অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্তনদানৰ সমস্যা আৰু স্তনৰ পৰিচৰ্যা

বুকুৰ ভিতৰত দুই পৰা ছয় নম্বৰ হাড়ৰ কাষত ছালৰ তলৰফালে পেকটোৰলিচ মাংসপেশীৰ কাষত স্তনৰ অৱস্থান।স্তনৰ সন্মুখৰ প্ৰায় এক ইঞ্চি ব্যাসৰ ৰঞ্জিত অংশ হল এৰিওওলা।ইয়াৰ কেন্দ্ৰত কলা ছালেৰে ঢকা স্তনবৃত বা নিপল।স্তনবৃন্তৰ ভিতৰত পোন্ধৰৰ পৰা বিচটা লেকটিফেৰাচ নলীৰ প্ৰান্তিক অংশ থাকে।একোটা স্তনৰ একোখন পৰ্দাৰ দৰে বিভাজনৰে সৰ্বমুঠ বিছটা লোব বা অংশ থাকে।প্ৰত্যোকটো লোবৰ একোটা লেকটিফেৰাচ নলী সোমাই সৰু সৰু নলিকাত ভাগ হৈ যায়।এডাল নলিকা একোটা গোলাকাৰ এলভিওলাইত এক প্ৰকাৰৰ বিশেষ কোষে আৱৰি থাকে।এই কোষবোৰ সঙ্কুচিত হলে ইয়াৰ পৰা তৈয়াৰী হোৱা গাখীৰ লেকটিফেৰাচ লনীলৈ যায়।স্তনবৃন্তৰ ভিতৰৰ এমপালা নামৰ নলীৰ প্ৰসাৰিত অংশত গাখীৰ জমা হৈ থাকে।সমস্ত স্তন প্ৰচুৰ চৰ্বিৰ মাজত সোমাই  থাকে।স্তনৰ মূল অংশ নলী নলিকা আৰু এলভিওলাইৰ দ্বাৰা তৈয়াৰী গ্ৰন্থী বা গ্লেণ্ড হলেও ইয়াৰ বেছি অংশ মেদ বা ফেটৰ দ্বাৰা তৈয়াৰী।

গৰ্ভাৱস্থাৰ তৃতীয় মাহত কন্যা ভ্ৰুনৰ স্তনৰ বিকাশ আৰম্ভ হয়।এই অৱস্থাত পাচঁ মাহৰ পৰা আৰম্ভ কৰি কন্যা শিশুৰ জন্মলৈকে স্তনৰ সমস্ত অংশ যেনে-অবৰ্ধিত স্তনবৃত্ত,এৰিওলা,এলভিওলাই ইত্যাদি বিকাশ হয়।আঠৰ পৰা চৈধ্য বচৰ বয়সত স্ত্ৰী হৰমোন ইষ্টোজেন আৰু প্ৰজেষ্টেৰনৰ প্ৰভাৱত স্তনৰ সকলো অংশৰ পূৰ্ন বিকাশ হোৱাৰ লগতে ইয়াৰ ভিতৰত চৰ্বি জমা হবলৈ আৰম্ভ কৰে।গৰ্ভাৱস্থাৰ স্তনৰ বিকাশ হয় সৰ্বাধিক।

জন্মগত ক্ৰ্টিৰ বাবে স্তনৰ ক্ৰটিপূৰ্ন বিকাশ

জন্মগত ক্ৰটিৰ বাবে বহুসময়ত কোনো কোনো ছোৱালীৰ ক্ষেত্ৰত বুকুৰ এফালে বা দুয়োফালে স্তনৰ সৃষ্টি নহয়।চিকিৎসকীয় পৰিভাষাত ইয়াক এমেষ্টিয়া বোলে।কেতিয়াবা কেতিয়াবা স্তনৰ স্তনবৃত্ত নাথাকে।এই অবস্থাক বোলা হয় এথেলিয়া।কেতিয়াবা দুটাতকৈ অধিক স্তন বিকশিত হয় যাক পলিমেষ্টিয়া বোলা হয়।আকৌ কেতিয়াবা দুটাতকৈ অধিক স্তনবৃত্ত বিকশিত হয়।ইয়াক বোলা হয় পলিথেলিয়া।

কন্যা শিশুৰ জন্মৰ পৰাই স্তনৰ যত্ন লোৱা উচিত।বহুক্ষেত্ৰত কন্যা শিশুৰ স্তন জন্মৰ পৰাই স্ফীত হোৱা দেখা যায়।ইয়াক মেচটাইটিচ নিয়নেট্ৰাম বোলে।কেতিয়াবা এনে স্তনবৃন্তৰ পৰা গাখীৰ ওলোৱাও দেখা যায়।ইয়াক উইচ মিল্ক বোলে।মাতৃৰ শৰীৰৰ ষ্টেৰয়েড হৰমোনৰ প্ৰভাৱৰ বাবে এনে হয়।শিশুৰ জন্মৰ পিছত ষ্টেৰয়েড হৰমোনৰ প্ৰভাৱো লাহে লাহে কমিবলৈ ধৰে।সেয়ে ওপৰত উল্লেখ কৰা ধৰনৰ স্তনস্ফীত জন্মাৰ দুই সপ্তাহৰ পিছত নিজে নিজে কমিবলৈ ধৰে।কোনো চিকিৎসাৰ প্ৰয়োজন নহয়।কেৱল স্তন পৰিস্কাৰ পৰিচ্ছ্ন্ন কৰি ৰাখিব লাগে যাতে সংক্ৰমন নহয়।শিশুৰ ছাল তেনেই কোমল।শৈশৱ অৱস্থাত স্তনস্ফীত ৰোধ কৰিবলৈ মালিচা আদি কৰিলে সংক্ৰমন হৈ পূজঁ আদি জমা হব পাৰে।সেয়ে স্বয়ং স্বাভাৱিক ৰুপলৈ আহিব লগা স্তনৰ অতিৰিক্ত পৰিচৰ্যা নকৰা ভাল।প্ৰসঙ্গত জনা দৰকাৰ যে পুৰুষ শিশুৰো কেতিয়াবা স্তনস্ফীতি আৰু স্তনবৃন্তৰ পৰা গাখীৰ ওলাব পাৰে।যৌবনৰ আৰম্ভনিতে কোনো কোনো ছোৱালীৰ স্তনবৃন্ত স্তনৰ ভিতৰত সোমাই থাকিব পাৰে।স্তনৰ বিকাশ ঠিকমতে হলেও তাৰ সৈতে স্তনবৃন্তৰ বিকাশ সঠিক নোহোৱাৰ বাবে এই বিসংগতি হয়।কিছুসংখ্যক ক্ষেত্ৰত এই অৱস্থা শৈশৱকালত স্তনত স্ংক্ৰমনৰ হোৱাৰ বাবে হয়।সাধাৰনতে গৰ্ভাৱস্থাত স্তন পৰীক্ষাৰ সময়ত ই ধৰা পৰে।কিন্ত যৌৱনৰ আৰম্ভনিৰ সময়ত বা তাৰ ঠিক পিছত ধৰা পৰিলে নিতৌ আঙুলিৰে স্তনবৃন্ত ধৰি বাহিৰলৈ তোলাৰ চেষ্ঠা কৰিলে এই বিসংগতি নিৰাময় হয়।তিনি সপ্তাহৰ পৰা এমাহ পৰ্যন্ত কোনো মলম লগাই স্তনবৃন্ত বাহিৰলৈ তোলাৰ চেষ্ঠা কৰিলে ভাল ফল পোৱা যায়।

গৰ্ভাৱস্থাৰ স্তনৰ বিশেষ পৰিচৰ্যাৰ দৰকাৰ কেতিয়াবা বিশেষকৈ গৰ্ভাৱস্থাৰ শেষৰ ফালৰ সপ্তাহত স্তনাগ্ৰৰ পৰা জুলীয়া পদাৰ্থ ওলাই তাত গোটা মাৰে।সেয়ে নিতৌ স্নানৰ সময়ত স্তনবৃন্ত চফা কৰা দৰকাৰ।অন্যাথা প্ৰসৱৰ পিছত শিশুক গাখীৰ খুওৱাটো অসম্ভৱ হৈ পৰে।স্তনত গাখীৰ জমা হৈ স্ংক্ৰমনৰ সম্ভাৱনা বাঢ়ি যায়।

প্ৰসৱৰ তৃতীয় বা চতুৰ্থ দিনত স্তনত গাখীৰ জমা হৈ স্তন ফুলি যাব পাৰে।গাখীৰ বাহিৰ কৰিবলৈ পাতল মালিচ কৰা দৰকাৰ।ইয়াৰ দ্বাৰা কাম নহলে ব্ৰেষ্ট পাম্প ব্যৱহাৰ কৰি গাখীৰ উলিওৱা হয়।

স্তনদানৰ আৰম্ভনিতে স্তনবৃন্তত এটা পাতল ধৰনৰ বিষ হব পাৰে।ই এটা সাধাৰন সমস্যা।সাধাৰনতে স্তনাগ্ৰৰ মুখৰ ছাল ফাটি গৈ এই সমস্যাই দেখা দিয়ে।শীতকালত এই ৰোগ আৰু ৰোগজনিত বিষ বেছিকৈ হয়।আৰম্ভনিতে সাধাৰন তেল বা মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিলে ইয়াৰ পৰা ৰেহাই পাব পাৰি।বেক্টেৰিয়াজনিত সংক্ৰমনৰ বিষ হলে চিকিৎসকৰ পৰামৰ্শ লৈ এন্টিবায়টিক মলম লগাব বা ঔষধ খাব লগা হব পাৰে।

বৃন্তত কেণ্ডিডা জাতীয় ভেকুৰাৰঁ স্ংক্ৰমন হলেও বিষ হব পাৰে।এনেক্ষেত্ৰত বৃন্তৰ ছাল ৰঙা হব ফাটি যাব আৰু বগা দৈৰ দৰে ৰস ওলাব।এন অৱস্থা হলে চিকিৎসকৰ পৰামৰ্শমতে ঔষধ ব্যৱহাৰ কৰা উচিত।

এইবোৰৰ উপৰিও হৰমোনজনিত কাৰনত স্তনদানৰ সময়ত বিষ হব পাৰে।স্তনদান আৰম্ভ কৰাৰ সময়ত যিসকলৰ স্তনবৃন্ত ফটা আৰম্ভ হয় তেনে মহিলাৰ শাৰীৰীক গঠন সংক্ৰান্ত সমস্যা যেনে-স্বাভাৱিকৰ তুলনাত চেপেটা স্তনবৃন্ত থাকিব পাৰে।যদিও এইটো এটা সাধাৰন সমস্যা তথাপি কেতিয়াবা স্তনত মেচটাইটিচ বা গভীৰ এবচেচ অথবা ডাঙৰ ফোঁহা আদি হৈ সমস্যা জটিল হৈ পৰিব পাৰে।কিন্ত সাধাৰন স্বাস্থ্য বিধি মানি চলিলে এনে জটিলতাৰ পৰা হাত সাৰি থাকিব পৰা যায়।স্তন নিয়মিতভাৱে পৰিস্কাৰ কৰাৰ লগতে কোমল পেৰাফিন জাতীয় এমোলিওয়েট মলম ব্যৱহাৰ কৰা উচিত।ফটা অংশত হাইড্ৰোকাৰ্টিজম মলম বা ১% ক্লোৰহেক্সিডিন মলম লগাব পৰা যায়।কিন্ত স্তনদানৰ আগতে গৰম পানীৰে স্পঞ্জ কৰি এই মলম পৰিস্কাৰকৈ আতৰাইঁ পেলাব পাৰে।

স্তনবৃন্তৰ একেজিমা আন এক সমস্যা।স্তনদানৰ সময়ত হোৱা স্ংক্ৰমনৰ বাবে বিভিন্ন মলম ব্যৱহাৰ কৰিবলগীয়া হলে বিশেষকৈ চোফ্ৰামাইচিনৰ পৰা একজিমা হব পাৰে।পোন্ধৰৰ পৰা ত্ৰিছ বছৰৰ মহিলাৰ এও ৰোগ হোৱা দেখা যায়।কন্টেক্ট ডাৰ্মাইটিচৰ বাবেও এই ৰোগ হোৱা দেখা যায়।নেইলপলিচৰ এলাৰ্জিৰ পৰা স্তনৰ ছালত একজিমা হব পাৰে।অন্তৰ্বাস বা পোছাক গাত লিপিট খাই ধৰা বিধৰ হলে ঘৰ্ষনৰ বাবে অথবা বক্ষবন্ধনীত থকা ফোমৰ পৰাও একজিমা হব পাৰে।পাতল ধৰনৰ ষ্টেৰইড মলমেই ইয়াৰ চিকিৎসা।

সন্তান জন্মৰ পিছতে স্তনৰ এটা অংশ ফুলি যন্ত্ৰনাদায়ক হোৱাটো ব্ৰেষ্ট এবচেচৰ লক্ষন।ষ্টেফাইলোকক্কাচ নামৰ বেক্টেৰিয়া ইয়াৰ বাবে দায়ী।এন্টবায়টিক সহায়ত শীঘ্ৰে ই উপশম হয় যদিও বিষ বা জ্বৰ থাকিলে চাৰ্জাৰীৰ প্ৰয়োজন হব পাৰে।প্ৰসুতিৰ বাহিৰেও প্ৰাপ্ত বয়স্কা মহিলাৰো এনে ধৰনৰ এবচেচ দেখা দিব পাৰে যাক কোৱা হয়—মেমিলাৰি ফিশ্চুলা।ইয়াৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন।

স্তনাগ্ৰৰ চাৰিওফালে সৰু সৰু ফুলা বা পেপিউল দেখা দিয়াটো স্কেবিজৰ লক্ষন।স্কেবিজ এৰাই চলিবলৈ স্তনদানৰ সময়ত স্তনৰ পৰিস্কাৰ পৰিচ্ছ্ন্নতা অতি জৰুৰী।মাতৃৰ এই ৰোগে নিশ্চিতভাৱে নৱজাতকক আক্ৰমন কৰাৰ সম্ভৱনা থাকে।১% পাৰমেথ্ৰ্ন মলম মাতৃ আৰু শিশু উভয়ৰে বাবে নিৰাপদ।চিকিৎসাৰ পিছতো পেপিউলবোৰ থাকি যাব পাৰে।

দেহৰ ছালৰ অন্যান্য অংশত হোৱা ৰোগ স্তনত বিশেষভাৱে দেখা দিব পাৰে।যেনে-শ্বেতী,,মৰফিয়া,চৰিয়চিছ,পিটিৰিয়াচিচ,ৰেজিয়া,নিউৰফ্ৰাইবোমা,ফক্স ফৰভাইচ ডিজিজ ইত্যাদি।ইয়াৰ বাহিৰে কিছু কেনচাৰ(ব্ৰেষ্ট কেনচাৰৰ বাহিৰে)বিশেষভৱে স্তনৰ ছালত হোৱা দেখা যায়।যেনে-বেচাল চেল কেনচাৰ,পেজেটেচ ডিজিজ ইত্যাদি।

নিজৰ স্তন নিজে পৰীক্ষা কৰাৰ উপায়

স্তনৰ ৰোগ নিৰ্নয় কৰিবলৈ নিজে নিজৰ স্তন পৰীক্ষা কৰিব পৰাৰ পদ্ধতি এনে ধৰনৰ:

(১)এখন আইনাৰ সন্মুখত হাত দুখন দুকাষত পেলাই থৈ থিয় হৈ বা বহি পৰক।এইবাৰ লক্ষ্য কৰক স্তনযুগলৰ গঠন আৰু আকাৰত কিবা পৰিৱৰ্তন হৈছে নেকি?স্তনৰ গাত কোনো ভাজঁ বা টোল পৰিছে নেকি অথবা স্তনাগ্ৰৰ আকাৰৰ কোনো পৰিৱৰ্তন চকুত পৰিছে নেকি-সেয়াও লক্ষ্য কৰক।ইয়াৰ পিছত উভয় স্তন মিলাই লক্ষ্য কৰক।

(২)এইবাৰ প্ৰথমে বাওঁহাতখন মূৰৰ ওপৰলৈ উঠাই লৈ একোবোৰ বিষয় লক্ষ্য কৰক।ঠিক তেনেদৰে সোহাতঁখন মূৰৰ ওপৰত থৈ লক্ষ্য কৰক।প্ৰথম আৰু দ্বিতীয়বাৰ এনে ভঙ্গীৰে স্তন পৰীক্ষা কৰি ইয়াৰ মাজত কোনো ধৰনৰ পৰিৱৰ্তন হৈছে নেকি লক্ষ্য কৰক।

(৩)স্তনাগ্ৰত মৃদু চাপ দিয়ক।লক্ষ্য কৰক কোনো পদাৰ্থ নি:সৰিত হৈছে নেকী।

(৪)স্তনৰ ৰ্ং লক্ষ্য কৰক।অস্বাভাৱিক ৰঙে কিন্ত বিপদৰ সম্ভাৱনা কঢ়িয়াই।

(৫)এইবাৰ বিছনাত শুই কান্ধৰ তলত গাৰু বা ডাঠ তাৱেল এখন ৰাখক।এখন হাত শৰীৰৰ কাষত থৈ আনখন হাতৰ তলুৱাৰে লাহে লাহে স্তনত গোলাকাৰ ৰুপত চাপ দি্যা ঘুৰাই থাকক যাতে ওপৰৰ পৰা তল পৰ্যন্ত থকা হাড়বোৰ অনুভৱ কৰিব পাৰে।এনেদৰে স্তনাগ্ৰ পৰ্যন্ত কৰি থাকক।

(৬)এইবাৰ এখন হাত মূৰৰ তলত থওক।একেধৰনৰ ইখন হাতেৰে কোমলভাৱে হেচাঁ দি আঙুলিবোৰ চলাই অনুভৱ কৰাৰ চেষ্ঠা কৰক কৰবাত টান গোটা বস্ত আছে নেকি।হাতৰ তলুৱাৰে এনেদৰে ককাঁল আৰু স্তনৰ সন্ধিস্থল কাষলতি আদিও পৰীক্ষা কৰক।

এনেধৰনৰ কৰা নিৰীক্ষনত কোনো ধৰনৰ অস্বাভাৱিকতা(টান গেঠেলা মৰা মাংসপিণ্ড সৰু বা ডাঙৰ টেমুনা তথা দুয়োটা স্তনৰ আকৃতিৰ পাৰ্থক্য আদি)লক্ষ্য কৰিলে চিকিৎসকৰ কাষ চপা উচিত।

স্তনৰ ব্যায়ম

১/নমস্কাৰৰ ভংগীত দুখন হাত জোৰা লগাই বুকুৰ ওচৰলৈ আনক।ইয়াৰ পিছত জোৰা লাগি থকা হাত দুখন সোফালেঁ ঠেলি আনক।দুইখন হাতৰ তলুৱাত পৰস্পৰ বিৰোধী চাপ দিয়ক।একৰ পৰা পাচলৈঁ গনি বিশ্ৰাম লওক।একেদৰে বাওঁফালেও কৰক।দিনত দুবাৰ দহৰ পৰা পোন্ধৰবাৰলৈ।

২/দুখন হাত একে ভ্ংগীত জোৰা লগাই মূৰৰ ওপৰত তুলি ধৰক।এই অৱস্থাত জোৰা লগা হাত দুখনত পৰস্পৰ বিৰোধী চাপ দিয়ক।একৰ পৰা পাচঁলৈ গনি বিশ্ৰাম লওঁক।একেদৰে দিনত দুবাৰকৈ দহৰ পৰা পোন্ধৰবাৰ কৰক।

৩/হাত দুখন পিছফাললৈ লৈ গৈ ওলোটা নমস্কাৰ ভংগী লওক।দুইখন হাতৰ তলুৱাত পৰস্পৰ বিৰোধী চাপ দিয়ক।চাপৰ অভিমুখ যাতে তললৈ হয় সেইটো লক্ষ্য কৰিব।যিমান বেছি স্ংখ্যকবাৰ কৰিব পাৰে সিমানেই ভাল।

এই ব্যায়মসমূহৰ জৰিয়তে স্তনৰ উপযুক্ত পৰিচৰ্যা হোৱাৰ উপৰিও স্পণ্ডেলাইটিচ,তলপিঠিৰ বিষ,পিঠিৰ পেশীৰ বিষ আদিতো সুফল দিয়ে।

ডা:ৰুবী বৰুৱা

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate