অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম ওজনৰ নৱজাতকৰ হৃদৰোগ হ’ব পাৰে

কম ওজনৰ নৱজাতকৰ হৃদৰোগ হ’ব পাৰে

 

এটা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, যিবিলাক কেচুৱাৰ জন্মৰ সময়ত ওজন একেবাৰে কম, তেওঁলোক ডাঙৰ হ’লে হৃদৰোগৰ চিকাৰ হ’ব পাৰে। হৃদৰোগৰ আশংকাৰ উপৰি এওঁলোকে কথা কোৱাৰ ক্ষমতা, মনোযোগ কেন্দ্ৰিত কৰাৰ ক্ষমতা আৰু সমবয়সীয়াৰ লগত মিলামিছাৰ দক্ষতা দুৰ্বল হ’ব পাৰে।

ছুইডেনত থকা ওমিয়া বিশ্ববিদ্যালয়ত চলোৱা এটা গৱেষনাত এই কথা প্ৰকাশ পাইছে যে আঢ়ৈ কিলোগ্ৰামতকৈ কম ওজনৰ নৱজাতক শিশুৰ মাজত মাজে-সময়ে সংজ্ঞালুপ্তিৰ বিসংগতিয়েও দেখা দিব পাৰেগ। এইবিলাকৰ উপৰি তেওঁলোকৰ ডায়েবেটিচ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগো হ’ব পাৰে। এই গৱেষনাটোৰ মুৰব্বী বিজ্ঞানী জোচেফাইন ষ্টাৰ্ণবাৰ্গে প্ৰকাশ কৰিছে যে কম ওজনৰ নৱজাতকৰ ওপৰত চলোৱা এই অধ্যয়ন কালত তেওঁলোকক আয়ৰণ ছাপ্লিমেন্ট দিয়া হৈছিল। তেওঁলোকে স্কুললৈ যোৱাৰ বয়সত নিম্নৰক্তচাপত ভোগাৰো প্ৰমাণ পোৱা গ’ল। গৱেষকসকলে ২৮৫ টি জন্মতে কম ওজনৰ শিশুৰ ওপৰত চলোৱা এই অধ্যয়নৰ পিছত এইবিলাক বিকাৰ সৃষ্টি হোৱাৰ প্ৰমাণ পোৱা গ’ল। জন্মৰ সময়ত এইসকল শিশুৰ ওজন ২ কিলোৰ পৰা ২.৫ কিলোৰ ভিতৰত আছিল।

বিশেষজ্ঞ বিজ্ঞানীসকলে স্বাভাৱিক ওজনৰ অন্য ১০০ টি শিশুৰ ওপৰতুইও অধ্যয়ন চলাইছিল। এই শিশুসকলৰ ওজন, দৈৰ্ঘ, শাৰীৰিক গঠন, ৰক্তচাপ, ৰক্তশৰ্কৰা আৰু ইনচুলিন আদিৰো তথ্য সংগ্ৰহ কৰিছিল। ই শিশুসকলৰ বয়স বৃদ্ধিৰ লগে লগে বৃদ্ধি পোৱা আই কিউ আৰু কম ওজনৰ শিশুসকলৰ আই কিউ তুলনামূলক অধ্যয়ন কৰি কম ওজনৰ শিশুসকলৰ ক্ষেত্ৰত কিছু ব্যক্তিক্ৰম থকাটো প্ৰমাণ পোৱা গৈছিল।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate