অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সন্তান লালন-পালন তথা কিশোৰ-কিশোৰীৰ ব্যক্তিত্ব গঠন

সন্তান লালন-পালন তথা কিশোৰ-কিশোৰীৰ ব্যক্তিত্ব গঠন

কৈশোৰ বা যৌৱনকালটোক জীৱবিদ্যাত আৰম্ভ হৈ সমাজত শেষ হৈছে বুলু কোৱা হয়।দৰাচলতে কৈশোৰ কাল জীৱনৰ এনেকুৱা এক সময় যেতিয়া কিশোৰ-কিশোৰীৰ দৈহিক, বৌদ্ধিক, মানসিক তথা সামাজিক চৰিত্ৰসমূহ শিশু অৱস্থাৰপৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ ৰূপান্তৰিত হয়। এই সময়ছোৱা কিশোৰ-কিশোৰীৰ বাবে গভীৰ প্ৰত্যাহ্বানৰ সময়। কাৰণ এহাতে তেওঁলোকে নিজৰ আৰু সমনীয়াৰ লগত সমাযোজন (adjustment)কৰিব লাগে, আনহাতে, তেওঁলোকৰ বিদ্যায়তনিক দিশতো পৰিৱৰ্তন আহে। এই কালছোৱাতে তেওঁলোক মাধ্যমিক স্কুলৰ পৰা উচ্চ মাধ্যমিক স্কুললৈ, তাৰ পৰা উচ্চতৰ মাধ্যমিক স্কুল বা জুনিয়ৰ কলেজলৈ যাব লগা হয়। তাৰপিছত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ এই দীঘল পৰিক্ৰমাত প্ৰতি পদে পদে সমাযোজনৰ প্ৰয়োজন হয়। সেয়েহে নি:সন্দেহে কিশোৰ-কিশোৰী আৰু পিতৃ-মাতৃ উভয়ৰ কাৰণে কৈশোৰকাল উত্তেজনা আৰু উত্‌কণ্ঠাৰ, আনন্দ আৰু সমস্যাৰ আৰু অতীতক হেৰুওৱাৰ আৰু ভৱিষ্যতৰ সপোন দেখাৰ সময়। গতিকে কৈশোৰকাল হ’ল এক বিভ্ৰান্তিকৰ সময়। জন্মৰ পৰাই শিশু এটি প্ৰতিপালিত হৈ কৈশোৰ অৱস্থা পায়হি। গতিকে এটা পৰিয়ালত মুখ্য কাম হৈছে সন্তানটিক যিমান সম্ভৱ সিমান সুস্থ এক বাতাৱৰণত লালন-পালন কৰা। পিতৃ-মাতৃৰ দায়িত্ব লৈ সন্তানক এক নিৰাপদ আৰু মৰমিয়াল, দায়বদ্ধ সুস্থ পৰিবেশৰ যোগান ধৰিব লাগিব। এটি স্বাস্থ্যৱান আৰু সুখী কিশোৰ-কিশোৰী গঢ়ি তুলিব লাগিব। এনেকুৱা প্ৰতিপালনৰ দ্বাৰা ডাঙৰ-দীঘল হোৱা কিশোৰ-কিশোৰীসকল জ্ঞান আহৰণ কৰিবলৈ উত্‌সাহী হয়, সুস্থ মূল্যবোধ তথা দৃষ্টিভংগী গঢ়ি তোলে আৰু সিহঁতে নিজৰ, পৰিয়ালৰ আৰু সমাজৰ প্ৰতি উপযুক্ত অৰিহণা যোগাব পাৰে। অৰ্থাত্‌ পৰিয়াল, সমাজ আৰু দেশৰ প্ৰতি দায়বদ্ধ হয়। সন্তান লালন-পালন প্ৰত্যেক পৰিয়ালৰে এক অন্যতম কৰ্ম। কিন্তু যিহেতু পৰিয়ালসমূহৰ গঠন ভিন্ন হ’ব পাৰে, গতিকে এই পৰিয়ালৰ গঠনে কিশোৰ-কিশোৰীৰ প্ৰতিপালনত প্ৰভাৱ পেলায়। যদিহে পৰিয়ালত যিকোনো কাৰণতে কেৱল পিতৃ অথবা মাতৃয়েহে সন্তান প্ৰতিপালনৰ দায়িত্ব ল’ব লগা হয়, অথবা যদি পৰিয়াল যৌথ পৰিয়াল অথবা পৰিয়ালত আন সম্পৰ্কীয়ও স্থায়ীভাৱে থাকে অথবা বিবাহ-বিচ্ছেদৰ কাৰণে কেৱল পিতৃ অথবা মাতৃৰ তত্ত্বাৱধানত থাকিব লগা হয় – এনে ভিন্ন পৰিয়াল গঠনে সন্তানৰ প্ৰতিপলন প্ৰভাৱান্বিত কৰে। এই প্ৰভাৱবোৰ বিভিন্ন ধৰণৰ হ’ব পাৰে। একক পৰিয়ালত (Nuclear Family)সন্তান প্ৰতিপালনৰ সকলো সিদ্ধান্ত কেৱল পতি-পত্নী অৰ্থাত্‌ পিতৃ-মাতৃয়েই গ্ৰহণ কৰে। তাত আন কাৰো হস্তক্ষেপ নাথাকে। ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশেই গণ্য কৰিব লাগিব। ইয়াত কিশোৰ-কিশোৰীয়ে কেৱল পিতৃ-মাতৃৰ অধীনত তেওঁলোকৰ পৰামৰ্শ, তথা অনুশাসন মানিব লাগিব। ইয়াত কিশোৰ-কিশোৰীসকল বিবুদ্ধি অথবা বিমোৰত পৰাৰ সম্ভাৱনা কম। কিন্তু যৌথ পৰিয়ালত হয়তো পিতৃ-মাতৃ, খুড়া-খুড়ী, বৰদেউতাক-বৰমাক অথবা ককাক-আইতাকো যিহেতু প্ৰতিপালন প্ৰক্ৰিয়াত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত হৈ পৰিব, বহু সময়ত পিতৃ-মাতৃ আৰু সন্তান –উভয়েই বিবুদ্ধিত পৰিব পাৰে। এনে পৰিস্থিতিত সকলো জ্যেষ্ঠজন আলোচনাত মিলিত হৈ এক নিৰ্দ্দিষ্ট পদ্ধতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন।ইয়াৰ দ্বাৰা কিশোৰ-কিশোৰীৰ মনত বিভ্ৰান্তিৰ সৃষ্টি নহয়। এনেয়ে কৈশোৰকালত তেওঁলোকৰ মনত নানান বিভ্ৰান্তিৰ সৃষ্টি হয়, তাৰ লগতে পৰামৰ্শ আৰু অনুশাসনৰ নামত যাতে আৰু অধিক বিভ্ৰান্তিৰ সৃষ্টি নহয়, তাৰ কাৰণে বৰং পিতৃ-মাতৃ সজাগ থাকিব লাগিব।কেৱল পিতৃ অথবা কেৱল মাতৃৰ তত্বাৱধানত প্ৰতিপালিত হোৱা কিশোৰ-কিশোৰীয়েও পৃথক পৃথক অভিজ্ঞতা লাভ কৰিব। এহাতে হয়তো তেওঁলোকে অধিক স্বনিৰ্ভৰশীল হ’বলৈ শিকিব, বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত একপক্ষীয়ভাৱে ল’ব লগা হ’ব পাৰে আৰু কেতিয়াবা দিকভ্ৰান্তও হ’ব পাৰে। হতাশাত ভুগিব পাৰে। সমনীয়াৰ লগত নিজকে তুলনা কৰি হীনমন্যতাতো ভুগিব পাৰে। যি ধৰণৰ পৰিয়াল গঠনেই নহওক, প্ৰত্যেক বিধৰে ধনাত্মক তথা ঋণাত্মক প্ৰভাৱ থাকে। এই প্ৰভাবসমূহ সুদূৰপ্ৰসাৰী আৰু এজন কিশোৰ আৰু এগৰাকী কিশোৰীৰ ব্যক্তিত্ব বিকাশত গভীৰ ৰেখাপাত কৰে। সন্তান প্ৰতিপালনৰ ধৰণ (Style)ৰ ওপৰতো কিশোৰ-কিশোৰীৰ ব্যক্তিত্ব গঢ় লোৱাটো নিৰ্ভৰশীল। প্ৰধানত: তিনি প্ৰকাৰৰ পদ্ধতিৰে সন্তান প্ৰতিপালন কৰা হয়। প্ৰভুত্বজ্ঞাপক (Authoritanian), সন্মতিসূচক (Permissive) আৰু গণতান্ত্ৰিক (Democratic)। গৱেষণাই দেখুৱাইছে যে গণতান্ত্ৰিক সন্তান প্ৰতিপালন পদ্ধতিত ডাঙৰ-দীঘল হোৱা কিশোৰ-কিশোৰীসকল সামাজিকভাৱে আগৰণুৱা হয়, তেওঁলোক অবাধ্য নহয়, পিতৃ-মাতৃৰ সুস্থ অনুশাসনত থাকে। তেওঁলোকে সুস্থ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ শিকে। পিতৃ-মাতৃ, আন জ্যেষ্ঠজন আৰু বন্ধু-বান্ধৱীৰ লগত সুস্থ পাৰস্পৰিক সম্বন্ধ বজাই ৰাখে। আনহাতে, যিসকল পিতৃ-মাতৃয়ে অতি কঠোৰ অনুশাসন কৰে, শাৰীৰিক শাস্তি প্ৰদান কৰিবলৈকো কুণ্ঠাবোধ নকৰে, তেনে পিতৃ-মাতৃ আৰু সন্তানৰ মাজত পাৰস্পৰিক সম্বন্ধ সুস্থ আৰু নিবিড় নহ’বও পাৰে। তেনে কিশোৰ-কিশোৰীৰ সহজে ধনাত্মক আত্মবিশ্বাস গঢ়ি নুঠে। তেওঁলোক হীনমন্যতাত ভুগিব পাৰে। সমাজ- জীৱনলৈ এনে কিশোৰ-কিশোৰীয়ে উল্লেখনীয় অৱদান আগবঢ়াব নোৱাৰে। বহু সময়ত তেওঁলোকে আচৰণৰ সমস্যাতো ভুগিব পাৰে। আনকি কঠোৰ অনুশাসনত থকা কিশোৰ-কিশোৰীৰ লগতো স্বাভাবিক আচৰণ নকৰিব পাৰে। পৰিয়াল আৰু সমাজৰ প্ৰতি বিদ্ৰোহ প্ৰদৰ্শন কৰিলেও আচৰিত হ’ব লগা নাই। মুঠতে এনে প্ৰতিপালনত ডাঙৰ-দীঘল হোৱা কিশোৰ-কিশোৰীসকল সুস্থ ব্যক্তিত্ব গঢ়ি তোলাত কৃতকাৰ্য্য নহ’ব পাৰে। আকৌ সন্মতিসূচক প্ৰতিপালনত ডাঙৰ-দীঘল হোৱা কিশোৰ-কিশোৰীসকল জীৱনত এক ইতিবাচক দিশত অগ্ৰসৰ হ’বলৈ উত্‌সাহিত হয়। বিস্তৃত অধ্যয়নে প্ৰমাণ কৰিছে যে গণতান্ত্ৰিক প্ৰতিপালনত প্ৰতিপালিত কিশোৰ-কিশোৰী সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত উত্‌সাহিত হয়। উপৰোক্ত আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে সন্তান প্ৰতিপালনৰ ক্ষেত্ৰত পিতৃ-মাতৃসকল সজাগ হ’ব লাগে, কাৰণ তেওঁলোকৰ প্ৰতিপালনৰ ওপৰত বহুখিনি নিৰ্ভৰশীল।

লেখিকা: ড° মিনতি ফুকন, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 4/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate