অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিছমেনোৰিয়া

এগৰাকী নাৰীৰ জীৱনক মূলত: তিনিটা ভাগত ভগাব পাৰি| প্ৰথম ভাগটি হ’ল জন্মৰ পৰা কিশোৰী অৱস্থাপ্ৰাপ্ত হোৱালৈ, যিসময়ত জৰায়ুৰ বৃদ্ধি হয়| দ্বিতীয় অংশটো হ’ল প্ৰাপ্তবয়স্ক অৱস্থা শেষ অংশটো হ’ল বাৰ্ধক্য বা জৰাগ্ৰস্ত অৱস্থা| দেহৰ এটা অৱস্থাৰ পৰা ক্ৰমে আন এটা অৱস্থা পাবলৈ বহু বছৰৰ প্ৰয়োজন হয় আৰু মানুহ গৰাকীৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়| কৈশোৰ অৱস্থাত ঋতুস্ৰাৱ আৰম্ভ হোৱা কথাটো নাৰী জীৱনৰ এটা গুৰুত্বপুৰ্ণ ঘটনা| ডিছ্মেনোৰীয়া হ’ল ভুক্তভোগী নাৰীগৰাকীয়ে নাভি দেহৰ নিম্ন ভাগৰ তল্পেট আৰু দেহৰ বিভিন্ন অংশটো বিষ বা অস্বস্তিবোধ কৰে|কেতিয়াবা এই বিষ গোটেই পেটলৈকে বিয়পি পৰিব পাৰে| প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞানৰ এক লাইখুঁটাস্বৰুপ হ’ল আনুমানিক খ্ৰী: জন্মৰ দহ শতিকা পুৰ্বে শুশ্ৰুতৰ দ্বাৰা ৰচিত আয়ুৰ্বেদ শাস্ত্ৰ| ইয়াত নাৰী দেহৰ জননেন্দ্ৰিয়ৰ ২৪ টা বেমাৰৰ বিষয়ে উল্লেখ কৰা আছে| ইয়াৰ উৰ্দৱৰ্ত নামৰ বেমাৰ্বিধ ঋতুস্ৰাৱৰ লগত জড়িত| হিপোক্ৰেটিছে জৰায়ুৰ এই বেমাৰৰ চিকিৎসাৰ বাবে জৰায়ুৰ ছাৰ্ভিক্‌ছ নামৰ অংশটো নানা উপায়েৰে প্ৰসাৰণ কৰিবলৈ উপদেশ দি গৈছে| প্ৰখ্যাত গ্ৰীক পণ্ডিত প্লিনীয়ে জৰায়ুৰ বিষ হ’লে শত্মুল নামৰ গছৰ শিপা ব্যৱহাৰ কৰিবলৈ লিখি থৈ গৈছে| মাত্ৰ এশ বছৰ আগলৈকে আমেৰিকান ধাত্ৰী বিদ্যা বিশেষজ্ঞ সকলে এই বেমাৰটো বয়সস্থ মহিলা আৰু বিধৱা সকলৰ মাজত অতৃপ্ত বাসনাৰ বাবে সৃষ্টি হয় বুলি মত পোষণ কৰিছিল| আমাৰ অসমীয়া সমাজৰ মহিলা সকলৰ মাজতো ডিছ্মেনোৰিয়া নামৰ ৰোগটিত ভোগা নাৰীৰ সংখ্যা অতি কম নহয়| এই বেমাৰটো মূলত: দুটা কাৰণৰ পৰা উদ্ভৱ হয়| প্ৰাথমিক ডিছ্মেনোৰিয়া সধাৰণতে ককালৰ কোনো অংশৰ ক্ষতি হ’লে হয়| কিন্তু দ্বিতীয় পৰ্যায়ৰ ডিছ্মেনোৰিয়াত এনে কোনো অংগৰ দোষ পোৱা নাযায়| তলপেটত বিষ আৰম্ভ হোৱাৰ সময়তো ৰোগী ভেদে ভিন্ন হ’ব পাৰে| সধাৰণতে বিষ ৰক্তস্ৰাৱ আৰম্ভ হোৱাৰ কেইঘণ্টামান আগে আগে আৰম্ভ হয়| কিন্তু কিছুমানৰ আকৌ ৰক্তস্ৰাৱ চলি থকা সময়তহে বিষ অনূভুত হয়|

ৰোগৰ লক্ষণ

১) যক্ষ্মা ৰোগ

২) অত্যহিক পৰিশ্ৰম বা অৱসাদ

৩) কৌষ্ঠকাঠিন্যতা

৪) অকৰ্মণ্যতা

৫) ডায়েবেটিছ

৬) কোনো খাদ্যৰ প্ৰতি এলাৰ্জী হ’লে বা

৭) পুষ্টিহীনতাত ভুগিলেও এই বেমাৰ হ’ব পাৰে|

অৱশ্যে ইয়াৰ এই অৰ্থ নহয় যে প্ৰতি গৰাকী ৰোগীৰ দেহতে উক্ত কাৰণ সমুহে ক্ৰিয়া কৰিব অৰ্থাৎ এই ৰোগবোৰৰ কোনোবা এটি হ’লেও ডিছ্মেনোৰিয়া হ’ব পাৰে বুলি ভয় খাবলৈ তেনে কোনো ধৰণৰ যুক্তি নাই| কিন্তু আনহাতে এচাম স্ত্ৰী-ৰোগ বিশেষজ্ঞৰ মতে এইবিধ ৰোগৰ প্ৰ্কৃত কাৰণ নিৰ্ণয় কৰা কঠিন| ঋতুস্ৰাৱৰ সময়ত অকৰ্মণ্যতা, মানসিক অস্থিৰতাই বিষ সহ্য কৰিব পৰা গুণটি হ্ৰাস কৰে| ফলত ডিছমেনোৰিয়া ৰোগত আক্ৰান্ত হয়| অনুপযুক্ত শিক্ষা, মানসিক অশান্তি, সমজিক নীতি-নিয়ম, ঋতুস্ৰাৱৰ সময়ত অশুচি জ্ঞান কৰি সমাজৰ পৰা বৰ্জিত হৈ থকা আদিয়ে এই ৰোগ বৃদ্ধি কৰাত অৰিহণা যোগায়| এই ৰোগত ভোগা ৰোগীৰ এক গুৰুত্বপুৰ্ণ অংশই মানৱিক ভাৱে দুৰ্বল|কিন্তু যিবোৰ সুস্থিৰ মনৰ ছোৱালী, তেওঁলোকে তুলনামূলক ভাৱে কম পৰিমাণে এই ৰোগত আক্ৰান্ত হয় নাইবা যিকোনো অস্বস্তিকৰ অৱস্থাকো তেওঁলোকে উপেক্ষা কৰিবলৈ সক্ষম হয়| তোলনী হোৱাৰ দুই চাৰি বছৰৰ পাছত এই ৰোগ আৰম্ভ হয়| স্কুলীয়া আৰু কলেজত পঢ়ি থকা ১৭-২৫ বছৰৰ ছোৱালীৰ মাজত সাধাৰণতে এই ৰোগ হ’লেও দুই এক বয়সস্থা মহিলাও এই ৰোগত ভোগা দেখা যায়| বিয়াৰ পাছত গৰ্ভধাৰণ আৰু সন্তান প্ৰসৱৰ পাছত এই ৰোগ আপোনা-আপুনি আৰোগ্য হয়|

চিকিৎসা আৰু প্ৰতিকাৰ

উপযুক্ত শিক্ষা, পাৰিবাৰিক আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ উন্নতি সাধন আৰু যৌন শিক্ষাই এই ৰোগত ভোগা ৰোগীৰ সংখ্যা হ্ৰাস কৰিব পাৰে| এই ৰোগ দীৰ্ঘস্থায়ী নহয়| ঋতুস্ৰাৱৰ সময়ত নিজকে বৰ্জিত বুলি নাভাবি দৈনন্দিক কাম-কাজ কৰি যাব লাগে| সাধাৰণ স্বাস্থ্যৰ উন্নতিৰ প্ৰতি মনোযোগ দিব লাগে| বিষ আৰম্ভ হোৱাৰ পাছত বিশ্ৰাম লোৱাৰ প্ৰয়োজন আৰু তলপেটত সহ্য কৰিব পৰাকৈ গৰম পানীৰ সেক দিব লাগে| এইখিনিৰ বাহিৰেও এই ৰোগৰ চিকিৎসাৰ বাবে বহু দৰৱ ওলাইছে, কিন্তু সেইবোৰ ব্যৱহাৰ কৰাৰ আগতে স্ত্ৰী-ৰোগ বিশেষজ্ঞৰ মতামত লোৱাটো প্ৰয়োজনীয়| বিশেষকৈ বেৰেলগান আদি টেবলেট ব্যৱহাৰ কৰাৰ আগতে বিশেষ সতৰ্কতা অৱলম্বন কৰা ভাল| কিয়নো এনেবোৰ দৰৱে শৰীৰত বহু কু-প্ৰভাৱ পেলায়| আজিকালি অৱশ্যে চৰকাৰে আইন প্ৰনয়ন কৰি এই দৰবৰ বিক্ৰী বন্ধ কৰিছে| নিয়মিত ভাৱে কিছুমান যোগাসন (বজ্ৰাসন, ভুজাংগাসন আদি) কৰিলে এই ৰোগৰ পৰা বহুখিনি সকাহ পাব পাৰি|

ৰোগ নিৰাময়ৰ বাবে অস্ত্ৰোপচাৰ

ৰোগবিধৰ নিৰাময়ৰ বাবে গ্ৰীনব্লাট আৰু সহযোগী সকলে ইষ্টোজেন আৰু প্ৰোজেষ্টোৰোণ নামৰ দুবিধ হৰম’ন ব্যৱহাৰ কৰাৰ পোষকতা কৰে| কিন্তু ইয়াৰ ব্যৱহাৰ এতিয়াও বিতৰ্কৰ উৰ্দ্ধত নহয়| শেষ উপায় হিচাপে এচাম স্ত্ৰী-ৰোগ বিশেষজ্ঞৰ মতে অপাৰেচন কৰা উচিত| এই অপাৰেচনত জৰায়ুত থকা প্ৰিচেক্ৰেল নাৰ্ভ নামৰ স্নায়ুডাল কাটি দিয়া হয়| এই অপাৰেচন ১৮৯৯ চনতে প্ৰথমে কৰা হৈছিল যদিও পশ্চিমীয়া দেশসমুহত ১৯২৫ চন মানৰ পৰাহে জনপ্ৰিয় হৈ উঠে| ইয়াৰ সফলতাৰ হাৰ সেই দেশ সমুহত শতকৰা ৫০-৬০ ভাগ| এই ৰোগটি নাৰী দেহৰ বয়:সন্ধিৰ ফলতহে হয়| কিন্তু এই অবাঞ্ছনীয় ফল কেতিয়াবা নাৰীৰ স্বাস্থ্যৰ বাবে এক প্ৰত্যাহ্বান স্বৰুপ হৈ উঠে| সেয়েহে ইয়াক দূৰ কৰিবলৈ মূলত প্ৰয়োজন ঋতুস্ৰাৱ সম্পৰ্কীয় ভ্ৰান্ত ধাৰণা সমুহ দূৰ কৰাৰ আৰু প্ৰকৃত সামাজিক সচেতনাৰ।

ডা: মিহিৰ কুমাৰ গোস্বামী

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate