অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৱজাতকৰ মালিচ

নৱজাতকৰ মালিচ

নৱজাতক এটি এটা পৰিয়াললৈ আগমনৰ লগে লগে সকলো শিশুটিক লৈ ব্যস্ত হৈ পৰে। কেনেদৰে তেল মালিচ কৰি, কি চাবোনেৰে গা ধুৱাব, কি ক্ৰীম গাত লগাব আদি অযুত প্ৰশ্নই পিতৃ-মাতৃসকলক জুমুৰি দি ধৰে। নৱজাতকৰ শৰীৰৰ যতন লওঁতে সদায় শিশু বিশেষজ্ঞৰ পৰামৰ্শ মতেহে কৰা উচিত। যদি চিকিৎসকে মালিচ কৰিবলৈ অনুমতি দিয়ে, তেন্তে মাতৃগৰাকীয়ে সামান্যভাৱে মালিচ দিব পাৰে। কিন্তু ধাই বা তেনে ধৰণৰ বাহিৰা মাহুহৰ হতুৱাই মালিচ দিয়া অনুচিত।

নিয়মিত মালিচ কৰা শিশু এটাৰ দেহৰ গঠন সুদৃঢ় হোৱাৰ লগতে শিশুটো সতেজ আৰু স্বাস্থ্যবান হোৱা দেখা যায়। মালিচ কাৰ্যৰ জৰিয়তে মাতৃ আৰু শিশুটোৰ সম্বন্ধ দৃঢ় হয়, মৰম বাঢ়ে।

শিশু এটাক মালিচ কৰাৰ কোনো নিৰ্দিষ্ট সময় নাই। শিশুটো আৰু মাতৃগৰাকীৰ সুবিধা মতে মালিচ কৰাৰ সময় ঠিক কৰি ল’ব লাগে। সাধাৰণতে দিনত দুবাৰ আহাৰ খোৱাৰ ঠিক মাজৰ সময়খিনিত শিশু এটা সতেজ হৈ থাকে আৰু এই সময়ত শিশুটোৱেও মালিচ কাৰ্যত সহযোগিতা আগবঢ়াব। প্ৰথমে গা ধুৱাই তাৰ পিছত মালিচ দিয়াটো নিয়ম।

মালিচ কৰোঁতে তেল ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। ভাৰতীয় মহিলাসকলে গৰমৰ দিনত নাৰিকল তেল আৰু ঠাণ্ডাৰ দিনত সৰিয়হৰ তেলেৰে কৰা দেখা যায়।

সৰিয়হৰ তেল যদিও মালিচ তেল হিচাপে আমাৰ সমাজত প্ৰচলিত ই শিশুৰ কোমল ছালৰ কাৰণে আচলতে উপযোগী নহয় আৰু ইয়াক ব্যৱহাৰ কৰা অনুচিত। তাৰ পৰিৱৰ্তে নাৰিকল তেল বা বজাৰত পোৱা উৎকৃষ্ট মানৰ গোন্ধবিহীন অলিভ অইল ব্যৱহাৰ কৰিব পাৰি।

মাতৃসকলে শিশুৰ মালিচৰ বাবে বিশেষভাৱে তৈয়াৰী তেল ব্যৱহাৰ কৰিব পাৰে। বজাৰত পোৱা যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। বজাৰত পোৱা যিকোনো তেল জধে-মধে ব্যৱহাৰ কৰিলে শিশুটোৰ ছালৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। বৈজ্ঞানিক গৱেষণাৰ পৰা গম পোৱা গৈছে যে শিশুৰ বাবে নাৰিকলৰ তেল মালিচৰ বাবে বিশেষ উপযোগী। কিন্তু সাধাৰণতে ব্যৱহাৰ কৰা মিঠাতেল শিশুৰ মালিচৰ বাবে একেবাৰে অনুপযোগী।

মালিচ কৰোঁতে প্ৰথমতে ভৰিৰ পৰা আৰম্ভ কৰিব লাগে। ভৰিৰ পিছত ক্ৰমে পেট, পিঠি, হাত, বাহু আৰু একেবাৰে শেষত মুখত মালিচ কৰিব লাগে।

কেঁচুৱাৰ ক্ৰীম

সাধাৰণতে নৱজাতকৰ ছালত কোমল চাবোন আৰু মালিচৰ বাবে নাৰিকল বা অলিভ তেল ব্যৱহাৰ কৰাৰ বাদে অন্য উপায়সমূহ নকৰাই ভাল। ছাল ভালকৈ ছাফাকৈ ৰাখি এইখিনি যতন ল’লেই ছালৰ স্বাস্থ্য ভালে থাকিব। প্ৰ্স্ৰাৱ-পাইখানা কৰাৰ লগে লগেই সেই লেতেৰা কাপোৰ আঁতৰাই পেলাই, কেঁচুৱাৰ কৰঙন ইত্যাদি ঠাই ভালকৈ ধুই চাফা কৰি শুকানকৈ ৰাখিলেই বহুতবোৰ অসুখৰ পৰা হাত সাৰি থাকিব পাৰি।

উৎসঃ জিএনআৰচি স্বাস্থ্য আলোচনী

শেহতীয়া উন্নীতকৰণ: : 6/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate