অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভাৱস্থা আৰু ঔষধসমূহ

কেতিয়াবা গৰ্ভৱতী মহিলা আৰু ভ্ৰুণৰ সু-স্বাস্থ্যৰ বাবে ঔষধৰ প্ৰয়োজনীয়তা অত্যাৱশকীয় হৈ পৰে। এনে ক্ষেত্ৰত যিকোনো ধৰণৰ ঔষধ (ব্যৱস্থাপত্ৰৰ অবিহনে কিনিব পৰা ঔষধসহ) বা পথ্যৰ পৰিপূৰক (বনৌষধিসহ) গ্ৰহণ কৰাৰ আগতে গৰ্ভৱতী মহিলা গৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। চিকিৎসকে গৰ্ভাৱস্থাত কিছুমান খাদ্যপ্ৰান আৰু খনিজ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।

ভ্ৰুণৰ ওপৰত ঔষধসমূহৰ প্ৰভাৱ

ভ্ৰুণৰ বিকাশৰ বাবে মাকৰ পৰা গৰ্ভফুলৰ আৱৰণ পাৰ হৈ অম্লজান আৰু পুষ্টিসমূহ অহা পথেৰেই গৰ্ভৱতী অৱস্থাত মাকে গ্ৰহণ কৰা ঔষধসমূহো প্ৰাথমিকভাৱে ভ্ৰুণ পায়গৈ। গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাত গ্ৰহণ কৰা ঔষধে ভ্ৰুণত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে।

  • এই ঔষধবোৰে প্ৰত্যক্ষভাৱে ভ্ৰুণৰ ওপৰত কাৰ্য্যকৰী প্ৰভাৱ পেলাব পাৰে, ক্ষতি কৰিব পাৰে, বিকাশ অস্বাভাৱিক (জন্মতে ত্ৰুটিসহ)হ’ব পাৰে বা মৃত্যুও হ’ব পাৰে।
  • এইবোৰে গৰ্ভফুলৰ কাম-কাজৰ পৰিৱৰ্তন কৰিব পাৰে। ৰক্তপৰিবাহী নলীবোৰ সৰু কৰি পেলাব পাৰে, ফলত মাকৰ শৰীৰৰ পৰা পৰ্য্যাপ্ত পৰিমাণৰ অম্লজান আৰু পুষ্টি ভ্ৰুণলৈ  যোগান নহ’ব পাৰে। কেতিয়াবা ইয়াৰ ফলত শিশুটিৰ ওজন জন্মতে কম আৰু অবিকশিত অৱস্থাত জন্ম হ’ব পাৰে।
  • এই ঔষধবোৰে গৰ্ভাশয়ৰ পেশীসমূহত হেঁচা প্ৰয়োগ কৰি সংকুচিত কৰিব পাৰে, অপ্ৰত্যক্ষভাৱে ভ্ৰুণলৈ তেজৰ যোগান হ্ৰাস কৰা বা সময়তকৈ আগতেই প্ৰসৱ বেদনা আৰু প্ৰসৱ হ’ব পাৰে।

কেৱল এখন পাতল ছালেৰে (গৰ্ভফুলৰ আৱৰণ)মাতৃ আৰু ভ্ৰুণৰ তেজ পৃথক হৈ থাকে। মাকৰ তেজত থকা ঔষধে ভ্ৰুণৰ তেজৰ নলীলৈ প্ৰৱাহিত হ’ব পাৰে আৰু নাড়ীৰ মাজেৰেও ভ্ৰুণলৈ যাব পাৰে।

এটা ঔষধৰ শক্তি, পালি আৰু ভ্ৰুণৰ বিকাশৰ স্তৰৰ ভিত্তিত ভ্ৰুণৰ ওপৰত কি প্ৰভাৱ পৰিব সেইটো নিৰ্ভৰ কৰে।

কিছুমান ঔষধে গৰ্ভাৱস্থাৰ প্ৰাথমিক সময়ছোৱাত (নিষিক্ত হোৱাৰ ২০ দিনৰ ভিতৰত) ভ্ৰুণটো নষ্ট কৰি পেলাব পাৰে বা কোনো ধৰণৰ প্ৰভাৱ নেপেলাবও পাৰে। এই প্ৰাথমিক অৱস্থাত ভ্ৰুণটো অতি বেছি পৰিমাণে জন্মগত ত্ৰুটিসমূহৰ প্ৰতিৰোধক হৈ থাকে। আনহাতে, ভ্ৰুণটোৰ অংগসমূহ বিকশিত হোৱাৰ সময়ছোৱা অৰ্থাৎ নিষিক্ত হোৱাৰ তৃতীয়ৰ পৰা অষ্টম সপ্তাহৰ ভিতৰত জন্মগত ত্ৰুটি হ’ব পৰাকৈ ভ্ৰুণটো দূৰ্বল অৱস্থাত থাকে। এই সময়ত যদি ভ্ৰুণটোলৈ ঔষধ প্ৰৱাহিত হয়, তেন্তে কোনো প্ৰভাৱ নপৰিবও পাৰে বা গৰ্ভপাতো হব পাৰে, নিশ্চিতভাৱে জন্মগত ত্ৰুটি থাকিব পাৰে বা জীৱনৰ পিছৰ সময়ছোৱাত দেখা দিব পৰা স্থায়ী বিসংগতিও হ’ব পাৰে। অংগসমূহ বিকশিত হোৱাৰ পিছত ঔষধ গ্ৰহণ কৰাৰ ফলত কেতিয়াবা জন্মগত ত্ৰুটি নহবও পাৰে, কিন্তু এইবোৰে স্বাভাৱিকভাৱে গঠন হোৱা অংগ আৰু কলাসমূহৰ বিকাশ আৰু কাম-কাজবোৰ পৰিৱৰ্ত্তিত কৰিব পাৰে।

খাদ্য আৰু ঔষধ প্ৰশাসনে গৰ্ভাৱস্থাত ঔষধ ব্যৱহাৰৰ ফলত ভ্ৰুণৰ ওপৰত হ’ব পৰা ক্ষতিৰ আশংকাৰ ভিত্তিত ঔষধসমূহৰ শ্ৰেণীবিভাজন কৰিছে। কিছুমান ঔষধ গৰ্ভাৱস্থাত ব্যৱহাৰৰ ফলত উচ্চ মাত্ৰাৰ বিষক্ৰিয়া হয় আৰু অতি জটিল জন্মগত ত্ৰুটিৰ কাৰণ হ’ব পাৰে বাবেই এনেবোৰ ঔষধ গৰ্ভাৱস্থাত কেতিয়াও ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। ইয়াৰ এটা উদাহৰণ হ’ল থালিদ’মাইড (ব্যৱসায়িক নাম-থালোমাইড)। কেইবা দশকৰো আগতে এই ঔষধ ব্যৱহাৰ কৰা গৰ্ভৱতী মহিলাৰ শিশুৰ হাত আৰু ভৰিৰ বিকাশ ৰোধ, পৰিপাকতন্ত্ৰ, হৃদযন্ত্ৰ আৰু ৰক্তনলীৰ ত্ৰুটি হোৱা দেখা গৈছিল। কিছুমান ঔষধ ব্যৱহাৰত আন জীৱ-জন্তুৰ ক্ষেত্ৰত জন্মগত ত্ৰুটি হোৱা দেখা যায়, কিন্তু মানুহৰ ক্ষেত্ৰত তেনেদৰে প্ৰভাৱিত হোৱা দেখা নাযায়। ইয়াৰ এটা উদাহৰণ হ’ল সাধাৰণতে মূৰ ঘূৰোৱা আৰু বমিৰ বাবে ব্যৱহৃত মেক্লাইজিন (ব্যৱসায়িক নাম-এন্টিভাৰ্ট)।

গৰ্ভাৱস্থাত ঔষধ ব্যৱহাৰৰ ফলত বিপদৰ স্তৰসমূহ

স্তৰ

বিৱৰণ

এই ঔষধসমূহ অতি সুৰক্ষিত। উন্নত পৰ্য্যায়ৰ অধ্যয়নত মানৱ ভ্ৰুণৰ ওপৰত কোনো ধৰণৰ বিপদ নোহোৱাটো প্ৰত্যক্ষ কৰা হৈছে।

বি

অধ্যয়নত জন্তুৰ ভ্ৰুণৰ ওপৰত কোনো ধৰণৰ বিপদ নোহোৱাটো প্ৰত্যক্ষ কৰা হৈছে। মানৱ শৰীৰত উন্নত পৰ্য্যায়ৰ পৰীক্ষা কৰি চোৱা হোৱা নাই।

বা অধ্যয়নত জন্তুৰ ওপৰত বিপদ হোৱাটো প্ৰত্যক্ষ কৰা হৈছে। মানৱ শৰীৰত উন্নত পৰ্য্যায়ৰ পৰীক্ষা কৰি চোৱা হোৱা নাই।

চি

মানৱ বা জন্তু কোনোবিধৰ ওপৰতেই পৰ্য্যাপ্ত অধ্যয়ন কৰা হোৱা নাই বা জন্তুৰ ক্ষেত্ৰত কৰা অধ্যয়নত ভ্ৰুণৰ ওপৰত বিপদজনক প্ৰভাৱ পৰা দেখা গৈছে কিন্তু মানৱৰ ক্ষেত্ৰত ভ্ৰুণৰ ওপৰত কি প্ৰভাৱ পৰে তাৰ পৰীক্ষা কৰি চোৱা হোৱা নাই আৰু কোনো তথ্যও নাই।

ডি

প্ৰামাণিক তথ্যৰ পৰা দেখা গৈছে যে মানৱ ভ্ৰুণক ই ক্ষতি কৰে। কিন্তু এই ঔষধৰ ব্যৱহাৰৰ ফলত কিছুমান অৱস্থাত লাভজনক ফল পোৱা গৈছে উদাহৰণস্বৰূপে, মাতৃগৰাকীৰ যদি মাৰাত্মক বিসংগতি হয় বা এনে জটিল বিসংগতি হয় যি ক্ষেত্ৰত ইয়াতকৈ আৰু সুৰক্ষিত ঔষধৰে চিকিৎসা কৰিব পৰা অৱস্থাত নাথাকে।

এক্স

ভ্ৰুণৰ ওপৰত হ’ব পৰা বিপদ প্ৰমাণিত হৈছে আৰু কোনো ক্ষেত্ৰতে সাম্ভাব্য লাভ পোৱা নাযায়।

গৰ্ভৱতী অৱস্থাত সাধাৰণতে কম ক্ষতি কৰিব পৰা নিৰাপদ সম্পূৰক ঔষধ ব্যৱহাৰ কৰা হয়। যেনে, অতি সক্ৰিয় থাইৰয়ড গ্ৰন্থিৰ বাবে প্ৰোপাইলথাইৰাছিল ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়া হয়। তেজ গোট মৰাটো বন্ধ কৰিবলৈ এণ্টিকোৱাগুলেন্ট হেপাৰিন ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়া হয়। কিছুমান নিৰাপদ বেক্টেৰীয়াবিৰোধী যেনে পেনিচিলিন আদি সহজলভ্য।

কিছুমান ঔষধ গ্ৰহণ কৰা বন্ধ কৰাৰ পিছতো প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, ছালৰ বিসংগতিৰ চিকিৎসাৰ বাবে ব্যৱহৃত আইচ’ট্ৰেটিনইন (ব্যৱসায়িক নাম- একুটেন)ছালৰ চৰ্বীৰ মাজত জমা হৈ থাকে আৰু পিছত লাহে লাহে এইবোৰ মুক্ত হৈ থাকে। এই ঔষধবিধ গ্ৰহণ বন্ধ কৰাৰ দুসপ্তাহৰ পিছতো যদি মহিলাগৰাকী গৰ্ভৱতী হয়, তেন্তে শিশুটিৰ জন্মগত ত্ৰুটি হ’ব পাৰে। সেয়েহে এনে ঔষধৰ গ্ৰহণ বন্ধ কৰাৰ ৩-৪ সপ্তাহ পিছলৈকে অপেক্ষা কৰিহে গৰ্ভধাৰণ কৰিবলৈ মহিলাগৰাকীক পৰামৰ্শ প্ৰদান কৰা হয়। যকৃতত থকা ভাইৰাছেৰে তৈয়াৰী বেজী (ৰুবেলা আৰু ভেৰিছেলা জাতীয় বেজী) সাধাৰণতে গৰ্ভৱতী মহিলাক প্ৰদান কৰা নহয়। অন্য কিছুমান বেজী (কলেৰা, হেপাটাইটিছ ক আৰু খ, প্লেগ, ৰেবিছ, টিটেনাছ, ডিপথেৰিয়া আৰু টাইফয়েড)যদি গৰ্ভৱতী মহিলাগৰাকীৰ উক্ত ৰোগবিধ সংক্ৰমণ হোৱাৰ বিপদজনক অৱস্থা হয় তেতিয়াহে প্ৰদান কৰা হয়। তথাপিও ইনফ্লুয়েঞ্জা হোৱা বতৰত প্ৰতিগৰাকী ২য় ৩ মাহ বা ৩য় ৩ মাহৰ পৰ্য্যায়ত থকা গৰ্ভৱতী মহিলাক ইনফ্লুয়েঞ্জা ভাইৰাছ বিৰোধী প্ৰতিষেধক বেজী দিব লাগে।

যিসকল মহিলাৰ গৰ্ভৱতী অৱস্থাৰ আগতেই বা গৰ্ভৱতী অৱস্থাত উচ্চ ৰক্তচাপ থাকে, সেইসকলক ৰক্তচাপ কমোৱা ঔষধৰ প্ৰয়োজন হব পাৰে। যি কোনো ধৰণৰ উচ্চ ৰক্তচাপ বৃদ্ধিয়ে মহিলাগৰাকী আৰু ভ্ৰুণৰ বিপদ ঘটাব পাৰে। তথাপিও এনেবোৰ ৰক্তচাপ কমোৱা ঔষধে তৎক্ষণাত ৰক্তচাপ কমোৱাই পেলোৱাৰ ফলত গৰ্ভফুললৈ তেজৰ প্ৰৱাহ কমাই পেলাব পাৰে। সেইবাবেই যিসকল গৰ্ভৱতী মহিলাই এনে ঔষধ ব্যৱহাৰ কৰে তেওঁলোকক ভালদৰে পৰ্য্যবেক্ষণত ৰাখিব লাগে। দুই ধৰণৰ ৰক্তচাপ কমোৱা ঔষধ, এঞ্জিঅটেনিচিন কনভাৰ্টিং এনজাইম ইন হেবিটোৰছ আৰু থায়াজাইড ডায়ুউৰেটিক এ ভ্ৰুণৰ ওপৰত জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে বাবে গৰ্ভৱতীসকলক এই ঔষধ প্ৰদান কৰা নহয়।

হৃদযন্ত্ৰ বিকল হোৱা আৰু অস্বাভাবিক হৃদ স্পন্দনৰ চিকিৎসা কৰিবলৈ ব্যৱহাৰ হোৱা ডাইজক্সিন (ব্যৱসায়িক নাম- লেন’ক্সিন) লগে লগেই গৰ্ভফুল অতিক্ৰম কৰে। কিন্তু ই শিশুটিৰ জন্মৰ আগত বা পিছত অতি নগণ্যভাৱে প্ৰভাৱিত কৰে।

গৰ্ভাৱস্থাত সমস্যাৰ সৃষ্টি কৰিব পৰা কিছুমান ঔষধ

ধৰণ

উদাহৰণবোৰ

সমস্যা

উদ্বেগবিৰোধী ঔষধ

ডাইজাপাম (ব্যৱসায়িক নাম- ডায়াষ্টাভেলিয়াম)

গৰ্ভাৱস্থাৰ শেষৰ ফালে এই ঔষধ গ্ৰহণ কৰিলে নৱজাতকৰ হতাশগ্ৰস্থতা, খিংখিঙিয়া ভাৱ, কঁপনি উঠা আৰু অতি সক্ৰিয়তাৰ প্ৰতিফলন দেখা যায়।

বিজাণুনাশক

ক্লোৰামফেনিক’ল (ক্লোৰামফেনিক’ল)

গ্ৰে বেবী চিন্দ্ৰম। যি সকল মহিলাৰ বা ভ্ৰুণত গ্লুক’জ-৬ফছফেট ডিহাইড্ৰজেনাছৰ অভাৱ থাকে। তেওঁলোকৰ লোহিত ৰক্তকণিকাবোৰ ভাঙি যায়।

 

ফ্লোৰ’কুইন’ল, যেনে চাইপ্ৰোফ্লোক্সাচিন (চাইলোজেনচিপ্ৰো), অফ্লোজাচিন (ফ্লোজিনকুফ্লক্স), লেভ’ফ্লোক্সাচিন (লেভাকুইনকুইজিন)আৰু নৰ’ফ্লোক্সাচিন (নৰ’জিন)

হাড়ৰ জোৰাৰ অস্বাভাৱিকতাৰ সম্ভাৱনা (কেৱল জন্তুৰ ক্ষেত্ৰত)দেখা যায়।

 

কানামাইচিন

ভ্ৰুণৰ কাণৰ ক্ষতি হোৱাৰ ফলত বধিৰ হয়।

 

নাইট্ৰফিউৰানটইন

(ফুৰাডান্টিনমাক্ৰোডান্টিন)

গ্ৰে বেবী চিন্দ্ৰম। যি সকল মহিলা বা ভ্ৰুণত গ্লুক’জ-৬ফছফেট ডিহাইড্ৰজেনাছৰ অভাৱ থাকে। তেওঁলোকৰ লোহিত ৰক্তকণিকাবোৰ ভাঙি যায়।

 

ষ্ট্ৰেপট’মাইচিন

ভ্ৰুণৰ কাণৰ ক্ষতি হোৱাৰ ফলত বধিৰ হয়।

 

চালফোনামাইডসমূহ যেনে, চালফাচালাজাইন (আজুলফিডাইন), আৰু ট্ৰাইমেথোপ্ৰাইমচালফামেথ’জাজল

গৰ্ভাৱস্থাৰ শেষৰ ফালে এই ঔষধ গ্ৰহণ কৰিলে নৱজাতকৰ পাণ্ডুৰোগ আৰু মগজুৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

 

টেট্ৰাচাইক্লিন (চুমাইচিন)

হাড়ৰ বিকাশ লেহেমীয়া হয়। দাঁতবোৰ স্থায়ীভাৱে হালধীয়া বৰণৰ হৈ পৰে। আৰু শিশুটিৰ দাঁতত ৰন্ধ্ৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কেতিয়াবা গৰ্ভৱতী মহিলাগৰাকীৰ যকৃত বিকল হ’ব পাৰে।

তেজ গোট মৰা বিৰোধী

হেপাৰিন

দীৰ্ঘসময়ৰ বাবে এই ঔষধ ব্যৱহাৰ কৰিলে গৰ্ভৱতী মহিলাগৰাকীৰ অষ্ট্ৰেঅ’পৰোছিছ হয় আৰু তেজত অনুচক্ৰিকাৰ (যিয়ে তেজ গোট মৰাত সহায় কৰে)পৰিমাণ কমি যায়

 

ৱাৰফাৰিন (কোমাডিন)

জন্মগত ক্ৰটি, গৰ্ভৱতী মহিলা আৰু ভ্ৰুণৰ ৰক্তপাত জনিত সমস্যা হয়।

কঁপনি বিৰোধী

কাৰ্ব’মাজেপাইন (টেগৰিট’ল)

জন্মগত ক্ৰুটিৰ আশংকা থাকে। নৱজাতকৰ ৰক্তজনিত সমস্যা হয়। এই অৱস্থা গৰ্ভৱতী  মহিলাগৰাকীয়ে প্ৰসৱৰ আগৰ এমাহ সময় প্ৰতিদিনে খাদ্যপ্ৰান ট মুখেৰে গ্ৰহণ কৰি বা জন্মৰ লগে লগে কেঁচুৱাটিক খাদ্যপ্ৰান ট ৰ বেজী দি প্ৰতিৰোধ কৰিব পৰা যায়।

 

ফেনোবাৰ্বিটল (লুমিনাল)

জন্মগত ক্ৰুটিৰ আশংকা থাকে। নৱজাতকৰ ৰক্তজনিত সমস্যা হয়। এই অৱস্থা গৰ্ভৱতী  মহিলাগৰাকীয়ে প্ৰসৱৰ আগৰ এমাহ সময় প্ৰতিদিনে খাদ্যপ্ৰান ট মুখেৰে গ্ৰহণ কৰি বা জন্মৰ লগে লগে কেঁচুৱাটিক খাদ্যপ্ৰান ট ৰ বেজী দি প্ৰতিৰোধ কৰিব পৰা যায়।

 

ফেনাইটইন (ডাইলান্টিন)

জন্মগত ক্ৰুটিৰ আশংকা থাকে। নৱজাতকৰ ৰক্তজনিত সমস্যা হয়। এই অৱস্থা গৰ্ভৱতী  মহিলাগৰাকীয়ে প্ৰসৱৰ আগৰ এমাহ সময় প্ৰতিদিনে খাদ্যপ্ৰান ট মুখেৰে গ্ৰহণ কৰি বা জন্মৰ লগে লগে কেঁচুৱাটিক খাদ্যপ্ৰান ট ৰ বেজী দি প্ৰতিৰোধ কৰিব পৰা যায়।

 

ট্ৰাইমেথাডিঅ’ন (ট্ৰাইডিঅ’ন)

গৰ্ভপাত হোৱাৰ আশংকা বৃদ্ধি পায়। জন্মগত ত্ৰুটিৰ আশংকা বৃদ্ধি (৭০ শতাংশ)পায়-যেনে, ফটা তালু, হৃদযন্ত্ৰ, মুখ, জঁকা, হাত আৰু আন অংগসমূহৰ ত্ৰুটি হোৱা দেখা যায়।

 

ভালপ্ৰোয়েট (ডেপাকন)

জন্মগত ত্ৰুটিৰ কিছু (১ শতাংশ)আশংকা থাকে। ফটা তালু, হৃদযন্ত্ৰ, মুখ, জঁকা, মেৰুদণ্ড বা ভৰিৰ ত্ৰুটি দেখা যায়।

উচ্চ ৰক্তচাপ বিৰোধী

এঞ্জিঅ’টেনচিন-কনভাৰ্টিং এনজাইম ইনহেবিটৰছ

গৰ্ভাৱস্থাৰ শেষৰ ফালে এনে ঔষধ গ্ৰহণ কৰিলে ভ্ৰুণৰ বৃক্কৰ ক্ষতি, বিকশিত ভ্ৰুণৰ চাৰিওকাষে থকা তৰল ভাগ হ্ৰাস পোৱা, মুখ, ভৰি আৰু হাওঁফাওঁৰ ত্ৰুটি হোৱা দেখা যায়।

 

বেটা-ব্লকাৰছ

গৰ্ভাৱস্থাত যদি কিবা বিটা ব্লকাৰ্চ গ্ৰহণ কৰা হয় তেন্তে ভ্ৰুণৰ হৃদস্পন্দন লেহেমীয়া, আৰু তেজত শৰ্কৰাৰ মাত্ৰা কমি যায়। বৃদ্ধিৰ হাৰ লেহেমীয়া হোৱাৰ সম্ভাৱনা থাকে।

 

থায়াজাইড ডিউৰেটিকছ

ভ্ৰুণৰ তেজত অম্লজান, চডিয়াম, পটাছিয়ামৰ মাত্ৰা কমি যায় আৰু অনুচক্ৰিকাৰ পৰিমাণো হ্ৰাস পায়। বৃদ্ধি লেহেমীয়া হয়।

কেম’থেৰাপীৰ ঔষধ

এক্টিন’মাইচিন

জন্মগত ত্ৰুটি দেখা যায়। (কেৱল জন্তুৰ মাজত)

 

বুচালফেন (মাইলেৰান)

তলৰ কোৱাৰীৰ বিকাশ অসম্পূৰ্ণ, ফটা তালু, মূৰৰ হাড় অস্বাভাৱিক বৃদ্ধি, মেৰুদণ্ডৰ ত্ৰুটি, কাণৰ ত্ৰুটি আৰু ভৰিৰ বৃদ্ধি লেহেমীয়া আদি জন্মগত ত্ৰুটি হয়।

 

ক্লোৰামবুচিল (লিউকেৰান)

তলৰ কোৱাৰীৰ বিকাশ অসম্পূৰ্ণ, ফটা তালু, মূৰৰ হাড়ৰ অস্বাভাৱিক বৃদ্ধি, মেৰুদণ্ডৰ ত্ৰুটি, কাণৰ ত্ৰুটি আৰু ভৰিৰ বৃদ্ধি লেহেমীয়া আদি জন্মগত ত্ৰুটি হয়।

 

চাইক্লোফছফামাইড (লিঅফিলিজেড চাইট’জেন)

তলৰ কোৱাৰীৰ বিকাশ অসম্পূৰ্ণ, ফটা তালু, মূৰৰ হাড় অস্বাভাৱিক বৃদ্ধি, মেৰুদণ্ডৰ ত্ৰুটি, কাণৰ ত্ৰুটি আৰু ভৰিৰ বৃদ্ধি লেহেমীয়া আদি জন্মগত ত্ৰুটি হয়।

 

মাৰকাপ্ট’পোৰিন (পোৰিনেথল)

তলৰ কোৱাৰীৰ বিকাশ অসম্পূৰ্ণ, ফটা তালু, মূৰৰ হাড় অস্বাভাৱিক বৃদ্ধি, মেৰুদণ্ডৰ ত্ৰুটি, কাণৰ ত্ৰুটি আৰু ভৰিৰ বৃদ্ধি লেহেমীয়া আদি জন্মগত ত্ৰুটি হয়।

 

মেথ’ট্ৰেজাট (ট্ৰেজাল)

তলৰ কোৱাৰীৰ বিকাশ অসম্পূৰ্ণ, ফটা তালু, মূৰৰ হাড় অস্বাভাৱিক বৃদ্ধি, মেৰুদণ্ডৰ ত্ৰুটি, কাণৰ ত্ৰুটি আৰু ভৰিৰ বৃদ্ধি লেহেমীয়া আদি জন্মগত ত্ৰুটি হয়।

 

ভিন’ব্লাষ্টিন

জন্মগত ত্ৰুটিৰ সম্ভাৱনা (জন্তুৰ) দেখা যায়।

 

ভিন’ক্ৰাইষ্টিন

জন্মগত ত্ৰুটিৰ সম্ভাৱনা (জন্তুৰ) দেখা যায়।

মানসিক অৱস্থা স্থিৰকৰণ ঔষধ

লিথিয়াম (লিথোবিড)

জন্মগত ত্ৰুটি (বিশেষভাৱে হৃদযন্ত্ৰৰ), অৱসাদ, মাংসপেশীৰ শিথিলতা, খাদ্যৰ প্ৰতি অনীহা, গৰল গ্ৰন্থিৰ ক্ষমতা কমি যোৱা, আৰু নৱজাতকৰ নেফ্ৰজেনিক ডায়েবেটিছ ইণ্ডিপিভাছ হয়।

ষ্টেৰয়ড বিহীন প্ৰদাহ বিৰোধী ঔষধ

এচপিৰিন আৰু আন চিলিচাইলেটসমূহ

আইব’প্ৰোফেন (এডভিলমোট্ৰিন)

নাপ্ৰোজেন (এলভিয়ানাপ্ৰোজানাপ্ৰোচিন)

অধিক পৰিমাণত এনে ঔষধ গ্ৰহণ কৰিলে প্ৰসৱ বেদনা আৰম্ভ হোৱাত পলম হয়। আউটা আৰু ধমনীৰ লগত হাওঁফাওঁৰ সংযোগ আগতেই ৰোধ হৈ পৰে। ভ্ৰুণৰ পাণ্ডুৰোগ, মগজুৰ ক্ষতি (কেতিয়াবা) হয় আৰু জন্মৰ সময়ত বা প্ৰসৱৰ পাছত মহিলাগৰাকীৰ আৰু নৱজাতকৰ ৰক্তপাতৰ সমস্যা হ’ব পাৰে। গৰ্ভাৱস্থাৰ শেষৰ ফালে এই ঔষধ গ্ৰহণ কৰিলে বিকশিত ভ্ৰুণৰ চাৰিওকাষে থকা তৰলৰ পৰিমাণ হ্ৰাস পায়।

হাইপাৰগ্লাইছেমিক বিৰোধী মুখেৰে খোৱা

ক্লোৰ’প্ৰোপামাইড (ডিৱাবিনেছ)

নৱজাতকৰ তেজত শৰ্কৰাৰ পৰিমাণ অতি বেছিকৈ কমি যায়। গৰ্ভৱতী মহিলাৰ মধুমেহ ৰোগ পৰ্য্যাপ্তভাৱে নিয়ন্ত্ৰিত নহয়। ধৰণ-২ মধুমেহ থকা মহিলাই গৰ্ভধাৰণৰ আৰম্ভণি অৱস্থাত এই ঔষধ খালে জন্মগত ত্ৰুটি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

 

টলবিউটামাইড

নৱজাতকৰ তেজত শৰ্কৰাৰ পৰিমাণ অতি বেছিকৈ কমি যায়। গৰ্ভৱতী মহিলাৰ মধুমেহ ৰোগ পৰ্য্যাপ্তভাৱে নিয়ন্ত্ৰিত নহয়। ধৰণ-২ মধুমেহ থকা মহিলাই গৰ্ভধাৰণৰ আৰম্ভণি অৱস্থাত এই ঔষধ খালে জন্মগত ত্ৰুটি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

যৌন হৰমন

ডানাজ’ল

গৰ্ভাৱস্থাৰ আৰম্ভণিতে এনে ঔষধ গ্ৰহণ কৰিলে কন্যা ভ্ৰণৰ যৌন অংগ পুৰুষৰ দৰে হৈ পৰে। কেতিয়াবা অস্ত্ৰোপচাৰৰ দ্বাৰা এইটো পিছত সঠিক কৰিব পৰা যায়।

 

ডিইথায়লষ্টিলবেষ্ট্ৰল

জৰায়ুৰ অস্বাভাৱিকতা, মাহেকীয়া ঋতুশ্ৰাৱৰ সমস্যা আৰু যোনীৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়। ছোৱালী সন্তানৰ গৰ্ভধাৰণৰ সময়ত জটিলতা হোৱা দেখা যায়। ল’ৰা সন্তানৰ লিংগৰ অস্বাভাৱিকতা দেখা যায়।

 

কৃত্ৰিম প্ৰজেষ্টিনছ (মুখেৰে খোৱা গৰ্ভনিৰোধকত ব্যৱহৃত হোৱা কম মাত্ৰাৰ নহয়)

গৰ্ভাৱস্থাৰ আৰম্ভণিতে এনে ঔষধ গ্ৰহণ কৰিলে কন্যা ভ্ৰণৰ যৌন অংগ পুৰুষৰ দৰে হৈ পৰে। কেতিয়াবা অস্ত্ৰোপচাৰৰ দ্বাৰা এইটো পিছত সঠিক কৰিব পৰা যায়।

ছালৰ চিকিৎসা

ইট্ৰেটিনেট

হৃদযন্ত্ৰৰ ত্ৰুটি, সৰু কাণ, হাইড্ৰচেফালাছ বা মগজুত পানী জমা হোৱা আদিৰ দৰে জন্মগত ত্ৰুটি হয়।

 

আইচ’ট্ৰেটিনইন (একুটান)

হৃদযন্ত্ৰৰ ত্ৰুটি, সৰু কাণ, হাইড্ৰচেফালাছ বা মগজুত পানী জমা হোৱা আদিৰ দৰে জন্মগত ত্ৰুটি হয়। মানসিক প্ৰতিবন্ধকতা, গৰ্ভপাতৰ আশংকা।

গৰলৰ ঔষধ

মেথিমাজল (টাপাজল)

ভ্ৰুণৰ গৰল গ্ৰন্থি ডাঙৰ হৈ পৰে বা কাৰ্য্য ক্ষমতা হ্ৰাস পায়। মূৰৰ হাড়ৰ জন্মগত ত্ৰুটি থাকে।

 

প্ৰোপাইলথাঅ’য়ুৰাচিল

ভ্ৰুণৰ গৰল গ্ৰন্থি ডাঙৰ হৈ পৰে বা কাৰ্য্য ক্ষমতা হ্ৰাস পায়। মূৰৰ হাড়ৰ জন্মগত ত্ৰুটি থাকে।

 

তেজষ্ক্ৰিয় আয়ডিন

ভ্ৰুণৰ গৰল গ্ৰন্থি নষ্ট হৈ যায়। গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহৰ শেষৰ ফালে এই ঔষধ গ্ৰহণ কৰিলে ভ্ৰুণৰ গৰল গ্ৰন্থি অধিক সক্ৰিয় আৰু ডাঙৰ হৈ পৰে।

 

ট্ৰাইআইড’থাইৰ’নাইন (থাইৰ’লাৰ)

ভ্ৰুণৰ গৰল গ্ৰন্থি ডাঙৰ আৰু অধিক সক্ৰিয় হৈ পৰে।

 

প্ৰতিষেধক (যকৃত ভাইৰাছ)

জাৰ্মান মিজিলছ (ৰুবেলা)আৰু বসন্ত (ভাৰিছেলা)ৰ বাবে প্ৰতিষেধক।

বিকশিত ভ্ৰুণ আৰু গৰ্ভফুলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

 

মিজিলছ, মামছ, পলিঅ’ আৰু পাণ্ডুৰোগৰ বাবে প্ৰতিষেধক

জ্ঞাত নহয় কিন্তু আশংকাৰ অধিক সম্ভাৱনা আছে।

অত্যাৱশ্যকীয় নহ’লে গৰ্ভৱতী অৱস্থাত ঔষধ ব্যৱহাৰ কৰিব নালাগে। তথাপিও কেতিয়াবা গৰ্ভৱতী মাতৃৰ আৰু ভ্ৰুণৰ সু-স্বাস্থ্যৰ বাবে ঔষধ অত্যাৱশ্যকীয় হৈ পৰে। এনেবোৰ ক্ষেত্ৰত গৰ্ভৱতী মহিলাগৰাকীয়ে তেওঁৰ চিকিৎসকক উক্ত ঔষধ গ্ৰহণৰ ফলত হ’ব পৰা বিপদ আৰু লাভালাভসমূহৰ সম্পৰ্কে জানি ল’ব লাগে।

সামাজিক ঔষধসমূহ

ধূমপান: ধূমপানে গৰ্ভৱতী মহিলা আৰু ভ্ৰুণ উভয়ৰে ক্ষতি কৰে যদিও ধূমপান কৰা গৰ্ভৱতী মহিলাৰ মাত্ৰ ২০ শতাংশইহে এই সময়ছোৱাত ধূমপানৰ পৰা বিৰত থাকে। গৰ্ভৱতী অৱস্থাত ধূমপান কৰাৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত কৰে ভ্ৰুণৰ জন্মৰ সময়ত ওজনৰ ওপৰত। এনে শিশুৰ ওজন কম হয়। গৰ্ভাৱস্থাত এগৰাকী মহিলাই যিমানেই বেছিকৈ ধূমপান কৰিব, শিশুটিৰ ওজনো সেই অনুপাতত কমি আহে। ধূমপান কৰা মহিলাৰ শিশুৰ ওজন ধূমপান নকৰা মহিলাৰ শিশুৰ গড় ওজনতকৈ ১৭০ গ্ৰাম কম হয়। দীৰ্ঘদিন ধৰি ধূমপান কৰা মহিলাৰ শিশুৰ ওজন অধিক হ্ৰাস হোৱা দেখা যায়।

অধূমপায়ী মাতৃতকৈ ধূমপায়ী মাতৃৰ শিশুৰ জন্মতে হৃদযন্ত্ৰ, মগজু আৰু মুখমণ্ডলৰ ত্ৰুটি হোৱাটো সাধাৰণতে দেখা যায়। ইয়াৰ উপৰিও হঠাৎ কেঁচুৱাৰ মৃত্যু হোৱাৰ আশংকা বেছিকৈ দেখা যায়। স্থানচ্যুত গৰ্ভফুল, সময়ৰ আগতেই গৰ্ভফুল বিচিন্ন হোৱা, সময়ৰ পূৰ্বেই গৰ্ভফুলৰ আৱৰণ ফাটি যোৱা, সময়ৰ পূৰ্বে প্ৰসৱ বেদনা আৰম্ভ হোৱা, গৰ্ভাশয়ৰ সংক্ৰমণ, গৰ্ভপাত, মৃত সন্তান প্ৰসৱ আৰু সময়ৰ আগতে জন্ম লভা আদিবোৰো প্ৰায়বোৰ ক্ষেত্ৰত দেখা যায়। ইয়াৰ উপৰিও কম ধূমপায়ী মহিলাৰ শিশুৰ কায়িক বিকাশ আৰু বুদ্ধিমত্তা আৰু ব্যৱহাৰিক বিকাশত অভাৱ লক্ষণীয়ভাৱে দেখা যায়। কাৰ্বন মন’অক্সাইড আৰু নিক’টিনৰ বাবেই এই প্ৰভাৱসমূহ পৰে। গৰ্ভৱতী মহিলাই অপ্ৰত্যক্ষ ধূমপানৰ পৰাও আঁতৰি থাকিব লাগে কিয়নো এনে ধূমপানৰ ফলতো  ভ্ৰুণৰ ওপৰত প্ৰত্যক্ষ ধূমপানৰ দৰেই প্ৰভাৱ পৰে।

মাদকদ্ৰব্য: জন্মগত ত্ৰুটি হোৱাৰ জ্ঞাত কাৰণবোৰৰ ভিতৰত গৰ্ভাৱস্থাত মদ্যপান প্ৰধান। কিমান পৰিমাণৰ মাদকদ্ৰব্যই ভ্ৰুণৰ ওপৰত মাদকদ্ৰব্যৰ উপসৰ্গ সৃষ্টি কৰিব সেইটো যিহেতু জ্ঞাত নহয়, গতিকে মহিলাসকলক গৰ্ভাৱস্থাত নিয়মিত মদ্যপান আৰু অধিক মদ্যপানৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হয়। মদ্যপান সমূলি নকৰাকৈ থকাটোৱেই অধিক নিৰাপদ। গৰ্ভাৱস্থাত মদ্যপানৰ প্ৰভাৱৰ তালিকা অতি দীঘল। গৰ্ভাৱস্থাত যিসকল মহিলাই যি কোনো ধৰনে মদ্যপান কৰে, তেওঁলোকৰ গৰ্ভপাতৰ আশংকা দুগুণ বৃদ্ধি পায়। বিশেষভাৱে, তেওঁলোকে যদি অধিক পৰিমাণৰ মদ্যপান কৰে। গৰ্ভাৱস্থাত নিয়মীয়াকৈ মদ্যপান কৰা মহিলাসকলৰ সন্তান জন্মৰ সময়ত স্বাভাৱিকতকৈ শিশুটিৰ ওজন ভালেমান কম হয়। যিসকলে অতিপাত মদ্যপান কৰে, তেওঁলোকৰ শিশুৰ জন্মৰ সময়ত ওজন স্বাভাৱিক ওজন ৩.৫ কিলোগ্ৰামৰ বিপৰীতে মাত্ৰ ২ কিলোগ্ৰামহে হয়। যিসকল মহিলাই গৰ্ভাৱস্থাত মদ্যপান কৰে তেওঁলোক শিশু ডাঙৰ হৈ নুঠিবও পাৰে আৰু জন্মৰ পিছতেই বা জন্মৰ লগে লগেই মৃত্যু হ’ব পাৰে। গৰ্ভাৱস্থাত মদ্যপান কৰাৰ অতি মাৰাত্মক পৰিণতিবোৰৰ ভিতৰত অন্যতম এটা হ’ল ভ্ৰুণৰ মদ্য চিন্দ্ৰম। প্ৰতিদিনে তিনিবাৰকৈ অতিপাত মদ্যপান কৰিলে এই লক্ষণ দেখা দিব পাৰে। প্ৰতি ১০০০টি জীৱিত শিশুৰ মাজত প্ৰায় ২ জনৰ এনে লক্ষণে দেখা দিয়ে। এই লক্ষণবোৰৰ ভিতৰত আছে, জন্মৰ আগত বা পাছত অপৰ্য্যাপ্ত বিকাশ, মুখৰ ত্ৰুটি, মূৰৰ আকাৰ সৰু হোৱা (সম্ভৱত মগজুৰ অপৰ্য্যাপ্ত বৃদ্ধিৰ বাবেই হয়), মানসিক অৱসাদ আৰু আচাৰ-ব্যৱহাৰৰ বিকাশত অস্বাভাৱিকতা। হাড়ৰ জোৰাৰ স্থান আৰু কাম-কাজত অস্বাভাৱিকতা আৰু হৃদযন্ত্ৰৰ ত্ৰুটিও কম পৰিমাণে দেখা যায়। যিসকল মহিলাই গৰ্ভাৱস্থাত মদ্যপান কৰিছিল তেওঁলোকৰ শিশু আৰু বিকশিত অৱস্থাত শিশুৰ অতি জটিল ধৰণৰ স্বভাৱ-চৰিত্ৰগত সমস্যা হোৱা দেখা যায়। যেনে, অসামাজিক আচাৰ-ব্যৱহাৰ, কোনো বিষয়তে মনোযোগীতাৰ অভাৱজনিত বিসংগতি। শিশুটিৰ কোনো ধৰণৰ জন্মগত ত্ৰুটি নাথাকিলেও এনে ধৰণৰ সমস্যাবোৰ হ’বগৈ পাৰে।

কেফেইন: গৰ্ভাৱস্থাত কেফেইন গ্ৰহণ কৰিলে যে ভ্ৰুণৰ ওপৰত কোনো প্ৰভাৱ নেপেলাই এই বিষয়টো সিমান স্পষ্ট নহয়। গৰ্ভাৱস্থাত অতি সামান্য পৰিমাণৰ কেফেইন গ্ৰহণে (যেনে, দৈনিক একাপ কফি) ভ্ৰুণৰ ওপৰত একেবাৰে কম প্ৰভাৱ পেলায় বা কোনো ধৰণৰ প্ৰভাৱেই নেপেলোৱাটো প্ৰমাণিত। চাহ, কফি, চকলেট, কিছুমান চৌডা জাতীয় পানীয় আৰু কিছুমান ঔষধত থকা কেফেইনে ইমান উত্তেজনা বৃদ্ধি কৰে যে, এইবোৰে সহজে ভ্ৰুণৰ বাহিৰৰ আৱৰণ পাৰ হৈ ভ্ৰুণ পায়গৈ। ই ভ্ৰুণক উত্তেজিত কৰি তোলে আৰু হৃদস্পন্দন বৃদ্ধি কৰি পেলায়। কেফেইনে গৰ্ভফুলৰ মাজেৰে তেজৰ প্ৰবাহ কমাই দিব পাৰে আৰু লৌহ শোষণ কমাই তুলিব পাৰে। (ই ৰক্তশূণ্যতাৰ আশংকা বৃদ্ধি কৰি তুলিব পাৰে) এনে কিছুমান প্ৰমাণ পোৱা গৈছে যে প্ৰতিদিনে ৭ কাপতকৈ অধিক কফি পান কৰিলে মৃত সন্তান প্ৰসৱ, সময়ৰ আগতে প্ৰসৱ, জন্মৰ সময়ত ওজন কম হোৱা আৰু গৰ্ভপাতৰ আশংকা বৃদ্ধি পায়। কিছুমান বিশেষজ্ঞই গৰ্ভাৱস্থাত কেফেইন গ্ৰহণৰ পৰিমাণ কমোৱা আৰু যিমান সম্ভৱ হয় কেফেইন শূণ্য পানীয় আদি গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰে।

এস্পাৰটেম: এইবিধ এবিধ কৃত্ৰিম মিঠা পদাৰ্থ। এইবোৰ গৰ্ভাৱস্থাত কম পৰিমাণে ব্যৱহাৰ কৰাটোৱেই নিৰাপদ বুলি ভবা হয়। এইবোৰ সাধাৰণতে বিভিন্ন মিঠাই, মিঠা পানীয় আদিত মিহলোৱা থাকে। যিসকল গৰ্ভৱতী মহিলাৰ কিট’নিউৰিয়া নামৰ বিশেষ সমস্যাবিধ থাকে তেওঁলোকে কোনোপধ্যেই এস্পাৰটেম থকা সামগ্ৰী গ্ৰহণ কৰিব নালাগে।

স্তনপান কৰোৱাই থকা সময়ছোৱাত ঔষধ গ্ৰহণ

যি সকল মাতৃয়ে স্তনপান কৰোৱাই থাকে তেওঁলোকে ঔষধ গ্ৰহণ কৰিব লগা হ’লে স্তনদান বন্ধ কৰিব নে নকৰিব সেইটো তলত দিয়া বিষয় কেইটাৰ ওপৰত নিৰ্ভৰ কৰে।

  • কিমান পৰিমাণৰ ঔষধ স্তনৰ গাখীৰত মিহলি হৈছে?
  • কেঁচুৱাই ঔষধ শোষণ কৰিছে নেকি?
  • ঔষধটোৱে কেঁচুৱাটিৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাইছে?
  • কেঁচুৱাটিয়ে কিমান পৰিমাণৰ গাখীৰ খাইছে। এইটো আকৌ নিৰ্ভৰ কৰে কেঁচুৱাটিৰ বয়স আৰু কেঁচুৱাটিৰ আহাৰৰ তালিকাত কি কি খাদ্য আৰু পানীয় আছে। কিছুমান ঔষধ যেনে, এপিনেফ্ৰিন, হেপাৰিন অথবা ইনচুলিন (হাম’লিনোভ’লিন)আদিবোৰ স্তনৰ গাখীৰলৈ নাযায়। সেয়েহে এনেবোৰ ঔষধ গ্ৰহণ নিৰাপদ। অধিকবোৰ ঔষধেই স্তনৰ গাখীৰৰ লগত মিহলি হৈ যায়। অৱশ্যে সাধাৰণতে সামান্য পৰিমাণে। কিন্তু সামান্য হ’লেও কিছুমান ঔষধে শিশুটিৰ ক্ষতি কৰিব পাৰে। কিছুমান ঔষধ স্তনৰ গাখীৰলৈ গুচি যায়। কিন্তু কেঁচুৱাই সাধাৰণতে ঔষধৰ ইমান কম পৰিমাণ শোষণ কৰে যে, সেই মাত্ৰাই শিশুটিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। এনে ঔষধৰ উদাহৰণ হ’ল- জেন্টামাইছিন, কানামাইচিন, ষ্ট্ৰেপ্ট’মাইচিন আৰু টেট্ৰাচাইক্লিন গোটৰ বিজাণুনাশকসমূহ।

যিবোৰ ঔষধক নিৰাপদ বুলি গণ্য কৰা হয় তাৰ ভিতৰত অধিকাংশই চিকিৎসকৰ ব্যৱস্থাপত্ৰৰ অবিহনে কিনিবলৈ পোৱা যায়। ইয়াৰ ব্যতিক্ৰম হ’ল এলাৰ্জী বিৰোধী ঔষধসমূহ (সাধাৰণ চৰ্দি, কাঁহ আদিৰ চিকিৎসাত ব্যৱহৃত), এলাৰ্জীৰ ঔষধ, মূৰ ঘূৰণিৰ ঔষধ আৰু টোপনী অহা ঔষধ আৰু এছপিৰিন বা অন্যান্য ছেলিছাইলেটসমূহ অধিক পৰিমাণত দীৰ্ঘদিনৰ বাবে ব্যৱহাৰ কৰাটো। যিবোৰ ঔষধ ছাল আৰু চকুত লগোৱা হয় বা নাকেৰে উজাই গ্ৰহণ কৰা হয় তেনে ঔষধবোৰ সাধাৰণতে নিৰাপদ। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা অধিকাংশ ঔষধেই স্তনপান কৰা শিশুৰ ক্ষেত্ৰত বিশেষ উল্লেখনীয় সমস্যাৰ সৃষ্টি নকৰে। কিন্তু এনে ক্ষেত্ৰত কেঁচুৱাটিক নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগে যাতে সম্ভাব্য কিবা পাৰ্শ্বক্ৰিয়া যেনে হৃদস্পন্দনৰ হাৰ কমি যোৱা, ৰক্তচাপ কমি যোৱা আদিবোৰ হৈছে নেকি। যদি শিশুটি সুস্থ থাকে তেন্তে ক’মাডিন ব্যৱহাৰ কৰিব পৰা যায়, তথাপিও ইয়াৰ ব্যৱহাৰ পৰ্য্যবেক্ষণত ৰাখি কৰিব লাগে। কেফেইন আৰু থিউফাইলিনে স্তনপান কৰা শিশুৰ কোনো ক্ষতি নকৰে, তথাপিও তেওঁলোকক খিংখিঙিয়া কৰি তুলিব পাৰে। কেঁচুৱাৰ হৃদস্পন্দনৰ হাৰ আৰু শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পাব পাৰে। কিছুমান ঔষধ যদিও স্তনপান কৰা শিশুৰ বাবে নিৰাপদ বুলি জ্ঞাত, তথাপিও যিসকল মহিলাই স্তনপান কৰোৱাই থাকে তেওঁলোকে ঔষধ গ্ৰহণৰ পূৰ্বে চিকিৎসকৰ লগত আলোচনা কৰি লোৱা উচিত। ব্যৱস্থাপত্ৰ অবিহনে উক্ত ঔষধটি দোকানত কিনিব পৰা হ’লেও বা যদি বনৌষধিও হয় তথাপিও চিকিৎসকৰ সৈতে পৰামৰ্শৰ প্ৰয়োজন। সকলোবোৰ ঔষধৰ লগত থকা লেবেল পঢ়ি চোৱা দৰকাৰ, কিয়নো স্তনপান কৰোৱাই থকা অৱস্থাত উক্ত ঔষধ গ্ৰহণ কৰিলে কিবা সতৰ্কতা গ্ৰহণ কৰিব লাগিব নেকি সেয়া জনাতো অতি প্ৰয়োজনীয়।

কিছুমান ঔষধ গ্ৰহণৰ সময়ত চিকিৎসকৰ তত্বাৱধানত থাকিব লাগে। স্তনপান কৰোৱাই থকা সময়ছোৱাত এই ঔষধৰ মাত্ৰা নিয়ন্ত্ৰণ, কিমান দিনৰ বাবে ঔষধ গ্ৰহণ কৰিব লাগিব সেইটো নিৰ্দ্ধাৰণ কৰা, বা স্তনপান কৰোৱাৰ সময় অনুসৰি কেতিয়া ঔষধ খাব লাগিব এই সকলোবোৰ কথা সঠিকভাৱে মানি চলা প্ৰয়োজন। অধিকবোৰ উদ্বেগ বিৰোধী, অৱসাদ বিৰোধী বা মানসিক ৰোগৰ ঔষধ গ্ৰহণৰ সময়ত চিকিৎসকৰ পৰ্য্যবেক্ষণৰ প্ৰয়োজন হয়, যদিও এইবোৰৰ স্তনপান কৰা কেঁচুৱাৰ কোনো উল্লেখযোগ্য সমস্যাৰ সৃষ্টি নকৰে। এই ধৰণৰ ঔষধবোৰ শৰীৰত দীৰ্ঘদিনৰ বাবে জমা হৈ থাকে। কেঁচুৱাৰ প্ৰাৰম্ভিক কেইমাহ মানৰ ভিতৰত কেঁচুৱাৰ শৰীৰৰ পৰা এইবোৰ ওলাই নাযাব পাৰে আৰু ঔষধবোৰে কেঁচুৱাৰ স্নায়ুতন্ত্ৰৰ ক্ষতি কৰিব পাৰে। উদাহৰণ হিচাপে উদ্বেগবিৰোধী ঔষধ ডাইজাপাম এবিধ বেঞ্জডায়জিপাইন যি স্তনপান কৰা শিশুৰ শিথিলতা, টোপনীৰ ভাৱ আৰু ওজন কমি যোৱাৰ কাৰণ হ’ব পাৰে। শিশুৱে ফেন’বাৰবিটল (লুমিনাছ)নামৰ এটা কঁপনি বিৰোধী ঔষধ আৰু বাৰবিটিউৰেট দেহৰ পৰা লাহে লাহে বাহিৰ কৰি দিয়ে। সেইবাবেই এই ঔষধৰ অতিৰিক্ত মাত্ৰাই টোপনীৰ ভাৱৰ কাৰণ হ’ব পাৰে। সেইবাবেই এই ঔষধৰ অতিৰিক্ত মাত্ৰাই টোপনীৰ ভাৱৰ কাৰণ হ’ব পাৰে। সেইবাবেই চিকিৎসকে স্তনদান কৰা মাতৃক বেঞ্জডাইজিপাইন আৰু বাৰবিটিউৰেটৰ মাত্ৰা কমকৈ প্ৰদান কৰে আৰু পৰ্য্যবেক্ষণ ৰাখি ব্যৱহাৰ কৰিবলৈ দিয়ে।

প্ৰয়োজনীয় সতৰ্কতাসমূহ

যি সকল মহিলাই স্তনপান কৰোৱায় তেওঁলোকে যদি ঔষধ গ্ৰহণ কৰিবই লগা হয়, তেন্তে স্তনপান বন্ধ কৰিব লাগিব। অৱশ্যে ঔষধ গ্ৰহণ বন্ধ কৰাৰ পাছত পুনৰ স্তনপান কৰোৱাব পাৰিব। ঔষধ খোৱাৰ সময়ত মহিলা গৰাকীৰ স্তনৰ গাখীৰৰ প্ৰৱাহ অব্যাহত ৰাখিবলৈ পাম্প কৰি বা আন ব্যৱস্থাৰ স্তনৰ গাখীৰ উলিয়াই পেলাব পাৰে। এইবোৰ পেলাই দিব লাগে। যি সকল মহিলাই ধূমপান কৰে তেওঁলোকে ধূমপান কৰাৰ ২ ঘন্টাৰ ভিতৰত স্তনপান কৰাব নালাগে। আকৌ, স্তনপান কৰাওকেই বা নকৰাওক কেঁচুৱাৰ ওচৰত কেতিয়াও ধূমপান কৰিব নালাগে। ধূমপান কৰিলে স্তনৰ গাখীৰ উৎপাদন কমি যায় আৰু ই শিশুৰ ওজন বৃদ্ধিত অন্তৰাই হয়। অত্যাধিক মদ্যপান কৰিলে শিশুটিৰ টোপনীভাৱ বৃদ্ধি পায় আৰু অত্যাধিকভাৱে ঘাঁমি পৰে।

অবৈধ নিচাজাতীয় দ্ৰব্যসমূহ: গৰ্ভাৱস্থাত অবৈধ দ্ৰব্যসমূহৰ ব্যৱহাৰে গৰ্ভাৱস্থাৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে। লগতে ভ্ৰুণ আৰু নৱজাতকৰ বিকাশত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গৰ্ভৱতী মহিলাসকলে এনে নিচাজাতীয় দ্ৰব্যৰ বেজী ল’লে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত ভ্ৰুণলৈয়ো সংক্ৰমণ প্ৰসাৰিত হ’ব পাৰে বা ভ্ৰুণকো আক্ৰমণ কৰিব পাৰে। এই সংক্ৰমণবোৰৰ ভিতৰত পৰে, হেপাটাইটিছ-বি আৰু যৌন সম্পৰ্কৰ দ্বাৰা বিয়পা ৰোগসমূহ (এইডছসহ) ইয়াৰ বাহিৰেও গৰ্ভৱতী মহিলাই নিচাযুক্ত পদাৰ্থ গ্ৰহণ কৰিলে ভ্ৰুণৰ বিকাশ পৰ্য্যাপ্ত নহয়। প্ৰায়েই সময়ৰ পূৰ্বে প্ৰসৱ হোৱা দেখা যায়। যি সকল মহিলাই কোকেইন সেৱন কৰে তেওঁলোকৰ শিশুবোৰৰ ভিন্ন ধৰণৰ সমস্যা থকা দেখা যায়। অৱশ্যে এই সমস্যাবিলাকৰ কাৰণ কোকেইন হয় নে নহয় সেইটো জনা নাযায়। ইয়াৰ কাৰণ ধূমপান, আন নিচাযুক্ত দ্ৰব্য সেৱন, প্ৰসৱপূৰ্ব পৰিচৰ্য্যাৰ অভাৱ, দৰিদ্ৰতা আদিও হ’ব পাৰে।

অপিঅইডছ: অপিঅইডছ জাতীয় দ্ৰব্য যেনে হিৰ’ইন, মেথাডন, মৰফিন আদি দ্ৰব্যসমূহ তৎক্ষণাত গৰ্ভফুল পাৰ হৈ যাব পাৰে। ইয়াৰ ফলত ভ্ৰুণটো এইবোৰ দ্ৰৱ্যৰ প্ৰতি আসক্ত হৈ পৰে। জন্মৰ ৬ ঘন্টাৰ পৰা ৮ দিন পিছলৈকে নিচা এৰাৰ উপসৰ্গবোৰে দেখা দিব পাৰে। অৱশ্যে এনেবোৰ দ্ৰব্য গ্ৰহণৰ ফলত জন্মগত ত্ৰুটি হোৱাৰ ঘটনা বিৰল। গৰ্ভাৱস্থাত এনে দ্ৰব্যৰ ব্যৱহাৰে গৰ্ভাৱস্থাৰ বিভিন্ন জটিলতা যেনে, গৰ্ভপাত, কেঁচুৱাৰ অস্বাভাৱিক প্ৰকাশ, বা সময়ৰ পূৰ্বে প্ৰসৱ হোৱা ধৰণৰ আশংকা বৃদ্ধি কৰে। হিৰইন ব্যৱহাৰ কৰাসকলৰ কেঁচুৱা সৰু হোৱাৰ সম্ভাৱনা অতি অধিক।

এম্ফেটামাইনছ: গৰ্ভাৱস্থাত এনে দ্ৰব্যৰ ব্যৱহাৰৰ ফলত জন্মগত ত্ৰুটি, বিশেষভাৱ হৃদযন্ত্ৰৰ ত্ৰুটি হ’ব পাৰে।

মাৰিজুৱানা: গৰ্ভাৱস্থাত মাৰিজুৱানাৰ ব্যৱহাৰৰ ফলত ভ্ৰুণৰ ক্ষতি হয় নে নহয় সেইটো জানিব পৰা হোৱা নাই। মাৰিজুৱানাৰ প্ৰধান উপাদান হ’ল টেট্ৰাহাইড্ৰ’কেনাবিনল গৰ্ভফুলৰ আৱৰণ পাৰ হৈ যাব পাৰে। অৱশ্যে মাৰিজুৱানাই জন্মগত ত্ৰুটিৰ আশংকা বৃদ্ধি কৰে বা ভ্ৰুণৰ গঠনৰ প্ৰক্ৰিয়া লেহেমীয়া কৰি দিয়ে বুলি কব নোৱাৰি। গৰ্ভাৱস্থাত অতি বেছিকৈ গ্ৰহণ নকৰিলে মাৰিজুৱানাই নৱজাতকৰ আচাৰ-ব্যৱহাৰত সমস্যাৰ সৃষ্টি নকৰে।

প্ৰসৱবেদনা আৰু প্ৰসৱৰ সময়ত ব্যৱহৃত ঔষধসমূহ

স্থানীয় চেতনানাশক মৰফিন, আৰু অন্যান্য বেদনানাশক ঔষধবোৰে সাধাৰণতে গৰ্ভফুলৰ আৱৰণ ভেদ কৰি যায়। ফলত এইবোৰে নৱজাতকক প্ৰভাৱিত কৰিব পাৰে। উদাহৰণস্বৰূপে এইবোৰে নৱজাতকৰ শ্বাস লোৱাৰ ইচ্ছা কমাই দিব পাৰে। সেইবাবেই এনে ঔষধবোৰ প্ৰসৱ বেদনাৰ সময়ত প্ৰয়োজন হ’লে আটাইতকৈ যিমান কম পৰিমাণত কামত আহে সেইখিনিয়েই ব্যৱহাৰ কৰা হয়। শিশুৰ উচ্চতা স্বাভাৱিকভাৱে বৃদ্ধি নাপাবও পাৰে বা ওজন অধিক বৃদ্ধি পাব পাৰে।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate