অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰী আৰু শিশুৰ ৰোগ

নাৰী আৰু শিশুৰ ৰোগ

চাওতেঁ চাওতেঁ গ্ৰীষ্মৰ প্ৰখৰ ৰদ।শাওন ভাদৰ গা পুৰি যোৱা গৰম নোহোৱা হৈ গল।জাৰ আহিলে আকৌ অকলে নাহে।কাহ,কফ,জ্বৰ,ভাইৰেল,নিউমোনোয়া,গাৰ বিষ আদি বিভিন্ন ৰোগেও দেখা দিয়ে।জাৰকালিৰ শেষৰ পিনে বসন্ত ৰোগ আদিও উপস্থিত হয়।সাধাৰনতে শিশু-মহিলাই বেচিকৈ ভোগে।

শিশুৰ প্ৰ্তিৰোধ শক্তি কম কাৰনে সহজেই ৰোগাক্ৰান্ত হয়।লগতে শুশ্ৰূষাকাৰী মাতৃয়েও কষ্ট ভোগে।কাহ,পানীলগা জ্বৰৰ লগতে নিউমোনিয়া ৰোগতো ভোগে।ই শ্বাসতন্ত্ৰৰ ৰোগ।কাহ বা উশাহ-নিশাহ লোৱাত কষ্ট পোৱা ৰোগ।শিশুৱে কি হৈছে কেনে পাইছে কব নাজানে।সেয়ে ৰোগ ধৰা পৰোতে দেৰি হয়।কিছুমান লক্ষনৰ পৰা নিউমোনিয়া বুলি সন্দেহ কৰিব পাৰি যেন-উশাহ নিশাহ লোৱাত কষ্ট হৈছে নেকি লগতে বুকু বহি গৈছে নেকি,অৰ্থাৎ বুকুৰ কামিহাড়ৰ মাজত খাল হৈ গৈছে নেকি,বুকুত শব্দ হয় নেকি খোৱা বোৱাত অসমৰ্থ বা ৰুচি নাই নেকী,অতিশয় দুৰ্বল বা পুষ্টিহীনতাত ভুগিছে নেকি জ্বৰ অনবৰত থাকে নেকি।এইবোৰ লক্ষন দেখা পালে ডাক্তৰৰ সহায় লওক।

বতৰ পৰিৱৰ্তনে কঢ়িয়াই আনে কাহ,পানীলগা।পানীলগাত ডাঙৰেও ভোগে।গৰমৰ পৰা ঠাণ্ডা বা ঠাণ্ডাৰ পৰা গৰমলৈ বতৰ পৰিৱৰ্তন হলে বা কেতিয়াবা ঠাই সলনি পোৱাটো সাধাৰন কথা।ডাঙৰে ঔষধ নেখালেও ভাল পায়।কিন্ত শিশুৰ ক্ষেত্ৰত যত্ন লোৱাৰ পিছতো ভাল হবলৈ দহ পোন্ধৰ দিন লাগে।অযত্নত নিউমোনিয়া,এজমা, ব্ৰ্ঙ্গাইটছিছ,বুকুৰ অন্য ৰোগ,ডিঙি আৰু চাইনাছ পলিপাচ আদিও হব পাৰে।সেয়ে শিশুৰ বাবে মাক-দেউতাকে যত্ন অতি মুল্যবান।

কিচুমান সাধাৰন কাৰন যেনে শীতল পানীয় সেৱন অতি বেছি শীতল খাদ্য আইচক্ৰিম শীতল পানীৰে গা ধোৱা শীতকালত বেছিপৰ নিয়ৰত থাকিলে বা পানী লাগি থকা ব্যক্তিৰ লগত থাকিলে কাহ পানীলগা সাধাৰনতে হোৱা দেখা যায়।

এই ৰোগৰ আন এটা বিশেষ কাৰন হল এই ৰোগ সংক্ৰামক ৰোগ।এই ৰোগ দুই ধৰনে স্ংক্ৰমিত হয়।ভাইৰেল আৰু বেক্টেৰিয়াৰ পৰা কিন্ত ভাইৰেল আক্ৰমনে সকলোকে নচুৱাই দিয়ে।অসমত সাধাৰনতে ৰাইনো ভাইৰাচেই বেছি।ইনফ্লুৱেঞ্জা ভাইৰাচেও মাৰাত্মক পানীলগা সৃষ্টি কৰে।সেয়ে আগতেই সাধাৰন হবৰ সময় হৈছে।ভাইৰেল ৰোগৰ হোমিওপেথিকত প্ৰ্তিৰোধৰ ঔষধো পায়।এই প্ৰিভেনটিভ এচিয়াটিক ভাইৰাচ আৰু ইউৰোপীয় ভাইৰাচ,দুয়োবিধকে প্ৰ্তিৰোধ কৰিব পাৰি।

ৰোগ হলে ঔষধ খুৱাবই লাগিব।আৰম্ভনিতে হোৱা ৰোগৰ চিকিৎসাত কষ্ট কম হয়।শিশুৰ কাৰন ৰোগো বৰ আমনিদায়ক।পানীলগা থাকিলে সাধাৰনতে টনচিল কাণৰ বিষ,কাণেৰে পানী ওলোৱা,কান পকা আদি হয়।আন আন কাৰনতো কানৰ ৰোগ হব পাৰে।গা ধুঁওতে কানত পানী সোমাল বা চামুচৰে গাখীৰ খুওৱাতে গাখীৰ কানত সোমাই কান পকিব পাৰে।মেলেৰিয়া,টাইফয়েৰ,ডিপথেৰিয়া,সৰু আই আদি ৰোগতো কানৰ ৰোগ হয়।কাণত ময়লা জমা হৈয়ো বিষ হব পাৰে আৰু বহুতো কাৰনত কান পকিব পাৰে।হোমিওপেথিকত ইয়াৰ ভাল চিকিৎসা আছে। শিশুৰ বসন্ত হলে হোমিওপেথিকত চিকিৎসা হয়।বসন্তৰ প্ৰ্তিষেধকো আছে।ৰোগ কাষৰীয়া অঞ্চলত দেখা দিলে শিশুক প্ৰ্তিষেধক(প্ৰিভেন্টিভ)খুৱাব পাৰি।

শিশুৰ পেলুৰ আমনিত চিনা ৩X চেন্টেনাইন ন,৩x ফেলিক্স মাছ-৩০টিওকেৰিয়াম-৩০ আদি লক্ষন অনুযায়ী দিব পাৰি।কোনো ধৰনৰ অনিষ্টৰ চিন্তা নাই।এজমা ব্ৰ্কাইতিছ,চাইনোচাইটিছ,টনচিলাইটিছ আদিৰো ভাল চিকিৎসা হয়।মাৰ্কছল,ফাইটোলাক্কা,বেলেডনা,এমন কাৰ্ব,লেকেচিচ আদিও ভাল ঔষধ।হোমিওত সকলো ধৰনৰ ৰোগৰ প্ৰিভেন্টিভ পোৱা যায়।ৰোগ সংক্ৰমনৰ আগে আগে খুওৱাব পাৰি মেলাড্ৰিনাম,ভেক্সিনিমা,ভেৰিওলিনা,ইনফ্লউয়েঞ্জিয়াম,মেলেৰিয়া অফিচিনালিচ,মেফাইট্ৰিচ,ডিফটেৰিয়া বেচিলিনাম,টিউবাৰ কুলিনাম,থাইৰোডিনাম আৰু বহুতো প্ৰিভেণ্টিভ পোৱা যায়।ৰোগী আগ্ৰ্হী হলে সকলো ধৰনৰ প্ৰিভেন্টিভ ৰাখিব পৰা যায়।

নাৰীৰ শৰীৰৰ লগত পুৰুষ শৰীৰ তুলনা কৰিব পৰা নেযায়।ছোৱালী গাভৰু হোৱাৰ লগে লগে বিভিন্ন ধৰনৰ আমনিৰ সন্মুখীন হয়।মোক অলপতে এগৰাকী মহিলাই কৈছিল ডাক্তৰ আমাৰ এওঁ ৰাতিপুৱা বেলা ৪/৫ বাৰ শৌচ কৰিবলৈ যায়।কিন্ত তেওঁ কেতিয়াও কাকো এই বিষয়ে নকয় আমনিও নেপায় দুৰ্ব্লো নহয়।কিন্ত একেলেথাৰিয়ে দুবাৰ গলেই মোৰ হাহাকাৰ লাগে বৰ দুৰ্বল হৈ পৰো ভয় ভাৱ হয়।ওচৰ-চুবুৰীয়াও গম পায়।এইখিনিতে পাৰ্থক্য নাৰী পুৰুষৰ।নাৰীৰ মাহে মাহে বেছিকৈ স্ব্ৰাৱ হয়।কমকৈ হলে মানসিক আশান্তি দুৰ্বল তেজৰ পৰিমানো কমি যায়।তাৰোপৰি বহুতৰে মাহেকীয়াৰ আমনি থাকে।সাংঘাটিক অস্বস্তিকৰ ৰোগ।নাৰীক যথেষ্ঠ পৰিমানে কেলচিয়াম মেগনেছিয়াম,আয়ৰন ফলিক এচিডৰ প্ৰয়োজন।কিন্ত নাৰীয়ে এই বিষয়ে কেতিয়াও চিন্তা চৰ্চা নকৰে।সেয়ে বয়স বঢ়াৰ লগে লগে বাতবিষ গাঠিৰঁ বিষ,আঠু বিষ,ককাঁল বিষত ভোগে।এইবিলাক ৰোগৰ চিন্তাত পৰি হাৰ্টৰ অসুখো হয়।বিশেষকৈ বুকুৰ ধপধপনি হাইপ্ৰেচাৰ,লপ্ৰেচাৰ দেখা দিয়ে।কেতিয়াবা ডায়েবেটিচতো ভোগে।

নাৰীৰ ব্ৰেষ্ট কেনচাৰ হোৱাৰো আশংকা থাকে।এই ৰোগৰ প্ৰকৃত কাৰন কোৱাটো টান।এবাৰ এগৰাকী মহিলাই বুকুত(স্তনত)বিহ ফোহাঁ হোৱাৰ বাবে মোৰ ওচৰলৈ আহিছিল।গিৰিয়েকে বহুবাৰ কোৱা সত্বেও মানুহগৰাকীয়ে ৰোগটো দেখুওৱালৈ সন্মত নহল।হয়তো বিহ ফোহাঁৰ ঔষধ খালেই ভাল হলেহেতেন।কিন্ত তেওঁ সেই অসুখৰ বাবে কোনো ঔষধ নেখাই গুচি গল।পিছদিনা বিষত থাকিব নোৱাৰাত মেডিকেল কলেজলৈ নিলে।তাত ফোহাটোঁ ফালি চফা কৰি দিয়াতহে তৎ পাইছে।সেয়ে নাৰীয়ে ৰোগ লুকুৱাই ৰখাৰ প্ৰৱনতা ত্যাগ কৰি চিকিৎসকৰ পৰামৰ্শ লব লাগে।স্তনত সাধাৰনতে টিউমাৰ,ফোহাঁ,একজিমা আদি হয়।ভয় নেখাই ডাক্তৰৰ পৰামৰ্শ লোৱাটো ভাল কথা।

আঠুৰঁ বিষ এটা বৰ কষ্টদায়ক ৰোগ।আঠুৰ বিষ এচিদিটি(টেঙা)কেলচিয়াম আদিৰ অভাৱ বা বেছি হোৱাৰ কাৰনেও হয়।অষ্ট্ৰিও আৰ্থাৰাইটিচ,অষ্ট্ৰিওপোৰেচিচ আদি ৰোগত হোমিওপেথিক চিকিৎসা কৰি যন্ত্ৰনা নিয়ন্ত্ৰনত ৰাখিব পাৰি।লক্ষন অনুযায়ী লিডামপেল,কেলমিয়া লেট,কেলকেৰিয়া ফচ,এখন ফচ,গুয়াক্কাম আদি ভল ঔষধ।

ঋতু পৰিৱৰ্তন প্ৰাকৃতিক নিয়মত চলি থাকিব।কিন্ত আমি যদি সাৱধান হওঁ তেন্তে ৰোগ যন্ত্ৰানাৰ পৰা হাতসাৰি থাকিব পাৰো।ৰোগ হল বুলিয়েই সোনকালে ভাল হওক বুলি কঢ়া ঔষধ খোৱাটো উচিত নহয়।হোমিও ঔষধে বিশেষকৈ ৰোগৰ আৰম্ভনিতে বৰ ভাল কাম কৰে।

ডা:মহম্মদ ইউছুফ

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate