অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানৱ প্ৰজনন প্ৰযুক্তি

মানৱ প্ৰজনন প্ৰযুক্তি

কাৰ বাবে কোনটো পদ্ধতি উপযুক্ত

প্ৰজনন অক্ষমতাৰ কাৰণসমূহ প্ৰায় সমানভাৱে পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত প্ৰয়োজ্য। মহিলাসকলৰ ৫৫ শতাংশ আৰু পুৰুষৰ ৩৫ শতাংশ কাৰক ইয়াৰ বাবে দায়ী। ইয়াৰ ভিতৰত চিনাক্ত কৰিব নোৱাৰা কাৰণ ১০ শতাংশ আৰু সংগীদ্বয়ৰ উভয়ৰ ক্ষেত্ৰত ২০ শতাংশ দায়ী।

মহিলাসকলৰ ক্ষেত্ৰত দেখা দিয়া প্ৰজনন অক্ষমতাৰ কাৰকসমূহ হ’ল-টিউবেল ডেমেজ, এণ্ড’মেট্ৰিয়’চিছ, পলিচিষ্টিক অভেৰিয়ান ডিজিজ, প্ৰিমেচিঅ’ৰ অভেৰিয়ান ফেইলিওৰ ইত্যাদি। পুৰুষৰ কাৰকসমূহ হ’ল-শুক্ৰবাহী নলী বন্ধ থকা, এজ’স্পাৰ্মিয়া বা শুক্ৰাণু উৎপাদন কৰিব নোৱাৰা, গণাডো ট্ৰফিন ডেফিচিয়েন্সি, ভেৰিকোচিল নামৰ ৰোগ ইত্যাদি।

আই.ভি.এফ আৰু আই.চি.এছ.আই. নামৰ গৰ্ভধাৰণৰ কৃত্ৰিম প্ৰজনন পদ্ধতিক সাধাৰণভাৱে ‘টেষ্ট টিউব বেবী’ পদ্ধতি বুলি কোৱা হয়। এই দুয়োটা পদ্ধতিত মহিলাগৰাকীৰ শৰীৰৰ পৰা ডিম্বাণু সংগ্ৰহ কৰি পুষ্টিকাৰক ৰাসায়নিক পদাৰ্থৰ মাজত ৰাখি পুৰুষৰ পৰা সংগৃহীত শুক্ৰাণু ডিম্বাণুৰ ওপৰত নিক্ষেপ কৰা হয়। এনেদৰে কৃত্ৰিম উপায়েৰে নিষিক্ত কৰা ভ্ৰুণ জৰায়ুৰ প্ৰতিষ্ঠাপন কৰি গৰ্ভধাৰণ কৰোৱা হয়।

আই.ভি.এফ আৰু আই.চি.এছ. আইৰ কেইটামান নিৰ্দেশনা

বৰ্তমান এই দুয়োটা পদ্ধতি যিকোনো ধৰণৰ প্ৰজনন অক্ষমতাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। পুৰুষ মহিলাৰ প্ৰজনন অক্ষমতাৰ কাৰকসমূহৰ সৈতে চিনাক্ত কৰিব নোৱাৰা কাৰণ এণ্ড’মেট্ৰিয়’চিছ, ইমিউনোলজিকেল প্ৰজনন অক্ষমতা, টিউব নষ্ট বা বন্ধ হৈ থকা আদি সকলোবোৰ কাৰক এই কৌশলে সামৰি লৈছে। কাৰিকৰী আৰু কৌশলগত উন্নতিৰ লগে লগে ইয়াৰ প্ৰচলন বা ব্যৱহাৰ উত্তৰোত্তৰ বঢ়াই তুলিছে।

এনেধৰণৰ প্ৰজনন প্ৰযুক্তিৰ বাবে ৰোগী বাছনি কৰাৰ ক্ষেত্ৰত কেইবাটাও কাৰক বিচাৰ কৰি চাবলগীয়া হয়। প্ৰথমতে, এটা সাধাৰণ ধাৰণাৰ প্ৰয়োজন এয়ে যে, এই চিকিৎসা আবেগিকভাৱে, স্বাস্থ্যসন্মতভাৱে বা আৰ্থিকভাৱে ৰোগীৰ বাবে উপযুক্ত হব নে নহয়। ই এক ব্যয়বহুল ব্যৱস্থা।

দ্বিতীয়তে, ইয়াৰ সফলতাৰ শতকৰা হাৰ ২৫ ৰ পৰা ৩৫। এনে নিম্ন সফলতাৰ হাৰ আৰু শকত অংকৰ টকাৰ ব্যয়ভাৰ পোনপটীয়াকৈ দম্পতীহালৰ ওপৰত পৰে। এই দুটা দিশৰ উপৰিও প্ৰজনন অক্ষমতাৰ বিভিন্ন পৰিসংখ্যা আৰু তথ্য বিশ্লেষণ কৰি চাইহে সিদ্ধান্ত ল’ব লাগে যাতে এনে সিদ্ধান্তই ৰোগীক নিৰাপত্তা আৰু নিশ্চয়তা প্ৰদান কৰাত সহায় কৰে।

প্ৰত্যক্ষ পৰিচালন পদ্ধতি আৰু আই.ভি.এফ, আই.চি.এছ.আই

গম্ভীৰ ধৰণৰ প্ৰজনন বিঘিনি থকা এগৰাকী মহিলাৰ বাবে আই.ভি.এফৰ এটা মাহেকীয়া চক্ৰ গৰ্ভধাৰণৰ স্বাভাৱিক প্ৰচেষ্টাৰে ১২ মাহতকৈ শ্ৰেষ্ঠ বুলি কব পাৰি। জৰায়ু নলী সম্বন্ধীয় সমস্যাৰ বাবে প্ৰজনন অক্ষমতাত ভুগি থকা ৰোগীসকলৰ ক্ষেত্ৰত ১২ মহীয়া স্বাভাৱিক গৰ্ভধাৰণৰ সম্ভাৱনা শতকৰা হাৰ ২.৪। আনহাতে, তুলনামূলকভাৱে আই.ভি.এফৰ শতকৰা হাৰ ৩৫ শতাংশ। ঠিক তেনেকৈ বেছি দীঘলীয়া সময় চিনাক্ত কৰিব নোৱাৰা প্ৰজনন অক্ষমতাত ভগি থকা ৰোগীৰ গৰ্ভধাৰণৰ সফলতাৰ শতকৰা হাৰ ৫.৯, কিন্তু আই.ভি.এফত এই হাৰ ২৮ শতাংশ। আকৌ পুৰুষৰ প্ৰজনন অক্ষমতাত প্ৰত্যক্ষ পদ্ধতিৰ সফলতাৰ শতকৰা হাৰ ৬.৬ যিটো আই.ভি.এফত ২৭ শতাংশ।

চিনাক্ত কৰিব নোৱাৰা প্ৰজনন অক্ষমতাৰ ক্ষেত্ৰত ৰোগীৰ বয়স এটা গুৰুত্বপূৰ্ণ দিশ। বয়সীয়াল মহিলাৰ ক্ষেত্ৰত প্ৰত্যক্ষ পদ্ধতিতকৈ আই.ভি.এফ উত্তম হিচাবে গণ্য কৰা হয়।

আই.ভি.এফ আৰু মাইক্ৰ’মেনিপুলেচন

আই.ভি.এফৰ সহায়ত দেহৰ বাহিৰত পুৰুষ আৰু মহিলাৰ জনন কোষৰ নিষিক্তকৰণ কাৰ্য্য সম্পন্ন কৰা হয়। গৰ্ভসঞ্চাৰৰ হাৰ বৃদ্ধিৰ বাবে ইয়াত বহু উন্নত প্ৰযুক্তি খটোৱা হয়। ইয়াৰ বাবে যৌক্তিকতা আৰু দম্পতীহালৰ উপযুক্ততা চালি-জাৰি চাই উপযুক্ত আৰু কাৰ্যকৰী ব্যৱস্থা নিৰ্দিষ্ট কৰি লোৱা দৰকাৰ। আই.ভি. এফৰ ক্ষেত্ৰত চিকিৎসাৰ বিকল্পসমূহ হ’ল-

১) সামাজিকভাৱে গ্ৰহণীয় বা কনভেনচনেল আই.ভি.এফ.

২) মাইক্ৰ’মেনিপুলেচন প্ৰক্ৰিয়াসমূহ, যেনে-

  • এচ.ইউ.জেড.আই.
  • পি.জেড.ডি
  • আই.চি.এছ.আই.
  • এ.এইচ.

সামাজিকভাৱে গ্ৰহণীয় আই.ভি.এফ

কনভেনচনেল আই.ভি.এফ. পদ্ধতি। এই প্ৰচলিত আই.ভি. এফ. পদ্ধতিৰ ক্ষেত্ৰত নিষিক্তকৰণ কাৰ্য্য দেহৰ বাহিৰত সংঘটিত কৰা হয়। এটা পাত্ৰত শুক্ৰাণু আৰু ডিম্বাণু একেবাৰে ওচৰ চপাই ৰখা হয়। শুক্ৰাণুৱে ডিম্বাণুৰ চাৰিওকাষে থকা বেৰৰ দৰে আৱৰণখন বিদ্ধ কৰে। ইয়াত কিছুমান এনজাইম ৰিয়েকচন আৰু বিভিন্ন ধৰণৰ মলিকুলাৰ কেপাচিটিৰ প্ৰয়োজন হয়। প্ৰজনন অক্ষমতা প্ৰাথমিকভাৱে মহিলাগৰাকীৰ শৰীৰত থকা বুলি প্ৰমাণিত হ’লে দেহৰ বাহিৰত নিষিক্তকৰণ কৰাটোৱেই হৈছে উপযুক্ত ব্যৱস্থা।

ইক্‌চি বা আই.চি.এচ.আই

ই এটা মাইক্ৰ’পোলেছ পদ্ধতি। অকৃতকাৰ্য নিষিক্তকৰণ সমস্যা দূৰ কৰিবলৈ আই.ভি.এফ কৰাৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ হয়। এছ ইউ জেড আই, পি জেড ডি আদি বিভিন্ন কৌশলবোৰেও নিষিক্তকৰণৰ হাৰ বৃদ্ধি কৰে। প্ৰকৃততে কবলৈ গলে ১৯৯২ চনত উদ্ভাৱন হোৱা প্ৰজনন পদ্ধতি ইকচিয়ে নিষিক্তকৰণৰ ক্ষেত্ৰখনলৈ এই নাটকীয় পৰিৱৰ্তন আনি দিছে। ই হ’ল পুৰুষ প্ৰজনন অক্ষমতাৰ এটা নিৰ্ভৰযোগ্য চিকিৎসা আৰু ইয়াৰ সহায়ত পুৰুষ প্ৰজনন অক্ষমতাৰ প্ৰায় সকলো ধৰণৰ সমস্যাৰ চিকিৎসা সম্পন্ন কৰিব পৰা যায়। এজ’স্পাৰ্মিয়া বা বীৰ্যত শুক্ৰাণু নথকা সমস্যাৰ ক্ষেত্ৰত শুক্ৰাশয়ৰ পৰা অস্ত্ৰোপচাৰৰ যোগেদি শুক্ৰাণু সংগ্ৰহ কৰা হয়। সংগৃহীত শুক্ৰাণু পৰীক্ষা-নিৰীক্ষা কৰি চাই ইক্‌চিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। ই গৰ্ভধাৰণৰ হাৰ বহুগুণে বঢ়াই তোলে। এই পদ্ধতি অতি কম পৰিমাণৰ শুক্ৰাণু থকা, গতিহীন শুক্ৰাণু থকা, মাৰাত্মক বিকৃত শুক্ৰাণু থকা পুৰুষৰ ক্ষেত্ৰত নাইবা বাৰম্বাৰ আই.ভি.এফ পদ্ধতি বিফল হ’লে, প্ৰয়োগ কৰা হয়।

এচিছটেড হেচ্ছিং

কেতিয়াবা শুক্ৰাণুৱে ডিম্বাণু ঘেৰি ৰখা খোলাটো ছিদ্ৰ কৰিব নোৱাৰে। এ.এইচ বা এচিছটেড হেচ্ছিং নামৰ সহায়কাৰী পদ্ধতিৰ দ্বাৰা কাৰিকৰী নাইবা ৰাসায়নিক প্ৰক্ৰিয়াৰে ডিম্বাণুৰ চাৰিওফালে ঘেৰি ৰখা খোলাটো ছিদ্ৰ কৰিব নোৱাৰে। এ.এইচ বা এচিছটেড হেচ্ছিং নামৰ সহায়কাৰী পদ্ধতিৰ দ্বাৰা কাৰিকৰী নাইবা ৰাসায়নিক প্ৰক্ৰিয়াৰে ডিম্বাণুৰ চাৰিওফাল ঘেৰি ৰখা খোলাটো ছিদ্ৰ কৰি দি নিষিক্তকৰণত সহায় কৰা হয়।

চিকিৎসাৰ সিদ্ধান্তসমূহ হ’ল- টিউব সম্বন্ধীয় প্ৰজনন অক্ষমতাৰ নিৰ্ভৰযোগ্য চিকিৎসা হ’ল আই.ভি.এফ.। আনহাতে মাৰাত্মমভাৱে পুৰুষ প্ৰজনন অক্ষমতা থকা (সংখ্যা <2ml/ml আৰু <5%-4% গতিশীলতা স্বাভাৱিক অৱস্থা) অৱস্থাত নিৰ্ভৰযোগ্য চিকিৎসা হ’ল ইক্‌চি। চাৰ্জিকেল ৰিট্ৰিভ স্পাৰ্ম আৰু আই ভি এফত নিষিক্তকৰণ ব্যৰ্থ হ’লেও ইক্‌চি পদ্ধতি অৱলম্বন কৰা হয়।

ডিম্বাণুৰ অস্বাভাৱিকতা, কাৰ্টিয়েল ৰিয়েকচন, স্পাৰ্ম বাইণ্ডিং ডিফেক্টচ, জোনা ইন্টাৰেকচনৰ অস্বাভাৱিকতা আদি হ’ল নিষিক্তকৰণ বিফলতাৰ জানিব পৰা কাৰণ। এনে ক্ষেত্ৰত আই.ভি.এফ প্ৰধান চিকিৎসা নহয়। গৰ্ভধাৰণৰ ক্ষেত্ৰত দম্পতীহাল তিনি-চাৰিবাৰকৈ বিফল হ’লে আৰু লগতে COH আৰু IUI ৰ ক্ষেত্ৰতো বিপত্তিয়ে দেখা দিলে ইক্‌চিৰ সহায় লোৱা হয়।

ইক্‌চিৰ সফলতাৰ হাৰ (তিনিটা মাহেকীয়া চক্ৰত) ৫৫.৪ শতাংশ। টিউবেল ৰোগৰ ক্ষেত্ৰতো এই হাৰ সমমানৰ। সামাজিকভাৱে গ্ৰহণীয় আই.ভি.এফৰ ক্ষেত্ৰত নিষিক্তকৰণ বিফলতাৰ হাৰ ১১.২২ শতাংশ আৰু পৰৱৰ্তী সময়ত ইয়াৰ পুনৰাবৃত্তি আতৰাবলৈ আই.চি.এচ.আই, ছিবলিং ওচাইট্‌ছৰ ওপৰত গুৰুত্ব দিয়া হয়।

এণ্ড’মেট্ৰিয়’চিছ

মাৰাত্মক এণ্ড’মেট্ৰিয়’চিছ ৰোগৰ আৰোগ্য লাভৰ একমাত্ৰ উপায় হ’ল আই.ভি.এফ। অৱশ্যে এইটো দেখা গৈছে যে, এনে ৰোগীৰ ক্ষেত্ৰত সফলতাৰ হাৰ যথেষ্ট কম। সম্ভৱত: নিম্নমান সম্পন্ন ডিম্বাণু নাইবা বিপৰীতধৰ্মী এণ্ড’মেট্ৰিয়েল ৰিচিপ্টিভিটিৰ বাবে এনে হয়।

বয়স

প্ৰজনন অক্ষমতাৰ চিকিৎসাৰ সফলতাৰ ক্ষেত্ৰত বয়স এটা মুখ্য বাধা। ৩৫ বছৰ বয়সৰ তলৰ মহিলাৰ গৰ্ভসঞ্চাৰৰ শতকৰা হাৰ আই.ভি.এফ আৰু ইক্‌চি উভয় ক্ষেত্ৰত প্ৰায় সমান। ৩৫ বছৰৰ অধিক বয়সৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ শতকৰা হাৰ ২০ ৰ পৰা ৩০ শতাংশ আৰু ৪০ বছৰৰ পিছত যিকোনো ধৰণৰ কৌশল অৱলম্বন নকৰক কিয়-ইয়াৰ হাৰ হয়গৈ ১৫ ৰ পৰা ২৫ শতাংশ।

ডিম্বাণুৰ ক্ষেত্ৰত থকা প্ৰাথমিক সমস্যা এটা হ’ল অধিক বয়স। বয়সৰ বাবে ক্ৰমোজোমৰ সংখ্যা বাঢ়ি গৈ অভেৰিয়ান ৰিভাৰ্ছ কমি আহে। এনে অৱস্থাত সহায়কাৰী কেইটামান কৌশল হ’ল-ব্লাষ্টোচিষ্ট কালচাৰ আৰু জোনা থিনিং। গৰ্ভধাৰণৰ উত্তম ফলাফল লাভৰ আশাত এই কৌশলবোৰ প্ৰয়োগ কৰা হয়। এনে ক্ষেত্ৰত দানকৃত ডিম্বাণু গ্ৰহণ সকলোতকৈ উত্তম উপায়। অৱশ্যে আজিকালি চাইটোপ্লাজমিক স্থানান্তৰৰ যোগেদি অধিক বয়সীয়া মহিলাৰ গৰ্ভসঞ্চাৰ কৰাৰ প্ৰচেষ্টা আৰু গৱেষণা চলি আছে।

পূৰ্বৱৰ্ত্তী গৰ্ভসঞ্চাৰ

আগতে যদি কোনো ধৰণৰ গৰ্ভধাৰণৰ হৈছিল তেন্তে পৰৱৰ্তী কালত প্ৰায় একেধৰণৰ জন্মক্ৰম আই.ভি.এফতো অনুসৰণ হ’ব পাৰে। আগতে হোৱা গৰ্ভধাৰণত জীৱিত সন্তান প্ৰসৱ হৈছিল, তেনেহ’লে পৰৱৰ্ত্তী আই.ভি.এফ. চিকিৎসাত ইয়াৰ সুফল দুগুণ হোৱাৰ আশা থাকে।

জৰায়ুনলীত শোথ ৰোগৰ উপস্থিতি

জৰায়ুনলীত শোথ ৰোগগ্ৰস্তা ৰোগীৰ গৰ্ভসঞ্চাৰৰ হাৰ তাৎপৰ্যপূৰ্ণভাৱে নিম্নমানৰ হয়। এনে ৰোগ অস্ত্ৰোপচাৰৰ যোগেদি নিৰ্মূল কৰা উচিত যাতে গৰ্ভসঞ্চাৰৰ উন্নত ফলাফল পোৱা যায়।

ফাইব্ৰইডচ

প্ৰজনন অক্ষমতাত ভুগি থকা বিশেষকৈ অধিক বয়সীয়াল মহিলাসকলৰ এটা আনুষঙ্গিক ৰোগ। ফাইব্ৰইডচে আই.ভি.এফত প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষেত্ৰত দ্বিমত আছে। লিটাৰেচাৰৰ ৰিভিউমতে এই সম্পৰ্কত কিছুমান গুৰুত্বপূৰ্ণ তথ্য দৃষ্টিগোচৰ হৈছে। যেনে-চাব মিউকাচ ফাইব্ৰইডচে আই.ভি.এফত প্ৰভাৱ পেলায়। গতিকে ইয়াক আঁতৰাই পেলোৱা উচিত। ইন্ট্ৰামুৰেল ফাইব্ৰইডচে কেভিটি বিকৃত কৰি গৰ্ভসঞ্চাৰৰ হাৰ কমাই দিয়ে। ৭ ছে:মিতকৈ ডাঙৰ ইনট্ৰামুৰেল ফাইব্ৰইডচে গৰ্ভধাৰণৰ হাৰ কমায়। ফাইব্ৰইডৰ ভিতৰত চাব চেৰাছ ফাইব্ৰইডেই আটাইতকৈ কেভিটি বিকৃত কৰি গৰ্ভসঞ্চাৰৰ হাৰ কমাই দিয়ে।

বি.এম.আই. বা মেদবহুলতা আৰু ইয়াৰ প্ৰভাৱ

বডি মাচ ইনডেক্স বা মেদবহুলতা ২০ কেজি/মি২ আৰু ৩৫ কেজি/মি২ ওপৰত হ’লে আই.ভি.এফত ঋণাত্মক প্ৰভাৱ পেলায়। প্ৰাথমিক গৰ্ভসঞ্চাৰৰ বিফলতা স্থূলতা বা মেদবহুলতাৰ বাবে হয় বুলি গণ্য কৰা হয়।

শেষত, ইয়াকে কব পাৰি যে, বৰ্তমান সময়ত গৰ্ভসঞ্চাৰৰ বাবে ভাল সুযোগ আছে। আই.ভি.এফৰ দৰে আধুনিক পদ্ধতিয়ে এনে সুযোগ আনি দিছে। নিজৰ অনুকূলে কৌশলবোৰৰ পৰা উপযুক্ত ব্যৱস্থাটো বাছি লব লাগে। এইটো কৰোতে কেইটামান দৰকাৰী কথা মনত ৰাখিব লাগে। সেইবোৰ হ’ল-

  • পুৰুষ ইনফাৰ্টিলিটি থাকিলে স্বাভাৱিক গৰ্ভসঞ্চাৰৰ হাৰ বঢ়াবলৈ সহায়কাৰী পদ্ধতি উপকাৰী।
  • মাৰাত্মক টিউবেল ডেমেজ, ব্যাখ্যা কৰিব নোৱাৰা প্ৰজনন অক্ষমতা আৰু মেল ফেক্টৰ ইনফাৰ্টিলিটিৰ ক্ষেত্ৰত প্ৰত্যক্ষ পদ্ধতিৰ ১২ টা মাহতকৈ আই.ভি.এফ/আই.চি.এছ.আই পদ্ধতিৰ এটা মাহেকীয়া চক্ৰই শ্ৰেষ্ঠ।
  • আই.ইউ.আইৰ ক্ষেত্ৰত সৰ্বোচ্চ ৪ টা মাহেকীয়া চক্ৰ লৈ চেষ্টা কৰা উচিত।
  • টিউবজনিত প্ৰজনন অক্ষম ৰোগীৰ বাবে আই.ভি.এফতকৈ ইক্‌চি শ্ৰেষ্ঠ নহয়।
  • জৰায়ু নলীত শোথ ৰোগ আলট্ৰা চাউণ্ডৰে ধৰা পেলাই তাৰ চিকিৎসা লৈহে আই.ভি.এফৰ বাবে পদক্ষেপ লোৱা উচিত।

সৰ্বোপৰি প্ৰজনন অক্ষমতাত ভুগি থকা কালৰ দৈৰ্ঘ্য আৰু মাতৃ গৰাকীৰ বয়স এটা গুৰুত্বপূৰ্ণ বিষয়। এই সকলোবোৰ চালি-জাৰি চাই সেইমতে সিদ্ধান্ত ল’ব লাগে।

লিখক: ডা: দিগন্ত চেতিয়া, প্ৰজনন আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰতীক্ষা আই ভি এফ ক্লিনিক।

শেহতীয়া উন্নীতকৰণ: : 6/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate