অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাত্ৰ-ছাত্ৰীৰ স্মৃতি শক্তিবৰ্ধক ব্যায়াম :

ছাত্ৰ-ছাত্ৰীৰ স্মৃতি শক্তিবৰ্ধক ব্যায়াম :

 

ছাত্ৰ-ছাত্ৰীৰ বাবে স্মৃতি অটুট ৰখাটো অতি প্ৰয়োজনীয় বিষয়। কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও বিষয়টোৰ প্ৰতি অধিক গুৰুত্ব দিয়া দেখা নাযায়। স্মৃতিশক্তি দুৰ্বল হ’লে ছাত্ৰ-ছাত্ৰীয়ে পঢ়া পাঠ আদি ভালদৰে মনত ৰাখিব নোৱাৰে বা শ্ৰেণীত শিক্ষকৰ পাঠদানৰ প্ৰতি মনোযোগ দিব নোৱাৰে। ফলত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰচণ্ড প্ৰতিযোগিতাৰ দিনত প্ৰায় বিফল হোৱা দেখা যায়। যিসকল অভিভাৱকে তেওঁলোকৰ সন্তানৰ স্মৃতিশক্তি অটুট ৰখাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ে আৰু মস্তিষ্কৰ সক্ষমতা ধৰি ৰাখিবৰ বাবে যত্নৰ ক্ৰুটি নকৰে, তেনে ছাত্ৰ-ছাত্ৰীয়েহে সফলতা জখলাত বগাব পাৰে। এই প্ৰবন্ধটিত স্মৃতিশক্তি বৰ্ধনৰ বাবে দুটিমান যৌগিক পৰামৰ্শ আগবঢ়োৱা হৈছে। আশা কৰো এই সৰল যৌগিক পদ্ধতি অৱলম্বন কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ স্মৃতিশক্তিৰ প্ৰখৰতা বৃদ্ধি কৰিব পাৰিব।

পদ্ধতি -

*প্ৰথমে মেৰুদণ্ড পোন কৰি সমস্থিতিত থিয় হওক। ভৰি দুখনৰ মাজত ১-২ ফুটমান ফাক ৰাখক(কান্ধত সমান জোখত)।

*এতিয়া বাওঁহাতৰ বুঢ়া আৰু তৰ্জনী আঙুলিৰে সোঁকাণৰ লটিত চেপি ধৰক। একেদৰে সোঁহাতেৰে বাওঁকাণৰ লটিত চেপি ধৰক। মাজে মাজে লটিটো জোৰকৈ চেপি দি পুনৰ এৰি দিব।

*উশাহ-নিশাহৰ পদ্ধতি-১: দীঘলকৈ নিশ্বাস এৰি শূন্যতে চকীত বহাৰ দৰে তললৈ নামি যাওক। এই অৱস্থানত কলাফুল, আঁঠু আৰু উৰু পৰস্পৰ লম্বভাৱে ৰাখিব। এইদৰে পাঁচ চেকেণ্ডমান সময় থকাৰ পিছত দীঘলীয়া উশাহ লৈ শৰীৰ পোন কৰি বহাৰ পৰা উঠি আহি আগৰ দৰে থিয় হওক।

*উশাহ-নিশাহৰ পদ্ধতি-২: (পদ্ধতিটো প্ৰথমৰ বিপৰীত) দীঘলকৈ উশাহ লৈ চকীত বহাৰ দৰে তললৈ নামি যাওক। এই অৱস্থানত কলাফুল, আঁঠু আৰু উৰু পৰস্পৰ লম্বভাৱে ৰাখিব। এইদৰে পাঁচ ছেকেণ্ডমান সময় থকাৰ পিছত দীঘলীয়া নিশ্বাস এৰি শৰীৰ পোন কৰি বহাৰ পৰা উঠি আগৰ দৰে থিয় হওক।

*মাত্ৰা:

প্ৰক্ৰিয়াটো প্ৰথম অৱস্থাত লাহে লাহে অভ্যাস কৰিব। আৰম্ভণীত ৫ বাৰ, তাৰ পিছত বঢ়াই গৈ থাকিব ত্ৰিছ বাৰলৈ। প্ৰতিদিনে ন্যূনতম দহবাৰ কৰিব।

বিঃদ্ৰঃ:

উশাহ-নিশাহৰ পদ্ধতি এবাৰ বা দুবাৰ, যিকোনো এটা পদ্ধতি অভ্যাস কৰিলেই হ’ব। নাইবা নিজৰ সুবিধা অনুযায়ী দুয়োটাই কৰিব পাৰে।

সময়:

পুৱা(খালী পেটত) ৫ৰ পৰা ৩০ বাৰ অভ্যাস কৰিব আৰু আবেলি বা সন্ধিয়া(আহাৰ খোৱাৰ চাৰি ঘন্টা পিছত) ৫ৰ পৰা ১৫ বাৰ কৰিব।

উপকাৰিতা -

*এই ব্যায়ামটোৱে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ(পাঁচৰ পৰা পঁচিছ বছৰ বয়সৰ) স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে। ইয়াৰ বাহিৰেও যিকোনো বয়সৰ ব্যক্তিৰ স্মৃতিশক্তিৰ বিকাশ সাধন কৰি দীৰ্ঘস্থায়ী কৰে।

*নাকৰ ৰোগ, যেনে- ছাইনুছাইটিছ, নাকেৰে তেজ ওলোৱা, উশাহ ল’লে নাকত কষ্ট পোৱা আদি ৰোগ নিৰাময় কৰে।

*মগজু গধুৰ লগা, টোপনি কম বা বেছি হোৱা, গা দুৰ্বল লগা, দিনটোৰ অধিকাংশ সময়তে ভাগৰ আৰু টোপনিৰ ভাব অনুভৱ হোৱা, কথা আৰু বস্তু বা ঘটনাবোৰ সঘনাই পাহৰা, বহু সময় চিন্তা-ভাৱনা কৰিও মনত পেলাব নোৱাৰা আদি সমস্যাবোৰ দূৰ হয়।

*মানসিক ৰোগ(দূশ্চিন্তা, উদ্বিগ্নতা, খং আদি) আৰু মৃগী ৰোগ নিৰাময় কৰে।

*বুকুৰ গঠন সুঠাম কৰে, ভৰি আৰু কঁকাল সবল হয়।

*হাওঁহাওঁ আৰু হৃদযন্ত্ৰ সবল আৰু শক্তিশালী হয়।

সাৱধানতা -

আঁঠুৰ বিষ থাকিলে এই ব্যায়াম নকৰিব। হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ ৰোগ থাকিলে খুব লাহে লাহে কৰিব। মূৰ ঘূৰালে বা বেছি ভাগৰ লাগিলে নকৰিব।

লেখক: ৰংমন ৰংদৈ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate