অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিয় কমে শিশুৰ সৃজনশীলতা :

কিয় কমে শিশুৰ সৃজনশীলতা :

 

দিনটোত ১৫ মিনিটতকৈ বেছি সময় টিভি চালে শিশুৰ সৃজনশীলতা কমি যায়। সম্প্ৰতি ব্ৰিটেইনৰ ষ্টাৰ্ফডচায়াৰ বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।

৩ বছৰ বয়সৰ ৬০ টা শিশুৰ মাজত গৱেষণা চলাই গৱেষকসকলে দেখিছে যে, দিনটোত ১৫ মিনিটতকৈ বেছি সময় টি ভি চালে শিশুৰ সৃজনশীলতা কমি যায়। বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক চাৰা ৰোজে কৈছে যে, শিশুৰ সৃজনশীলতাৰ টিভিৰ প্ৰত্যক্ষ প্ৰভাৱক লৈ গৱেষণা কৰিবলৈ গৈ এদল শিশুক ‘পষ্টমেন পেট’ নামৰ এখন ধাৰাবাহিকৰ আধাঘণ্টাৰ এটি পৰ্ব দৈনিক দেখুওৱা হৈছিল। আনহাতেদি, আন এটি দলক কিতাপ পঢ়া বা পাজল সমাধান কৰিবলৈ দিয়া হৈছিল। তাৰপাচত দুয়োটি দলৰে সৃজনশীলতা পৰীক্ষা কৰা হৈছিল। তাত দেখা পোৱা গৈছিল যে, টিভি চোৱাৰ বাবে নিজৰ চিন্তাত যতি পৰিছে শিশুহঁতৰ । কেৱল এদিন বা দুদিন টিভি চালে তেনে বিশেষ সমস্যা দেখা নাযায়। কিন্তু একেৰাহে এই কাৰ্যকে কৰি থাকিলে শিশু খেলা-ধূলা বা কাম-কাজত কম সক্ৰিয় আৰু কম সৃজনীশীল হৈ পৰে। যিয়ে তেওঁলোকৰ মানসিক আৰু শাৰীৰিক বৃদ্ধিতো নেতিবাচক প্ৰভাৱ পেলায়।

উৎস: সাদিন

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate