অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বেচ্ছাই ৰক্তদানৰ প্ৰয়োজনীয়তা

স্বেচ্ছাই ৰক্তদানৰ প্ৰয়োজনীয়তা

আধুনিক চিকিৎসা পদ্ধতিত ৰক্ত আৰু তাৰ উপাদান সংৰচনৰ বহুল প্ৰয়োজন। ৰক্ত সংৰচনে জীৱন ঘাতক ৰোগ। (যেনে-কৰ্কট থেলাচেমিয়া, হিমোফিলিয়া আদি) থকা ৰোগীক উৎকৃষ্ট জীৱন-যাপন কৰে। জটিল অস্ত্ৰোপচাৰ, দুৰ্ঘটনাত ৰক্তক্ষৰণ হোৱা, প্ৰসৱজনিত কাৰণত ৰক্তক্ষৰণ হোৱা আদিত ইয়াৰ বহুল প্ৰয়োজন। ৰক্ত আৰু তাৰ উপাদান সংৰচনে প্ৰতি বছৰে সমগ্ৰ বিশ্বতে বহু নিযুত ব্যক্তিৰ জীৱন ৰক্ষা কৰি আহিছে।

সমগ্ৰ বিশ্বতে মানুহৰ জীৱন বচোৱাৰ বাবে বছৰি প্ৰায় ৯২ নিযুত ইউনিট ৰক্তদান হয়। ইয়াৰে মাত্ৰ ৩২ শতাংশহে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰবোৰত সংগ্ৰহ হয়, যদিও বিশ্বৰ প্ৰায় ৮২ শতাংশ জনবসতি এই দেশবোৰত। বৰ্তমানেও ভাৰতবৰ্ষত সুৰক্ষিত ৰক্তৰ অভাৱ আৰু ইয়াৰ চাহিদা বহু বেছি বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্ৰ দক্ষিণ পূব এছিয়াৰ দেশবোৰত বছৰি প্ৰায় ১৬ নিযুত ইউনিট ৰক্তৰ প্ৰয়োজন; কিন্তু বৰ্তমান মাত্ৰ ৯.৪ নিযুত ইউনিট ৰক্তহে সংগ্ৰহ হয়। ঠিক তেনেদৰে যদিও ভাৰতবৰ্ষত বছৰি প্ৰায় ৯ নিযুত ইউনিট ৰক্তৰ প্ৰয়োজন;ৰ্তথাপি মাত্ৰ ৭ নিযুত ইউনিট ৰক্তহে সংগ্ৰহ হয়।

সুৰক্ষিত আৰু প্ৰয়োজনীয় ৰক্তৰ অভাৱত আজিও ভাৰতবৰ্ষত বহুতো দুৰ্ঘটনাত ৰক্তক্ষৰণ হোৱা ব্যক্তি আৰু প্ৰসৱজনিত কাৰণত ৰক্তক্ষৰণ হোৱা মাতৃৰ মৃত্যু হয়। মানৱ ৰক্ত অমূল্য। কোনো কাৰাখানাতে ইয়াক তৈয়াৰ কৰিব নোৱাৰি। মাত্ৰ মানৱ শৰীৰতহে মানৱ ৰক্ত তৈয়াৰ হয়। কাৰোবাক ৰক্তৰ প্ৰয়োজন হ’লে মাঁথো অন্য এজন ব্যক্তিৰ পৰাহে পাব পাৰি। চিকিৎসাসেৱা গ্ৰহণ কৰা প্ৰতিজন ৰোগীয়ে প্ৰয়োজনত সুৰক্ষিত ৰক্ত পোৱাটো অধিকাৰ। সাধাৰণতে দেখা যায় যে, যেতিয়াই কোনোবা এজন ব্যক্তিক ৰক্তৰ প্ৰয়োজন হয়, তেতিয়া তেওঁৰ আত্মীয় বা বন্ধুৰে ৰক্ত দিব লগা হয়। কিন্তু কিছুমান এনে ৰোগ ৰোগ আছে, য’ত প্ৰায়ে ৰক্তৰ প্ৰয়োজন হয়। এনে ৰোগীয়ে সদায় ৰক্তদাতা ক’ৰ পৰা যোগাৰ কৰিব? তেতিয়াই পেছাদাৰী ৰক্তদাতাৰ আৱিৰ্ভাব হয়। আমি আটায়ে জানো যে পেছাদাৰী ৰক্তদাতাৰ ৰক্তৰ পৰা এইছআইভি কে ধৰি আন বহুতো ৰোগ বিয়পাব আংশকা অধিক। সেয়েহে ১৯৯৮ চনত উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষত পেছাদাৰী ৰক্তদাতা বন্ধ কৰি দিছে। যদিহে সুৰক্ষিত ৰক্তৰে আমাৰ ৰক্তভাণ্ডাৰবোৰ ভৰি নাথাকে, ইয়াৰ বাবে ৰক্তদানৰ-নিশ্চয়কৈ সুৰক্ষিত ৰক্তদানৰ বিকল্প নাই।

সুৰক্ষিত ৰক্তৰ যথোপযুক্ত যোগান মাত্ৰ নিয়মিত স্বেচ্ছাই ৰক্তদানৰ দ্বাৰাহে সম্ভৱ। বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ভিতৰত বিশ্বৰ সকলো ৰাষ্ট্ৰকে এশ শতাংশ স্বেচ্ছা ৰক্তদান নিশ্চিত কৰিবলৈ অনুৰোধ কৰিছে। আজিৰ তাৰিখত বিশ্বৰ মাত্ৰ ৬২ খন দেশেহে এশ শতাংশ স্বেচ্ছা ৰক্তদানৰ ব্যৱস্থা কৰিব পাৰিছে। ভাৰতৰ দৰে ৪০ খন দেশ আজিও পৰিয়ালৰ ৰক্তদাতা। অথবা পেছাদাৰী ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল। ভাৰতবৰ্ষত স্বেচ্ছা ৰক্তদানৰ পৰিমাণ প্ৰায় ৭৫ শতাংশ। অসমত মাত্ৰ ৪০ শতাংশ। এশ শতাংশ স্বেচ্ছা ৰক্তদানৰ আজিও আমি বহু নিলগত। কিন্তু ই যাদু সংখ্যা নহয়। আমাৰ ৰাজ্যখনৰ ৰক্তদান কৰিব পৰা উপযুক্ত জনসংখ্যাৰ এক শতাংশয়ো যদি বছৰত এবাৰকৈ স্বেচ্ছাই ৰক্তদান কৰে, আমি আমাৰ প্ৰয়োজনীয় সুৰক্ষিত ৰক্ত পাব পাৰো।

যদি কোনো ব্যক্তিয়ে সঁচাকৈয়ে নিজকে, মানুহক আৰু মানৱতাক ভাল পায়, তেন্তে তেওঁ স্বেচ্ছাই ৰক্তদান কৰা উচিত। এনে দাতাই কোনো লাভৰ আশা নকৰি ৰক্তদান কৰে। ই মানৱ প্ৰেমৰ চৰম নিদৰ্শন আৰু এনেদৰে ৰক্তদান কৰি ব্যক্তিগতভাৱে সুখ, আনন্দ অনুভৱ কৰাৰ উপৰি সমাজত স্বীকৃতি লাভ কৰিব পাৰে। প্ৰতি বছৰৰ দৰে এই বছৰৰ এক অক্টোৱৰ তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষতে ‘ৰাষ্ট্ৰীয় স্বেচ্ছা ৰক্তদান দিৱস’ হিচাপে পালন কৰা হ’ব। এই পৰিপ্ৰেক্ষিতত অনুৰোধ উপযুক্ত ব্যক্তি আগুৱাই আহি ৰক্তদান কৰক। আমাৰ ৰাজ্যখনত এশ শতাংশ স্বেচ্ছা ৰক্তদানৰ ব্যৱস্থা কৰি ৰক্তভাণ্ডাৰসমূহ ভৰাই ৰাখিব, যাতে কোনো ব্যক্তিয়ে ৰক্তৰ অভাৱত মৃত্যুবৰণ কৰিব লগা নহয়।

লিখক:  ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।

 

শেহতীয়া উন্নীতকৰণ: : 7/18/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate