অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্লিপ্ট’মেনিয়াৰ বিপদ :

ক্লিপ্ট’মেনিয়াৰ বিপদ :

 

ধৰি লওক শিশুটিৰ বয়স আঠ বছৰ। সি ঘৰৰ পৰা পইচা চুৰি কৰিবলৈ লৈছে। তাক সুধিলে সি জোৰ দি নাই নিয়া বুলি কয়। কিন্তু আপুনি ধৰিব পাৰিছে পইচা সিয়েই নিছে। তাৰ দ্বাৰা এনে ঘটনা বাৰম্বাৰ ঘটিছে। আপোনাৰ শিশুটিয়ে প্ৰায় সদায় স্কুলৰ পৰা বেলেগ বেলেগ পেঞ্চিল, ইৰেজাৰ আদি তাৰ বেগত সুমুৱাই ঘৰলৈ অনা আপোনাৰ চকুত পৰে। আপুনি তাক সোধেনে- পেঞ্চিল-ইৰেজাৰ আদি কৰে কাৰ, সি সুধি বা খুজি আনিছেনে, কিয় আনিছে, তাৰতো সেইবোৰ বস্তু আছেই ইত্যাদি প্ৰশ্ন। শিশুটিক লগত লৈ আপুনি কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ গৈছে। সি বা তাই কাৰোবাৰ ঘৰৰ পৰা কিবা বস্তু মনে মনে উঠাই লৈ আনে নেকি? তেতিয়া নিশ্চয় তাক প্ৰশ্ন কৰে সেইটো কি বস্তু ক’ত পালে। সি যিটো উত্তৰ দিলে সেই উত্তৰটো আপুনি কিমান বিশ্বাসযোগ্য বুলি ভাবে?

দেখাত এইবোৰ সাধাৰণ কথা হয়তো। বহুতে ঘৰতে ল’ৰা-ছোৱালীয়ে কৰা এইবোৰ সৰু-সুৰা দুষ্টামি বুলি ধৰি লয়। কিন্তু সৰু বুলি ভবা এনেবোৰ ঘটনাই গোটেই জীৱনত কেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰেগ, সেয়া হয়তো বহুতে প্ৰথমতে উপলব্ধি কৰিব নোৱাৰে। যেতিয়া উপলব্ধি কৰে তেতিয়া বহুত দেৰিয়েই হৈ যায় কিজানি। যদিহে সকলোৱে জানে ‘ক্লিপ’ মেনিয়া নামৰ ৰোগ এবিধৰ বিষয়ে। যি বিধ ৰোগৰ লক্ষণেই হৈছে আনৰ বস্তু মনে মনে হস্তগত কৰা। লাগিলে সি বা তেওঁ ৰজা-মহাৰজাৰ ঘৰৰ সন্তান বা আলাসৰ লাডুৱে হওক। যিয়ে খুজিলে আকাশৰ তৰাটোও সকলোৱে দিবলৈ যত্ন কৰে। তথাপি তেওঁ আনৰ সাধাৰণ বস্তু এটাতো চকুত পৰিলে ঠিৰেৰে থাকিব নোৱাৰে। যেনেতেনে হাতৰ কিটিপতে বা পকেটস্থ কৰিব পাৰিলেহে শান্তি পায়। এয়া ৰোগ নহয় কি? গতিকে শিশু অৱস্থাৰে পৰা সিহঁতৰ এনেধৰণৰ কাণ্ড-কাৰখানাবোৰ মন কৰিবলগীয়া। কাৰণ কোনে জানে, কোনেও গম নোপোৱাকৈ কণমানি বুলি ভাবি থকা সেই শিশুটিয়েই আজি ইটো, কালি সিটোকৈ লোকৰ সৰু-সুৰা বস্তু নিজৰ বেগত বা পকেটত ভৰাই হৈ পৰিব পাৰে ‘পেথালজিকেল ষ্টিলিং’ অৰ্থাৎ ‘ক্লিপ্ট’মেনিয়া’ নামৰ ৰোগবিধৰ চিকাৰ। এনে ৰোগৰ দ্বাৰা আক্ৰান্তসকলক ক্ষমাৰ চকুৰে চোৱা হয় বহু সময়ত তেনে ৰোগাক্ৰান্তৰ পৰিয়ালৰ লোকে পাছত বস্তুবোৰ ঘূৰাই দিয়ে। ৰ’ব, এনে ধৰণৰ কথা চিন্তা কৰি ভয় খোৱাৰ কাৰণ নাই। আমি আমাৰ সন্তানসকলৰ কাৰ্য প্ৰথমতে মন কৰিব লাগিব। সৰুৰে পৰা নিয়মানুৱৰ্তিতা, অপৰাধবোধৰ অনুভূতি জাগ্ৰত কৰিব পৰাটোত গুৰুত্ব দিব লাগে। পিছে ল’ৰা-ছোৱালীক মাৰি-পাটি, গালি পাৰি ঠিক কৰিবলৈ যোৱাটো ভুল চিন্তা। শিশু মৰম আকলুৱা। মৰমেৰে সিহঁতক বশ কৰিব নোৱাৰাৰ কাৰণ নাই। সেইবুলি ছল পাবলৈকো দিব নালাগে। ভাৰসাম্যতাৰ ছাবিকাঠী পিতৃ-মাতৃৰ হাততে।

ঘৰৰ পৰা পইচা কৰিলে সাৱধান হ’ব। সেইদৰে সাৱধান হ’ব লাগে আনৰ বস্তু মনে মনে লৈ আনিলে। বুজোৱাৰ পাছতো এনে ধৰণৰ ঘটনা। যদি বাৰে বাৰে কৰিছে, তেনেহ’লে কথাটো গুৰুত্ব দিবলগীয়া। এইটো ঠিক যে মনে মনে আনৰ বস্তু লৈ অনা, ঘৰৰ পইচা চুৰ কৰা মানেই কোনো শিশু ক্লিপ্ট’মেনিয়া ৰোগীৰূপে চিনাক্ত কৰা নাযায়। এনে ধৰণৰ আচৰণ সৰুতে থাকিলেও কিছু ডাঙৰ হ’লে আঁতৰি যায়। কিন্তু চিন্তা কৰিব লগা হ’ব পাৰে তেতিয়া-যেতিয়া ডাঙৰ হ’লেও এনে আচৰণ থাকি যায়। ক্লিপ্ট’মেনিয়া বা যিয়েই নহওক আনৰ বস্তুৰ প্ৰতি এৰাব নোৱাৰা মোহ থকাটো বেয়া, লৈ অনা বেয়া, ঘৰৰ পইচা চুৰ কৰা বেয়া সেইবুলি ভাবিয়েই শিশু অৱস্থাতে সুশিক্ষা আৰু প্ৰশিক্ষণ দিব লাগে।

এতিয়া চাওঁ আহক- আনৰ বস্তুৰ প্ৰতিনো ল’ৰা-ছোৱালী কিয় ইমান আসক্ত হয় যিটো সি বা তাই মনে মনে লৈ ননাকৈ থাকিব নোৱাৰে।

*অপৰিণত মানসিকতাৰ বাবে শিশুৱে সংযম ৰক্ষা কৰিব নোৱাৰে।

*নিজৰ নথকা বাবে।

*নিজৰ ভিতৰত থকা খং বা ক্ষোভৰ বাবেও এনে কাৰ্য কৰে। আমাৰ বা মোৰ এইটো নাই। মোক লাগে ভাবৰ বশৱৰ্তী হৈ কৰে। ভাল ভাবে নোৱাৰিলে ভুল পথেৰেই সেইটো হস্তগত কৰে।

*অভাৱ, তাড়না, প্ৰয়োজন নাথাকিলেও সম্পূৰ্ণ মানসিক কাৰণেও চুৰিৰ প্ৰ্ৱণতা দেখা যায়। সেয়েহে দৰিদ্ৰ লোকেই কেৱল চুৰি নকৰে। অপৰ্যাপ্ত থকাসকলৰ শিশুটিয়েও কাৰ ঘৰৰ কি বস্তু তুলি লৈ আনিব পাৰে ঠিকনা নাই। হ’ব পৰা বিপদ এটাৰ পৰা হাত সাৰিবলৈ সাৱধানতা ল’বই লাগিব। প্ৰথমতে স্কুলৰ পৰা অহাৰ পাছত বেগত আনৰ পেঞ্চিল, ইৰেজাৰ ইত্যাদি দেখিলে প্ৰশ্ন কৰিব, ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব। যদি নোসোধাকৈ মনে মনে লৈ আনিছে, সেইটো যে বেয়া কথা মৰমেৰে বাৰম্বাৰ বুজাব। যদি ঘৰত পইচা চুৰ কৰে তেনে ঘৰৰ পইচা লুকুৱাই নথৈ কিছু খুচুৰা পইচা সি পোৱাতে থ’ব। ক’ব পইচা লাগিলে খুজিবলৈ। বেছি হকা-বধা নকৰি সামান্য পইচা দিবলৈকে চেষ্টা কৰিব। শিশুটিৰ তেনেকৈয়ে পইচাৰ প্ৰতি লোভ বা মোহ কমিব। অপ্ৰাপ্তিয়ে তাড়না বঢ়ায়। টিভিত দেখা কাৰ্টুন ছবি বা চিনেমাৰ চুৰি কৰা দৃশ্যই শিশুৰ মন প্ৰভাৱিত কৰে। কিন্তু শিশুক বুজাব লাগে, সেয়া বাস্তৱ নহয়, কল্প কাহিনীহে। তাৰ পৰিণামো উপলব্ধি কৰিবলৈ দিব লাগে। আজিকালি দোকানত দেখা বিভিন্ন সামগ্ৰী, টিভি বিজ্ঞাপন আদিয়ে ল’ৰা-ছোৱালীৰ মনোযোগ বৰকৈ আকৰ্ষণ কৰে। সময় আগ বঢ়াৰ লগে লগে পিতৃ-মাতৃৰ সচেতনতাও বৃদ্ধি পোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আনৰ বস্তু হস্তগত কৰাটো সমস্যা হৈ দেখা দিলে মনোবিশেষজ্ঞৰ পৰামৰ্শ লোৱা নিতান্তই দৰকাৰ হ’ব। ইচ্ছাক সংযত কৰিবলৈ শিকোৱাটোৱেই জীৱনৰ শিক্ষা। শিশু অৱস্থাতে যদি এই শিক্ষা শিশুৰ হৃদয়ত প্ৰোথিত কৰি দিয়া হয় তেনে এটা শৃংখলাবদ্ধ জীৱন নিশ্চয় আশা কৰিব পাৰি। এই দায়িত্ব পিতৃ-মাতৃৰ পৰা মনোবিশেষজ্ঞলৈকে।

লেখিকা: নিৰুপমা বৰা(অসম বাণী)

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate