অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ সুস্বাস্থ্যৰ বাবে হৰম’নৰ বেলেন্স অত্যন্ত জৰুৰী

মহিলাৰ সুস্বাস্থ্য ৰক্ষা কৰাত শৰীৰৰ হৰম’নে এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে| প্ৰতি মাহত মহিলাৰ শৰীৰত ইষ্টোজেন আৰু প্ৰজেষ্টেৰণ হৰম’ন উৎপন্ন হয়| যদি এই দুই হৰম’নৰ ভাৰসাম্য থাকে তেনেহ’লে মহিলাগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হব| ইয়াক কোৱা হয় হৰম’ন বেলেন্স| আনফালে যদি এই দুই হৰম’নৰ ভাৰসাম্য ঠিক নাথাকে তেনেহ’লে মহিলাগৰাকীৰ শৰীৰত নিগেটিভ প্ৰভাৱ পৰিব| যাক চমুকৈ কব পাৰি হৰম’নেল ইমবেলেন্স| হৰম’নেল ইমবেলেন্সৰ বাবে মহিলাগৰাকী বিভিন্ন সমস্যাত ভুগিব লগা হয়| সেয়েহে হৰম’নেল ইমবেলেন্স মানে কি ইয়াৰ লক্ষণ, চিকিৎসা, ডায়েট, দৈনন্দিক জীৱন-যাত্ৰা ইত্যাদি সম্পৰ্কে চমুকৈ উল্লেখ কৰা হল|

হৰম’নেল ইমবেলেন্স

মহিলাৰ শৰীৰে উৎপন্ন কৰা ইষ্টোজেন আৰু প্ৰজেষ্টেৰণ হৰম’নৰ ভাৰসাম্য ঠিক নাথাকিলে মেডিকেলৰ ভাষাত কোৱা হয় হৰম’নেল ইমবেলেন্স| ইয়াৰ উপৰি শৰীৰত আন কিছু হৰম’নে হাইপোথেলামাছৰ কাৰ্যকাৰিতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| ফলস্বৰুপে পিটুইটাৰি গ্ৰন্থি প্ৰভাৱিত হয় আৰু ইয়াৰ প্ৰভাৱত অ’ভেৰী ফেলোপিয়ান টিউব আৰু ইউটেৰাছৰ কাৰ্যত কিছু পৰিবৰ্তন হব পাৰে| ইষ্টোজেন হৰম’নৰ ভাৰসাম্যৰ ফলত মেনোপজ হব পাৰে| মেনোপজৰ সময়তো হৰম’নেল ইমবেলেন্স হয়| কোনো বিশেষ কাৰণত শৰীৰত এই হৰম’নৰ উৎপন্ন নহ’লেও হৰম’নেল ইমবেলেন্স হ’ব পাৰে| আনফালে দুটা হৰম’নৰ এটাৰ উৎপন্ন বেছি হ’লেও হৰম’নেল ইমবেলেন্স হ’ব পাৰে| হৰম’নেল ইমবেলেন্সৰ লগত যুক্ত কিছুমান ফেক্টৰ হ’ল- ইটিং ডিছঅৰ্ডাৰ, গ্লেণ্ডুলাৰ প্ৰব্লেম, আগতীয়া মেনুপজ, থাইৰয়ড প্ৰব্লেম, পলিচটিফ অ’ভেৰী চিনড্ৰোম ইত্যাদি|

হৰম’নেল ইমবেলেন্সৰ লক্ষণ

প্ৰধান লক্ষণ হ’ল মহিলাৰ মাহেকীয়াৰ অনিয়ম, কম পৰিমাণে হোৱা, বেছি পৰিমাণে হোৱা ইত্যাদি| ওজন বাঢ়ি যাব পাৰে| ইনফাটিলিটীৰ সমস্যা হ’ব পাৰে| কনচিভ কৰাৰ সময়ত বিভিন্ন সমস্যাই দেখা দিব পাৰে বা বহু সময় ল’ব পাৰে| মহিলাৰ গালত ব্ৰণ হ’ব পাৰে| শাৰীৰিক তাপমাত্ৰাৰ ফ্লাকচুয়েচনছ’ব পাৰে| অতিৰিক্ত ক্লান্তি, বিমৰ্ষতা, টেনচন হ’ব পাৰে| ছেক্স কমি যাব পাৰে| প্ৰিমেনষ্টুৰেল চিনড্ৰোমৰ সমস্যা হ’ব পাৰে| ইউৰিনাৰী ট্ৰেকসংক্ৰমণ হ’ব পাৰে| শৰীৰত পানী জমা হোৱা বাবে হাত-ভৰি ফুলি যাব পাৰে| পিৰিয়ডৰ আগে আৰু পিৰিয়ডৰ সময়ত অতিৰিক্ত বিষ, শাৰীৰিক মিলনত পেইন অনুভৱ, পেলভিক পেইন, লোবেক পেইন ইত্যাদি বিভিন্ন সমস্যাত জৰ্জৰিত হ’ব পাৰে|

চিকিৎসা

উপৰিউক্ত লক্ষণ বোৰ অনুভৱ কৰাৰ লগে লগে গাইনোকোলজিষ্টৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণ কৰিব লাগে| চিকিৎসকে ৰোগ নিৰ্ণয় কৰি চিকিৎসা কৰিব| ধৰি লোৱা হ’ল কোনো মহিলাৰ পলিচিষ্টিক অ’ভেৰীৰ সমস্যা আছে| তেনে ক্ষেত্ৰত ঔষধ প্ৰয়োগ কৰি হৰম’নৰ চিকিৎসা কৰিব| লগে লগে শৰীৰৰ ওজন নিয়মীয়া কৰাৰ পৰামৰ্শ দিব| আন কাৰণত হৰম’নৰ ইমবেলেন্স হ’লে তাৰ বাবে স্পেচিফিক ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব|

লাইফষ্টাইল মেনেজমেণ্ট

দৈনন্দিক জীৱনত যিমান পৰা যায় অতিৰিক্ত টেনচনৰ পৰা মুক্ত থাকিবলৈ চেষ্টা কৰক| আপোনাৰ সাধ্যৰ বাহিৰত থকা কথা বা কামৰ বিষয়ে চিন্তা নকৰিব| জীৱন সহজভাৱে গ্ৰহণ কৰক| নিৰ্দ্দিষ্ট সময়ত শুৱাৰ অভ্যাস কৰক| সুষম আহাৰ গ্ৰহণ কৰক| দৈনিক কিছু সময় খোজকঢ়া, ব্যায়াম কৰক| চিগাৰেট, এলকহল বৰ্জন কৰক| ডায়েবেটিছ থাকিলে তাক নিয়ন্ত্ৰণ কৰি ৰাখক|

যৌন জীৱন

হৰম’নেল ইমবেলেন্স হ’লেই যৌন ইচ্ছা শেষ হ’ব এনে ধাৰণা কৰা উচিত নহয়| নিৰ্দ্দিষ্ট কিছু হৰম’নেল ইমবেলেন্সৰ ক্ষেত্ৰত যৌন জীৱন আগৰ দৰেই থাকে| অৱশ্যে কিছু ক্ষেত্ৰত লো ছেক্স ডাইভাৰ সমস্যা হ’ব পাৰে| হৰম’নেল ৰিপ্লেচমেণ্ট থেৰাপীৰ মাধ্যমেৰে আপুনি পুনৰ আগৰ দৰে যৌন জীৱন উপভোগ কৰিব পাৰিব|

খাদ্য

হৰম’নেল ইমবেলেন্স নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দ্দিষ্ট পৰিমাণে পানী খাব লাগে| কেলচিয়ামসমৃদ্ধ খাদ্য অতি দৰকাৰী| লোকেল গাখীৰৰ দৈ নিয়মীয়াকৈ খালে শৰীৰৰ পক্ষে বেছি উপকাৰী| দৈনন্দিক খাদ্য তালিকাত ফাইবাৰসমৃদ্ধ শাক-পাচলি আৰু বতৰত পোৱা বিভিন্ন ফলমুল অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন| ভিটামিন এ, চি আৰু ডি যুক্ত খাদ্য গ্ৰহণৰ লগতে কালাৰ ভেজিটেবল আৰু ফল গ্ৰহণ কৰিলে শৰীৰে প্ৰয়োজনীয় এণ্টিঅক্সিজেন পাব|

ডা: সনাতন ডেকা

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate