অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এন্টিবায়’টিক আৰু শিশু

এন্টিবায়’টিক আৰু শিশু

ওপজা দিনৰ পৰা দুই বছৰ বয়স হোৱালৈ যিসকল শিশুৱে চাৰিবাৰ বা ততোধিক এন্টিবায়’টিক সেৱন কৰিবলগীয়া হয় তেনে শিশু আগলৈ গৈ স্থুলকায়ৰ সমস্যাত ভোগাৰ আশংকা যথেষ্টখিনি বৃদ্ধি পায়। আমেৰিকাস্থিত পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ডা: চাৰ্লছ বেলীৰ নেতৃত্বত গৱেষকৰ এটি দলে কৰা শেহতীয়া এক অধ্যয়নত এই সন্দৰ্ভত প্ৰাৰম্ভিক সংকেত লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এই সংক্ৰান্তত আৰু অধিক অধ্যয়নৰ প্ৰয়োজন হ’ব বুলিও লগতে গৱেষকৰ দলটোৱে প্ৰকাশ কৰিছে। পেনছিলভেনিয়া বিশ্ববিদ্যালয় আৰু ব্লুমবাৰ্গ স্কুল অব্‌ পাব্লিক হেলথ্‌ৰ গৱেষকৰ এটি দলে যুটীয়াভাৱে ডা: চাৰ্লছ বেলীৰ নেতৃত্বত ২০০১ ৰ পৰা ২০১৩ ৰ সময়ছোৱাত আমেৰিকাৰ ৬৪,৫০০ টি শিশুৰ ওপৰত অধ্যয়ন চলাইছিল। অধ্যয়নত অন্তৰ্ভূক্ত শিশুসকলৰ পাঁচ বছৰ বয়স হোৱালৈ গৱেষকসকলে তেওঁলোকৰ ওপৰত নজৰ ৰাখে। অধ্যয়নত সামৰি লোৱা প্ৰায় ৭০ শতাংশ শিশুৱে দুই বছৰ বয়সলৈ মাঁথো দুটাহে এন্টিবায়’টিকৰ ক’ৰ্ছ লৈছিল। পৰৱৰ্তী দিনত এইখিনি শিশুৰ স্বাস্থ্যৰ বিশেষ পৰিৱৰ্তন দৃষ্টিগোচৰ হোৱা নাছিল। কিন্তু অৱশিষ্টাংশ শিশুৱে দুই বছৰ হোৱালৈ চাৰিবাৰ বা ততোধিক এন্টিবায়’টিক গ্ৰহণ কৰিছিল। আৰু এইখিনি শিশু শকত হোৱাৰ প্ৰৱণতা ১০ শতাংশ পৰ্য্যন্ত বৃদ্ধি পাইছিল। মুখ্য গৱেষক ডা: বেলীৰ মতে এন্টিবায়’টিকৰ প্ৰকাৰ ভেদে ইয়াৰ প্ৰভাৱো বেলেগ  বেলেগ হয়। যিমান দ্ৰুতভাৱে এন্টিবায়’টিকে বেক্টেৰিয়া নিধন অভিযান চলায়, সিমান বেগেৰে শিশুৰ শকত হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। গৱেষকগণৰ মতে এন্টিবায়’টিকে কিছু এনে বেক্টেৰিয়াও ধ্বংস কৰে যিয়ে আমাৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। সেয়ে বেছিকৈ এন্টিবায়’টিক গ্ৰহণ কৰা শিশু স্থূলকায়ৰ সমস্যাত ভোগে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate