অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ শাৰিৰীক অসুবিধা

মহিলাৰ শাৰিৰীক অসুবিধা

মহিলাৰ গৰ্ভধাৰণ আৰু প্ৰজননত সহায় কৰা প্ৰধান অংগটোৱেই হৈছে জৰায়ু। জৰায়ুৰ দুটা ভাগৰ প্ৰধানটো হ’ল জৰায়ুৰ ওপৰভাগ আৰু দ্বিতীয়টো হ’ল জৰায়ুৰ মুখ। এই জৰায়ুক বহি:জগতৰ লগত সংলগ্ন কৰে মহিলাৰ যোনীয়ে। তদুপৰি গৰ্ভধাৰণৰ বাবে দৰকাৰী ভিতৰুৱা অংগ হ’ল ডিম্বকোষ দুটা আৰু দুটা ফেলোপিয়ান নলী। এই নলী বা টিউব দুটাই ডিম্বকোষৰ পৰা ওলোৱা ডিম্বক জৰায়ুৰ ফালে অনাত সহায় কৰে।

মহিলাৰ ঋতুস্ৰাৱে (মাহেকীয়া) প্ৰমাণ কৰে যে ভিতৰুৱা অংগসমূহে সঠিকভাৱে ইয়াৰ কাৰ্য্যসমূহ সম্পন্ন কৰি আছে। ভিতৰুৱা অংগসমূহে বাহিৰৰ লগত সম্পৰ্ক ৰখাৰ হেতু মাহেকীয়া হোৱাত, গৰ্ভধাৰণ কৰাত আৰু প্ৰসৱ কৰাত সহায় কৰে। প্ৰসৱৰ সময়ত ছাৰ্ভিক্সৰ দুৱাৰ প্ৰায় বন্ধ অৱস্থাত থাকে আৰু সন্তান প্ৰসৱৰ সময়ত সম্পূৰ্ণভাৱে খোল খায়।

মহিলাৰ প্ৰজননৰ বাবে স্তনৰ প্ৰয়োজনো সৰ্বাধিক। যিহেতু ই সন্তানটিৰ বাবে প্ৰথমে প্ৰয়োজনীয় খাদ্য যোগান ধৰে। উল্লিখিত ডিম্বকোষৰ পৰা ওলোৱা হৰম’নে যেনেকৈ জৰায়ুৰ ওপৰত প্ৰভাৱ পেলায়, তেনেকৈয়ে এই হৰম’নে স্তনৰ ওপৰতো প্ৰভাৱ পেলায়। এইসমূহ অংগৰ সৃষ্টিত প্ৰকৃতিয়ে এটা তাল ৰাখে। প্ৰকৃতিয়ে জন্মৰ পৰাই এই তালৰ সামঞ্জস্য ৰাখে যেনেকৈ বেণ্ড পৰিচালনা কৰা নিৰ্দিষ্ট ব্যক্তিগৰাকীয়ে অৰ্কেষ্ট্ৰা বা বেণ্ড পৰিচালনা কৰে মগজুৰ ভিতৰত থকা এটা গ্ৰন্থিয়ে সৃষ্টি কৰে, যাৰ নাম পিটুইটেৰী গ্ৰন্থি। এই গ্ৰন্থিৰ পৰা ওলোৱা হৰম’নে শৰীৰত থকা কৰ্মৰত প্ৰায় সকলো গ্ৰন্থিকে নিয়ন্ত্ৰণ কৰে। যেনেকৈ পিটুইটেৰীৰ পৰা ওলোৱা হৰম’নে ডিম্বকোষৰ ওপৰত কাম কৰে, তেতিয়া ডিম্বকোষে নিজৰ হৰম’ন উলিয়াই জৰায়ু, স্তনৰ ওপৰত প্ৰভাৱ পেলায়। এই প্ৰক্ৰিয়া প্ৰকৃতিয়ে বেছিভাগ সময়তে সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰে যাতে যেতিয়া যি হৰম’ন যি সময়ত যি পৰিমাণত ওলাব লাগে, সেইটো সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰে। ডিম্বকোষৰ পৰা ওলোৱা হৰম’নে পুনৰ পিটুইটেৰী গ্ৰন্থিক নিয়ন্ত্ৰণ কৰে। ডিম্বকোষৰ পৰা ওলোৱা হৰম’নে ভিতৰুৱা আৰু বাহিৰৰ প্ৰজনন অংগক নিয়ন্ত্ৰণ কৰে। তদুপৰি পিটুইটেৰী গ্ৰন্থিৰ পৰা ওলোৱা হৰম’নে থাইৰয়ড, এড্ৰিনেল গ্ৰন্থিক নিয়ন্ত্ৰণ কৰে।

এই সমগ্ৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াক প্ৰকৃতিয়ে সম্পূৰ্ণভাৱে পৰিচালনা কৰে, তথাপি কিছু ক্ষেত্ৰত খুঁত ওলোৱাৰ সম্ভাৱনা থাকে। যদিওবা এনে পৰিস্থিতিয়ে দেখা দিয়াৰ সম্ভাৱনা অতি কম।

ডা: শান্তি মেধি, প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ।

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate