অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৱজাত শিশুৰ যতন :-১ম ভাগ

নৱজাত শিশুৰ যতন :-১ম ভাগ

 


ঘৰলৈ এটি নৱজাত শিশুৰ আগমনৰ লগে লগে শিশুটিক খুৱাই ধুৱাই ডাঙৰ দীঘল কৰাৰে পৰা সকলো দিশতে পৈণত কৰালৈ পৰিয়ালৰ লগতে পিতৃ আৰু বিশেষকৈ জন্মদাত্ৰী মাতৃগৰাকীৰ ওপৰত গুৰুত্বপূৰ্ণ দায়িত্ব আহি পৰে ।
এটি নৱজাত শিশুৰ ০ ৬মাহ বয়সলৈ:-
মাতৃদুগ্ধই হল শিশুটিৰ প্ৰধান আহাৰ । বিশেষকৈ জন্মৰ পিচতে মাতৃ গৰাকীৰ প্ৰথম গাঢ় স্তন্যদুগ্ধ শিশুৰ ৰোগ প্ৰতিৰোধৰ বাবে অতি প্ৰয়োজনীয় আহাৰ । সেয়ে গৰ্ভাৱস্থাৰ পৰা শিশুটিয়ে দুগ্ধপান কৰি থকা বয়সলৈ মাতৃগৰাকীয়ে খোৱা সকলো আহাৰ পুষ্টি আৰু সুষম হোৱা আৱশ্যক। এনে সময়চোৱাত শিশুৰ ৰোগাদি নহবৰ বাবে মাতৃৰ আহাৰ গ্ৰহনত সচেতন হোৱাতো আৱশ্যক।
বিশেষ লক্ষণীয়:-
১। কেচুৱাৰ ভোক পিয়াহৰ প্ৰতি লক্ষ ৰাখি নিয়মিত নিৰ্দিষ্ট সময়মতে স্তন্যপাণ কৰাব।
২। স্তন সময়ে সময়ে পৰিস্কাৰ কৰাতো অতি আৱশ্যক ।
৩।টোপনীত স্তন্যপান নকৰাব ।
৪। অনাৱশ্যক দুগ্ধপান নকৰাব ।
৫। মাতৃদুগ্ধৰ অভাৱত মাতৃ গৰাকীয়ে সুষম আহাৰ খোৱাৰ লগতে অভিজ্ঞ মাতৃ বা চিকিৎসকৰ পৰামৰ্শ লব। অগত্যা গৰু ছাগলীৰ গাখীৰ খুৱাব লগীয়া হলে ৩বা৪ গুণ কুহুমীয়া গৰম পানী মিহলাই খুৱাব ।কৃত্ৰীম গাখীৰতো লিখিত নিৰ্দেশমতে পানী মিহলাব ।
৬। বতলেৰে খুৱালে ৪৫ডিগ্ৰী কোণীয়াকৈ খুৱাব আৰু বতল/নিপল আদি গৰম পানীৰে ধুব । ৭। বাহি বা আধা খোৱা গাখীৰ অধিক সময়লৈ নথব । ফ্ৰীজত থলে পুনৰাই গৰম কৰিহে খুৱাব ।
নৱজাত শিশুৱে ১৮/২০ ঘন্টালৈকে শোৱা স্বাভাৱিক নিয়ম । শিশুৱে ৰাতিদিনৰ পাৰ্থক্য নাজানে । বহুতো শিশুৱে নিশা উজাগৰে থাকি পৰিয়ালক আমনি কৰায় । তেনে ক্ষেত্ৰত কোঠাত অতি ক্ষীন পোহৰ বা এন্ধাৰ ৰাখি শুৱাবলৈ চেষ্টা কৰিব । লগত টৰ্চ ৰাখিব ।
কেচুৱাক গা ধোৱাৰ আগেয়ে তেল মালিচ কৰাব । প্ৰথমে গা ধোৱাৰ সামগ্ৰী গোটাই কুহুমীয়া গৰম পানীৰে ভৰিৰ পৰা তিয়াইহে গা ধুৱাব । নাক কাণ আদিত যাতে পানী নোসোমায় সাৱধান হব।
নৱজাত শিশুৰ ৰোগ :-

জন্মৰে পৰা নৱজাত শিশুৰ চৰ্দি, কাহ ,জৰ, বমি ,চালৰ ৰোগ,হাগনী , শৌচকচা ,বায়ু ,পেটফুলা,জন্ডিচ আদি নানা ৰোগ হব পাৰে। কেতিয়াবা মাতৃয়ে খোৱা আহাৰৰ ব্যতিক্ৰম , অনিয়মিত বা অত্যধিক দুগ্ধপান কৰোৱা বা সঠিক যতনৰ অভাৱতো শিশুৰ ৰোগ হব পাৰে ।
অন্যহাতে কেচুৱাই বেচিকৈ কন্দা বা অকস্মাতে কন্দা , গাত কাপোৰ নৰখা ইত্যাদি লক্ষন দেখা দিয়ে । সকলো ক্ষেত্ৰতে মাতৃ বা পৰিয়ালৰ সদস্যই সুক্ষ্ম আৰু তৎপৰতাৰে লক্ষ ৰাখিব ।
ইয়াৰে স্বাভাবিকতে হোৱা কিছু ৰোগ নিজে নিজে বা ঘৰুৱা চিকিৎসা পদ্ধতিত আৰোগ্য হয় । অন্যথা চিকিৎসকৰ পৰামৰ্শ লব।পৰাপক্ষত শিশুৰ বাবে কোমল কপাহী কাপোৰ ব্যৱহাৰ কৰিব ।
সাৱধানতাৰ দিশত:-

নিজে বা আন লোকে কোলাত লওতে , মালিচ কৰাওতে গা ধুৱাওতে কোমল কেচুৱাটোৱে যাতে দুখ নাপায়, আনহাতে অইন ল'ৰা ছোৱালী, পোহনীয়া জন্তু,চৰাই চিৰিকতি ,পোক পৰুৱা ,মহ মাখি আদিৰ পৰা সুৰক্ষিত ৰখাৰ চেষ্টা কৰিব ।
নিয়মিত পৰিস্কাৰ পৰিৱেশত ৰখাৰ লগতে বিষাক্ত ৰাসায়নিক পদাৰ্থ বা দু্ৰ্গন্ধ আদিৰ পৰা আতৰত ৰাখিব।

লেখক :- যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate