সাধাৰণতে অন্য কাৰণত গৰ্ভপাত হোৱাৰ সম্ভৱনা নাথাকে। কিন্তু যদি আৱৰণটোত বিন্ধা থাকে বা কিবা সংক্ৰমণ হয় তেন্তে, এনে কৰা নহয়। এনেদৰে চিলাই কৰাৰ পাছত মহিলাগৰাকীক যথেষ্ট যত্ন লব লাগে যাতে, সংক্ৰমণ নহয়, জৰায়ুৰ সংকোচন নহয়। এই পদ্ধতিত মাজে মাজে এনে হব পাৰে। চিকিত্সালয়ৰ পৰা যোৱাৰ পিছতো মহিলাগৰাকী বিছনাতে থাকিব লাগে, যাতে জৰায়ুমুখত কোনো ধৰণৰ হেঁচা নপৰে। শিশু জন্মৰ আগ মূহূৰ্তত যথেষ্ট সাৱধানতাৰে এই চিলাইবোৰ কাটি পেলোৱা হয়। ফলত যোনী পথেৰে শিশুৰ জন্ম হব পাৰে। কিছুমানৰ ক্ষেত্ৰত চিলাইবোৰ তেনেদৰেই থৈ দিয়া হয় আৰু চিজাৰিং কৰি শিশু প্ৰসৱ কৰোৱা হয়।
ৰোগ |
কেনেকৈ সোচৰে |
শিশুৰ বিপদৰ আশংকা |
প্ৰতিৰোধ/চিকিৎসা |
এইডছ (ভাইৰাছ) |
|
|
|
চিকেনপক্স (ভাইৰাছ) |
|
|
|
ক্লামাইডিয়া (গনোৰিয়াৰ দৰে একেই) (বেক্টেৰিয়া) |
|
|
|
চাইটমেগাল ভাইৰাছ |
|
মানসিক প্ৰতিবন্ধকতা, লিভাৰৰ ৰোগ। |
|
পাৰ্ভ ভাইৰাছ |
|
|
|
গ্ৰুপ বি ষ্ট্ৰেপ্ট’ক’কেল (বেক্টেৰিয়া) |
|
|
|
হেপাটাইটিছ বি (ভাইৰাছ) |
|
|
|
হাৰপিচ চিম্পেলক্স (ভাইৰাছ- HSV ১ বা ২ ধৰণৰ) |
|
|
|
ৰুবেলা (জাৰ্মান মিজিলছ) (ভাইৰাছ) |
|
|
|
টক্সপ্ল’জমছিছ (পেৰাচাইট- টক্সপ্লাজমা গ’ণ্ডি) |
|
|
|
উত্স: ৰেইড ডি। পেৰিনটেল এইডচ”, পেৰিনটেল আউটৰিছ প্ৰগ্ৰেম নিউজলেটাৰ
শেহতীয়া উন্নীতকৰণ: : 7/1/2020
গৰ্ভাৱস্থাত মহিলাৰ ডায়েবেটিছ আৰু ল’বলগা সাৱধানতাৰ ...
প্ৰসৱোত্তৰ বিষাদগ্ৰস্থতাৰ কাৰণ, লক্ষণ, চিকিৎসা আদি...
গৰ্ভস্থ সন্তানৰ যতনৰ বিষয়ে লিখা হৈছে