মানুহৰ মুখগহ্বৰত সাধাৰণতে দুই প্ৰকাৰৰ দন্তবিন্যাস- যিটো জন্মৰ ৬-৭ মাহৰ পিছৰ পৰা গজা আৰম্ভ হৈ আঢ়ৈ-তিনি বছৰত সম্পূৰ্ণ হয় তাক প্ৰাথমিক বা অস্থায়ী দন্তবিন্যাস বোলা হয়। অস্থায়ী দন্তবিন্যাস গাখীৰ খোৱা দাঁত বা মিল্ক টীথ বুলিও কোৱা হয়। প্ৰাথমিক বা অস্থায়ী দন্তবিন্যাসত তলে-ওপৰে মুঠ বিশটা দাঁত থাকে। তাৰে দুটা মুখ্য ছেদক, দুটা পাৰ্শ্বীয় ছেদক, দুটা কৃন্তক আৰু চাৰিটা পেষক দাঁত। অস্থায়ী দন্তবিন্যাসত পুৰুপেষক দাঁত নাথাকে। এই দাঁতবোৰ মুখগহ্বৰত ১১-১২ বছৰ বয়লৈকে থাকে যদিও ৬-৭ বছৰৰ পৰা প্ৰাথমিক দাঁতবোৰ সৰিবলৈ আৰম্ভ কৰে। প্ৰাথমিক বা অস্থায়ী দাঁতবোৰ সৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সেইবোৰৰ স্থান অধিকাৰ কৰে দ্বিতীয় প্ৰকাৰৰ দন্তবিন্যাসে। ইয়াক স্থায়ী দন্তবিন্যাস বোল হয়।
যদিও জন্মৰ ৬-৭ মাহৰ পৰা শিশুৰ প্ৰাথমিক দাঁত গজা আৰম্ভ হয়, কিন্তু কেতিয়াবা শিশুৰ দৈহিক গঠন, সময়, অৱস্থা আৰু খাদ্যাভ্যাস ভেদে এই সময়ৰ তাৰতম্য ঘটা দেখা যায়। কেতিয়াবা কিছুমান শিশুৰ দাঁত সোনকালে, মানে জন্মৰ ছমাহ পুৰ হোৱাৰ আগতেই গজে, ইয়াক আৰ্লী ইৰাপচন (Early Eruption) বোলা হয়, আকৌ কেতিয়াবা কিছুমান শিশুৰ দাঁত জন্মৰ পৰা এবছৰ, ডেৰ বছৰ পাৰ হৈ যোৱাৰ পিছতহে গজে, ইয়াক ডিলেইড ইৰাপচন (Delayed Eruption) বোলা হয়। সোনকালে মুখত দাঁত গজা বা দেৰিকৈ দাঁত গজা প্ৰক্ৰিয়াটো খুব বেছি চিন্তা কৰিবলগীয়া বিষয় নহয়, যদিহে শিশুটিৰ সাধাৰণ স্বাস্থ্য অটুট থাকে। কিছুমান শিশুৰ আকৌ মুখত দাঁতেই নগজে বা গজিলেও সংখ্যাত কম থাকে, ইয়াক এন’ডন্সিয়া বোলা হয়। সেইদৰে শিশুৰ দাঁতৰ মাৰিবোৰ ৰঙা পৰি ফুলি উঠে। গজিবলৈ ধৰা দাঁতটোৰ আভ্যন্তৰীণ হেঁচাৰ দাঁতৰ মাৰিবোৰ কুটকুটায়। তেতিয়া শিশুটিয়ে যিহকে- তিহকে মুখলৈ নিয়ে আৰু কামুৰিবলৈ ধৰে। ইয়াৰ কাৰণে সংক্ৰমণ ঘটাৰ প্ৰৱণতা দেখা যায়। এনে অৱস্থাত সংক্ৰমণ ঘটিলে শিশুৰ মুখৰ পৰা লেলাৱটি ওলাই থাকে, পেটৰ অসুখ হয় আৰু কেতিয়াবা বিষ-জ্বৰ উঠাও দেখা যায়। দাঁত গজাৰ সময়ত এনেকুৱ অৱস্থা হ’লে ইয়াক টীথিং বোলা হয়। এই সময়ছোৱাত মাক-দেউতাক তথা পৰিয়ালৰ সদস্যসকল যথেষ্ট সচেতন হ’ব লাগে। শিশুটিয়ে যাতে যিহকে-তিহকে মুখলৈ নিব নোৱাৰে তাৰ বাবে সাৱধান হ’ব লাগে আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি ধ্যান দিব লাগে। শিশুটিৰ দাঁতৰ মাৰি বা আলু যদি টান, আঁহযুক্ত হয়, তেতিয়া দাঁতবোৰ আলু ফালি বাহিৰলৈ ওলাই আহিব নোৱাৰে। এনে অৱস্থাত আভ্যন্তৰীণ যন্ত্ৰণাদায়ক অস্বস্তিত ভোগে। আৰু আমনি কৰে। পিতৃ-মাতৃ বা অভিভাৱক এনে সময়ত যথেষ্ট সচেতন হ’ব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে শিশুটিক দাঁতৰ মাৰিৰে কামুৰি চোবাই, চুহি থাকিব পৰা টান পাচলি, যেনে- গাজৰ বা ফল-মূল (মধুৰি –আম , অমিতা, নাৰিকল বা কুঁহিয়াৰ আদি) মুখত দিব লাগে। এনে অৱস্থাৰ পৰা পিতৃ-মাতৃ বা অভিভাৱকক সকাহ দিবলৈ আজিকালি বজাৰত নাম থকা কোম্পানীৰ উন্নতমানৰ টীথাৰ বা দাঁত গজা সময়ত শিশুৱে চোবই থাকিব পৰাকৈ ৰবৰৰ আহিলা সততে উপলব্ধ।
লেখিকা: ডা: ৰুবী কটকী (জি এনআৰচি স্বাস্থ্য)
শেহতীয়া উন্নীতকৰণ: : 12/4/2023