অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চল্লিশোৰ্ধ মহিলাৰ প্ৰজনন সমস্যা

বৰ্তমান সময়ত যুৱক-যুৱতীসকল পলমকৈ বিবাহ পাশত আবদ্ধ হোৱা আৰু বিবাহিত দম্পতীসকলৰ মাজত পলমকৈ সন্তান কামনা কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ইয়াৰ অন্তৰালত বহুতো কাৰণ জড়িত হৈ আছে। কেৰিয়াৰ গঢ়াৰ প্ৰস্তুতি, সম্পূৰ্ণ আৰ্থিক সংগতিৰ প্ৰচেষ্টা, দাম্পত্য সম্পৰ্ক দৃঢ় কৰি তোলাৰ অপেক্ষা আদিয়ে বিবাহ আৰু সন্তান আগমনত বিলম্ব ঘটায়। সমীক্ষাৰ পৰা জনা গৈছে যে, প্ৰায় ১৫ শতাংশ মহিলাই ৩৫ বছৰ বয়সৰ পূৰ্বে সন্তান জন্ম দি পৰিয়ালৰ সদস্য সংখ্যা বৃদ্ধি কৰিব নিবিচাৰে। কিন্তু মহিলাসকলে এইটো জনা দৰকাৰ যে গৰ্ভধাৰণ আৰু সুস্থ সন্তান প্ৰসৱৰ ক্ষেত্ৰত অধিক বয়সে বিৰূপ প্ৰভাৱ পেলাব পাৰে। অপেক্ষাকৃতভাবে বেছি বয়সৰ মহিলাসকলে সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাই চিকিৎসা গ্ৰহণ কৰিব লাগে, যাতে তেওঁলোকৰ প্ৰজনন ক্ষমতা সঠিক ৰূপত অক্ষুণ্ণ থাকে আৰু ইচ্ছা কৰিলেই যাতে গৰ্ভধাৰণ কৰিব পাৰে। বয়স বৃদ্ধিৰ লগে লগে জৈৱিক কাৰণত মহিলাৰ প্ৰজনন ক্ষমতা কমি আহে। সমীক্ষা মতে, ত্ৰিছ বছৰতকৈ কম বয়সীয়া মহিলাৰ প্ৰতি মাহত গৰ্ভধাৰণৰ সম্ভাৱনা বিশ শতাংশ থাকে। কিন্তু চল্লিশ বছৰৰ পিছত এই সম্ভাৱনাৰ হাৰ কমি পাঁচ শতাংশহে হয়গৈ। আনকি প্ৰজনন অক্ষমতাৰ উন্নততৰ পদ্ধতি আই.ভি.এফ. অৱলম্বনৰ বাবে চল্লিশোৰ্ধৰ মহিলাসকলৰ ক্ষেত্ৰত ভালেমান সমস্যাই দেখা দিব পাৰে। এই বয়সত প্ৰজনন ক্ষমতা কমি অহাৰ বাবে আই.ভি.এফ. পদ্ধতিৰে গৰ্ভধাৰণ কৰিলেও গৰ্ভপাত হোৱাৰ প্ৰৱণতা বাঢ়ি যোৱা দেখা যায়। বয়সে মহিলাসকলৰ প্ৰজনন ক্ষমতাত পোনপটীয়া প্ৰভাৱ নেপেলালেও এই ক্ষমতাৰ পৰিৱৰ্তন হয়। তাৰ ভিতৰত ৰোগ সম্বন্ধীয় কাৰণ, ডিম্বাশয়ৰ ব্যতিক্ৰম আৰু ডিম্বাশয়ৰ পৰা নিৰ্গত ডিম্বাণুৰ গঠনগত পৰিৱৰ্তন আদি উল্লেখযোগ্য। পুৰুষসকলৰ ক্ষেত্ৰতো বয়সে যৌন কামনাৰ পৰিৱৰ্তন আনে। পৰ্যবেক্ষণৰ পৰা জনা গৈছে যে বয়সৰ লগে লগে শুক্ৰাণুৰ আকৃতি আৰু সঞ্চালন গতিৰ সামৰ্থ কিছু পৰিমাণে কমি আহে। তাৰোপৰি বয়সৰ বাবে যৌন হৰমোন টেষ্টোষ্টেৰণৰ মাত্ৰা কমি গৈ পৌৰুষ শক্তি হ্ৰাসৰ কাৰণ হ’ব পাৰে। লগতে যৌনাংগৰ উত্থান ক্ষমতাতো বিঘিনি ঘটিব পাৰে। অৱশ্যে টেষ্টোষ্টেৰণ হৰমোনৰ মাত্ৰা হ্ৰাস আৰু যৌন ক্ষমতাৰ পৰিৱৰ্তন কেৱল বয়সৰ চাপৰ বাবে নহৈ আন কোনো ৰোগ, মানসিক চাপ অথবা ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ বাবেও হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন ব্যক্তিসকলৰ ক্ষেত্ৰত এনে ধৰণৰ বেমেজালি কম দেখা যায়। যৌন শক্তি হ্ৰাস বা যৌনাংগৰ উত্থান সম্বন্ধীয় সমস্যাত ভোগাসকলে উপযুক্ত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী চিকিৎসা গ্ৰহণ কৰা উচিত।

চল্লিশোৰ্ধ মহিলা আৰু প্ৰজনন অক্ষমতা: ডিম্বকোষৰ পৰিৱৰ্তন

মস্তিষ্কৰ হাইপোথেলামাছ অংশত থকা পিটুইটেৰি গ্ৰন্থিৰ পৰা এফ-এছ-এইচ আৰু এল-এইচ, এই দুবিধ হৰমোন আৰু ডিম্বাশয়ৰপৰা এষ্ট্ৰোজেন আৰু প্ৰোজেষ্টেৰণ হৰমোন নি:সৃত হয়। এইবিলাক হৰমোন নিৰ্দ্দিষ্ট পৰিমাণত নি:সৰণ নহ’লে বা কোনো এবিধ হৰমোন নি:সৰণত হীন-ডেঢ়ি ঘটিলে ডিম্বাণুৱে পূৰ্ণতা লাভ কৰিব নোৱাৰে। বয়:সন্ধিকালত বেছিভাগ নাৰীৰ ডিম্বকোষত প্ৰায় ৩,০০,০০০ ডিম্বাণু থাকে। মাহেকীয়া ঋতুচক্ৰৰ মাজৰ সময়খিনিত একো একোটা ডিম্বাণু পূৰ্ণ হয় আৰু ইয়াৰ ক্ষৰণ হয়। নাৰীৰ প্ৰজননক্ষম বয়সত হোৱা ঋতুচক্ৰবিলাকত প্ৰায় আটাইখিনি ডিম্বাণুৱেই পূৰঠ হৈ ক্ষৰণ হয়। মাত্ৰ ৫০০-১০০০ ডিম্বাণুহে পূৰ্ণাংগ নোহোৱাকৈ ৰৈ যায় আৰু এইবোৰ শৰীৰে শোষণ কৰি লয়। চল্লিশৰ পৰা ছাপন্ন বছৰ বয়সৰ কালছোৱাত মহিলাৰ সাধাৰণতে ৰজোনিবৃত্তি বা মেনোপ’জ হয়। এই ৰজোনিবৃত্তিৰ কালছোৱাটো কেইহাজাৰমান ডিম্বাণু ডিম্বাশয়ত থাকেগৈ। কিন্তু এইবোৰ ডিম্বাণু ক্ষৰণ হ’বলৈ প্ৰয়োজন হোৱা পিটুইটেৰি গ্ৰন্থিৰ নি:সৃত হৰমোনৰ মাত্ৰা যথেষ্ট নহয় আৰু ডিম্বকোষ উত্তেজিত কৰিব পৰা হৰমোনৰো অভাৱ ঘটে। তাৰোপৰি ডিম্বকোষৰ দ্বাৰা উৎপন্ন হোৱা এষ্ট্ৰোজেন আৰু প্ৰোজেষ্টেৰণ হৰমোন অন্তৰ্জৰায়ুৰ স্বাভাৱিক বৃদ্ধিৰ বাবেও লাগতিয়াল, য’ত প্ৰাথমিক ভ্ৰূণ সংস্থাপিত হৈ ইয়াৰ শ্ৰীবৃদ্ধি হয়। বয়সৰ বাবে হৰমোনৰ অভাৱত এনেধৰণে গৰ্ভধাৰণৰ সম্ভাৱনীয়তা হ্ৰাস পায়।

ডিম্বাণুৰ পৰিৱৰ্তন

বয়স বৃদ্ধিৰ লগে লগে মহিলাসকলৰ ডিম্বাণুৰ কাৰ্যক্ষমতা দুৰ্বল হৈ আহে আৰু ই শুক্ৰাণুৰ সৈতে মিলিত হ’লেও নিষিক্তকৰণত বিফল হয়। তাৰোপৰি প্ৰজননৰ সময়ত নানা প্ৰকাৰৰ জিনগত বিজুতিৰ আশংকা থাকে। উদাহৰণ স্বৰূপে ক্ৰম’জ’মৰ বিজুতিৰ বাবে বয়সীয়া মহিলাৰ ক্ষেত্ৰত বেছি পৰিমাণে গৰ্ভবিচ্যুতি পৰিলক্ষিত হয়। বয়স বৃদ্ধিৰ লগে লগে ক্ৰম’জ’মজনিত গৰ্ভবিচ্যুতিৰ আশংকা ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। আনহাতে ক্ৰম’জ’মৰ বিসংগতি থকা ডিম্বাণু নিষিক্ত হ’লেও তাৰ জীৱনকাল আৰু শ্ৰীবৃদ্ধি তুলনামূলকভাৱে কম হয়। সেইবাবে চল্লিশোৰ্ধ মহিলাসকলৰ গৰ্ভপাত হোৱাৰ সম্ভাবনা অধিক।

চিনাক্তকৰণ, চিকিৎসা আৰু বিকল্প উপায়

চল্লিশোৰ্ধ মহিলাসকলে গৰ্ভধাৰণৰ বাবে ইচ্ছুক হ’লে আগতীয়াকৈ চিকিৎসকৰ পৰামৰ্শ লৈহে গৰ্ভসঞ্চাৰৰ বাবে প্ৰস্তুত হ’ব লাগে। গৰ্ভসঞ্চাৰ, গৰ্ভস্থ শিশুৰ বিকাশ আৰু সুস্থ সন্তান প্ৰসৱৰ বাবে চিকিৎসকে কেইবালানিও পৰীক্ষাৰ পৰামৰ্শ দিব পাৰে। এনে পৰীক্ষাবোৰৰ ভিতৰত হৰমোন আৰু ক্ৰম’জ’মজনিত আৰু ৰোগ সম্বন্ধীয় পৰীক্ষা আদিয়ে প্ৰধান। যিহেতু ডিম্বকোষৰ কাৰ্যক্ষমতাত হৰমোনৰ প্ৰভাৱ অপৰিসীম, সেয়ে তেজত নিৰ্দ্দিষ্ট হৰমোনৰ পৰিমাণ আৰু অসামঞ্জস্যতা পৰীক্ষা কৰাবলৈ চিকিৎসকে পৰামৰ্শ দিব পাৰে। সাধাৰণতে যিসকল মহিলাৰ মাহেকীয়া ঋতুচক্ৰৰ প্ৰাক মূহুৰ্তত এফ.এছ.এইচ. আৰু এষ্ট্ৰাডিউলৰ পৰিমাণ বেছি হয় তেনে মহিলাৰ গৰ্ভসঞ্চাৰ হোৱাৰ সম্ভাৱনীয়তা উল্লেখযোগ্য হাৰত হ্ৰাস পায়। এই ক্ষেত্ৰত হৰমোন সম্বন্ধীয় চিকিৎসা প্ৰদান কৰা হয়। আগতে উল্লেখ কৰি অহা হৈছে যে ক্ৰম’জ’মৰ বিজুতিৰ বাবে গৰ্ভপাতৰ প্ৰৱণতা বাঢ়ে, সেয়ে এনে বিজুতি ধৰা পেলাবলৈ ‘ক্ৰনিকভিলাচ চেমপ্লিং’ আৰু ‘এমনিওচেণ্টেচিচ’ নামৰ দুটা পৰীক্ষা সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়া হয়। সাধাৰণতে বেছি বয়সত উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদি ৰোগ হয়। এনেক্ষেত্ৰত আগতীয়াকৈ এই সমস্যাবোৰ আঁতৰাই গৰ্ভধাৰণৰ পদক্ষেপ ল’ব লাগে। গৰ্ভধাৰণ কৰা এনে মহিলাক ধাত্ৰীবিদ্যা বিশাৰদ বা ধাত্ৰী শিক্ষা বিদ্যা বিশাৰদৰ পৰামৰ্শৰ অতি আৱশ্যক। প্ৰজননহীনতাৰ কাৰণ চিনাক্ত হোৱাৰ পিছত চিকিৎসকে ইয়াৰ বাবে চিকিৎসা প্ৰদান কৰে। অৱশ্যে কেতিয়াবা নিৰ্দ্দিষ্ট কোনো কাৰণ চিনাক্ত নহ’লে প্ৰজননহীনতাৰ কাৰণ ব্যাখ্যা নহ’ব পাৰে। যদি অবিশ্লেষিত প্ৰজনন অথবা প্ৰজনন অক্ষমতাৰ সাধাৰণ চিকিৎসা বিফল হয়, অথবা চিকিৎসকে উন্নতমানৰ প্ৰজনন অক্ষমতা ৰোগৰ প্ৰযুক্তিগত চিকিৎসাসমূহ যেনে- আই অ’, আই. ইউ. আই., জি. আই. এফ. টি. নাইবা আই. ভি. এফ. পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিব পাৰে। গৰ্ভধাৰণৰ ক্ষেত্ৰত এইবোৰ চিকিৎসা পদ্ধতিৰ বিশেষ অৰিহণা আছে। এনে চিকিৎসা লোৱাৰ আগতে পুৰুষ আৰু মহিলা উভয়ে তাৰ সফলতাৰ বিষয়ে বিস্তাৰিতভাৱে জানি লোৱা আৱশ্যক।

ডিম্বদান

তুলনামূলকভাবে বেছি বয়সীয়া মহিলাৰ ক্ষেত্ৰত এটা সুবিধা আছে যে তেনে মহিলাই কম বয়সীয়া মহিলাই দান কৰা ডিম্বাণু গ্ৰহণ কৰি গৰ্ভধাৰণ কৰিব পাৰে। কম বয়সীয়া মহিলাৰ ডিম্বাণু গ্ৰহণ কৰিলে অকালতে গৰ্ভপাত কৰাৰ আশংকা কম হয় আৰু গৰ্ভধাৰণৰ ফলাফল তুলনামূলকভাবে ভাল হোৱা পৰিলক্ষিত হয়। যিবোৰ মহিলাৰ অকালতে ঋতুস্ৰাৱ বন্ধ হৈ ডিম্বকোষৰ কাৰ্যক্ষমতা নাইকিয়া হয়, তেনে মহিলাৰ বাবে সন্তান ধাৰণৰ ই এটা ফলপ্ৰসূ পদ্ধতি। ডিম্বদানকাৰী মহিলাগৰাকী নিজৰ আত্মীয়, বন্ধু নাইবা কোনো অচিনাকি মহিলাও হ’ব পাৰে। কেতিয়াবা ডিম্বদান কৰা মহিলাগৰাকীৰ সৈতে গৃহীতাৰ দৈহিক বৈশিষ্ট্যৰ সামঞ্জস্য বিচাৰ কৰি চোৱা হয়, যাতে দম্পতিসকলৰ ডিম্বগ্ৰহণ মন:পুত হয়। গৃহীতাৰ বাবে মংগলজনক বা সন্তোষজনক নোহোৱা ডিম্বাণু গ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহয়। ডিম্বদানকাৰী মহিলাৰ ডিম্বাণু চক্ৰত ঔষধ প্ৰয়োগ কৰি বহুমুখী ডিম্ববোৰক উত্তেজিত কৰা হয় আৰু এই সময়ছোৱাত মহিলাগৰাকীক পৰিশোধন প্ৰক্ৰিয়াৰ মাজত ৰখা হয়। আনফালে ডিম্ব গ্ৰহণকাৰী মহিলাগৰাকীক সম্পূৰ্ণ প্ৰস্তুত কৰি তুলিবলৈ জৰায়ুৰ হৰমোন চিকিৎসা দিয়া হয়। দাতাৰ পৰা ডিম্বাণু গ্ৰহণ কৰি সেই ডিম্বাণুৰ সৈতে পুৰুষসংগীৰ শুক্ৰাণু পৰীক্ষাগাৰত বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে নিষিক্ত কৰা হয়। এনেদৰে নিষিক্তকৰা ভ্ৰূণ এদিনৰ পৰা তিনিদিনৰ পিছত গ্ৰহীতা মহিলাগৰাকীৰ জৰায়ুলৈ স্থানান্তৰিত কৰা হয়। স্থানান্তৰিত নকৰা কিছুমান এনে ভ্ৰূণ ভৱিষ্যতলৈ এনে উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ শীতলীকৰণ প্ৰক্ৰিয়াৰ মাজত সাঁচি ৰখা হয়। ডিম্বদানৰ বাবে কিছুমান অনুষ্ঠান আছে। এই অনুষ্ঠানসমূহে ডিম্ব গ্ৰহণ আৰু সংৰক্ষণ কৰে, য’ৰ পৰা এগৰাকী মহিলাই ডিম্ব গ্ৰহণ কৰিব পাৰে। এনে অনুষ্ঠানৰ সুবিধা এয়ে যে, ইয়াৰ বাবে দাতাৰ অভাৱ নহয় আৰু দাতাৰ সংখ্যা অধিক হোৱাৰ বাবে গ্ৰহীতাই ডিম্ব নিৰ্বাচন কৰিবলৈ সহজ হয়। লগতে দীঘলীয়া সময় জুৰি বাট চাই থাকিবলগীয়া নহয়। তাৰোপৰি এনে অনুষ্ঠানৰ পৰা কেনেকৈ দাতা তালিকাভুক্ত কৰা হয় বা ডিম্ব নিৰ্বাচন কৰা হয় আৰু কি কি তথ্যপাতি আহৰণ কৰি লব লাগে, এই সকলো কথা খৰচি মাৰি জানিব পাৰি। এটা কথা বিশেষভাবে উল্লেখনীয় যে, দান দিয়া ডিম্বাণু গ্ৰহণ কৰি জন্ম দিয়া সন্তানৰ গাত গ্ৰহীতাৰ জন্মগত বৈশিষ্ট্য প্ৰকাশ নাপায়। সেয়ে, ডিম্ব গ্ৰহণৰ আগতে এই বিষয়ে মনস্থিৰ কৰি আগবঢ়া উচিত। ইয়াৰ বৈধতা, নৈতিকতা, মনস্তাত্বিক, সামাজিক আৰু আবেগিক এই সকলো দিশ চালি-জাৰি চাই ডিম্বদানকাৰীৰ ডিম্ব বা শুক্ৰদানকাৰীৰ শুক্ৰ গ্ৰহণ কৰিব লাগে। যিসকল দম্পতিয়ে নিজৰ আত্মীয়-স্বজন, বন্ধু-বান্ধৱীৰ পৰা ডিম্ব গ্ৰহণ কৰিব খোজে তেওঁলোকে এই চিকিৎসা পদ্ধতিৰ বিষয়ে সবিশেষ জানি লোৱাৰ উপৰিও ইয়াৰ লগত জড়িত হৈ থকা আনুষংগিক সকলো কথা উভয় পক্ষই খৰচি মাৰি আলোচনা কৰি লব লাগে। চিনা-জনা দাতাৰ পৰা ডিম্ব বা শুক্ৰ গ্ৰহণৰ ক্ষেত্ৰত মাতৃত্ব আৰু পিতৃত্বৰ প্ৰসংগ জড়িত হৈ থাকে। ভৱিষ্যতলৈ এই বিষয়টো কোনো সংঘৰ্ষৰ কাৰক হৈ পৰিলে তাৰ বাবে সন্তানটিক কেনে ধৰণৰ উত্তৰ দিয়া হ’ব তাৰ বাবেও সাজু হৈ থাকিব লাগিব। আলোচনা আৰু পৰামৰ্শই সম্ভাৱনীয় বিসফোৰক পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰিব। উভয় পক্ষই এই বিষয়ে আগতীয়াকৈ এগৰাকী আইন বিশেষজ্ঞৰ লগতো পৰামৰ্শ কৰা উচিত।

প্ৰতিনিধিত্ব

প্ৰতিনিধি হ’ল এনে এগৰাকী মহিলা যিগৰাকীয়ে পুৰুষসংগীজনৰ শুক্ৰাণু আৰু নিজস্ব ডিম্বাণু ব্যৱহাৰ কৰি অন্য এহাল দম্পতীৰ শুক্ৰাণু আৰু ডিম্বাণু নিজে বহন কৰি দম্পতীহালৰ বাবে গৰ্ভধাৰণ কৰে। এই ব্যৱস্থাত সন্তান জন্ম দিয়াৰ পাছত প্ৰতিনিধিগৰাকীয়ে উক্ত সন্তান গতাই দিবলৈ মান্তি হয়। এই ব্যৱস্থাৰ সুফল এয়ে যে ইয়াৰ জৰিয়তে এহাল দম্পতীয়ে পিতৃ বা মাতৃৰ লগত জেনেটিক সম্পৰ্ক থকা এটি সন্তান লাভ কৰাৰ সুযোগ পায়। প্ৰতিনিধিত্বৰ ব্যৱস্থা এটা বিতৰ্কিত ব্যৱস্থা আৰু ভাৰতীয় মানুহৰ সামাজিক আৰু মানসিক পৰিবেশৰ সৈতে ই খাপ নাখায়। সেয়ে পাশ্চাত্য দেশৰ বাহিৰে আমাৰ দেশৰ দৰে প্ৰাচ্যৰ দেশবিলাকত এই ব্যৱস্থা বহুল প্ৰসাৰিত হোৱা নাই।

পোষ্য সন্তান গ্ৰহণ

তোলনীয়া সন্তান গ্ৰহণ অইন এক ধৰণৰ ব্যৱস্থা। লালন-পালন আৰু শিক্ষা-দীক্ষাৰ ভাৰ বহন কৰিব পৰা যিকোনো দম্পতীয়ে পোষ্য সন্তান গ্ৰহণ কৰিব পাৰে। ব্যক্তিগত পোষ্য সন্তান গ্ৰহণত তেনে কোনো ধৰা-বন্ধা নিয়ম নাথাকে। আন্তৰ্জাতিক পোষ্য সন্তান গ্ৰহণত কিছুমান দেশে তুলনামূলকভাবে অধিক বয়সিয়াল দম্পতীক বেছি গুৰুত্ব দিয়ে। সমাজসেৱী অনুষ্ঠান কিছুমানে মাজে-সময়ে এনে ধৰণৰ অভিভাৱকৰ সন্ধান কৰে যিসকলে কোনো অনাথ শিশুৰ দায়িত্ব পালন কৰিব পাৰে। এনে অনুষ্ঠানৰ জৰিয়তেও পোষ্য সন্তান গ্ৰহণ কৰিব পাৰি।

নি:সন্তান জীৱন-ধাৰণ

যিসকল দম্পতীয়ে নিজাববীয়াকৈ সন্তান জন্ম দিয়াত অক্ষম অথবা প্ৰজনন অক্ষমতাৰ চিকিৎসা কৰাৰ চিন্তা ত্যাগ কৰে, তেওঁলোকে সন্তানবিহীন জীৱন-ধাৰণৰ সংকল্প লোৱা দৰকাৰ। কিছুমান দম্পতীয়ে ব্যক্তিগত এটা নতুন প্ৰজন্মৰ সৃষ্টি কৰিবলৈ আৰু নিজৰ ক্ষতি পূৰাবলৈ বিকল্পৰ অনুসন্ধান কৰে। তেওঁলোকে সমাজ সেৱামূলক কাম-কাজ, ব্যক্তিগত কোনো চখত মনোনিবেশ, নতুন কেৰিয়াৰ বা পেচা গ্ৰহণ নাইবা এটি তোলনীয়া সন্তান গ্ৰহণৰ পোষকতা কৰে। এই সকলোবিলাকৰ ভিতৰত কোনটো উত্তম, দম্পতীহালে বিস্তাৰিত আলাপ-আলোচনাৰ মাজেৰে সিদ্ধান্ত ল’ব পাৰে। যিকোনো বয়সৰ প্ৰজনন অক্ষমতা এক জটিল আৰু বেদনাদায়ক অভিজ্ঞতা। প্ৰজনন সক্ষমতাৰ বৃথা প্ৰচেষ্টা, পৰীক্ষা-নিৰীক্ষাৰ ধৰণ আৰু চিকিৎসাই বহু দম্পতীক ইয়াক অনিয়ন্ত্ৰিত সমস্যা হিচাপে ধৰি লবলৈ বাধ্য কৰিব পাৰে। সামাজিক আৰু মনস্তাত্ত্বিক বহু কাৰকে ব্যক্তিক দুখ, ক্ৰোধ, বাদ-অপবাদত নিমজ্জিত কৰে। চিকিৎসাৰ বহুমুখী সিদ্ধান্তসমূহৰ ভিতৰত উৎকৃষ্ট এটি পথ নিৰ্বাচন কৰিবলৈকো ব্যক্তিৰ মানসিক ধৈৰ্য লোপ পায়। তেনে দম্পতীক আলাপ-আলোচনা অথবা কোনো সহায়কাৰী গোষ্ঠীৰ পৰামৰ্শই উপকৃত কৰিব পাৰে। অভিজ্ঞ চিকিৎসক আৰু পৰামৰ্শ দাতাক সাক্ষাৎ কৰাৰ লগতে চিকিৎসাৰ ফলাফলৰ প্ৰতি বাস্তৱসন্মত প্ৰত্যাশী হোৱাটো যুগুত।

লিখক: ডা° দিগন্ত চেতিয়া, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate