অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমৰ দিনত শিশুৰ যতন :

গৰমৰ দিনত শিশুৰ যতন :

 

গৰমৰ দিন আৰম্ব হোৱাৰ লগে লগে নানা বেমাৰ আৰম্ভ হোৱা দেখা যায়। বিশেষকৈ শিশুসকলে এই গৰম দিনকেইটাত সৰ্বাধিকভাৱে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা যায়। পেটৰ অসুখেই হওক অথবা স্কিন এলাৰ্জি, কাহ-চৰ্দিত ভোগা দেখা যায়। গৰমৰ দিনত শিশুসকলৰ বেমাৰ আৰু ল’বলগীয়া যতনৰ সম্পৰ্কে শিশু বিশেষজ্ঞ ডা° হীৰুমণি শইকীয়াই আগবঢ়োৱা কিছু পৰামৰ্শ লেখাটোত সন্নিৱিষ্ট কৰা হ’ল।

এপ্ৰিল মাহ হোৱাৰ লগে লগে গৰমৰ দিনৰ আৰম্ভণি হয়। বতৰৰ তাৰতম্যৰ বাবে কাৰণবশত: মানুহৰ দেহৰ ভাৰসাম্যতা নোহোৱাৰ নিচিনা হয়। উদাহৰণস্বৰুপে দিনত যদি এই দিনকেইটাত খুব গৰম হয়, ৰাতি হ’লে অলপ ঠাণ্ডাও পৰে। এইসময়ত ৰাতি খুব বেছিকৈ ফেন চলালে অথবা ঠাণ্ডা পৰিৱেশত শুলে বেমাৰ হ’ব পাৰে। সেয়েহে শৰীৰৰ উষ্ণতা স্বাভাৱিকভাৱে ৰাখিবলৈ কাপোৰ ব্যৱহাৰ কৰিব লাগে। পানী খুব বেছিকৈ সেৱন কৰিব লাগে। আনঅহতে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ শিশুৰ হ’ব পৰা ৰোগসমূহৰ ভিতৰত জ্বৰ, কিডনীৰ অসুখ, টাইফয়ড, জণ্ডিচ, মেলেৰিয়া আদি অন্যতম। সেয়েহে পৰাপক্ষত হোটেলৰ ফাষ্টফুড, কোনো ৰেডিমেড খাদ্য খাব নালাগে। বতৰৰ ফলমূল খাব লাগে। পেকেটৰ জুচতকৈ সতেজ ফলমূলৰ ৰস অতিকৈ উপকাৰী। বিশেষকৈ বজাৰৰ পৰা অনা ফলমূলবোৰ কমেও আধাঘণ্টা কুহুমীয়া পানীত ডুবাই ৰাখি বা ধুইহে শিশুক খাবলৈ দিব লাগে। এনে কৰিলে ফলমূলত দিয়া ৰাসায়নিক পদাৰ্থবোৰ নাথাকিব আৰু খোৱাৰ উপযোগী হ’ব। নতুনকৈ যিবোৰ ফলমূল বজাৰত ওলাইছে, বিশেষকৈ আঙুৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। মোৰ ওচৰত চিকিৎসা গ্ৰহণ কৰা অধিকাংশ শিশুৰোগী পেটৰ অসুখত আক্ৰান্ত হোৱাৰ মূল কাৰণটোৱেই হৈছে আঙুৰ খোৱা। এই মন্তব্য শিশু বিশেষজ্ঞ ডা হীৰুমণি শইকীয়াৰ।

এটা নিয়মিত ৰুটিনৰ মাধ্যমেৰে শিশুসকলক আগবঢ়াই নিলে এনে সমস্যাৰ পৰা নিশ্চয়কৈ সমাধান পাব পাৰি। শিশুসকলৰ ভৱিষ্যতে অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে শিশুৰ যতন আৰু সুৰক্ষাৰ দায়িত্ব আপোনাৰ।

লেখিকা: সংগীতা শইকীয়া (নন্দিনী)

 

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate