অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পঞ্চগুণী ছিটা

পঞ্চগুণী ছিটা

শিশুৰ সুস্বাস্থ্য আৰু অকাল মৃত্যু ৰোধ কৰাৰ বাবে ভাৰতত ‘সাৰ্বজনীন আঁচনি’ৰ অধীনত যক্ষ্মা, পলিঅ’, ধনুষ্টংকাৰ, ঘোঁৰাশলখা, লেং কাহ, হেপাটাইটিছ- বি আৰু মিজল্‌ছ (আই) প্ৰতিষেধক ছিটা সকলো কেঁচুৱা আৰু শিশুকে দি অহা হৈছে। শেহতীয়াভাৱে এই প্ৰতিষেধক আঁচনিত হিমোফিলাছ ইন্‌ফ্লুৱেঞ্জী- বি বা চমুকৈ ‘হিব’ নামৰ শিশুৰ বাবে মাৰাত্মক ৰোগ সৃষ্টিকাৰী বীজাণু অবিধৰ প্ৰতিষেধক ছিটাকো অন্তৰ্ভুক্ত কৰা হৈছে। অহা জানুৱাৰীৰপৰা অসমত এই ‘হিব’ প্ৰতিষেধক ছিটা চৰকাৰী ছিটাকৰণ আঁচনিৰ জৰিয়তে পঞ্চগুণী ছিটাৰ ৰূপত প্ৰদান কৰা হ’ব। এই ছিটা সম্পৰ্কে কিছু কথা সকলো পিতৃ- মাতৃ, অভিভাৱক আৰু নাগৰিকে জানি লোৱাটো প্ৰয়োজন।

একে সময়তে পাঁচোটাকৈ মাৰাত্মক ৰোগৰ বিৰুদ্ধে সুৰক্ষা দিব পাৰে বাবেই এই ছিটাবিধক পঞ্চগুণী বা পেণ্টাৱেলেণ্ট বুলি নামকৰণ কৰা হৈছে। এই পাঁচটা ৰোগ হ’ল ধনুষ্টংকাৰ, ঘোঁৰাশলখা, লেং কাহ, হেপাটাইটিছ- বি আৰু আৰু হিমোফিলাছ ইন্‌ফ্লুৱেঞ্জী- বি(হিব)। ২ ডিগ্ৰীৰপৰা ৮ ডিগ্ৰী উষ্ণতাৰ পৰিৱেশত এই ছিটা জন্মৰ ছসপ্তাহ (ডেৰ মাহ)ৰপৰা এবছৰৰ ভিতৰৰ কেঁচুৱাক দিয়া হৈছে। পঞ্চগুণী ছিটাৰ অন্তৰ্ভূক্তিৰে ভাৰতৰ সাৰ্বজনীন ছিটাকৰণ ক্ৰমণিকাৰ ইতিমধ্যে কিছু পৰিৱৰ্তন কৰা হৈছে। নতুন ক্ৰমণিকা অনুযায়ী কেঁচুৱাৰ জন্মৰ ছসপ্তাহ (ডেৰ মাহ)ত বা তাৰ পিছৰ প্ৰথম সুবিধাজনক সময়ত পঞ্চগুণী ছিটাৰ প্ৰথমটো পালি দিয়া হয়। দ্বিতীয়টো পালি প্ৰথমটো পালি পোৱাৰ চাৰিসপ্তাহ (এমাহ) পিছত, অৰ্থাৎ শিশুটিৰ বয়স দহ সপ্তাহ (আঢ়ৈ মাহ) পূৰ হ’লে দিয়া হয়। দ্বিতীয় পালি ছিটা পোৱাৰ চাৰি সপ্তাহৰ মূৰত, অৰ্থাৎ শিশুটিৰ ১৪ সপ্তাহ (চাৰে তিনি মাহ) বয়সত তৃতীয়টো পালি প্ৰদান কৰা হয়। মুখেৰে খুওৱা পলিঅ’ ছিটাও তিনিওবাৰ দুটোপালকৈ প্ৰদান কৰা হয়। পেণ্টাৱেলেণ্ট ছিটা এবিধ জুলীয়া ছিটা আৰু ইয়াক বেজিৰ দ্বাৰা শৰীৰত প্ৰৱেশ কৰোৱা হয়। এবাৰত আধা মিলিলিটাৰ পৰিমাণত ভৰিৰ ঊৰু অংশৰ ভিতৰভালৰ সন্মুখভাগত এই ছিটা প্ৰয়োগ কৰা হয়।

পেণ্টাৱেলেণ্ট ভেক্‌ছিন এবিধ নিৰাপদ ছিটা আৰু ই কোনোধৰণৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ স’তে জড়িত নহয়। অৱশ্যে ছিটা লোৱাৰ পিছত বেজি দিয়া ঠাইখিনি বিষাব, ৰঙা পৰিব আৰু ফুলিব পাৰে। এয়া অস্বাভাৱিক নহয় আৰু প্ৰায় এক চতুৰ্থাংশ কেঁচুৱাৰ ক্ষেত্ৰতহে দেখা যায়। খুব কম ক্ষেত্ৰত কেতিয়াবা ছিটা দিয়াৰ পিছত কেঁচুৱাটিৰ জ্বৰ উঠিব পাৰে আৰু কান্দি কাটি আমনি কৰিব পাৰে। এয়াও কোনো ভয় খাবলগীয়া কথা নহয়। এই ছিটাৰ পাঁচটা উপাদানৰ যিকোনো এটা বা একাধিকৰ প্ৰতি এলাৰ্জী থকা বুলি জনা হ’লে তেনে কেঁচুৱাক এই চিটা দিয়াব নালাগে। অসুখ ভাল হোৱালৈ অপেক্ষা কৰিব লাগে আৰু সুস্থ হৈ উঠাৰ পিছত অনতিবিলম্বে নিৰ্দ্ধাৰিত ক্ৰমণিকা অনুসৰি ছিটা দিয়াব লাগে। সাধাৰণ অসুখ, যেনে- সামান্য জ্বৰ বা কাহ হৈ থকা অৱস্থাত এই ছিটা দিয়াব পৰা যায়।

পেণ্টাৱেলেণ্ট ছিটা এবিধ সফল ছিটা। শুদ্ধভাৱে ছিটাৰ ক্ৰমণিকা সম্পূৰ্ণ কৰাৰ পিছত শিশুটিয়ে সংশ্লিষ্ট ৰোগবোৰৰপৰা ৮৫- ৯৫ শতাংশ সুৰক্ষা লাভ কৰে। ছিটা সম্পূৰ্ণভাৱে দিয়া হোৱাৰ ফলত শিশুটিৰ শৰীৰত এই পাঁচবিধ ৰোগৰ বীজাণু প্ৰতিৰোধ কৰিব পৰা ‘এণ্টিবডী’ কিছুমানৰ সৃষ্টি হয়। এই এণ্টিবডীবোৰে বীজাণুৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰে। যিমান দিনলৈ এণ্টিবডীবোৰ সক্ৰিয় হৈ থাকে, সিমান দিনলৈকে শিশুটি সুৰক্ষিত হৈ থাকে।

পঞ্চগুণী ছিটাই ‘হিব’ বীজাণুৰ বিৰুদ্ধে সৃষ্টি কৰা এণ্টিবডী গোটেই জীৱনজুৰি থাকে, গতিকে এবাৰ নিৰ্দ্ধাৰিত ক্ৰমণিকা অনুসৰি ছিটা সম্পূৰ্ণ কৰাৰ পিছত হিমোফিলাছ ইন্‌ফ্লুৱেঞ্জী- বিৰ বাবে জীৱনকালত পুনৰায় ছিটা (‘বুষ্টাৰ’ পালি) নল’লেও হয়। অৱশ্যে ধনুষ্টংকাৰ, লেং কাহ আৰু ঘোঁৰাশলখাৰ বিৰুদ্ধে সৃষ্ট এণ্টিবডী সময় বাগৰাৰ লগে লগে কমি যায় বাবে লেং কাহ আৰু ঘোঁৰাশলখাৰ দুটা ‘বুষ্টাৰ’ পালি আৰু ধনুষ্টংকাৰৰ চাৰিটা ‘বুষ্টাৰ’ পালি নিৰ্দ্ধাৰিত সময়ত ১৬ বছৰ বয়সৰ ভিতৰত ল’ব লাগে। পেণ্টাৱেলৱণ্ট ভেকচিন সাৰ্বজনীন ছিটাকৰণ ক্ৰমণিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছত ছিটাকৰণৰ বাবে বৰ্তমান কেঁচুৱা এটিয়ে এবছৰৰ ভিতৰত ল’ব লগা বেজিৰ সংখ্যা ৯ৰ পৰা ৬টালৈ হ্ৰাস পায় বাবে কেঁচুৱাটিৰ কষ্টৰ পৰিমাণো লাঘৱ হয়।

ভাৰতৰ জাতীয় প্ৰতিষেধক ছিটাকৰণৰ বাবে কাৰিকৰী পৰামৰ্শদাতা সমিতিৰ পৰামৰ্শ অনুসৰি ২০১১ চনৰ ডিচেম্বৰ মাহত কেৰালা আৰু তামিলনাডু ৰাজ্যত প্ৰথমবাৰৰ বাবে এই পঞ্চগুণী ছিটা ছিটাকৰণ আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছিল। পিছৰ দুটা বছৰত অইন ছখন ৰাজ্যত এই ছিটাৰ প্ৰচলন আৰম্ভ কৰা হয়। তৃতীয় পৰ্যায়ত অসমকে ধৰি মুঠ বাৰখন ৰাজ্যত অহা জানুৱাৰীৰপৰা ইয়াক প্ৰৱৰ্তন কৰাৰ পিছত ২০১৫ চনৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষকে সামৰি লোৱা হ’ব।

লিখকঃ ডাঃ ৰমেন কুমাৰ কাকতি, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate