সুৰক্ষিত মাতৃত্বৰ অৰ্থ হ’ল- সকলো নাৰীয়েই গৰ্ভধাৰণ আৰু গৰ্ভাৱস্থা, শিশু জন্মকে ধৰি সকলো তথ্য নিশ্চিতভাৱে জনা। নিজৰ আৰু শিশুটিৰ সুৰক্ষা, এই সম্পৰ্কীয় স্বাস্থ্য সেৱা আদি সুনিশ্চিতভাৱে পোৱা। এইবোৰৰ ভিতৰত আছে-
প্ৰসূতিৰ মৃত্যূ হোৱাৰ কাৰণসমুহ তিনিটা ভাগত ভগাব পাৰি। সেইকেইটা হ’ল-
সামাজিক কাৰণ | চিকিৎসা সম্পৰ্কীয় কাৰণ | স্বাস্থ্য সেৱাৰ পৰ্য্যাপ্ত ব্যৱস্থা |
---|---|---|
|
|
|
গৰ্ভৱতী মহিলাৰ নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু এই সময়ত ল’ব লগা যত্ন সম্পৰ্কে শিক্ষা দিয়াৰ প্ৰয়োজন। ইয়াৰ ফলত সুৰক্ষিত প্ৰসৱ, প্ৰসৱজনিত জটিলতা আৰু প্ৰসৱজনিত মৃত্যু ৰোধ কৰিব পৰা যায়। জটিল আৰু অতি বিপদজনক গৰ্ভধাৰণ আৰু প্ৰসৱৰ ক্ষেত্ৰত প্ৰাথমিক পৰ্য্যায়তে চিহ্ণিত কৰা আৰু উপযুক্ত চিকিৎসা প্ৰদানো কৰিব পৰা যায়। প্ৰসৱপুৰ্ব যত্নৰ বিশেষ কিছু কথা তলত আলোচনা কৰা হ’ল
লগেলগেই নথিভুক্ত: গৰ্ভৱতী হোৱা বুলি সন্দেহ হ’লেই ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা স্বাস্থ্য কৰ্মীৰদ্বাৰা পৰীক্ষা কৰোৱাৰ প্ৰয়োজন। লগে লগে নথিভুক্তও কৰিব লাগে। প্ৰজননক্ষম সকলো বিবাহিত নাৰীকে গৰ্ভৱতী হোৱাৰ সন্দেহ প্ৰকাশ কৰিলে স্বাস্থ্যকেন্দ্ৰ বা স্বাস্থ্য কৰ্মীৰ দ্বাৰা নথিভুক্ত কৰিবলৈ উৎসাহিত কৰিব লাগে। গৰ্ভধাৰণৰ প্ৰথম তিনিমাহৰ ভিতৰতে নথিভুক্ত কৰাটো অতি উত্তম সময়। যদি কোনো নাৰীয়ে দেৰীকৈও আহে, তেন্তে তেনে নাৰীকো নথিভুক্ত কৰি উপযুক্ত চিকিৎসা আৰু স্বাস্থ্য সেৱা আগবঢ়োৱা উচিত।
কিছুসংখ্যক নাৰীয়ে নিজেই নথিভুক্ত কৰিবলৈ আহে,কিছুমান নাহিবও পাৰে। গতিকে গাঁও, চুবুৰী বা নগৰ অঞ্চলত থকা বিভিন্ন ক্লাৱ, সমাজসেৱী সংগ়ঠন, অংগনবাদী কৰ্মী, পঞ্চায়ত আৰু গাঁও স্বাস্থ্যকৰ্মীৰ জৰিয়তে এনে গৰ্ভৱতী মহিলাসকলক নথিভুক্ত কৰিব পৰা যায়। লগতে স্বাস্থ্যসেৱাও প্ৰয়োজন সাপেক্ষে দিব পৰা যায়।
প্ৰথম অৱস্থাতে নথিভুক্ত কৰাৰ গুৰুত্বতা
ওজন
প্ৰতিবাৰ পৰীক্ষাৰ সময়ত গৰ্ভৱতী মহিলাগৰাকীৰ ওজন লোৱা দৰকাৰ। সাধাৰণতে গৰ্ভৱতী অৱস্থাত এগৰাকী মহিলাৰ ওজন ৯ৰ পৰা ১১ কেজি বাঢ়ে। গৰ্ভধাৰণৰ প্ৰথম তিনিমাহৰ পাছ্ত মহিলাগৰাকীৰ ওজন প্ৰতি সপ্তাহত ১/২ কেজি বা প্ৰতি মাহত ২ কেজিকৈ বাঢ়িব লাগে। যদি কোনো মহিলাই গৰ্ভাৱস্থাত প্ৰয়োজনীয় পৰিমাণৰ কেলৰি’যুক্ত আহাৰ নাখায় তেনে মহিলাৰ ওজন মাত্ৰ ৫-৬ কেজিহে বাঢ়ে। যদি কোনো গৰ্ভৱতী মহিলাৰ ওজন প্ৰতিমাহত ২ কেজিতকৈ কম বাঢ়ে তেন্তে বুজিব লাগিব তেওঁ পৰ্য্যাপ্ত পৰিমাণৰ আহাৰ খোৱা নাই। এনে ক্ষেত্ৰত মহিলাগৰাকীক পৰ্য্যাপ্ত পৰিমাণৰ আহাৰ গ্ৰহণ কৰাৰ পৰামৰ্শ অথবা পৰিপূৰক আহাৰৰ পৰামৰ্শ দিব লাগে। গৰ্ভৱতীৰ ওজন কম হোৱা মানে সাধাৰণতে এইটোৱেই বুজা যায় যে, জৰায়ুত শিশুটি ঠিকমতে বাঢ়িব পৰা নাই। এনে ক্ষেত্ৰত শিশুটিৰ জন্মৰ সময়ত ওজন কম হ’ব পাৰে। যদি কোনো মহিলাৰ ওজন প্ৰতিমাহত ৩ কেজিতকৈও অধিক হয় তেন্তে তেওঁক অনতি পলমে চিকিৎসকক দেখুৱাব লাগে। কাৰণ ওজন বৃদ্ধিয়ে টক্সিমিয়াৰ পূৰ্ব লক্ষণ বা যজা শিশু গৰ্ভত থকাটো সন্দেহ কৰা হয়।
উচ্চতা
গৰ্ভৱতী মহিলাৰ উচ্চতাৰ লগত সন্তান জন্মৰ যোগসূত্ৰ আছে। অতি কম উচ্চতাৰ গৰ্ভৱতী মহিলাৰ গৰ্ভ সৰু হয়। তেনে মহিলাৰ সন্তান জন্মৰ সময়ত জটিলতা বৃদ্ধি পাব পাৰে। ১৪৫ ছেন্টিমিটাৰতকৈ কম উচ্চতাৰ মহিলাই যদি প্ৰথমবাৰ গৰ্ভধাৰণ কৰে, তেনে মহিলাৰ ক্ষেত্ৰত এই জটিলতা অধিক বেছি হয়। এনে মহিলাক চিকিৎসালয়ত প্ৰসৱ কৰোৱাব লাগে।
ৰক্তচাপ
গৰ্ভাৱস্থাত ৰক্তচাপ যাতে বাঢ়ি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।সেয়ে গৰ্ভৱতী মহিলাৰ নিয়মিত ৰক্তচাপ জোখা উচিত। যদি উচ্চ ৰক্তচাপ হয় (১৪০/৯০ mmHg; তকৈ বেচি আৰু diastolic-৯০ mmHgতকৈ বেচি ) আৰু প্ৰস্ৰাৱত এলবুমিন নামৰ প্ৰ’টিন বিধ থাকে তেন্তে মহিলাগৰাকীৰ বিষক্ৰিয়া (টক্সিমিয়া’) পূৰ্বাৱস্থা স্তৰৰ ৰোগী হিচাপে ধৰা হয়। যদি diastolic ৰক্তচাপ ১১০ mmHg, তকৈ বেচি হয় তেন্তে মহিলাগৰাকী বিষক্ৰিয়া (টক্সিমিয়া’) হোৱাৰ সম্ভৱনা থাকে। এনে দুয়ো ধৰণৰ মহিলাক অনতি পলমে স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়লৈ নিয়া উচিত। এনে মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা উচিত।
ধেলা বা শেঁতা ভাৱ
বহু মহিলা গৰ্ভাৱস্থাত এনিমিয়া বা ৰক্তহীনতাত ভোগে। চকুৰ তলপতাৰ ভিতৰভাগ, হাতৰ তলুৱা, নখ আৰু মুখৰ ভিতৰৰ অংগ ধেলা বা শেঁতা হয়। তেনে মহিলা ৰক্তহীনতাত ভোগে।
উশাহ-নিশাহৰ হাৰ
গৰ্ভৱতী মহিলাৰ উশাহ-নিশাহৰ হাৰ জোখাটো অতি প্ৰয়োজন। যদি কোনো মহিলাই উশাহ-নিশাহত কষ্ট পোৱা যেন বোধ কৰে। তেওঁৰ ক্ষেত্ৰত এই পৰীক্ষা অতি গুৰুত্বপূৰ্ণ। যদি কোনো মহিলাৰ উশাহ-নিশাহৰ হাৰ প্ৰতি মিনিটত ৩০ বাৰতকৈ বেছি হয় আৰু ওপৰত উল্লেখ কৰা শেঁতা ভাব থাকে তেন্তে ৰোগীক অতি সোনকালে চিকিৎসকক দেখুৱাব লাগে। কাৰণ এনে মহিলা সাংঘাটিকভাৱে ৰক্তহীনতাত ভুগিছে।
পানী জমা হোৱা
গৰ্ভাৱস্থাত যদি মুখ মণ্ডলত উখহা ভাৱ থাকে তেনে মহিলাগৰাকীৰ পানী জমা হোৱা বুলি বুজা যায়। এনে মহিলাৰ Eclampsia ৰোগৰ পূৰ্বাভাষ বুলি সন্দেহ কৰা হয়।
গৰ্ভ পৰীক্ষা
ভ্ৰুণৰ বৃদ্ধি, গৰ্ভাৱস্থাৰ অগ্ৰগতি, ভ্ৰুণৰ অৱস্থান (তলমুৱা বা ওপৰমুৱা) আদি জনাৰ বাবে গৰ্ভ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।
পৰিপুৰক আইৰণ আৰু ফলিক এচিড
গৰ্ভৱতী মহিলাৰ শৰীৰত আইৰণৰ যাতে অভাৱ নহয় আৰু ৰক্তহীনতাত নোভোগে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। ইয়াৰ বাবে মহিলাগৰাকীক যথেষ্ট পৰিমাণৰ আইৰণ পৰিপুৰক টেবলেট দিব লাগে। গৰ্ভধাৰণৰ প্ৰথম তিনিমাহৰ পাছ্ত ১৪-১৬ সপ্তাহৰ ভিতৰত প্ৰতিদিনে ১ টাকৈ আইৰণ ফলিক এচিড টেবলেট (আইৰণ ১০০ মিলিগ্ৰাম আইৰণ আৰু ০.৫ মিলিগ্ৰাম ফলিক এচিড) ১০০ দিনৰ বাবে খাবলৈ দিব লাগে। এই ঔষধ ৰক্তহীনতা প্ৰতিৰোধ কৰিবলৈ দিয়া হয়। যদি কোনো মহিলা ৰক্তহীনতাত ভুগে বা তেওঁক শেঁতা দেখা যায় তেন্তে তেওঁক দিনে দুটাকৈ বড়ি তিনিমাহৰ বাবে দিব লাগে। তেওঁক মুঠতে ২০০টা বড়ি খাবলৈ দিয়া উচিত। যি সকলৰ ৰক্তহীনতাৰ বাবে উশাহ লোৱাত কষ্ট বা বুকুৰ ধপধপনি বেছি হয় তেওঁলোককো এই ২০০ বড়ি খাবলৈ দিয়াৰ লগতে প্ৰয়োজনীয় চিকিৎসাৰ বাবে চিকিৎসকৰ কাষলৈ নিব লাগে।
টিটেনাছ টক্সাইডৰ বেজী
সকলো গৰ্ভৱতী মহিলাকে দুটা টিটেনাছ টক্সাইডৰ বেজী দিয়া দৰকাৰ। ই মাক আৰু শিশুটিক টিটেনাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰে। প্ৰথম বেজীটো গৰ্ভধাৰণৰ তিনিমাহৰ পাছত দিব লাগে। গৰ্ভধাৰণৰ প্ৰথম তিনিমাহৰ ভিতৰত এই বেজী দিব নালাগে। যদি তিনিমাহতকৈ বেছি দেৰিকৈহে গৰ্ভৱতী মহিলা গৰাকীক নথিভুক্ত হয়, তেতিয়া লগে লগেই এই বেজী দিব লাগে। দ্বিতীয় বেজীটো প্ৰথমটো দিয়াৰ এমাহ পাছত দিব লাগে। কিন্তু লক্ষ্য কৰিব লাগে যাতে সম্ভাব্য প্ৰসৱৰ এমাহৰ আগতে যাতে এই বেজী দিয়া হয়।
এগৰাকী গৰ্ভৱতী মহিলাই যথেষ্ট পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা উচিত। ভ্ৰুণৰ যথোপযুক্ত বৃদ্ধি, মাকৰ সু-স্বাস্থ্য, প্ৰসৱৰ সময়ত মাকৰ শাৰিৰীক শক্তি আৰু শিশু জন্মৰ পাছত শিশুটিৰ বাবে প্ৰয়োজনীয় মাতৃদুগ্ধ এই আহাৰৰ ওপৰতেই নিৰ্ভৰ কৰে। ভ্ৰুণৰ যথোপযুক্ত বৃদ্ধিৰ বাবে প্ৰ’টিন সমৃদ্ধ আহাৰৰ প্ৰয়োজন। পৰাপক্ষত গৰ্ভৱতী মহিলাক যথেষ্ট পৰিমাণৰ গাখীৰ, কণী, মাছ-মাংস খাবলৈ দিব লাগে। যদি মহিলাগৰাকী নিৰামিষভোজী হয় তেনেহ’লে প্ৰচুৰ পৰিমাণে শস্যজাতীয় খাদ্য যেনে, দাইল, বাদাম আদি খাবলৈ দিব লাগে। গৰ্ভৱতী মহিলাৰ ৰক্তহীনতা দূৰ কৰিবলৈ আৰু ভ্ৰুণক প্ৰয়োজনীয় ৰক্ত যোগানৰ বাবে খাদ্যত যথেষ্ট পৰিমাণৰ আইৰণ থকা দৰকাৰ। গৰ্ভৱতী মহিলাই গুড়, ৰাগি বা বাজৰাৰ খাদ্য দিব লাগে। তিল আৰু প্ৰচুৰ পৰিমাণে গাঢ় সেউজীয়া শাক-পাচলি খাবলৈ দিব লাগে। জীৱ-জন্তুৰ কিডনী আৰু লিভাৰতো যথেষ্ট পৰিমাণৰ আইৰণ থাকে।
ভ্ৰুণৰ হাড় আৰু দাঁত তৈয়াৰ হ’বলৈ কেলছিয়ামৰ অতি প্ৰয়োজন। গাখীৰত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। ৰাগি আৰু বাজৰাতো যথেষ্ট কেলছিয়াম পোৱা যায়। সৰু শুকান মাছতো কেলছিয়াম অধিক পৰিমাণত থাকে। সেয়ে গৰ্ভৱতী নাৰীক এই খাদ্যবোৰ খাবলৈ উৎসাহিত কৰিব লাগে।
গৰ্ভৱতী মহিলাৰ বাবে ভিটামিন অতি প্ৰয়োজন। গাঢ় সেউজীয়া শাক-পাচলি, ফল-মূল, (বিশেষকৈ টেঙাজাতীয়) আদিত যথেষ্ট ভিটামিন পোৱা যায়।
সুপৰিবৰ্দ্ধিত খাদ্য
গৰ্ভৱতী নাৰীৰ ৰক্তচাপ আৰু প্ৰ’টিনৰ বিষক্ৰিয়া (টক্সিমিয়া’) থাকিলে কম নিমখ থকা খাদ্য দিয়া উচিত। কম নিমখীয়া খাদ্যই শৰীৰত পানী জমা হোৱাটো প্ৰতিৰোধ কৰে। গৰ্ভৱতী নাৰীয়ে সাধাৰণ খাদ্য খাব পাৰে যদিও নিমখীয়া খাদ্য নোখোৱাই ভাল। খাদ্যত কম নিমখ বা নিমখ নিদিয়া খাদ্য খুৱাবলৈ চেষ্টা কৰিব লাগে।
বিষক্ৰিয়াৰ পূৰ্বাভাষ থকা নাৰী বিশেষকৈ যিসকলৰ প্ৰস্ৰাৱত এলবুমিন প্ৰ’টিন পোৱা যায় তেনে মহিলাক অধিক পৰিমাণত প্ৰ’টিন থকা খাদ্য দিয়া উচিত।
গৰ্ভৱতী অৱস্থাত শৰীৰে কষ্ট পোৱাকৈ কোনো ধৰণৰ শাৰিৰীক শ্ৰম কৰিবলৈ দিব নালাগে। শৰীৰে কষ্ট পোৱা কাম কৰিলে গৰ্ভপাত, অসময়ত প্ৰসৱ, কম ওজনৰ শিশু জন্ম আদি ধৰণৰ জটিল অৱস্থা হ’ব পাৰে। যদিহে মহিলাগৰাকীয়ে প্ৰয়োজন অনুসৰি যথেষ্ট পৰিমাণে খাদ্য নাখায়, মহিলা গৰাকীক শাৰিৰীক কষ্ট পোৱা কোনো কাম কৰিবলৈ দিব নালাগে। যদি কোনো পধ্যেই এনে কাম নকৰাকৈ থাকিব নোৱাৰে তেন্তে কামৰ মাজে মাজে বিশ্ৰাম লোৱাটো খুবেই জৰুৰী। গৰ্ভৱতী মহিলাই যিমান পাৰে সিমান বেছিকৈ বিশ্ৰাম ল’ব লাগে। দুপৰীয়া এঘণ্টামান সময় বিশ্ৰাম আৰু নিশা ৬-১০ ঘণ্টা যাতে শুব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
তলত উল্লেখ কৰা লক্ষণবোৰে মহিলা গৰাকীক অস্বস্তি আৰু জটিলতাত পেলাব পাৰে।
অস্বস্তিকাৰক লক্ষণ |
জটিলতাৰ সৃষ্টি কৰিব পৰা লক্ষণ |
|
|
গৰ্ভাৱস্থাত সাধাৰণতেই মহিলাগৰাকীয়ে কিছু কষ্ট পায়। তাৰ মাজতে গৰ্ভাৱস্থাত অসুস্থ হ’লে মহিলা গৰাকীয়ে যথেষ্ট অস্বস্থি আৰু কষ্ট পায়। তাৰোপৰি এই সময়ত কিছুমান ঔষধ খাব নোৱাৰি। গৰ্ভাৱস্থাত মেলেৰিয়াৰ দৰে ৰোগ হ’লে মহিলাগৰাকী অতি জটিল অৱস্থাত পৰিব পাৰে। সেইবাবেই গৰ্ভাৱস্থাত বেমাৰ আজাৰৰপৰা হাত সাৰি থাকিবলৈ যথেষ্ট সতৰ্কতা অৱলম্বন কৰা উচিত। উদাহৰণ স্বৰূপে মেলেৰীয়া নহ'বলৈ সদায় আঠুৱা তৰি শুব লাগে। পানী সদায় উতলাই চেঁচা কৰি খাব লাগে।
সদায় গা ধুব লাগে। স্নান কৰিলে শৰীৰটো সতেজ হৈ থাকে। ইয়াৰ উপৰি বীজাণু সংক্ৰমণ হোৱাৰ সম্ভৱনা কমি যায়। স্তন যুগল আৰু যৌনাংগ বাৰে বাৰে পৰিষ্কাৰ পানীৰে ধুব লাগে। এই অংগবোৰ ধুওঁতে কোনো ৰাসায়নিক পদাৰ্থ বা চাবোন ব্যৱহাৰ নকৰিলেও হয়। ব্যৱহাৰ কৰিলে ক্ষতি হোৱাৰ সম্ভাৱনাহে বেছি থাকে। পাতল আৰু ধিলা পোছাক পিন্ধিব লাগে। এই সময়ত স্তন যুগলৰ আকাৰ ডাঙৰ আৰু কোমল হয়। সেয়ে স্তন যুগলৰ সুবিধাজনক, ভাল ফিটিংৰ ব্ৰা পৰিধান কৰিব লাগে।
গৰ্ভাৱস্থাত যদি জটিলতা নাথাকে তেনেহ’লে এই সময়ত যৌন সম্ভোগ নিৰাপদ। যদি কোনো মহিলাৰ পুৰ্বে আগতীয়া প্ৰসৱৰ দৰে জটিলতা হৈছিল, তেনে মহিলাই এই সময়ত যৌন সম্ভোগ নকৰাই উচিত। গৰ্ভাৱস্থাত কিছুমান মহিলাৰ যৌন সম্ভোগৰ ইচ্ছা কমি যায়। এনে ক্ষেত্ৰত স্বামীক এই কথা বুজাই দিয়া উচিত যে এইটো এটা স্বাভাৱিক কথা। যৌন সম্ভোগৰ আগতে স্বামীয়ে স্ত্ৰীৰ সন্মতি ল’ব লাগে। বহু স্বামী-স্ত্ৰীয়ে যৌন সংগমৰ সময়ত অস্বস্থি বোধ কৰে। যৌন সম্ভোগৰ সময়ত গৰ্ভৱতী গৰাকীয়ে যাতে কোনো অসুবিধা বা অস্বস্থি বোধ নকৰে তাৰ প্ৰতি স্বামী সতৰ্ক হ’ব লাগে।
গৰ্ভাৱস্থা আৰু প্ৰসৱৰ পাছত প্ৰতি দহগৰাকী মহিলাৰ ভিতৰত ৪ গৰাকীৰে কিছুমান জটিলতাই দেখা দিয়ে। এই জটিলতা থকা ১৫ শতাংশ মহিলাৰ প্ৰাণ নাশৰ সম্ভৱনা থাকে। এনে মহিলাক তৎকালে চিকিৎসা প্ৰদান কৰিব লাগে যিহেতু এনে জটিলতাবোৰৰ বিষয়ে আগৰে পৰা অনুমান কৰিব পৰা নাযায়, সেয়েহে প্ৰতিগৰাকী গৰ্ভৱতী নাৰীৰ বাবে এনে জটিলতাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ জৰুৰীকালীন ব্যৱস্থা সাজু কৰি ৰাখিব লাগে।
প্ৰতি গৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়ত প্ৰসৱৰ বাবে উৎসাহিত কৰিব লাগে। প্ৰসৱৰ সময়ত যিকোনো ধৰণৰ জটিলতাৰ সৃষ্টি হ’ব পাৰে। এনে জটিলতাই নৱজাতক বা মাতৄ গৰাকীৰ বাবে প্ৰানণাশক হ’ব পাৰে। স্বাস্থ্যকেন্দ্ৰবোৰত সকলো ধৰণৰ জটিলতাৰ বাবে জৰুৰীকালীন ব্যৱস্থা, স্বাস্থ্যকৰ্মী, সা-সৰঞ্জাম, ঔষধ পথ্যৰ ব্যৱস্থা থাকে। প্ৰয়োজনত উন্নত চিকিৎসাৰ বাবে ডাঙৰ চিকিৎসালয়লৈ পঠিওৱাৰ ব্যৱস্থাও থাকে।
সহায়কাৰী ব্যক্তিক চিনাক্ত কৰি থওক-
মহিলাগৰাকীক আৰু নৱজাতকক দেখা শুনা আৰু যত্ন লোৱা, ঘৰখন চোৱা-চিতা কৰা, জৰুৰী অৱস্থাত মহিলাগৰাকীক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা, গাড়ী বা আন বাহনৰ ব্যৱস্থা কৰা, আদি কামবোৰত সহায় কৰিবলৈ যথেষ্ট লোকৰ প্ৰয়োজন হয়। আত্মীয় বা আন সামাজিক অনুষ্ঠান যেনে অংগনবাদী কেন্দ্ৰ, ধাই, গ্ৰামীন স্বাস্থ্যকৰ্মী আদিক আগতীয়াকৈ সহায়ৰ বাবে কৈ থোৱা ভাল।
প্ৰসৱ আৰু সেই সম্পৰ্কীয় অন্যান্য খৰচ যেনে ( গাড়ী ভাড়া আদি ) যথেষ্টে বেছি হব পাৰে। গৰ্ভৱতী মহিলাগৰাকী বা তেওঁৰ পৰিয়ালক এই বিষয়ে আগতীয়াকৈ সাজু হৈ থাকিবলৈ কোৱা দৰকাৰ।
খৰছৰ আনুমানিক হিচাব এটা কৰি থোৱা ভাল। তাৰোপৰি, যদি কিবা জটিল অৱস্থাৰ জটিল সৃষ্টি হয়, তেন্তে ভালেমান ধনৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে। সেইবাবেই প্ৰসৱৰ নামত এটা পুঁজি জমা ৰখা বা প্ৰয়োজন হ’লে কাৰ পৰা কেনেকৈ নিশ্চিতভাৱে অৰ্থ সহায় পাব পাৰে সেয়া আগতে ঠিক কৰি থব লাগে। প্ৰসৱ, মাতৃৰ স্বাস্থ্য আদি বিষয়ৰ নানা আঁচনিৰ যোগেদি চিকিৎসা খৰচৰ বাবদ ধন দিয়াৰ ব্যৱস্থা আছে। সময়ে সময়ে লোৱা এই আঁচনিবোৰৰ সম্পৰ্কেও গৰ্ভৱতী বা পৰিয়ালক জনাই দিয়া উচিত।
প্ৰসৱৰ লক্ষণঃ তলৰ যিকোনো এটা লক্ষণ দেখিলেই প্ৰসৱৰ সময় হৈছে বুলি ধৰিব পাৰি। এনে লক্ষণ দেখা দিলে মহিলাগৰাকীক ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ যাবলৈ পৰামৰ্শ দিব লাগে। যদি স্বাস্থ্যকেন্দ্ৰ ওচৰত নাই তেন্তে গাঁৱৰ স্বাস্থ্য কৰ্মীৰ লগত যোগাযোগ কৰিব লাগে।
বিপদৰ লক্ষণ
গৰ্ভাৱস্থা, প্ৰসৱ আৰু প্ৰসৱৰ পাছত হ’ব পৰা সম্ভাব্য জটিল পৰিস্থিতিৰ বিষয়ে গৰ্ভৱতী/ স্বামী/ পৰিয়ালৰ শুশ্ৰুষাকাৰী সকলো লোককে জনাই থ’ব লাগে।
তলত উল্লেখ কৰা যিকোনো এটা জটিলতাৰ লক্ষণ দেখা দিলেই কাল বিলম্ব নকৰাকৈয়ে ওচৰৰ চিকিৎসালয় বা স্বাস্থ্যকেন্দ্ৰলৈ যাব লাগিব। সেয়া দিনেই হওক বা ৰাতি।
তলত উল্লেখ কৰা লক্ষণে দেখা দিলে মহিলাগৰাকীক স্বাস্থ্যকেন্দ্ৰলৈ নিব লাগে।
গৰ্ভাৱস্থাত যোনীৰে তেজ ওলোৱা, প্ৰসৱৰ আগত বা পাছত বেছিকৈ ৰক্তস্ৰাৱ হোৱা। ( ৫০০ মিলিলিটাৰ বা আধালিটাৰতকৈ বেছি)
তলত উল্লেখ কৰা লক্ষণে দেখা দিলে মহিলাগৰাকীক ২৪ ঘণ্টাই খোলা থকা স্বাস্থ্যকেন্দ্ৰলৈ নিব লাগিব।
ওচৰৰ স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থান
গৰ্ভৱতী মহিলা আৰু তেওঁৰ পৰিয়ালে ওচৰৰ স্বাস্থ্যকেন্দ্ৰ আৰু চিকিৎসালয়ৰ বিষয়ে জানি থব লাগে। ২৪ ঘণ্টাই প্ৰসৱজনিত জটিলতাৰ বাবে উপযুক্ত স্বাস্থ্যকেন্দ্ৰ আৰু তেজ দিয়া, অস্ত্ৰোপচাৰ কৰিব পৰা চিকিৎসালয়ৰ বিষয়ে আগতীয়াকৈ জানি থোৱা উচিত।
দেৰীকৈ চিকিৎসা পোৱা বা পলমকৈ চিকিৎসালয় বা স্বাস্থ্যকেন্দ্ৰ পোৱাৰ ফলতো যথেষ্ট সংখ্যক মহিলাৰ মৃত্যু হয়। যদি মহিলাগৰাকীয়ে চিকিৎসালয়ত প্ৰসৱ কৰোৱাৰ সিদ্ধান্ত লয় তেন্তে যথা সময়ত পাব পৰাকৈ এখন গাড়ীৰ ব্যৱস্থা কৰি থ’ব লাগে। যদি ঘৰতে প্ৰসৱ কৰিব বুলি ভাৱে- তথাপিও যথা সময়ত ঘৰৰ আগত এখন গাড়ী সাজু কৰি থব লাগে। কাৰণ প্ৰসৱৰ সময়ত বা আগমুহূৰ্তত যিকোনো জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে। আৰু অতি জৰুৰীভাৱে মহিলাগৰাকীক স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়লৈ নিব লগা হ’ব পাৰে। যদি গাঁৱত কোনো গাড়ী পোৱা নাযায়, তেন্তে গাঁও স্বাস্থ্য সমিতি, ক্লাৱ, সমাজসেৱী সংগঠন আদিক গাড়ীৰ বাবে অনুৰোধ কৰিব লাগে। এনে ধৰণৰ জৰুৰীকালীন অৱস্থাৰ বাবে এম্বুলেঞ্চৰ ব্যৱস্থাও কিছু কিছু ঠাইত আছে।
প্ৰসৱৰ সময়ত আৰু পাছত অধিক ৰক্তপাত হ’ব পাৰে। ইও মহিলাৰ প্ৰসৱজনিত মৃত্যুৰ প্ৰধান কাৰণ। এনে সময়ত তেজ যোগান ধৰি মহিলাগৰাকীক বচাব পাৰি। যিহেতু তেজ কিনিবলৈ পোৱা নাযায়। গতিকে এই তেজ বিনিময় প্ৰথাৰে পাব পাৰি। গতিকে তেজ দান কৰিব পৰা ২-৩ গৰাকী ব্যক্তি সাজু কৰি ৰাখিব লাগে।
প্ৰসুতিৰ যত্ন
প্ৰসৱজনিত মৃত্যুৰ ৫০ শতাংশই প্ৰসূতি। এয়া গৱেষণাত ওলাই পৰিছে। সাধাৰণতে প্ৰসৱৰ পাছৰ ৪২ দিন প্ৰসৱ-পৰৱৰ্তী সময় বুলি ধৰা হয়। প্ৰসৱৰ পাছৰ ৪৮ ঘণ্টা আৰু ইয়াৰ পিছৰ এসপ্তাহ নৱজাতক শিশু-মাকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। এইখিনি সময়তে বেছিভাগ শিশু আৰু মাকৰ যথেষ্ট জটিল অৱস্থাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। যি প্ৰাণঘাটিও হ’ব পাৰে। মাতৃ আৰু শিশুৰ যত্ন সম্পৰ্কীয় সকলোবোৰ বিষয়ৰ ভিতৰত প্ৰসৱ, প্ৰসৱৰ পাছৰ আৰু নৱজাতকৰ যত্ন লোৱা বিষয়টোক প্ৰায়েই উপেক্ষা কৰা হয়। ভাৰতৰ প্ৰতি ৬ গৰাকী মহিলাৰ ভিতৰত মাত্ৰ এগৰাকী মহিলাইহে প্ৰসূতিৰ স্বাস্থ্যসেৱা লাভ কৰে। নেচনেল ফেমেলী হেল্থ চাৰ্ভেত পোৱা তথ্য মতে, ঘৰত প্ৰসৱ কৰা মহিলা ভিতৰত মাত্ৰ ১৭ শতাংশ মহিলাক দুমাহৰ ভিতৰত চিকিৎসকে পৰীক্ষা কৰে। মাত্ৰ দুই শতাংশ মহিলাই প্ৰসৱৰ দুদিনৰ ভিতৰত আৰু মাত্ৰ ৫ শতাংশ মহিলাই প্ৰসৱৰ প্ৰথম সাতদিনৰ ভিতৰত চিকিৎসা সেৱা লাভ কৰে। আনকি এই কম সংখ্যক মহিলাৰ মাজৰ বহুতেই প্ৰসৱৰ পাছত চিকিৎসকৰ ওচৰলৈ গৈ যথাযথ তথ্য, স্বাস্থ্যসেৱা আৰু পৰামৰ্শ লাভ নকৰে। যিবোৰ প্ৰসূতিয়ে পোৱা বা জনা অতি আৱশ্যকীয়। প্ৰসৱৰ পিছত এগৰাকী মহিলাই আবেগিক আৰু শাৰিৰীকভাৱে তেওঁৰ পৰিৱৰ্তনৰ সৈতে খাপ খাব লগা হয়। সেয়েহে তেওঁৰ অসুবিধাবোৰৰ কথা বুজিবলৈ চেষ্টা কৰিব লাগে আৰু সমৰ্থন কৰিব লাগে। এই সময়ত চিকিত্সাযোগ্য কিছুমান বিসংগতি হ’ল জৰায়ু আৰু তাৰ চাৰিওফালে থকা তন্ত্ৰ সমূহত সংক্ৰমন, মুত্ৰনলীৰ সংক্ৰমন, গৰ্ভাশয়ৰ স্থান সাংঘাটিকভাৱে সলনি হোৱা আৰু প্ৰসৱৰ পিছৰ মানসিক অসুস্থতা। এনেবোৰ সমস্যাৰ বাবে লগে লগে চিকিৎসা কৰোৱাৰ প্ৰয়োজন। চিকিৎসাৰ বিলম্ব হ’লে এই সমস্যাবোৰ অধিক জটিল অৱস্থালৈ যাব পাৰে আৰু প্ৰসূতিৰ মৃত্যুও হ’ব পাৰে।
সম্ভাব্য জটিল অৱস্থা
প্ৰসৱৰ পাছত তিনিটা অত্যন্ত জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে-এক্লামেচিয়া ( প্ৰসূতা, প্ৰসৱৰ দুদিনৰ ভিতৰত), সংক্ৰমন আৰু অত্যাধিক ৰক্তক্ষৰণ।
প্ৰসৱত বেছি সময় ল’লে বা প্ৰসৱ দ্বাৰৰ কাষবোৰ বা ছাল ছিঙি যোৱাৰ ফলতে সংক্ৰমণ হয়। যিলোকে প্ৰসৱ কৰোৱায় (ধাই, স্বাস্থ্যকৰ্মী, চিকিৎসক) তেওঁলোকৰ হাত বা প্ৰসৱৰ সময়ত ব্যবহাৰ কৰা সা-সৰঞ্জামবোৰৰ পৰাই সাধাৰণতে সংক্ৰমণ হয়। যদি মহিলাগৰাকীৰ চিজাৰিয়ান অপাৰেচন কৰিব লগা হয় তাৰ ফলতো সংক্ৰমণ হ’ব পাৰে। জ্বৰ, মুৰৰ বিষ, তলপেটৰ বিষ, দুৰ্গন্ধ যুক্ত স্ৰাৱ, বমি বা পাতল পায়খানা হোৱা আদিবোৰ সাংঘাটিকভাৱে সংক্ৰমণ হোৱাৰ কেইটামান লক্ষণ। এইবোৰ বিপদজনক লক্ষণে দেখা দিলে প্ৰসূতিগৰাকীক শীঘ্ৰে চিকিৎসকৰ ওচৰলৈ নিব লাগে। প্ৰসৱৰ ১০ দিন বা তাৰ পাছতো তেজ যাব পাৰে। সন্তান জন্ম হোৱাৰ পিছতেই যদি ফুল সম্পুৰ্ণভাৱে নসৰে বা ওলাই নাহে তেতিয়াও তেজ গৈ থাকে আৰু ক্ৰমশ বেছিকৈ তেজ যাবলৈ ধৰে।
এনেবোৰ জটিলতাৰ ফলত ৰক্তহীনতা আৰু ফিচুলা হ’ব পাৰে। যোনীপথ আৰু প্ৰস্ৰাৱ নলী বা মলদ্বাৰৰ মাজত হোৱা বিন্ধাকে ফিচুলা বুলি কোৱা হয়।
গুৰুতৰ জটিলতা
প্ৰসৱৰ পিছৰ বিপদজনক লক্ষণ
মহিলা এগৰাকীয়ে শিশু জন্ম দিয়াৰ পাছত যদি তলত উল্লেখ কৰা বিপদজনক লক্ষণবোৰৰ যিকোনো এটা দেখা যায়, তেন্তে শীঘ্ৰে তেওঁক চিকিৎসালয়লৈ নিব লাগে।
প্ৰসৱৰ ৭-১০ দিনৰ ভিতৰত প্ৰসূতিক চিকিৎসালয়লৈ লৈ গৈ বা ডাক্তৰক ঘৰলৈ মাতি আনি পৰীক্ষা কৰোৱাব লাগে। ঘৰত প্ৰসৱ হলে এনে স্বাস্থ্য পৰীক্ষা অতি প্ৰয়োজনীয়। প্ৰসৱৰ বেদনা আৰু কষ্টৰপৰা মাক আৰু শিশুটিয়ে সকাহ পাইছেনে নাই সেই কথা বুজিবৰ বাবে এই পৰীক্ষা অতি দৰ্কাৰ। যদি পৰীক্ষাত সকলো ঠিকে থাকে তেন্তে প্ৰসৱৰ ডেৰ মাহৰ পাছত পুনৰ মাক আৰু শিশুক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে। এইবাৰ মাক আৰু শিশুটি সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে শিশুটিক প্ৰতিষেধক বেজী দিব লাগে। ইয়াৰ ওপৰিও স্তনপান, যৌন সম্পৰ্ক, পৰিয়াল পৰিকল্পনা, শিশুটিৰ প্ৰতিষেধক বেজী আৰু অন্যান্য বিষয়বোৰ সম্পৰ্কে জনাব লাগে। মহিলাগৰাকীৰ মনত কিবা খু- দুৱঁনি থাকিলে এই সময়তে সেইবোৰ জানি ল’ব পাৰে।
প্ৰসৱ বেদনা আৰু প্ৰসৱৰ সময়তে হেৰুৱা শক্তি ঘুৰাই পাবলৈ প্ৰসূতিয়ে ভালদৰে খোৱা-বোৱা কৰিব লাগে। প্ৰসৱৰ সময়ত যিহেতু যথেষ্ট ৰক্তপাত হয় সেয়ে দেহত ৰক্তহীনতাৰ সৃষ্টি নহ’বলৈ আইৰণৰ বড়ি খাই থাকিব লাগে। স্তনপান কৰোৱা মহিলাই ওপৰঞ্চিভাৱে খাদ্য আৰু পানীয় খাব লাগে। এনে মহিলাই গৰ্ভাৱস্থাৰ সময়তকৈ বেছি খাদ্য খাব লাগে, কিয়নো স্তনপান কৰাবলৈ মহিলাগৰাকীৰ দেহত যথেষ্ট পৰিমাণৰ পুষ্টি সঞ্চিত থাকিব লাগে। কেলৰি, প্ৰ’টিন, আইৰণ, ভিটামিন আৰু অন্যান্য অনুপোষক সমৃদ্ধ খাদ্য বেছিকৈ খোৱা প্ৰয়োজন। শস্য জাতীয় খাদ্য, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য, গাঢ় সেউজীয়া শাক-পাচলি, ফল-মূল, মাংস, কণী আৰু মাছ খাব লাগে। গৰ্ভৱতী অৱস্থাত যেনেদৰে বহুবোৰ খাদ্যৰ প্ৰতি অৰুচিভাৱ আহে, তেনেদৰে প্ৰসৱৰ পাছতো এই অৰুচিভাৱ বাঢ়ি যায়। প্ৰসূতিয়ে প্ৰচুৰ পৰিমাণে জুলীয়া খাদ্য খাব লাগে। আগৰ শক্তি ঘুৰাই পাবলৈ মহিলাগৰাকীয়ে পৰ্য্যাপ্ত সময় বিশ্ৰাম কৰিবলৈ পাব লাগে। তেওঁক নিজৰ আৰু নৱজাতকৰ যত্নৰ বাহিৰে আন গধুৰ কাম-কাজ কৰিবলৈ দিব নালাগে। এই কথা তেওঁ, স্বামী আৰু পৰিয়ালৰ সকলো সদস্যই মনত ৰখা উচিত।
যোনীৰে কোনো বস্তু যাতে ভিতৰলৈ নোসোমায় সেই কথা প্ৰসূতি গৰাকীক ভালদৰে বুজাই দিব লাগে। প্ৰস্ৰাৱ আৰু শৌচ কৰাৰ পাছত নিয়মিত যৌনাংগ আৰু তাৰ চাৰিওকাষ পৰিষ্কাৰ কৰি ধুৱা উচিত। যদি লোচিয়া (সুতিস্ৰাৱ) হয়, তেন্তে ঘনাই (৪-৬ ঘণ্টাৰ ভিতৰত)
নেপকিন সলনি কৰিব লাগে। যদি কাপোৰ ব্যৱহাৰ কৰে, তেন্তে ভালদৰে চাবোন ঘঁহি পানীৰে ধুই পৰিষ্কাৰ কৰি ৰ’দত শুকুৱাব লাগে। প্ৰসূতিয়ে নিয়মিত পৰিষ্কাৰকৈ গা ধুব লাগে। নৱজাতকক স্পৰ্শ কৰাৰ আগতে পৰিষ্কাৰকৈ হাত ধুই লব লাগে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
গৰ্ভৱতী অৱস্থাৰ যতনৰ বিষয়ে লিখা হৈছে ।
সন্তান-সম্ভৱা মাতৃৰ যতন