অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভপাত

গৰ্ভপাতত লʼব লগা সাৱধানতা, আইন প্ৰনয়ন, পৰীক্ষা আদিৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।

সকলোবোৰ গৰ্ভধাৰণ সম্পূৰ্ণ ৯ মাহৰ নহ’বও পাৰে। সকলো গৰ্ভধাৰণত শিশু জন্ম নহ’বও পাৰে। কিছুমান ক্ষেত্ৰত গৰ্ভ নিজে নিজেই নষ্ট হয়। ইয়াকেই কোৱা হয় স্বতঃফুত গৰ্ভপাত। সাধাৰণতে গৰ্ভধাৰণৰ ২৬ সপ্তাহৰ আগতেই স্বতঃফুত গৰ্ভপাত হয়। কিছুমান ক্ষেত্ৰত অপাৰেচন কৰি গৰ্ভ নষ্ট কৰা হয়। ইয়াক আবিষ্ট (ইচ্ছাকৃত গৰ্ভপাত) বুলি কোৱা হয়।

স্বতঃফুত গৰ্ভপাত

প্ৰতি ১০০ গৰাকীৰ নাৰীৰ ভিতৰত ১০-২০ টা স্বতঃফুত গৰ্ভপাত হোৱা দেখা যায়। ভ্ৰুণটো জীৱিত থকাৰ সুযোগ নাথাকিলে ভ্ৰুণটো নষ্ট হৈ যায় আৰু গৰ্ভপাত হ্য়। সাধাৰণতে গৰ্ভধাৰণৰ প্ৰথম ১২ সপ্তাহৰ ভিতৰতে বেচিভাগ গৰ্ভনষ্ট হয়।

গৰ্ভনষ্ট হোৱাৰ কাৰণ কি? গৰ্ভনষ্ট হোৱাৰ প্ৰধান কাৰণ হ’ল নিষিক্ত ডিম্বটোত কিবা ক্ৰটি থকা। যদি এনে নিষিক্ত ডিম্বটো বাঢ়িবলৈ ধৰে, তেন্তে শিশুটিয়ে নানা বিসংগতি, অংগ-প্ৰত্যংগ নথকা বা বিকৃত অংগসহ জন্ম ল’ব পাৰে। সেয়ে এনে বিসংগতি প্ৰাকৃতিকভাৱে ৰোধ কৰিবলৈ কেতিয়াবা গৰ্ভনষ্ট হয়। যদি কোনো মহিলা মেলেৰিয়া, চিফিলিচ জাতীয় ৰোগত আক্ৰান্ত হয়, গৰ্ভাৱস্থাত মহিলাগৰাকী বেয়াকৈ পৰি যায় বা থেকেছা খায়, মহিলাগৰাকীৰ জননাংগৰ যদি কিবা বিসংগতি থাকে, আদিবোৰ কাৰণতো গৰ্ভনষ্ট হৈ গৰ্ভপাত হ’ব পাৰে। কিছুমান ক্ষেত্ৰত নিষিক্ত ডিম্বটো বা ভ্ৰুণটো গৰ্ভাশয়ত থিতাপি নলৈ আন ঠাইত যেনে, ডিম্বনলীত বাঢ়িবলৈ ধৰে। তেতিয়াও গৰ্ভপাত হয় আৰু এই গৰ্ভপাত অতি বিপদজনক।

গৰ্ভনষ্ট হোৱাৰ লক্ষণবোৰ

গৰ্ভনষ্ট হোৱাৰ প্ৰধান লক্ষণ দুটা। প্ৰথম, যোনীৰে তেজ বাহিৰ হোৱা আৰু দ্বিতীয়, তলপেটত বিষ। প্ৰথমতে কমকৈ তেজ যায় আৰু ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে। তেজৰ লগত গোট মৰা টুকুৰাও বাহিৰ হয়। এই তেজ মাহেকীয়া ঋতুস্ৰাৱৰ সৈতে প্ৰায় মিলে। গৰ্ভধাৰণৰ প্ৰথম অৱস্থাতে এনে হ’লে আৰু গৰ্ভধাৰণ হৈছে নে নাই সেয়া নিশ্চিত নহ‘লে- সেয়া ঋতুস্ৰাৱ নে গৰ্ভপাত, ধৰিবলৈ টান হয়।

সম্পূৰ্ণ গৰ্ভপাত

গৰ্ভত থকা ভ্ৰুণ আৰু ফুল নষ্ট হৈ যোনীৰে সম্পূৰ্ণকৈ বাহিৰ ওলাই অহাটোকে সম্পূৰ্ণ গৰ্ভপাত বোলে। সম্পূৰ্ণ গৰ্ভপাতত কেইদিনমানৰ ভিতৰতে তেজ ওলোৱা বন্ধ হয়। এই সময়ছোৱাত মহিলাগৰাকী বিশ্ৰামত থকা দৰকাৰ। ২-৩ সপ্তাহলৈ মহিলাগৰাকীক ওজন থকা বস্তু দাঙিব বা শাৰিৰীক শ্ৰম কৰিবলৈ দিব নালাগে। পৰিষ্কাৰ-পৰিচন্ন হৈ থাকিব লাগে। এই সময়ছোৱাত যৌন সংগম কৰিব নালাগে।

অপূৰ্ণ গৰ্ভপাত: যদি গৰ্ভপাতৰ পিছত গৰ্ভৰ ভিতৰত ভ্ৰুণৰ বা ফুলৰ কিছু অংশ থাকি যায় তাকে অপূৰ্ণ গৰ্ভপাত বোলা হয়। গৰ্ভধাৰণৰ ১০ ৰ পৰা ২০ সপ্তাহৰ ভিতৰত গৰ্ভনষ্ট হ’লে এনে অপূৰ্ণ গৰ্ভপাতৰ সম্ভৱনা থাকে। এনে ক্ষেত্ৰত অহৰহ ৰক্তস্ৰাৱ হৈ থাকে। গৰ্ভত মৃত ভ্ৰুণৰ ৰৈ যোৱা তন্ত্ৰবোৰত সংক্ৰমণ হ’ব পাৰে। ইয়াৰ ফলত জ্বৰ আৰু পেটৰ বিষ হয়। এনে অসম্পূৰ্ণ গৰ্ভপাত হ’লে ৰোগীক অনতি পলমে প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীৰদ্বাৰা বা স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়লৈ নি গৰ্ভটো সম্পূৰ্ণভাৱে পৰিষ্কাৰ কৰোৱাৰ প্ৰয়োজন। অসম্পূৰ্ণ গৰ্ভপাত সংক্ৰমিত হ’লে জ্বৰ আৰু প্ৰজনন অংগবোৰত বিষ হ’ব পাৰে। যি ভাল নহয়। এনে সংক্ৰমণৰ উপযুক্ত চিকিৎসা নকৰিলে ই ডিম্ববাহী নলীত ক্ষতি কৰিব পাৰে। ফলত মহিলাগৰাকী সন্তান জন্ম দিয়া ক্ষমতা হেৰুৱাৰ সম্ভৱনা থাকে। গৰ্ভপাতৰ পাছত কোনো মহিলাৰ যদি সংক্ৰমণৰ লক্ষণবোৰ দেখা দিয়ে, তেন্তে অনতি পলমে তেওঁক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে।

প্ৰতিবাৰেই গৰ্ভনষ্ট কিছুসংখ্যক মহিলাৰ প্ৰতিবাৰেই গৰ্ভনষ্ট হৈ যায় আৰু গৰ্ভপাত হয়। গৰ্ভধাৰণৰ প্ৰথম অৱস্থাতেই এবাৰ বা দুবাৰ এনে গৰ্ভনষ্ট হৈ গৰ্ভপাত হ’লে মহিলাগৰাকীক আশ্বাস দিয়া প্ৰয়োজন। কিন্তু গৰ্ভাৱস্থাৰ শেষৰফালে তৃতীয় বা চতুৰ্থ বাৰো এনেদৰে গৰ্ভপাত হ’লে তেওঁক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে।

ইচ্ছাকৃত বা আবিষ্ট গৰ্ভপাত গৰ্ভনষ্ট হোৱাটোক নিজে নিজে হোৱা গৰ্ভপাত বোলা হয়। এনে গৰ্ভপাত নিজে নিজেই আৰম্ভ হয়। কিছুমান ক্ষেত্ৰত মহিলাই নিজে ভ্ৰুণটো নষ্ট কৰি গৰ্ভপাত কৰোৱায়। ইয়াক আবিষ্ট বা ইচ্ছাকৃত গৰ্ভপাত বোলা হয়। গৰ্ভধাৰণ কৰাৰ প্ৰথম তিনিমাহৰ ভিতৰত এই গৰ্ভপাত কৰাব পাৰি। এনে গৰ্ভপাতৰ সময়ত মহিলাগৰাকীক এটা চেতনানাশক বেজী দিয়া হয় আৰু মহিলাগৰাকীৰ যোনীপথেৰে সা-সৰঞ্জাম ভৰাই গৰ্ভস্থ ভ্ৰুণটো বাহিৰ কৰি গৰ্ভ পৰিষ্কাৰ কৰা হয়। এই কাম প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মী বা চিকিৎসকে কৰে। ইয়াৰ বাবে বিশেষ সা-সৰঞ্জামৰো প্ৰয়োজন হয়। এই অপাৰেচন ভয়াৱহ নহয়।

এনে গৰ্ভপাত অপ্ৰশিক্ষিত আৰু অপদ্ধতিগত ভাৱে কৰিলে মহিলাগৰাকীৰ প্ৰজনন অংগত ভয়াবহ সংক্ৰমণ হব পাৰে। যদি কোনো মহিলাৰ ইচ্ছাকৃত গৰ্ভপাত কৰাৰ পাছত জ্বৰ আৰু কপঁনি, পেটৰ বিষ, শিৰামুৰি ধৰা বা পিঠিৰ বিষ হ্য়। যদি যোনীৰে অহৰহ তেজ যোৱা বা দূৰ্গন্ধযুক্ত পদাৰ্থ বাহিৰ হোৱা, স্বাভাৱিক ঋতুস্ৰাৱ ডেৰ মাহলৈকে নোহোৱা ধৰণৰ লক্ষণবোৰে দেখা দিয়ে, তেন্তে তেওঁক অনতি পলমে চিকিৎসকৰ ওচৰলৈ নিব লাগে। পলম কৰিলে মৃত্যুও হ’ব পাৰে।

আইন প্ৰণয়ন

ৰাষ্ট্ৰীয় জনসংখ্যা নীতি ২০০০ৰ অন্তৰ্গত জনসংখ্যা সুস্থিৰ কৰাৰ বিষয়ত কঠোৰ আৰু কাৰ্য্যকৰীভাৱে আইনখন প্ৰণয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। এই উদ্দেশ্যত দুখন আইন প্ৰণয়ন কৰা হৈছে। সেই আইন দুখন হ’ল:

পিতৃ-মাতৃৰ ৰোগ নিৰ্ণায়ক পদ্ধতি (বিধান আৰু প্ৰতিৰোধ আইন)-১৯৯৪

এই আইনখন ১ জানুৱাৰী ১৯৯৬ৰ পৰা কাৰ্য্যকৰী কৰা হৈছে। এই আইনৰ আধাৰত গৰ্ভস্থ ভ্ৰুণৰ বিসংগতি বা অস্বাভাৱিকতা পৰীক্ষা কৰিব পৰা যায়। ভ্ৰুণৰ লিংগ প্ৰকাশ কৰা নিষেধ। এই আইন উলংঘন কৰিলে শাস্তি হব।

প্ৰসৱৰ পূৰ্বে ৰোগ নিৰ্ণায়ক পদ্ধতি (বিধান আৰু অপব্যৱহাৰ প্ৰতিৰোধ)

চিকিৎসাগত গৰ্ভপাত আইন:

গৰ্ভপাতৰ লগত জড়িত অসুস্থতা আৰু মৃত্যু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যত এই আইন। ১৯৭১ চনত সংসদত এই আইনখন গ্ৰহণ কৰা হয়। জন্মু-কাশ্মীৰৰ বাহিৰে ভাৰতৰ সকলো ৰাজ্যত এই আইনখন ১ এপ্ৰিল ১৯৭২ত কাৰ্য্যকৰী কৰা হয়। জন্মু-কাশ্মীৰত ১৯৭৬ চনৰ নৱেম্বৰত কাৰ্য্যকৰী কৰা হয়।

এই আইনখনত কেনে অৱস্থাত গৰ্ভপাত কৰা হ’ব, কোনে গৰ্ভপাত কৰোৱাব পাৰিব আৰু কোন কোন ঠাইত গৰ্ভপাত কৰোৱা হব সেই সম্পৰ্কে নিৰ্দেশ দিয়া আছে।

তলত দিয়া চৰ্তসমূহ এই আইনত আছে:মাতৃগৰাকীৰ চিকিৎসাগত অৱস্থা

যদি মাক শাৰিৰীক আৰু মানসিকভাৱে অসুস্থ হয়। গৰ্ভধাৰণত সমস্যা হৈছে বা জটিল অৱস্থা হোৱাৰ ভয় থাকে বা মাতৃৰ শাৰিৰীক আৰু মানসিক ক্ষতি তথা মৃত্যুৰ সম্ভৱনাও থাকে।
প্ৰতিপালনত সমস্যা : যেতিয়া শিশুটি শাৰিৰীক আৰু মানসিকভাৱে বিকলাংগ হৈ জন্ম হব পৰাৰ আশংকা থাকে। এনে হ’ব পাৰে যদিহে গৰ্ভাৱস্থাত ভাইৰাছৰ সংক্ৰমণ, বিশেষ ঔষধৰ প্ৰয়োগ, এক্স-ৰেৰ সংশ্পৰ্শলৈ অহা, তেজত বিসংগতি থকা, মানসিক ভাৰসাম্যতা নথকা আদি।

মানবীয় কাৰণ: যেতিয়া ধৰ্ষণৰ ফলত গৰ্ভধাৰণ হয়।

অবাঞ্চিত গৰ্ভধাৰণ: পৰিয়াল-পৰিকল্পনাৰ ব্যৱস্থাবিলাক গ্ৰহণ নকৰাৰ ফলত হোৱা গৰ্ভধাৰণ। এনে অৱস্থাত মহিলাগৰাকীৰ অনুৰোধ সাপেক্ষে এই আইনে গৰ্ভপাতৰ অনুমতি দিয়ে।

সামাজিক-আৰ্থিক অৱস্থা


যদি এনে এটা অৱস্থা হয় যে, সন্তান জন্ম দিলে মাকৰ শাৰিৰীক ক্ষতি হব পাৰে, এনে ক্ষেত্ৰত অনুৰোধ কৰিলে গৰ্ভপাতৰ অনুমতি দিয়া হয়। কেৱল ধাত্ৰীবিদ্যাত পাৰদৰ্শিতা থকা অনুমোদিত আৰু নথিভুক্ত চিকিত্সকেহে গৰ্ভপাত কৰোৱাবলৈ এই আইনত বিধান আছে। যদি গৰ্ভধাৰণ তিনিমাহৰ কম হয়, তেন্তে এজন চিকিৎসকেই গৰ্ভপাত কৰিব পাৰে। কিন্তু যদি তিনিমাহৰ অধিক সময় গৰ্ভধান কৰিছে, এনে পৰিস্থিতিত দুজন চিকিৎসকে আলোচনা কৰি গৰ্ভপাতৰ বিষয়টো বিবেচনা কৰিব। ইয়াৰে যিকোনো এজনেই গৰ্ভপাত কৰিব পাৰে। যদি গৰ্ভাৱস্থা ৫ মাহৰ বেছি হয় আৰু জৰুৰী অৱস্থাত গৰ্ভপাত অতি প্ৰয়োজনীয় হৈ পৰে তেতিয়া দ্বিতীয় এজন চিকিত্সকৰ লগত পৰামৰ্শ নকৰাকৈয়ে এজন চিকিত্সকে গৰ্ভপাত কৰিব পাৰে। এনে অৱস্থাত অস্বীকৃত স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়তো গৰ্ভপাত কৰিব পৰা যায়।

গৰ্ভপাত কৰোৱাৰ আগতে মহিলাগৰাকীৰ লিখিত সন্মতি লোৱা অতি প্ৰয়োজনীয়। যদি মহিলাগৰাকী নাবালিকা হয় বা ভয়াৰ্ত অৱস্থাত বা অপ্ৰকৃতিস্থ অৱস্থাত থাকে। তেনে ক্ষেত্ৰত মহিলাগৰাকীৰ অভিভাৱকৰপৰা লিখিত অনুমতি লব লাগে। এই আইনমতে গৰ্ভপাতৰ বিষয়টো সম্পূৰ্ণ ব্যক্তিগত। সেয়ে গৰ্ভপাত কৰোৱা জনে এইকথা সম্পূৰ্ণ গোপনীয়তাৰে ৰাখিব লাগিব। ৰোগীৰ পৰিচয় গোপনে ৰাখিব লাগিব।

সকলো ধৰণৰ যত্ন, সতৰ্কতা অৱলম্বন কৰি গৰ্ভপাত কৰোৱাৰ পাছতো যদি কোনোধৰণৰ জটিল সমস্যাই দেখা দিয়ে, ইয়াৰ বাবে চিকিৎসকক দায়ী কৰি কোনো আইনী ব্যৱস্থা লব নোৱাৰিব। কিন্তু যদিহে গৰ্ভপাতৰ পূৰ্ব চৰ্তসমূহ পালন কৰা হোৱা নাই, তেতিয়া সেই চিকিত্সকৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰু শাস্তিও আছে। ১০০০ টকা পৰ্য্যন্ত জৰিমনাও হ’ব পাৰে।

চিকিৎসাগত আৰু প্ৰজননগত কাৰণত কৰা গৰ্ভপাত মাতৃ আৰু শিশু দুয়োৰে বাবে মংগলজনক। কিন্তু এই সুবিধা লৈ অবাঞ্চিত সন্তান বা কন্যা সন্তানৰ জন্মত বাধা দিবলৈ বিচৰা চেষ্টা অনৈতিক আৰু অসামাজিক। এনে কাৰ্য্যক বাধা দিব লাগে। বাৰে বাৰে গৰ্ভপাত কৰোৱালে মাকৰ স্বাস্থ্য ভাগি যায় আৰু দেহ ৰুগীয়া হৈ পৰে। মৃত্যুৰ সম্ভাৱনাও বাঢ়ি যায়। মহিলাসকলক এই কথা ভালদৰে বুজাই দিব লাগে আৰু জন্ম নিয়ন্ত্ৰণৰ পদ্ধতিবোৰ ব্যৱহাৰ কৰিবলৈ উত্সাহিত কৰিব লাগে।

এই আইনখন ১৯৭৫ চনত সংশোধন কৰা হয়। এই সংশোধনবোৰ হ’ল-

  • গৰ্ভপাত কৰিবলৈ চিকিৎসকৰ যি গুণগত অৰ্হতা লাগে সেয়া মুখ্য জিলা স্বাস্থ্য বিষয়াক অনুমোদনৰ অধিকাৰ দিয়া হয়। আগতে এই কামটো এখন ব’ৰ্ডে কৰিছিল।
  • গৰ্ভপাত কৰিবলৈ লগা যোগ্যতা - a) ২৫টা গৰ্ভপাতত আন চিকিৎসকক সহায় কৰা, নথিভুক্ত (ৰেজিষ্টাৰড) চিকিত্সক। b) ধাত্ৰীবিদ্যাত সহকাৰী হিচাবে ৬ মাহ কাম কৰা চিকিত্সক । c) যদি তেওঁ ধাত্ৰীবিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী। d) এই আইনখন কাৰ্য্যকৰী কৰাৰ আগতে যিসকল চিকিত্সক হৈছে, আৰু ধাত্ৰীবিদ্যাত ৩ বছৰৰ অভিজ্ঞতা আছে।

জিলাৰ মুখ্য স্বাস্থ্য বিষয়াৰ পৰা অনুজ্ঞাপত্ৰ লৈ বেচৰকাৰী সংগঠনেও ৰাইজলৈ গৰ্ভপাত সেৱা আগৱঢ়াব পাৰিব। এম, টি, পি ১৯৭১ (সংশোধন ১৯৭৫) আইনৰ ভিতৰত সকলো ব্যৱস্থা থকাৰ পাছতো দূৰ্গম, পাহাৰীয়া অঞ্চল, জনজাতীয় অঞ্চলৰ উপৰি চহৰ অঞ্চলতো বহুলোকে অকৰ্তৃত্বশীলভাৱে গৰ্ভপাত কৰাটো পৰিলক্ষিত হয়।

ইয়াৰ মূল কাৰণবোৰ হ’ল:
a) গাওঁ, দূৰ্গম পাহাৰীয়া ঠাই, জনজাতীয় অঞ্চল আদিত সুৰক্ষিত গৰ্ভপাত কৰোৱাবলৈ স্বাস্থ্যকেন্দ্ৰ নাই। পইচাৰ অভাৱত চহৰলৈ গৈ গৰ্ভপাত কৰাবও নোৱাৰে।
b) সুৰক্ষিত গৰ্ভপাত সেৱাৰ বিষয়ে তথ্য আৰু জ্ঞান নথকা।
c) চৰকাৰী স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়ত ৰোগীৰ প্ৰতি অৱহেলা সূচক পৰিৱেশ আৰু গোপনীয়তাৰ অভাৱ।
d) অবিবাহিত আৰু বিধবা মহিলাসকলে স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়লৈ গৰ্ভপাতৰ বাবে যাবলৈ লাজ কৰে।

গৰ্ভপাতৰ আগতে লবলগীয়া সতৰ্কতা

গৰ্ভপাতৰ আগতে এইটো লক্ষ্য কৰিব লাগে যে, প্ৰকৃততে মহিলাগৰাকীৰ গৰ্ভপাতৰ প্ৰয়োজন আছে নে নাই। যদি গৰ্ভপাত কৰিবই লাগে তেন্তে কিমান দিনৰ গৰ্ভধাৰণ কৰিছে সেইটো সঠিকভাৱে জানিব লাগিব। গৰ্ভধাৰণ গৰ্ভাশয়ত হৈছে নে আন ঠাইত হৈছে সেয়াও জানিব লাগিব। সকলো ঠিক আৰু সময়ত হ’লে এনে গৰ্ভপাতত কোনো জটিলতা নাথাকে। কিন্তু গৰ্ভধাৰণৰ সময় যিমান বেছি হয়- জটিলতাও সিমানে বাঢ়ি যায়। সেয়ে গৰ্ভপাতৰ আগতে গৰ্ভৱস্থাৰ সময় সঠিকভাৱে নিৰ্ণয় কৰি লোৱা উচিত যাতে গৰ্ভপাতৰ বাবে উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায়।

সকলো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত দুদক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মী থকা উচিত, যিয়ে মহিলাগৰাকীৰ গৰ্ভৱস্থাৰ সম্পূৰ্ণ তথ্যখিনি সংগ্ৰহ কৰিব পাৰে। সেইবোৰত হাতেৰে শ্ৰোণী পৰীক্ষা কৰিব পৰা কৰ্মীও থকা দৰকাৰ। যদি স্বাস্থ্যকেন্দ্ৰত গৰ্ভপাত কৰোৱাবলৈ প্ৰশিক্ষিত লোক বা সা-সৰঞ্জাম নাথাকে, তেন্তে মহিলাগৰাকীক ততালিকে গৰ্ভপাত কৰিব পৰা আন কেন্দ্ৰ বা চিকিৎসালয়লৈ পঠিয়াব লাগে। মহিলাগৰাকীক সঠিক উপায় বাচি, সিদ্ধান্ত ল’ব পৰাকৈ পৰামৰ্শ আৰু আলোচনা কৰিব পৰা

মহিলাগৰাকীক পৰীক্ষা কৰাৰ সময়ত স্বাস্থ্যকৰ্মীসকলে বিশেষ কেইটামান কথাত গুৰুত্ব দিব লাগে-

  • জৰায়ু সন্মুখৰ ফালে নে পিছৰফালে ওলমি আছে?
  • কিবা যৌন সংক্ৰমিত ৰোগ আছে নে নাই?
  • জননাংগ নলীত সংক্ৰমণ আছে নেকি?
  • অন্যান্য অৱস্থা- যেনে, ৰক্তহীনতা, মেলেৰীয়া আদি।

কিছুমান লক্ষণ দেখা গ’লে মহিলাগৰাকীক অতিৰিক্ত চিকিৎসা আৰু যত্নৰ প্ৰয়োজন হ’ব পাৰে। কিছুমানৰ ক্ষেত্ৰত জৰায়ু সংক্ৰান্তিয় জটিল সমস্যা থাকিব পাৰে, তেনে ক্ষেত্ৰত মহিলাগৰাকীৰ অধিক পৰীক্ষা-নিৰিক্ষা আৰু চিকিৎসাৰ বাবে উপযুক্ত চিকিৎসক বা চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিব লাগে।

আল্ট্ৰাচাউণ্ড স্কেনিং

গৰ্ভধাৰণৰ সময় বেছি নহ’লে গৰ্ভপাতৰ বাবে আল্ট্ৰাচাউণ্ড স্কেনিংৰ প্ৰয়োজন নহয়। যদিহে গৰ্ভধাৰণৰ সময় ডেৰ মাহৰ অধিক হয় আৰু আল্ট্ৰাচাউণ্ড স্কেনিংৰ ব্যৱস্থা স্থানীয় ভাৱে পোৱা যায় তেন্তে এই স্কেনিংৰদ্বাৰা ভ্ৰুণৰ প্ৰকৄত স্থিতি আৰু অৱস্থান নিৰ্ণয় কৰাত সুবিধা হয়। গৰ্ভৱস্থাৰ সময় অধিক হ’লে গৰ্ভপাতৰ আগতে বা গৰ্ভপাতৰ সময়ত এই পদ্ধতিয়ে চিকিৎসক গৰাকীক যথেষ্ট সহায় কৰে। সম্ভৱ হ’লে গৰ্ভৱস্থাত কৰা স্কেনিং আৰু গৰ্ভপাতৰ বাবে কৰা স্কেনিংৰ স্থান পৃথক হ’লে ভাল।

পূৰ্ব চৰ্ত

মহিলাগৰাকীৰ গৰ্ভৱস্থাৰ সময় নিৰূপণ কৰাৰ লগতে মহিলাগৰাকীৰ অন্যান্য তথ্যও স্বাস্থ্যকৰ্মীসকলে সংগ্ৰহ কৰিব লাগে। এইবোৰ গৰ্ভপাতৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। মহিলাগৰাকীয়ে কি কি ঔষধ সেৱন কৰি আছে- সেইটো জনা অতি প্ৰয়োজনীয়। কাৰণ সেই ঔষধৰ লগত গৰ্ভপাতৰ সময়ত ব্যৱহাৰ কৰিব লগা ঔষধে পাৰ্শ্ব-প্ৰতিক্ৰিয়াও কৰিব পাৰে।

মহিলাগৰাকীৰ দেহত যদি এইচআইভি সংক্ৰমণ দেখা যায়, তেন্তে অন্যান্য ৰোগীৰ দৰে তেওঁকো চিকিৎসা-পথ্য দিয়া উচিত। যদি মহিলাগৰাকী এইচআইভি পজেটিভ হ্য় তেন্তে তেওঁক পৃথককৈ বিশেষ পৰামৰ্শ দিয়া দৰকাৰ।

প্ৰজনন নলীকাত সংক্ৰমণ

গৰ্ভপাতৰ সময়ত প্ৰজনন নলীকাত (নিম্ন) সংক্ৰমণ থাকিলে গৰ্ভপাতৰ পাছত সেয়াই বিপদৰ আশংকা বঢ়াই তোলে। যদি প্ৰতিৰোধক হিচাপে এন্টিবায়’টিক পোৱা নাযায়- তথাপিও গৰ্ভপাত কৰিব পৰা যায়। ইয়াৰ বাবে যথেষ্ট পৰিষ্কাৰ পৰিচন্নতা কঠোৰভাৱে অৱলম্বন কৰিব লাগিব, যিটো সাধাৰণতেই গৰ্ভপাতৰ পিছৰ সংক্ৰমণ ৰোধ কৰিবলৈ কৰা হয়। গৰ্ভপাতত ব্যৱহাৰ কৰা সাঁ-সৰঞ্জামবিলাকো পদ্ধতিগতভাৱে বিজাণুমুক্ত কৰি ল’ব লাগে।

যদি ডাক্তৰী পৰীক্ষাত প্ৰজনন নলীত সংক্ৰমণ থকাটো সন্দেহ হয়, তেন্তে এন্টিবায়’টিকেৰে চিকিৎসা কৰি গৰ্ভপাত কৰাব পৰা যায়। এনে ধৰণৰ সংক্ৰমণৰ পৰীক্ষা যিবোৰ পৰীক্ষাগাৰত কৰা হয় তাত পৰীক্ষা কৰিলেও, যদি এনে সংক্ৰমণ হোৱাৰ লক্ষণ দেখা নাযায় তেতিয়া ৰিপৰ্টৰ বাবে ৰৈ নাথাকি গৰ্ভপাত কৰিব পৰা যায়।

স্থানভ্ৰষ্ট গৰ্ভধান

যেতিয়া গৰ্ভধাৰণ জৰায়ুত নহৈ আন ঠাইত হয় তাকে স্থানভ্ৰষ্ট গৰ্ভধান বোলে। এনে ক্ষেত্ৰত ভ্ৰুণটো বিসংগতিসহ বাঢ়িবলৈ ধৰে। সাধাৰণতে ডিম্ববাহী নলীত, ডিম্বাশয় বা গৰ্ভাশয়ৰ বাহিৰৰ আন ঠাইত ভ্ৰুণটো বাঢ়িবলৈ ধৰে।

স্থানভ্ৰষ্ট গৰ্ভধান প্ৰাণনাশক হ’ব পাৰে। ইয়াৰ লক্ষণবোৰ হ’ল- গৰ্ভধাৰণৰ সময় অনুসৰি ভ্ৰুণ ডাঙৰ নোহোৱা, তলপেটত বিষৰ লগতে যোনীৰ ৰক্তপাত বা ৰক্তস্ৰাৱ হয়, মূৰ ঘূৰাই থকা, অজ্ঞান হৈ যোৱা, শেঁতা পৰি যোৱা আৰু কিছুসংখ্যক মহিলাৰ উপাংগীয় মাংসপিণ্ডৰ সৃষ্টি হোৱা। স্থানভ্ৰষ্ট গৰ্ভধাৰণ হৈছে বুলি সন্দেহ হ’লে- অনতি পলমে উপযুক্ত পৰীক্ষা আৰু যিবোৰ চিকিৎসালয়ত এনে সুবিধা আছে। তালৈ পঠিয়াব লাগে।

গৰ্ভাশয়ৰ কোষ পৰীক্ষা

গৰ্ভপাত কৰিব বিচৰা মহিলাসকলে গৰ্ভাশয়ৰ কোষ পৰীক্ষা কৰাৰ এটা সুযোগ পায়। বিশেষকৈ যদি গৰ্ভাশয় কেঞ্চাৰ বা সংক্ৰমণৰ সন্দেহ থাকে তেতিয়া এই পৰীক্ষা কৰা হয়। কেৱল এইটো কাৰণেই গৰ্ভপাতৰ চৰ্ত হ’ব নোৱাৰে। সুৰক্ষিত গৰ্ভপাতৰ বাবেও এই পৰীক্ষা প্ৰয়োজনীয় নহয়।

তথ্য আৰু পৰামৰ্শ

সঠিক তথ্যয়ে গৰ্ভপাত নিয়াৰি আৰু সুকলমে সমাধা কৰাত সহায়ক হয়। তথ্যসমূহ, সহজ, সম্পূৰ্ণ আৰু যথাযথ হব লাগে। এই তথ্যবোৰে মহিলাগৰাকীৰ গোপনীয়তাৰ ৰক্ষাৰ অধিকাৰ যাতে খৰ্ব নকৰে তালৈ লক্ষ্য ৰাখিব লাগে।

সিদ্ধান্ত লব পৰাকৈ পৰামৰ্শ

গৰ্ভপাত কৰোৱাৰ ক্ষেত্ৰত সিদ্ধান্ত লবলৈ মহিলাগৰাকীক সম্পূৰ্ণ স্বাধীনতা দিব লাগে। তেওঁক গৰ্ভপাতৰ বিকল্পবোৰ ভালদৰে বুজাই দিব লাগে আৰু সিদ্ধান্ত লবলৈ দিব লাগে। তেওঁ কাৰো হেঁচাত যাতে সিদ্ধান্ত নলয়, তাৰ প্ৰতি গুৰুত্ব দিব লাগে। এনে পৰামৰ্শদাতাসকল স্বেচ্ছাসেৱী আৰু ভালদৰে প্ৰশিক্ষণ প্ৰাপ্তলোক হব লাগে।

যদি মহিলাগৰাকীয়ে গৰ্ভপাত কৰাবলৈ বিচাৰে, তেন্তে তেওঁক এই বিষয়ৰ আইনগত কথাবোৰ বুজাই দিব লাগে। মহিলাগৰাকীয়ে সিদ্ধান্ত ল’বলৈ যিমান সময় বিচাৰে, সিমান সময় দিয়া দৰকাৰ। যদি মহিলাগৰাকীয়ে সিদ্ধান্ত লৈ পাছত স্বাস্থ্যকেন্দ্ৰ বা চিকিত্সালয়লৈ আহিবলৈ বিচাৰে, তাকেই কৰিবলৈ দিব লাগে। তথাপিও তেওঁক সুৰক্ষা আৰু কাৰ্য্যকাৰীতাৰ বাবে সোনকালে গৰ্ভপাত কৰাও উচিত বুলি জনাব লাগে। যদি মহিলাগৰাকীয়ে গৰ্ভপাত নকৰি শিশু জন্ম দিব বিচাৰে বা কোনোৱে সন্তান তুলি লব বিচাৰে- তেওঁলোককো স্বাস্থ্যকৰ্মীয়ে যথাযথ তথ্য আৰু ব্যৱস্থা তথা প্ৰক্ৰিয়াবোৰৰ বিষয়ে ভালদৰে জনাব লাগে। মহিলা এইছআইভি সংক্ৰমিত তেওঁলোকে গৰ্ভধাৰণ কৰিলে তেওঁৰ নিজৰ আৰু জন্ম হ’ব লগা শিশুটিৰ কেনে ধৰণৰ জটিল অৱস্থা হ’ব পাৰে সেয়া ভালদৰে বুজাই দিব লাগে। তেওঁলোকক এইচআইভি ৰ চিকিৎসা আৰু শিশুটিলৈ যাতে এইছআইভি সংক্ৰমিত নহয় তাৰ বাবে কি কি ব্যৱস্থা আছে সেই সম্পৰ্কে স্পষ্টকৈ সঠিক তথ্য জনাই দিয়া উচিত। সকলো জনোৱাৰ পিছত তেওঁক গৰ্ভপাত বা সন্তান জন্ম দিয়াৰ সিদ্ধান্ত ল’বলৈ দিব লাগে। তেওঁলোকে আৰু কিছু বিষয়ত পৰামৰ্শ বিচাৰিব পাৰে। যদি স্বাস্থ্যকৰ্মীসকলৰ সন্দেহ হয় যে, মহিলাগৰাকী ধৰ্ষিতা। তেনেহ’লে তেওঁক আন ধৰণৰ যথাযথ পৰামৰ্শ আৰু সহায় আগবঢ়োৱা উচিত। এই স্বাস্থ্যকৰ্মীসকলৰ হাতত যাতে স্বাস্থ্যব্যৱস্থা আৰু অন্যান্য সামাজিক ব্যৱস্থাসমুহৰ সকলো তথ্য থাকে সেইটো নিশ্চিত কৰিব লাগে।

গৰ্ভপাতৰ পদ্ধতি সম্পৰ্কীয় তথ্য

গৰ্ভপাত কৰিব বিচৰা এগৰাকী মহিলাক তলত দিয়া তথ্যখিনি দিয়াটো অতি প্ৰয়োজন।

  1. গৰ্ভপাত কৰাৰ আগৰ আৰু পাছত লব লগা ব্যৱস্থা পদ্ধতি।
  2. তেওঁৰ কি কি অসুবিধা হ’ব পাৰে (যেনে ঋতুস্ৰাৱৰ দৰে বিষ আৰু ৰক্তস্ৰাৱ)৷
  3. বিষ কমাবৰ বাবে কি কি ব্যৱস্থা লোৱা হব।
  4. গৰ্ভপাতৰ ফলত হ’ব পৰা বিপদ আৰু জটিলতা৷
  5. কিমান দিনৰ পাছত স্বাভাৱিক অৱস্থালৈ আহিব আৰু যৌনসংগম কৰিব পাৰিব।
  6. গৰ্ভপাতৰ পাছত লব লগা যত্ন।
  7. গৰ্ভপাতত কিমান সময় লাগিব।

যদি গৰ্ভপাত পদ্ধতিৰ বিকল্প বাচি লোৱাৰ সুযোগ থাকে, গৰ্ভৱস্থাৰ সময়, ডাক্তৰী পৰীক্ষা আৰু সাম্ভাব্য বিপদ আৰু জটিলতাৰ কথা আগত ৰাখি যিটো পদ্ধতি উপযুক্ত সেইটো স্বাস্থ্যকৰ্মীসকলে মহিলাগৰাকীক স্পষ্টকৈ বুজাই দিয়া উচিত।

গৰ্ভনিৰোধক সম্পৰ্কীয় তথ্য আৰু সেৱা

গৰ্ভপাতৰ পাছৰ যত্নৰ ভিতৰত স্বাস্থ্যকৰ্মীসকলৰ ওচৰত গৰ্ভনিৰোধক ব্যৱস্থাসমূহ আৰু এই বিষয়ক যথাযথ তথ্য থকা উচিত যাতে গৰ্ভপাত কৰা মহিলাগৰাকীয়ে আগলৈ অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ সুবিধাজনক পদ্ধতি ল’ব পাৰে।

প্ৰত্যেক মহিলাকে এইটো কথা জনাই দিয়া অতি প্ৰয়োজন যে গৰ্ভপাতৰ দুমাহ পিছৰ পৰাই মহিলাগৰাকীৰ দেহত ডিম্বাণুৰ সৃষ্টি আৰম্ভ হয়। এই সময়ত গৰ্ভনিৰোধকৰ ব্যৱস্থা ব্যৱহাৰ নকৰিলে পুণৰ গৰ্ভধাৰণ কৰাৰ আশংকা থাকিব পাৰে। গৰ্ভধাৰণ ৰোধ কৰিবলৈ থকা বিভিন্ন পদ্ধতিৰ বিষয়ে মহিলাগৰাকীক জনাই দিব লাগে যাতে সুবিধাজনক পদ্ধতিটো গ্ৰহণ কৰিব পাৰে। যদি গৰ্ভনিৰোধক পদ্ধতি ব্যৱহাৰ নকৰাৰ ফলত মহিলাগৰাকী গৰ্ভৱতী হৈছিল, তেন্তে উক্ত পদ্ধতিটো সঠিকভাৱে ব্যৱহাৰ কৰিছিল নে নাই, কেনেকৈ ব্যৱহাৰ কৰা উচিত আছিল, বা আন আন পদ্ধতিবোৰ সম্পৰ্কেও মহিলাগৰাকীক স্বাস্থ্যকৰ্মীসকলে ভালদৰে বুজাই পৰামৰ্শ দিব লাগে। কিন্তু শেষ সিদ্ধান্ত মহিলাগৰাকীৰ ওপৰতে এৰি দিব লাগে।

এগৰাকী মহিলাই গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ পাছতো যদি গৰ্ভৱতী হয়, সেইটো গৰ্ভপাতৰ চৰ্ত হ’ব নোৱাৰিব।

গৰ্ভপাত জটিলতা নিয়ন্ত্ৰণ

সঠিকভাৱে প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰ দ্বাৰা পদ্ধতিগতভাৱে গৰ্ভপাত কৰোঁৱালে জটিলতাৰ সৃষ্টি হোৱাৰ দৃষ্টান্ত একেবাৰেই নগণ্য। তথাপিও স্বাস্থ্যসেৱাৰ প্ৰতিটো স্তৰতে সঠিকভাৱে প্ৰশিক্ষণপ্ৰাপ্ত লোক থকা উচিত। যিসকলে গৰ্ভপাতৰ ফলত হব পৰা জটিলতাবোৰ নিৰ্ণয় কৰা, চিকিত্সা ব্যৱস্থা কৰা আৰু প্ৰয়োজন সাপেক্ষে মহিলাগৰাকীক আন চিকিৎসালয়লৈ পঠিওৱাৰ ব্যৱস্থা কৰিব পাৰে। স্বাস্থ্যকেন্দ্ৰবোৰত গৰ্ভনষ্টৰ ফলত হোৱা গৰ্ভপাতৰ দৰে আবিষ্ট গৰ্ভপাতৰ ক্ষেত্ৰতো জটিলতা নিৰ্ণয়, নিয়ন্ত্ৰণ, চিকিৎসা আৰু ২৪ ঘণ্টাই সেৱা (বিশ্ব স্বাস্থ্য সংস্থা ১৯৯৪) আগবঢ়াব পৰা ব্যৱস্থা থকা উচিত।

অসম্পূৰ্ণ গৰ্ভপাত

সুদক্ষ চিকিৎসকে যেতিয়া ভেকুৱাম এছপিৰেচন নামৰ পদ্ধতিৰ সহায়ত গৰ্ভপাত কৰে, তেতিয়া সাধাৰণতে গৰ্ভপাত অসম্পূৰ্ণ নহয়। এনে ধৰণৰ জটিলতা অন্যান্য ডাক্তৰী পদ্ধতিত বেছিকৈ হোৱা দেখা যায়। ইয়াৰ লক্ষণবোৰ হ’ল- যোনীৰে অহৰহ ৰক্তক্ষৰণ, পেটৰ বিষ আৰু সংক্ৰমণৰ লক্ষণ। প্ৰতিটো স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকল ভেকুৱাম এছপিৰেচন নামৰ পদ্ধতিৰ সহায়ত জৰায়ু পুনৰ পৰিষ্কাৰ কৰিব পৰাকৈ দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত হব লাগে। অত্যাধিক ৰক্তক্ষৰণ আৰু সংক্ৰমণৰ কথাটোও গুৰুত্ব দিব লাগে।

অসফল গৰ্ভপাত

অস্ত্ৰোপচাৰ বা ডাক্তৰী পদ্ধতি উভয়তে অসফল হ’ব পাৰে। কোনো মহিলাই গৰ্ভপাতৰ পাছত পৰীক্ষা কৰিবলৈ আহোতে যদি অসফল গৰ্ভপাতৰ কথাটো প্ৰত্যক্ষ কৰা হয়, তেনে ক্ষেত্ৰত পুনৰ এচপিৰেচন পদ্ধতিৰে গৰ্ভপাত কৰোৱাব লাগে। গৰ্ভাৱস্থা ৩ মাহ পাৰ হৈ গ’লে তেওঁক ডি এণ্ড চি পদ্ধতিৰে গৰ্ভপাত কৰিব লাগে।

ৰক্তপাত

ভ্ৰুণৰ কিছু অংশ জৰায়ুত থাকি গ’লে, জৰায়ুত আঘাট পালে, জৰায়ুৰ ক্ষতি হ’লে বা জৰায়ুত ফুটা থাকিলে ৰক্তপাত হ’ব পাৰে। ৰক্তপাতৰ কাৰণ নিৰ্ণয় কৰি সেইমতে যথোপযুক্ত চিকিৎসা কৰিব লাগে। জৰায়ু পুণৰ পৰিষ্কাৰ কৰিব লগা হ’ব পাৰে। ৰক্তপাত বন্ধ কৰিবলৈ জৰায়ু সংকোচক ঔষধ দিয়া, শিৰাৰে তৰল দ্ৰব্য দিয়া আৰু অতি জটিল অৱস্থাত তেজ দিব লগাও হব পাৰে। লেপাৰ’স্কপী বা লেপাৰ’টপীও কৰিব লাগিব পাৰে। প্ৰতি স্বাস্থ্যকেন্দ্ৰত এনে ৰক্তপাত হোৱা মহিলাক প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰা বা আন চিকিৎসালয়লৈ প্ৰেৰণ কৰিব পৰা ব্যৱস্থা থাকিব লাগে।

সংক্ৰমণ

যথোপযুক্ত সুৰক্ষাৰে গৰ্ভপাত কৰালে সংক্ৰমণৰ সম্ভাৱনা প্ৰায় নাথাকেই। সংক্ৰমণৰ সাধাৰণ লক্ষণবোৰ হ’ল-জ্বৰৰ লগত কঁপনি, গৰ্ভাশয় বা যোনীৰ পৰা দূৰ্গন্ধযুক্ত স্ৰাৱ ওলোৱা, পেট বা কঁকালত বিষ, বহুদিন ধৰি একেলেঠাৰিয়ে হোৱা ৰক্তস্ৰাৱ, জৰায়ুৰ স্পৰ্শকাঁতৰতা আৰু তেজত স্বেতৰক্ত কণিকাৰ পৰিমাণ বাঢ়ি যোৱা। সংক্ৰমণ হোৱাৰ প্ৰমাণ বা সন্দেহ হ’লে স্বাস্থ্যকৰ্মীয়ে লগে লগে ৰোগীক বিজাণুনাশক দিব লাগে। গৰ্ভনিৰোধক হিচাবে ব্যৱহাৰ কৰা কোনো সামগ্ৰী গৰ্ভাশয়ত বহুদিন থকা আৰু তাৰ ফলতে সংক্ৰমণ হোৱা বুলি সন্দেহ হলে, স্বাস্থ্যকৰ্মীয়ে লগে লগে গৰ্ভাশয় পুনৰ পৰিষ্কাৰ কৰিব লাগে। বেছিকৈ সংক্ৰমণ হোৱা মহিলাক লগে লগে চিকিৎসাধীন কৰাব লাগে। আগতেই উল্লেখ কৰা হৈছে যে সম্ভাব্য সংক্ৰমণৰ ক্ষেত্ৰত বিজাণুনাশক দিলে গৰ্ভপাতৰ পিছৰ জটিলতা বহু পৰিমাণে কমি যায়। গতিকে যথোপযুক্তভাৱে বিজাণুনাশক ব্যৱহাৰৰ পৰামৰ্শ দিব লাগে।

জৰায়ুত ফুটা

সাধাৰণতে জৰায়ুত ফুটা থাকিলে সেইটো ধৰিব পৰা নাযায় আৰু কোনো চিকিৎসা নকৰাকৈ নিজে নিজে ভাল হৈ যায়। ৭০০ মহিলাৰ ওপৰত চলোৱা এটা সমীক্ষাত দেখা গৈছে ১৪ গৰাকীৰ ভিতৰত ১২ গৰাকী মহিলা (যিয়ে গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহৰ ভিতৰত গৰ্ভপাত কৰিবলৈ আহে)ৰ জৰায়ুত থকা বিন্ধা ইমানেই সৰু যে, লেপা’ৰক্সপি নকৰিলে এই কথা ধৰিব পৰা নাযায়। লেপ’ৰক্সপি হ’ল পৰীক্ষা কৰাৰ এটা পদ্ধতি। লেপা’ৰক্সপি কৰাৰ পাছত যদি ধৰা পৰে যে, অন্ত্ৰ, ৰক্তবাহী নলী বা আন অংগত ক্ষতি হৈছে বা ঘাঁ লাগিছে, তেতিয়া হ’লে লেপাৰ’টমি কৰি সেইবোৰৰ চিকিৎসা কৰা হয়।

চেতনানাশকৰ জটিলতা

গৰ্ভধাৰণৰ প্ৰথম তিনিমাহৰ ভিতৰত ভেকুৱাম এছপিৰেছন আৰু তাতোকৈ পলম হ’লে প্ৰসাৰণ আৰু শূণ্যকৰণ পদ্ধতিৰে গৰ্ভপাত কৰাৰ সময়ত স্থানীয় চেতনানাশক ব্যৱহাৰ কৰা ভাল। যদি সম্পূৰ্ণ চেতনানাশক ব্যৱহাৰ কৰিব লগা হয় তেন্তে, তাৰ পাৰ্শ্বক্ৰিয়া যেনে, শিৰামূৰি ধৰা আৰু হাওঁফাওঁ আৰু উশাহ-নিশাহত সমস্যাৰ সৃষ্টি হব পাৰে। এনে সমস্যাৰ যথোপযুক্ত ব্যৱস্থা ল’ব পৰাকৈ স্বাস্থ্যকৰ্মীসকল সুদক্ষ আৰু প্ৰশিক্ষিত হ’ব লাগে। মাদকদ্ৰব্যৰ ৰাগী নাশক সদায় হাততে পোৱাকৈ সাজু ৰাখিব লাগে।

দীৰ্ঘম্যাদী অৱস্থা

আবিষ্ট গৰ্ভপাত কৰোৱা মহিলাসকলৰ বেছি সংখ্যক মহিলাৰ সাধাৰণ আৰু প্ৰজননত স্বাস্থ্যত কোনো দীৰ্ঘম্যাদী প্ৰভাৱ নপৰে। ইয়াৰ ব্যতিক্ৰমী দুই এগৰাকী মহিলাৰহে কিছুমান সমস্যাই দেখা দিয়ে। গবেষণাত দেখা গৈছে যে, গৰ্ভধাৰণৰ প্ৰথম তিনিমাহৰ ভিতৰত সুৰক্ষিতভাৱে গৰ্ভপাত কৰোৱালে, পাছৰ গৰ্ভধাৰণত কোনো প্ৰভাৱ নপৰে। Sound epidemiological ৰ তথ্যত দেখা গৈছে যে গৰ্ভপাতৰ লগত স্তনকেঞ্চাৰ হোৱাৰ ভয়ৰ কোনো যোগসূত্ৰ নাই। গৰ্ভপাতৰ পাছত মহিলাই আগৰ দৰেই জীৱন-যাপন কৰিব পাৰে।

গৰ্ভপাতৰ পাছত লব লগা যত্নৰ নিৰ্দেশনা

গৰ্ভপাতৰ পাছত চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ সময়ত মহিলাগৰাকীক কিছুমান কথা পৰিষ্কাৰ আৰু সহজকে বুজাই দিয়াৰ লগতে লিখিতভাৱেও দিব লাগে। সেইবোৰ হ’ল-

  • কেনেকৈ নিজৰ যত্ন ল’ব৷
  • কি কি বিষয়ত সাৱধানতা অৱলম্বন কৰিব৷
  • কেনে ধৰণৰ জটিলতা হ’লে জৰুৰীভাৱে চিকিৎসকক দেখুৱাব লাগিব- জটিলতা লক্ষণবোৰ কি কি ?
  • নিজে কি তৎকালীন ব্যৱস্থা ল’ব লাগিব৷

গৰ্ভপাতৰ পাছত মহিলাগৰাকীয়ে প্ৰয়োজনত যাতে সহজে চিকিৎসকৰ লগত যোগাযোগ কৰিব পাৰে আৰু তেওঁ কিবা যদি জানিব লগা থাকে সেয়া যাতে নিঃসংকোচে সুবিধা পাৰে, তাৰ বাবে স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়ত এটা পৰিৱেশ থকা দৰকাৰ।

বৰ্তমানৰ অৱস্থা

অনুৰোধ আৰু আইনগতভাৱে গৰ্ভপাত কৰাব পৰা যায় যদিও বহুবোৰ গৰ্ভপাত সেৱা প্ৰদানকাৰী বা সম্ভাব্য প্ৰদানকাৰীয়ে গৰ্ভপাতৰ বিষয়টো নেতিবাচক দৃষ্টিৰে চায়। সেয়েহে পৰিকল্পনাকাৰীসকলে এই বিষয়টো আগত ৰাখি আগ্ৰহী আৰু যোগ্যজনে যাতে গৰ্ভপাত কৰিব পাৰে তাৰ বাবে পথ উলিয়াব লাগে।

ৰাষ্ট্ৰীয় নীতি আৰু মানদণ্ড স্থাপন

আইন সংগত গৰ্ভপাতৰ ক্ষেত্ৰত যাতে উন্নত সেৱা প্ৰদান কৰিব পাৰি তাৰ নীতি আৰু মানদণ্ড নিৰূপণ আৰু কাৰ্য্যকৰী কৰাটো অতি প্ৰয়োজনীয় কথা। গৰ্ভপাতৰ লগত জড়িত চৰকাৰী, বেচৰকাৰী, অৰ্ধ-চৰকাৰী অনুস্থান, সংস্থাবোৰত তলৰ বিষয়বোৰ সংযোজিত হ’ব লাগে-

  • গৰ্ভপাতৰ পদ্ধতি আৰু এই সেৱা ক’ত ক’ত উপলব্ধ হব সেই বিষয়ত তথ্য থকা।
  • প্ৰয়োজনীয় সকলো সাঁ-সৰঞ্জাম, ঔষধ পাতিৰ যোগান আৰু অন্যান্য সুবিধা থকা।
  • প্ৰয়োজনত আন চিকিৎসালয়লৈ পঠিওৱাৰ ব্যৱস্থা।
  • মহিলাগৰাকীৰ মতামতক গুৰুত্ব দিয়া, সিদ্ধান্ত লোৱা, স্বাধীনতা, গোপনীয়তা আৰু কিশোৰীসকলৰ প্ৰয়োজনীয় বিষয়ত গুৰুত্ব দিয়া

ধৰ্ষিতা মহিলাসকলৰ বাবে বিশেষ ব্যৱস্থা থকা।

গৰ্ভপাত সেৱাৰ ধৰণ আৰু ক'ত সেইবোৰ পোৱা যাব পাৰে

গৰ্ভাৱস্থাৰ আৰম্ভনীতে গৰ্ভপাত কৰিব বিচৰা যোগ্য মহিলাসকলৰ বাবে প্ৰাথমিক পৰ্য্যায়তে যথেষ্ট উন্নত সুবিধা প্ৰদান কৰিব পৰা যায়। এনে গৰ্ভপাত কৰোৱাব পৰাকৈ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কৰ্মীসকলক প্ৰশিক্ষণ দি সুদক্ষ কৰি তোলা, আৱশ্যকীয় সাঁ-সৰঞ্জামৰ যোগান, প্ৰয়োজনত আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা আদি ব্যৱস্থা নিশ্চিতভাৱে থাকিব লাগে।

সামাজিক স্তৰ

গাওঁ পৰ্য্যায়ৰ স্বাস্থ্যকৰ্মীসকলে গৰ্ভপাত ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লব লাগে। তেওঁলোকে অবাঞ্চিত মাতৃত্ব ৰোধ কৰা, গৰ্ভনিৰোধকৰ ব্যৱহাৰ আৰু অসুৰক্ষিত আৰু অপদ্ধতিগত ভাৱে কৰা গৰ্ভপাতৰ জটিলতাৰ বিষয়ে ৰাইজক সজাগ কৰিব লাগে। তেওঁলোকে মহিলাসকলক কেনেদৰে আইনী ব্যৱস্থাৰ মাজেৰে সুৰক্ষিত ভাৱে গৰ্ভপাত কৰাব পাৰি সেয়া জনোৱা উচিত। কোনোৱে অসুৰক্ষিত আৰু অপদ্ধতিগত ভাৱে গৰ্ভপাত কৰাৰ ফলত সৃষ্টি হোৱা জটিলতাৰ উপযুক্ত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিব লাগে।

প্ৰাথমিক স্তৰত সুবিধা

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰবোৰত সাধাৰণতে চিকিৎসাৰ সা-সুবিধা আৰু প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী থাকে। ভেকুৱাম এচপিৰেছন আৰু ডাক্তৰী পদ্ধতি এই দুয়োটাৰে গৰ্ভপাত কৰিব পৰা ব্যৱস্থা এই কেন্দ্ৰবোৰত কৰিব লাগে। কাৰণ, এনে গৰ্ভপাতত ৰোগী নিশা স্বাস্থ্যকেন্দ্ৰত থকাৰ প্ৰয়োজন নাই।

ৰাষ্ট্ৰীয় নীতি আৰু মানদণ্ড প্ৰতিষ্ঠা

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাৰ্চ, ধাই, স্বাস্থ্যকৰ্মী, সহায়ক আৰু ডাক্তৰো থাকিব লাগে। যিসকল স্বাস্থ্যকৰ্মী গৰ্ভৱস্থা পৰীক্ষাৰ বাবে হাতেৰে কৰা শ্ৰোণী পৰীক্ষা আৰু আইইউডি পদ্ধতিত দক্ষ- তেনে কৰ্মীক ভেকুৱাম এচপিৰেছন পদ্ধতিৰে গৰ্ভপাত কৰাৰ প্ৰশিক্ষণ দিব লাগে। যদি ডাক্তৰী পদ্ধতিৰে কোনো গৰ্ভপাত কৰিব লগা হয়, তেন্তে এইসকল কৰ্মীয়ে উক্ত পদ্ধতিতো সহায় কৰিব লাগে।

স্বাভাৱিক প্ৰসৱ আৰু স্বতঃফুত গৰ্ভপাতৰ ক্ষেত্ৰতো জৰুৰীকালীন ব্যৱস্থাবোৰ সাজু ৰাখিব লাগে। ৰোগীক প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসাৰ বাবে ডাঙৰ চিকিৎসালয়লৈ নিয়া, প্ৰয়োজনত স্বাস্থ্যকেন্দ্ৰৰ সময়ৰ বাহিৰেও জৰুৰীভাৱে দক্ষ স্বাস্থ্যকৰ্মী সাজু থকা আদি।

জিলা চিকিৎসালয়

জিলা পৰ্য্যায়ৰ চিকিৎসালয়ত গৰ্ভপাতৰ প্ৰাথমিক যত্ন লোৱাৰ সকলো ব্যৱস্থা থাকিব লাগে। যিবোৰ ব্যৱস্থা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত থাকে সেইবোৰ ইয়াতো থাকিব লাগে। গৰ্ভপাত কৰাওঁতে সাধাৰণতে বিশেষ ব্যৱস্থাবোৰৰ প্ৰয়োজন খুবেই কম হয়। সেইবাবে সকলো গৰ্ভপাততে এই ব্যৱস্থাবোৰ ব্যৱহাৰ কৰাটো অনুচিত। বিশেষকৈ যিবোৰ ব্যৱস্থা খুব কমকৈ পোৱা যায় যেনে, গৰ্ভৱস্থাৰ প্ৰাথমিক পৰ্য্যায়ৰ গৰ্ভপাতত আল্ট্ৰাচাউণ্ডৰ ব্যৱহাৰে খৰছ বঢ়ায়, কিন্তু এনে গৰ্ভপাতত এই ব্যৱস্থাৰ কোনো প্ৰয়োজন নাই। এনে গৰ্ভপাতৰ বাবে চেতনাহীন (সম্পূৰ্ণ) কৰাটোও অপ্ৰয়োজনীয়। ই কেতিয়াবা জটিলতাৰ সৃষ্টি কৰাৰ লগতে খৰছো বঢ়ায়। চিকিৎসালয়ত বৰ্হি বিভাগতে গৰ্ভপাতৰ ব্যৱস্থা কৰিব লাগে। এই ব্যৱস্থা মহিলাগৰাকীৰ বাবেও সুবিধাজনক আৰু খৰছপাতিও কম হয়।

দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ৰ চিকিৎসালয়

এই পৰ্য্যায়ৰ চিকিৎসালয়বোৰত সকলো পৰিস্থিতিৰ, সকলোধৰণৰ গৰ্ভপাত কৰিব পৰাৰ ব্যৱস্থা থাকিব লাগে। অৱশ্যে ই আইনী হব লাগিব। বিশেষকৈ স্বাস্থ্যশিক্ষা প্ৰতিষ্ঠানবোৰত এনে ব্যৱস্থা থাকিব লাগে, যাতে ভবিষ্যতৰ চিকিৎসকসকলে গৰ্ভপাতৰ সমষ্ট কথা ব্যৱহাৰিকভাৱে শিকিব

উৎস: আইএনডিজি দল।

2.92045454545
মোৰ নাম প্ৰিয়া বৰা দাস May 07, 2018 09:59 PM

মই নিয়মিত মাহেকীয়া হোৱা নাই।এইবাৰ মোৰ ৪দিন পিছুৱাই গৈছে।কি কৰিলে ভাল হব।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top