অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৱজাতকৰ হ’ব পৰা স্বাভাৱিক সমস্যা :

নৱজাতকৰ হ’ব পৰা স্বাভাৱিক সমস্যা :

 

শৌচ:

নৱজাতকে জন্মৰ ২৪ ঘন্টাৰ ভিতৰতে প্ৰথম শৌচ কৰে। প্ৰথম দুই বা তিনি দিনলৈ শৌচৰ ৰং ক’লা আলকাতৰাৰ লেখীয়া হয়। তাৰ পাছত এদিন বা দুদিনলৈ শৌচৰ ৰং হয় পাতল সেউজীয়া। পাছত মাকৰ গাখীৰ খোৱা কেঁচুৱাৰ শৌচৰ বৰণ সোণালী হালধীয়া হয়গৈ। কেঁচুৱাৰ শৌচ সদায় আধাজুলীয়া। কিছুমান কথা তেনেই স্বাভাৱিক্, যেনে- কেঁচুৱাৰ শৌচদ্বাৰেদি বায়ু ওলাই যাওঁতে অকণমান শৌচ হৈ যাব পাৰে বা প্ৰতিবাৰ গাখীৰ খুওৱাৰ পাছত শৌচ হ’ব পাৰে। সাধাৰণতে দিনটোত আঠৰ পৰা দহবাৰলৈ কেঁচুৱাই শৌচ কৰে, কেতিয়াবা বেছিকৈও কৰে। যেতিয়ালৈকে শৌচ একেবাৰে বৈ যোৱা নহয় বা শৌচত শাও বা তেজ নপৰেচ, স্বাভাৱিকভাৱে শিশুৰ ওজন বাঢ়ি থাকে আৰু আন কোনো কাৰণত অস্বাভাৱিকতা চকুত নপৰে, তেতিয়ালৈকে চিকিৎসা কৰাৰ দৰকাৰ নাই। মাকে খোৱা এন্টিবায়’টিক, যেনে- এম্পিচিলিন বা চিফালেক্সিনৰ বাবেও শিশুৰ শৌচ পনীয়া হ’ব পাৰে। কেতিয়াবা নৱজাতকে এদিন-দুদিন শৌচ নকৰাকৈও থাকে। যিবিলাক কেঁচুৱাই দুই-এদিনৰ মূৰে মূৰেহে শৌচ কৰে আৰু কৰাৰ দিনা স্বাভাৱিক ধৰণেই শৌচ কৰে, তেতিয়া চিন্তা কৰিবলগীয়া কোনো কাৰণ নাথাকে। সেইবোৰ কেঁচুৱা তেনেকুৱাই। বাহিৰা গাখীৰ খোৱা কেঁচুৱাৰহে প্ৰায়ে শৌচ টান হোৱা দেখা যায়। যদি অনবৰতে শৌচ কঠিন হৈ থাকে বা বেছি ধৰণে কঠিন হয় আৰু যদি পেটটো ডাঙৰ হৈ যায় বা বমি কৰি থাকে তেতিয়া ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।

জণ্ডিচ:

বেছিভাগ সুস্থ কেঁচুৱাৰে জন্মৰ দুদিন বা তিনি দিন বয়সত মুখ আৰু গাৰ ওপৰ ভাগৰ ছালৰ ৰংটো পাতল হালধীয়া(জণ্ডিচ) হ’বলৈ আৰম্ভ কৰে। এই হালধীয়া ৰংটো দহ বা বৰ বেছি চৈধ্য দিনলৈকে থাকিব পাৰে। তাৰ পাছত নিজে নিজে নাইকিয়া হয়। ইয়াৰ বাবে একো কৰিব নালাগে হোৱা দেখা যায় বা এনেয়ে হোৱা হালধীয়া ৰংটো ভৰি দুখন আৰু হাত-ভৰিৰ তলুৱাতো স্পষ্ট হৈ পৰে, তেতিয়া লগে লগে শিশু বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

প্ৰস্ৰাৱ:

নৱজাতকে জন্মৰ ৪৮ ঘন্টাৰ ভিতৰত প্ৰস্ৰাৱ কবিবই লাগে। ৪৮ ঘন্টাৰ ভিতৰত যদি প্ৰস্ৰাৱ নকৰে, তেতিয়াহ’লে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। সাধাৰণতে কেঁচুৱাই ঘনাই প্ৰস্ৰাৱ কৰে। জন্মৰ প্ৰথম কেইসপ্তাহত এটা সুস্থ কেঁচুৱাই প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ কৰিব পাৰে। কোনোবাটোৱে আকৌ দিনটোত মাত্ৰ চাৰি-পাঁচবাৰহে কৰে। কিছুমান কেঁচুৱাই প্ৰস্ৰাৱ কৰাৰ আগে আগে কান্দে। প্ৰস্ৰাৱৰ জোলোঙাটো ভৰ্তি হৈ গ’লে অলপ অস্বস্তিবোধ কৰাৰ বাবেই এইদৰে কান্দে। প্ৰস্ৰাৱ হৈ গ’লে মনে মনে থাকে বা টোপনিত চকু মুদ খাই যায়। যদি লগে লগে লেংগুটি কাপোৰখন সলাই দিয়া নহয়, তেন্তে ঠাণ্ডা পাই অলপ পাছত আকৌ কান্দে।

শয়ন:

নৱজাতকে বেছিভাগ সময় চকু মুদিয়ে থাকে, কিন্তু অলপ জোকাৰি দিলেই চকু মেলে। সিহঁতে সাধাৰণতে দিনটো শোৱে আৰু ৰাতি হ’লে সাৰ পাই থাকে। শোৱাৰ এই ওলোটা নিয়মটো জীৱনৰ প্ৰথম কেইসপ্তাহমানৰ বাবে তেনেই স্বাভাৱিক কথা।

হিঁকটি, হাঁচি আৰু কাহ:

হিঁকটি অহা আৰু হাঁচি মৰাটো নৱজাতকৰ বাবে স্বাভাৱিক্ল কথা। কাহিলে কিন্তু ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।

নাড়ীডাল:

পাঁচ দিনৰ পৰা দহ দিনৰ ভিতৰত নৱজাতকৰ নাড়ী সৰে। সৰাৰ পাছত এদিন বা দুদিনলৈ মূৰটোৰে অকণমান তেজ বা ৰঙচুৱা পানী বিৰিঙিব পাৰে। এইবিলাক স্বাভাৱিক কথা, কৰিবলগীয়া একো নাই।

লেখক: ডাঃ গকুল বৰা(সুকন্যা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate