অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঋতুকালীন সমস্যা আৰু সমাধান :

ঋতুকালীন সমস্যা আৰু সমাধানৰ বিষয়ে লিখা হৈছে ।

 

পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় শ্ৰেণীসমুহ। এটা বা দুটা পিৰিয়ড যাবলৈ পায়হে, অৰ্ধছুটীৰ দৰ্খাস্ত লৈ মোৰ ওচৰলৈ আহিবলৈ আৰম্ভ কৰে ল’ৰা-ছোৱালীবোৰ-অজুহাত বিভিন্ন। গেট বন্ধ থাকে, অনুমতি নহ’লে ওলাই যাব নোৱাৰে। বহুতে ওলাই যাবলৈ মিছা অজুহাত দেখুৱায়। কিন্তু বহুত ছোৱালী একেধৰণৰ সমস্যা লৈ ছুটী বিচাৰি আহে-ঋতুকালীন সমস্যা (Period problems)-মাত্ৰাধিক স্ৰাৱ অথবা পেটৰ বিষ। ধমক দি কিছুমানক ঘুৰাই পঠিয়াওঁ যদিও চিন্তা হয়-আজিকালিৰ কিশোৰীহঁতৰ মাজত এই সমস্যাটো বৃদ্ধি হৈছে নেকি? যদি হৈছে কিয়? পৰিৱৰ্তিত খাদ্যাভ্যাস, পৰিৱৰ্তিত জীৱন যাপন প্ৰণালী, শাৰীৰিক পৰিশ্ৰমহীনতা নে আন কিবা কাৰণত?

স্ত্ৰীৰ দেহত চলি থকা প্ৰজনন চক্ৰ্টোক ৰজ:চক্ৰ (Menstrualcycle) বোলা হয়। নাৰীৰ প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হয় যৌৱনপ্ৰাপ্তিৰ সময়ত, ইয়াক ৰজ:আগমন, আৰু ৫০ বছৰ বয়সৰ ভিতৰত নাৰীৰ ৰজ:চক্ৰ বন্ধ হৈ যায়, যাক ৰজ:অৱসান (Menopause) বোলা হয়। ৰজ: আগমনৰ পিছৰ পৰা প্ৰতি ২৮/২৯ দিনৰ মুৰে মুৰে ঋতুস্ৰাৱৰ পুনৰাবৃত্তি হয়। যৌৱনপ্ৰাপ্তিৰ পিছৰ পৰাই প্ৰতিমাহতে এই সময়টো আহিবই। অৱশ্যে মানসিক চাপ, দুৰ্বল স্বাস্থ্য আদিৰ বাবে ঋতুস্ৰাৱ অনিয়মীয়া হ’ব পাৰে। ঋতুস্ৰাৱৰ ৩/৪ দিন জৰায়ুৰ পৰা যোনিমুখেৰে ৰজ:ধাৰা নিগৰণ হয়। ৰজ:ধাৰা বা স্ৰাৱ নিগৰণৰ কাৰণে সৃষ্টি হোৱা সাময়িক শাৰীৰিক অশান্তিয়ে মানসিক অস্বস্তিৰ সৃষ্টি কৰে। নিয়মীয়া প্ৰক্ৰিয়া হিচাপে এই সাময়িক অস্বস্তিবোৰ অৱশ্যম্ভাৱী। কিন্তু কিছুমানৰ ক্ষেত্ৰত প্ৰক্ৰিয়াটো জটিল হয়। স্ৰাৱৰ পৰিমাণ বাঢ়ে আৰু তলপেটৰ প্ৰচণ্ড বিষ হয়। সমীক্ষাই দেখুৱাইছে যে ৮০/৯০ শতাংশ ছোৱালীৰ ঋতুস্ৰাৱ হোৱাৰ আগতে বা হৈ থাকোতে পেটৰ বিষ হয় যদিও সহ্য কৰিয়েই থাকে। কিন্তু ১/৪ অংশ ছোৱালীৰ ক্ষেত্ৰত এই সমস্যা ইমান জটিল হয় যে ছাত্ৰীৰ অধ্যয়ন ক্ষতিগ্ৰস্ত হয়। কৰ্মচাৰীয়ে ছুটী ল’ব লগা হয় আৰু সামাজিক ক্ৰিয়াও বিঘ্নিত হয়।

ডিছমেন’ৰিয়া এটা সাধাৰণ সমস্যা -

ঋতুস্ৰাৱৰ আগতে বা ঋতুস্ৰাৱ হৈ থকা সময়ত সৃষ্টি হোৱা এই ঋতুকালীন সমস্যাবোৰক চিকিৎসা-বিজ্ঞানৰ ভাষাত ‘ডিছমেন’ৰিয়া (Dysmenorrhoea) বোলা হয়।

ডিছমেন’ৰিয়া দুই প্ৰ্কাৰৰ -

মুখ্য ডিছমেন’ৰিয়া আৰু গৌণ ডিচমেন’ৰিয়া।

মুখ্য ডিছমেন’ৰিয়া -

স্বাভাৱিক কাৰণত ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যাটো হৈছে মুখ্য ডিছমেন’ৰিয়া। এই বিসংগতি আৰম্ভ হয় প্ৰথম ঋতুস্ৰাৱৰ ১/২ বছৰ পিছৰ পৰা। বিষ সাধাৰনতে তলপেট বা কঁকালত হয়। চিকুট মাৰি ধৰাৰ নিচিনাকৈ তলপেটত আৰম্ভ হোৱা এই বিষ হোৱাৰ ঠিক আগৰ পৰা বা সময়ৰ পৰা আৰম্ভ হৈ এদিন বা তিনিও দিন থাকে।

কিশোৰীসকলৰ ডিছমেন’ৰিয়াৰ সমস্যা বেছি হয়। বয়স বাঢ়ি যোৱাৰ লগে লগে সমস্যাবোৰ কমি আহে আৰু কেতিয়াবা প্ৰথম সন্তানৰ জন্মৰ পিছত একেবাৰে নাইকিয়া হৈ যায়। ডিছমেন’ৰিয়াৰ সমস্যা বেছি হয়-

১) ৩০ বছৰ বয়সৰ আগতে।

২) ১১ বছৰ বয়সত বা তাতোকৈ আগতে যিবোৰ ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱ হয়।

৪) ঋতুস্ৰাৱৰ সময়ত যিবোৰ ছোৱালীৰ ৰক্তস্ৰাৱ বহুত বেছি হয়।

৫) যিবোৰৰ ঋতুস্ৰাৱ অনিয়মীয়া।

৬) যিবোৰৰ সন্তান নহয়।

৭) যিবোৰৰ পৰিয়ালত কাৰোবাৰ ডিছমেন’ৰিয়া আছে।

৮) যিবোৰ ছোৱালী চিগাৰেট সেৱন অভ্যস্ত।

৯) যিবোৰ শৰীৰৰ ওজন বা ‘বডী-মাছ-ইনডেক্স’-বিএমআই কম।

১০) যিবোৰ এলেহুৱা আৰু কোনো শাৰীৰিক পৰিশ্ৰম নকৰে।

১১) যিবোৰৰ মানসিক চাপ বেছি।

ডিছমেন’ৰিয়া কিয় হয়?

মুখ্য ডিছমেন’ৰিয়া ঋতুস্ৰাৱৰ সময়ৰ স্বাভাৱিক সমস্যা। ঋতুস্ৰাৱৰ এই স্বাভাৱিক প্ৰক্ৰিয়াটোৱেই কিছুমানৰ কাৰণে ইমান অসহ্যকৰ হয় যে বিষটো অনবৰত থকাৰ উপৰি, তলপেটৰ পৰা বিষটো কঁকাল, নিতম্ব আৰু উৰুলৈ প্ৰসাৰিত হয়। কেতিয়াবা প্ৰচণ্ড বিষৰ লগতে বমি, মুৰ কামোৰণি বা মুৰ ঘুৰণি আৰু ঢিলা পাইখানাও হ’ব পাৰে।

মাহেকীয়া ঋতুস্ৰাৱ আৰু মুখ্য ডিছমেন’ৰিয়াৰ মুল কাৰণবোৰ -

ৰজ: আগমনৰ পৰা ৰজ: অৱসানলৈকে এই সময়ছোৱা স্ত্ৰীৰ প্ৰজনন চক্ৰ। অৰ্থাৎ এই সময়ছোৱাতে গৰ্ভধাৰণ হয়। এই সময়ছোৱাত প্ৰতিমাহতে ডিম্বাশয়ৰ পৰা এটাকৈ পৈণত ডিম্বাণু ওলাই জৰায়ুৰ বা গৰ্ভাশয়লৈ যায়। ডিম্বাণুটো যদি পুৰুষৰ শুক্ৰাণুৰ দ্বাৰা নিষিক্ত হয়, তেতিয়া গৰ্ভধাৰণ হয় আৰু ঋতুস্ৰাৱ বন্ধ হয়। ডিম্বাণুটো যদি নিষিক্ত নহয়, প্ৰতিমাহতে জৰায়ুৰ পৰা ওলাই যায়, তেতিয়া ঋতুস্ৰাৱ হয়। গৰ্ভাৱস্থা আৰম্ভ নোহোৱা পৰ্যন্ত ঋতুস্ৰাৱৰ জৰিয়তে ডিম্বাণু নিৰ্গমণ প্ৰক্ৰিয়া চলি থাকে।

জৰায়ুৰ আভ্যন্তৰীণ গহ্বৰটো আৱৰি থাকে এণ্ড’মেট্ৰিয়ান নামৰ এটা তৰপে। এই এণ্ড’মেট্ৰিয়াম তৰপটোও নিষিক্ত ডিম্বৰ পৰা সৃষ্টি হোৱা ভ্ৰুণ ধাৰণৰ কাৰণে প্ৰতিমাহতে সাজু হৈ থাকে। কিন্তু ডিম্বাণু নিষিক্ত নহ’লে ভ্ৰুণ গঠনো নহয়, তেতিয়া প্ৰতিমাহৰ ঋতুস্ৰাৱৰ লগতে এণ্ড’মেট্ৰিয়াম তৰপটোও ছিগি-ভাগি ওলাই যায়। সেয়েহে ঋতুস্ৰাৱৰ সময়ত ৰজ:ধাৰা হৈছে অনিষিক্ত ডিম্বাণু আৰু ৰক্তনলীৰ সৈতে জৰায়ুৰ এণ্ড’মেট্ৰিয়ামৰ আৱৰণী ছিগি গৈ সৃষ্টি হোৱা তৰলৰ যোনিমুখেৰে হোৱা নিগৰণ। অনিষিক্ত ডিম্বানু আৰু অপ্ৰয়োজনীয় হৈ পৰা এণ্ড’মেট্ৰিয়াম তৰপটো জৰায়ুৰ পৰা উলিয়াই দিবৰ কাৰণে জৰায়ুৰ পেশীৰ সংকোচন হয়। এই স্ংকোচন ক্ৰিয়াত প্ৰষ্টাপ্লেণ্ডিন নামৰ হৰম’নীয় পদাৰ্থই সহায় কৰে। প্ৰষ্টাপ্লেণ্ডিনৰ পৰিমাণ বৃদ্ধি হ’লে জৰায়ুৰ সংকোচন প্ৰৱণ হয়। সংকোচন প্ৰৱণ হ’লে পেশীকাললৈ (জৰায়ুৰ) অক্সিজেন যোগান ধৰা ৰক্তনলিকাই বিষৰ সৃষতি কৰে। মুখ্য ডিছমেন’ৰিয়া  মুল কাৰণ এইটোৱই।

গৌণ ডিছমেন’ৰিয়া -

অস্বাভাৱিক কাৰনত ঋতুস্ৰাৱৰ সময়ত হোৱা জৰায়ুৰ সংকোচনজনিত বিষক গৌণ ডিছমেন’ৰিয়া  বোলা হয়। অস্বাভাৱিক কাৰনবোৰ হৈছে- জননাংগৰ বিসংগতি বা জননাংগৰ ৰোগ। গৌণ  ডিছমেন’ৰিয়াৰ সমস্যা ৰজ:চক্ৰৰ আৰম্ভণিৰ পৰাই উপলব্ধ হৈ মুখ্য ডিছমেন’ৰিয়াতকৈ দীৰ্ঘদিন থাকে।

গৌণ ডিছমেন’ৰিয়া সম্ভাব্য কাৰণবোৰ হৈছে -

১) এণ্ড’মেট্ৰিয়’ছিছ(Andometryosis)

জৰায়ুটো তিনিটা কলাৰ তৰপেৰে গঠিত-বাহিৰৰ পেৰিমেট্ৰিয়াম, মাজৰটো মায়’মেট্ৰিয়াম আৰু ভিতৰৰটো এণ্ড’মেট্ৰিয়াম। জৰায়ু গহ্বৰৰ আৱৰি থকা এণ্ড’মেট্ৰিয়াম তৰপটো গ্ৰন্থিযুক্ত। ৰজ:চক্ৰত এণ্ড’মেট্ৰিয়াম তৰপটোৰো চক্ৰীয় পৰিৱৰ্তন ঘটে। প্ৰতি ঋতুস্ৰাৱতে এণ্ড’মেট্ৰিয়াম আৱৰণী ছিগি ৰজ:ধাৰাৰ লগতে নিৰ্গত হয়।

এণ্ড’মেট্ৰিয়’ছিছত এই এণ্ড’মেট্ৰিয়াম তৰপটো জৰায়ুৰ অভ্যন্তৰৰ পৰা স্থানান্তৰিত হৈ অস্থানত, বিশেষকৈ ফেলপিয়ান নলী, ডিম্বাশয় অথবা জৰায়ুগ্ৰীবোৰ বেৰত লাগি ধৰে। এনে বিস্ংগতি সাধাৰণতে ২৫ ৰ পৰা ৪০ বছৰীয়া মহিলাৰ দেখা যায়। স্থানান্তৰিত এণ্ড’মেট্ৰিয়াম কলাই স্বাভাৱিকতেই চক্ৰীয় ক্ৰিয়া চলাই যায়। যিহেতু এই স্থানান্তৰিত কলাখিনিৰ শৰীৰৰ পৰা ওলাই যাবলৈ কোনো সুৰঙা নাথাকে, সেয়েহে কাষৰীয়া কলাত লাগি ধৰি কেতিয়াবা ক্ষত আৰু কেতিয়াবা স্ফীতিৰ সৃষ্টি কৰে। এণ্ড’মেট্ৰিয়’ছিছৰ ফলত তলপেটৰ বিষ হয়, কেতিয়াবা প্ৰচণ্ড বিষ, বিশেষকৈ ঋতুস্ৰাৱৰ সময়ত। কেতিয়াবা অনুৰ্বৰতা সমস্যাৰো সৃষ্টি হ’ব পাৰে।

২) এডেন’মায়’ছিছ (Adenomyosis):

এডেন’মায়’ছিছ জৰায়ুৰ আৱৰণীকলা প্ৰসাৰিত হৈ জৰায়ুৰ পেশীকলাত সোমাই পৰে। ফলত ঋতুস্ৰাৱৰ আগে আগে জৰায়ুৰ ঋতুকালীন সংকোচন, উদৰৰ নিম্নাংশত চাপ তথা স্ফীতিৰ সৃষ্টি কৰিব পাৰে আৰু প্ৰচুৰ ৰক্তক্ষৰণ সংঘটিত কৰিব পাৰে। এই বিসংগতি গোটেই জৰায়ুটোতে হ’ব পাৰে বা আংশিক হ’ব পাৰে।

৩) জৰায়ুৰ আঁহপিণ্ড (Uterine Fibroid):

গৰ্ভধাৰণৰ সময়ত কেতিয়াবা জৰায়ুত কিছুমান আঁহপিণ্ডৰ সৃষ্টি হয়। অৱশ্যে এইবোৰ কেন্সাৰধৰ্মী নহয়। এই আঁহপিণ্ডবোৰ চকুত ধৰা নপৰা ধৰণৰ অতি ক্ষুদ্ৰও হ’ব পাৰে বা ইমান ডাঙৰ হ’ব পাৰে যে জৰায়ুৰ আয়তন বিকৃত কৰি পেলায়। এইবোৰৰ সংখ্যা এটাও হ’ব পাৰে বা বহুতো হ’ব পাৰে। চুড়ান্ত পৰ্যায়ত আঁহপিণ্ডৰ সমষ্টিয়ে জৰায়ুটো প্ৰসাৰিত কৰি কামীহাড়ত লগাই দিয়ে।

আঁহপিণ্ড থকা বহু মহিলাই কোনো ৰোগৰ লক্ষন নেদেখুৱায় । কেতিয়াবা আঁহপিণ্ডৰ অৱস্থাৰ সংখ্যা আৰু আকৃতিৰ কাৰণে ৰোগৰ লক্ষণ পৰিস্ফুট হয়। ইয়াৰ সাধাৰণ ৰোগৰ লক্ষণবোৰ হৈছে- ঋতুস্ৰাৱৰ সময়ত মাত্ৰাধিক ৰক্তক্ষৰণ, ঋতুস্ৰাৱৰ ম্যাদ দীঘলীয়া হোৱা আৰু পেটৰ বিষ।

৪) শ্ৰোণীয় প্ৰদাহ ৰোগ (Pelvic inflammatory disease):

স্ত্ৰীৰ জনন অংগৰ সংক্ৰমণ হ’লে এই ৰোগ হয়। সংগমৰ মাধ্যমেদি সংচাৰিত হোৱা কিছুমান যৌন ৰৌগ, যেনে-গনৰীয়া, চিফিলিছ, ক্লেমাইডিয়েছিছ আদিৰ দ্বাৰা জননাংগ আক্ৰান্ত হয়। যৌন সংগমৰ মাধ্যমেদি সঞ্চাৰিত নোহোৱা আন সংক্ৰমণেও শ্ৰোণীয় প্ৰদাহ ৰোগ সৃষ্টি কৰিব পাৰে।

জননাংগৰ সংক্ৰমণ কেতিয়াবা অস্বস্তিকৰ নহ’বও পাৰে। কিন্তু কেতিয়াবা বিভিন্ন ৰোগৰ লক্ষণ দেখুৱায়, যেনে- তলপেটৰ বিষ, জ্বৰ, অস্বাভাৱিক দুৰ্গন্ধযুক্ত যোনীয়স্ৰাৱ (Discharge), যৌন-সংগমৰ সময়ত যৌনাংগৰ বিষ বা ৰক্তক্ষৰণ, প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা কৰা  আৰু ঋতুস্ৰাৱৰ কেইদিন তলপেটৰ প্ৰচণ্ড বিষ।

৫) জৰায়ুগ্ৰীবাৰ সংকীৰ্ণন (Carvical Stenosis):

কিছুমান মহিলাৰ জৰায়ুমুখ ইমান ঠেক যে স্ৰাৱ নিৰ্গমণ প্ৰক্ৰিয়াটোৱেই লেহেমীয়া হৈ যায়। ফলত জৰায়ুৰ নিম্নাংশত বিষজড়িত চাপৰ সৃষ্টি হয়।

ঋতুকালীন যন্ত্ৰণাৰ উপশম  সম্ভৱনে?

কিছুমান সাধাৰণ তথা সৰল ঘৰুৱা ব্যৱস্থাৰে ঋতুকালীন যন্ত্ৰণাৰ পৰা সাময়িকভাৱে আৰাম লাভ কৰিব পাৰি। যেনে-

১) গৰম পানীৰ বেগ বা পেডৰ সহায়েৰে তলপেটত তাপ প্ৰয়োগ কৰিলে আৰাম পোৱা যায়।

২) লাহে লাহে কঁকাল বা তলপেটত মালিচ কৰিলেও আচৰিত ধৰণে আৰাম পোৱা যায়।

৩) লাহে লাহে কঁকাল বা তলপেটত মালিচ কৰিলেও আচৰিত ধৰণে আৰাম পোৱা যায়।

৪) নিয়মীয়া ব্যায়াম, খোজ কঢ়া বা জংগি কৰিলেও আৰাম পোৱা যায়।

৫) বহু ছোৱালীয়ে বিষৰ পিল খাবলৈ নিবিচাৰে, কিন্তু বিষ আৰম্ভ হোৱাৰ লগে লগে এছপিৰিন, পেৰাচিটামল, ইবুপ্ৰফেন বা নেপ্ৰজেনজাতীয় বিষৰ পিল খাব লাগে।

৬) জিৰণি ল’লেও আৰাম পোৱা যায়।

৭)মানসিক চাপে পেটৰ বিষ বঢ়োৱাত সহায় কৰে। সেয়েহে মেডিটেচন, আসন-প্ৰাণায়াম আদিৰ  অভ্যাস কৰি ঋতুস্ৰাৱৰ কেইদিন মানসিক চাপ কমাবলৈ চেষ্টা কৰিব লাগে। সেইকেইদিনত ভাল পোৱা কামবোৰ কৰিব লাগে।

৮) আত্মসংযমেও সহায় কৰে, অতিমাত্ৰা নিমখ থকা খাদ্য, কফি, ক’লড ড্ৰিংকছ, চিগাৰেট সেৱন বা মদ্যপান এইবোৰৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয়। বিশেষকৈ ঋতুস্ৰাৱৰ দিনকেইটাত।

বিভিন্ন অধ্যয়নৰ পৰা এইটো প্ৰতিপন্ন হৈছে যে ভিটামিন –ই, ওমেগা-৩ ফেটী এচিড, ভিটামিন-B1 B6 আৰু মেগনেছিয়াম সমৃদ্ধ খাদ্যই ঋতুকালীন সমস্যাৰ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।

ৰজ:চক্ৰত ঋতুকালীন সমস্যা কিছুমান থাকেই। সেইবোৰ সাধাৰণ আৰু অৱশ্যম্ভাৱী সমস্যা বুলি বহুতে গ্ৰহণ কৰি লয়। সেয়েহে ডাক্তৰী চিকিৎসাৰ প্ৰয়োজন সাধাৰণতে অনুভৱ কৰা নহয়। কিন্তু যদিহে ঋতুকালীন সমস্যাই প্ৰতিমাহতে জীৱন অশান্তিকৰ কৰি তোলে, দৈনন্দিন ক্ৰিয়া বিঘ্নিত কৰে বা সমস্যাবোৰ দিনে দিনে বাঢ়ি যায় বা ২৫ বছৰ বয়সৰ পিছত হঠাতে সংকোচনজনিত সমস্যাৰ সৃষ্টি হয়, তেনেহ’লে চিকিৎসকলৰ পৰামৰ্শ লোৱাটো উচিত। কাৰণ ঋতুকালীন সমস্যাবোৰ নিৰাময় সক্ষম।

লেখিকা: ড: অমিয়া ৰাজবংশী (জি এনআৰচি স্বাস্থ্য)

 

3.14705882353
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top