অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰতিষেধক টিকাৰ গুৰুত্ব

শিশুৱে কোনকেইবিধ প্ৰতিষেধক টিকা পোৱাটো উচিত

এটি কনমানি শিশুৱে কোনবিলাক ভেকচিন কিমান বয়সৰ ভিতৰত পাব লাগে বা পোৱাটো উচিত সেয়া ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰ্দান কাৰ্যসূচীৰুপে যুগুত কৰি উলিয়ায় কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে।তদুপৰি ইণ্ডিয়ান একাডেমী অব পেড্ৰিয়েটিকছ নামৰ বেচৰকাৰী স্ংস্থাটিয়েও নিজাববীয়াকৈ শিশুৰ প্ৰতিষেধক প্ৰ্দান কাৰ্যসূচী যুগুত কৰি উলিয়াই।আপোনাৰ শিশুটিয়ে এই দুটি স্ংস্থাৰ দ্বাৰা অনুমোদিত প্ৰ্ত্যোকটো ভেকচিনেই যাতে টিকাকৰন কাৰ্যসূচীৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হয়।সেইটো সুচিশ্চিত কৰাটো অভিভাৱক হিচাপে আপোনাৰ কৰ্তব্য।

১৯৭৪ চনৰ মে মাহত বিশ্ব স্বাস্থ্য স্ংস্থাই “Expanded programme on immunization” চমুকৈ “EPI” নামৰ এখন আচঁনি পৃথিৱীৰ সকলো শিশুকে সামৰি প্ৰতিষেধক দ্বাৰা নিৰাময় কৰিব পৰা ৬ বিধ মাৰাত্মক বেমাৰৰ পৰা ৰক্ষা কৰিবৰ বাবে ঘোষনা কৰিছিল।এই ৬বিধ বেমাৰ হৈছে ক্ৰ্মে-ডিপথেৰিয়া,হুপিং কাহ,টিটেনাছ,পলিঅ,টিউবৰকুলছিছ (যক্ষ্মা) আৰু মিজিলছ(সৰু আই)।ইয়াৰ ডিপথেৰিয়া,টিটেনাছ আৰু হুপিং কাহৰ বাবে ডি পি টি ভেকচিন,টিডবাৰকুলছিছ বাবে বি চি জি ভেকচিন পলিঅৰ বাবে অ পি ডি ভেকচিন আৰু সৰু আইৰ বাবে মিজিলছ ভেকচিন দিয়া হয়।এটা সমীক্ষা মতে পৃথিৱীৰ প্ৰায় ২ মিলিয়ন শিশুৰ প্ৰ্তিবছৰে মৃত্যুৰ মুখৰ পৰা অথবা প্ংগুত্বৰ পৰা বচাবলৈ সক্ষম হোৱা এই আচনিঁখনৰ জৰিয়তে ৬ ধৰনৰ বেমাৰ প্ৰ্তিৰোধক বাবে ৪ বিধ প্ৰতিষেধক টিকা দিয়া হয়।এই ৬ বিধ বেমাৰ প্ৰ্তিৰোধ কৰিব পৰা ভেকচিনবিলাকক ট্ৰেডিচনেল ভেকচিন নামেৰেও জনা যায়।বৰ্তমান ৬ ধৰনৰ ট্ৰেডিচনেল ভেকচিনৰ বাহিৰেও কিছুমান নতুন ভেকচিনৰ প্ৰয়োগ পৃথিৱীৰ বহুকেইখন ৰাষ্ট্ৰত শিশুৰ মৃত্যুৰ হাৰ যথেষ্ঠ কমাই দিয়াটো পৰিলক্ষিত হৈছে।এই নতুন ভেকচিনকেইবিধৰ ভিতৰত প্ৰধানত হেপাটাইটিছ বি ভেকচিন ভাৰতকে ধৰি পৃথিৱীৰ ১৪৭ খনতকৈ অধিক দেশে বৰ্তমান ব্যৱহাৰ কৰে।

অন্য এবিধ উল্লেখযোগ্য ভেকচিন হৈছে হিমফাইলাছ টাইপ “বি ইনফ্লুৱেঞ্জা বেমাৰ চমুকৈ HIB disease প্ৰ্তিৰোধৰ বাবে ব্যৱহৃত “হিব ভেকচিন:। এইপৰ্যন্ত পৃথিৱীৰ ৯০ খনৰো অধিক দেশে হিব ভেকচিন নিয়মীয়া টিকাকৰন কাৰ্যসূচীৰ জৰিয়তে সামৰি লৈছে।

ভাৰতৰ ৮ খন ৰাজ্যত এইবিধ ভেকচিন নিয়মীয়া ৰাষ্ট্ৰীয় টিকাকৰন কাৰ্যসূচীৰ অন্তৰ্ভুক্ত কৰা হৈছে।আন ১১ খন ৰাজ্যত এই বছৰৰ আৰম্ভনিতেই সামৰি লবৰ বাবে ভাৰত চৰকাৰে এই বিস্তৃত কাৰ্য আঁচনি যুগুতাই উলিয়াইছে।এই ১১ খন ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্য অসমো অন্তৰ্ভুক্ত হৈছে।এইখিনিতে নতুনকৈ ৰাষ্ট্ৰীয় টিকাকৰন কাৰ্যসূচীত অন্তৰ্ভুক্ত হব লগা হিব ভেকচিন বিষয়ে দুটামান কথা উনুকিয়াব খুজিছো।হিব ভেকচিনে হিমফাইলাছ টাইপ বি ইনফ্লুৱেঞ্জা নামৰ বেক্টেৰিয়াবিধে সৃষ্টি কৰিব পৰা নিউনিয়া আৰু মেনেনজাইটিছ ৰোগৰ বিৰুদ্ধে কাম কৰি শিশুটিক এই ৰোগত আক্ৰান্ত হোৱাৰ পৰা  ৰক্ষা কৰিব পাৰে।হিব ভেকচিন পোবা মানেই এটি শিশু কেতিয়াও নিউমনিয়া অথবা মেনেনজাইটিছ ৰোগত আক্ৰান্ত হব পাৰে।হিব ভেকচিন পেন্টাভেলেন্ট ভেকচিন হিচাপে ৰাষ্ট্ৰীয় কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে।অৰ্থাৎ এইবিধ ভেকচিনে পাচঁবিধ ৰোগৰ বিপৰীতে এটি শিশুক সুৰক্ষা প্ৰ্দান কৰিব।সেই পাঁচবিধ ৰোগ হৈছে—ডিপথেৰিয়া,হুপিং কাহ,টিটেনাছ,হেপাটাইটিছ বি ভেকচিন দুটা লগ কৰি তাৰ লগত হিমফাইলাছ ইনফ্লুৱেঞ্জা বি।পুৰনি ৰাষ্ট্ৰীয় টিকাকৰন কাৰ্যসূচী অনুসৰি বৰ্তমানো ব্যৱহৃত হৈ থকা ডি পি টি আৰু হেপাটাইটিছ বি ভেকচিন দুটা লগ কৰি তাৰ লগত হিমফাইলাছ ইনফ্লুবেঞ্জা বি যোগ কৰি এই নতুন পেণ্টাভেলেণ্ট ভেকচিন তৈয়াৰ কৰা হৈছে।নতুনকৈ প্ৰৱৰ্তন হব লগা ৰাষ্ট্ৰীয় কাৰ্যসুচী অনুসৰি আগৰ তিনিটা বেজীৰ ঠাইত এটি মাত্ৰ বেজীৰ জৰিয়তে এটি শিশৰ্ৱে পাচঁবিধ মাৰাত্মক ৰোগৰ বিৰুদ্ধে প্ৰ্তিৰোধ ক্ষমতা লাভ কৰিব।এই নতুন ভেকচিনবিধ ১/১ মাহ ২,১/১ মাহ আৰু ৩,১/ মাহত এটি শিশুক প্ৰদান কৰা হব।পৃথিৱীৰ বিভিন্ন দেশৰ পৰা লগতে আমাৰ দেশৰ ইতিমধ্যে এই ভেকচিন লাভ কৰি থকা ৮খন ৰাজ্যৰ অভিজ্ঞতাৰ পৰা এইটো নিশ্চিত হৈছে যে এইবিধ ভেকচিন শিশুৰ বাবে সম্পূৰ্নই নিৰাপদ।ওপৰৰ ইতিমধ্যে উল্লেখ কৰা তৃতীয়বিধ নতুন ভেকচিন হৈছে ৰুবেলা ভেকচিন।পৃথিৱীৰ প্ৰায় ১১১ খন দেশে নিয়মীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ জৰিয়তে এইবিধ ভেকচিন এইপৰ্যন্ত অন্তৰ্ভুক্ত হোৱা নাই।ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে এইবিধ ভেকচিনো নিয়মিত টিকাকৰন কাৰ্যসূচীত ২০১৫ বৰ্ষৰ ভিতৰতে অন্তৰ্ভুক্ত কৰাৰ কথা ইতিমধ্যে ৰাজহুৱা কৰিছে।এইবিধ ভেকচিন এম আৰ(মিজেলছ ৰুব্বেলঅ)ভেকচিন হিচাপে শিশুসকলক প্ৰদান কৰা হব।অৰ্থাৎ বৰ্তমান ব্যৱহৃত হৈ থকা মিজেলছ ভেকচিনৰ লগত এই ৰুবেলা ভেকচিনবিধ যোগ কৰা হব।

সমগ্ৰ বিশ্বতে প্ৰ্তিবছৰে কমেও ১,৯ নিযুত ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ কাৰন হৈছে ডায়েৰিয়াজনিত ৰোগ আৰু ইয়াৰে ৪ ভাগৰ ১ ভাগৰ ডায়েৰিয়াৰ কাৰন হিচাপে বিবেচিত হৈছে ৰটা ভাইৰাছ নামৰ এই ভাইৰাছবিধ।ৰটা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ বিশেষকৈ ঠাণ্ডাৰ দিনত এই গৰিষ্ঠসংখ্যক শিশুৰ মৃত্যু হোৱাটো লক্ষ্য ৰাখি অতি শেহতীয়াভাৱে বিশ্ব স্বাস্থ্য স্ংস্থাৰ ফালৰ পৰা ঘোষনা কৰা হৈছে যে ৰটা ভাইৰাছ ভেকচিন সমগ্ৰ বিশ্বৰ প্ৰ্ত্যোকখন ৰাষ্ট্ৰই নিজৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ ভিতৰত সন্নিবিষ্ট কৰা উচিত।এই ৰোগৰ ভয়াবহাতাই প্ৰ্তি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ৰটা ভাইৰাছ ভেকচিন ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰ্দান কাৰ্যসূচীৰ জৰিয়তে এই বছৰৰ পৰাই(২০১৫)দেশৰ প্ৰ্ত্যোকটো শিশুলৈ আগবঢ়োৱাৰ কথা ঘোষনা কৰিছে।

এই নতুন নতুন ভেকচিনবিলাকৰ অন্তৰ্ভুক্তিৰ দ্বাৰা আমাৰ দেশৰ গৰিষ্ঠসংখ্যক শিশু উপকৃত হব বুলি সকলোৱে দৃঢ়তাৰে মতপোষন কৰিছে।

শিশুৰ ৰোগ প্ৰ্তিৰোধ ক্ষমতা প্ৰ্দানত ভূমিকা

এটি শিশুৱে ৰোগ প্ৰ্তিৰোধ ক্ষমতা লাভ কৰিবলৈ সক্ষম হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় প্ৰ্ক্ৰিয়াটোৱে হৈছে প্ৰতিষেধক টিকা। আটাইতকৈ গুৰুত্বপূৰ্ন আৰু জনপ্ৰিয় প্ৰ্ক্ৰিয়াটোৱে হৈছে প্ৰতিষেধক টিকা।এই প্ৰ্ক্ৰিয়াত এটি শিশুৱে নিদিষ্ট এটি বেমাৰত আক্ৰান্ত হোৱাৰ পূৰ্বেই সেই নিদিষ্ট বেমাৰটো বিৰুদ্ধে প্ৰতিষেধক টিকা প্ৰ্দান কৰা হয়। এটা নিদিষ্ট সময়ৰ ভিতৰত শিশুটিয়ে শৰীৰত সেই নিদিষ্ট বেমাৰবিধৰ বিৰুদ্ধে প্ৰ্তিৰোধ ক্ষমতাই গা কৰি উঠে আৰু পৰৱৰ্তী সময়ত সেই বেমাৰৰ বীজানুৱে শিশুটিক আক্ৰান্ত কৰাৰ সম্ভাৱনা নাথাকে। জন্মসূত্ৰে এটি শিশুৱে ৬ সপ্তাহ পৰ্যন্ত মাকৰ শৰীৰৰ পৰা ৰোগ প্ৰ্তিৰোধ ক্ষমতা লাভ কৰা বুলি ধাৰনা কৰা হয়। সেয়েহে শিশুক সাধাৰনতে ৬ সপ্তাহৰ পিছত প্ৰতিষেধক টিকা লবৰ বাবে পৰামৰ্শ দিয়া হয়। কিছুমান প্ৰতিষেধকৰ ক্ষেত্ৰত এই পৰামৰ্শ প্ৰযোজ্য নহয়।বৰ্তমান আমাৰ দেশত প্ৰ্চলিত নতুন টিকাকৰন কাৰ্যসূচীমতে চিকিৎসালয়ত জন্মা এটি শিশুৱে জন্মৰ লগে লগে হেপাটাইটিছ বি পলিঅ ভেকচিন আৰু বি চি জি ভেকচিন পোৱাটো দৰকাৰী।এটি শিশুৱে ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বেই তাৰ প্ৰতিষেধক টিকা পোৱাটো অত্যন্ত জৰুৰী।আন কথাত প্ৰ্তিটো ভেকচিনৰ বাবে নিদিষ্ট কৰি ৰখা সময়সীমা ভিতৰত শিশুটিক প্ৰতিষেধক টিকা প্ৰ্দান কৰাটো দৰকাৰী।

প্ৰতিষেধক টিকাৰ দ্বাৰা হব পৰা সম্ভাৱ্য পাৰ্শ্বক্ৰিয়া

কোনোধৰনৰ প্ৰতিষেধক টিকাই এটি শিশুৰ মৃত্যুপৰ্যন্ত ঘটাব পৰা পাৰ্শ্বক্ৰিয়া সাধাৰনতে নাথাকে।এটি শিশুক প্ৰতিষেধক টিকা প্ৰ্দান কৰাৰ সময়ত লব লগা সাৱধনতাখিনি যদি সূচাৰুৰূপে পালন কৰা হয় তেনেহলে প্ৰতিষেধক টিকাৰ বাবে শিশুৰ কেতিয়াও মৃত্যু হোৱা দেখা নাযায়।সৰু-সুৰা আনুষাংগিক পাৰ্শ্বক্ৰিয়াবিলাকক ভিতৰত প্ৰতিষেধক টিকা দিয়া ঠাইডোখৰ বিষোৱা সামান্য উখহি উঠা ৰঙা পৰা অথবা খজুওৱা শিশুটিৰ জ্বৰ উঠা আদিয়েই প্ৰ্ধান।এইবিলাক লক্ষনৰ বাবে বিশেষ ধৰনৰ চিকিৎসাৰ সাধাৰনতে প্ৰয়োজন নহয়,কিন্ত প্ৰতিষেধক টিকা প্ৰ্দান কৰাৰ সময়ত এই কথাখিনি অভিভাৱকৰ ভালদৰে বুজাই দিয়াটো অত্যন্ত দৰকাৰী কথা।

প্ৰতিষেধক টিকাবিলাকনো কি?

প্ৰতিষেধক টিকা বা ভেকচিনবিলাক হৈছে প্ৰ্কৃতিগতভাৱে তৈয়াৰ কৰা কিছুমান ৰোগ প্ৰ্তিৰোধ ক্ষমতাসম্পন্ন এন্টিজেন।যিবিলাকত নিদিষ্ট একোটাহত বেমাৰৰ বিপৰীতে শিশুবিলাকক সুৰক্ষা প্ৰদান কৰিব পৰা গুন নিহিত হৈ থাকে।এই প্ৰতিষেধক টিকাবিলাকে শিশুৰ শৰীৰৰ সুৰক্ষা প্ৰ্দান ব্যৱস্থাটোক(Immune system)সক্ৰিয় কৰি তুলি নিদিষ্ট বেমাৰৰ বীজানুৰ বিপৰীতে যুজিঁৱৰ বাবে সক্ৰিয় কৰি ৰাখে।ভেকচিনবিলাকক অকৌ তিনিটা ভাগত ভাগ কৰা হয়।এবিধক কোৱা হয় লিভ ভেকচিন দ্বিতীয় বিধক কিলড বা ইনএকটিভেটেড ভেকচিন আৰু তৃতীয় বিধক কোৱা হয় টক্সইড।তুলনামূলকভাৱে লিভ ভেকচিনবিলাকে দীৰ্ঘ সময়ৰ বাবে প্ৰ্তিৰোধ ক্ষমতা প্ৰ্দান কৰিব পাৰে।বৰ্তমান টিকাকৰন কাৰ্যসূচীত ব্যৱহৃত লিভ ভেকচিনবিলাক হল পলিঅ মিজিলছ ইত্যাদি।দ্বিতীয়বিধ ভেকচিন হৈছে-ডি পি টি,হেপাটাইটিছ বি,ৰেবিচ ভেকচিন,টাইফয়েড কলেৰা ইনফ্লুৱেঞ্জা ইত্যাদি।এটি শিশুৰ শৰীৰত সম্পূৰ্ন প্ৰ্তিৰোধ ক্ষমতা গঢ়ি তুলিবৰ বাবে কিলড ভেকচিনবিলাকৰ সাধাৰনতে ২ৰ পৰা ৩টা মান খোৰাকৰ দৰকাৰ হয়।ডিপথেৰিয়া আৰু টিটেনাছ ভেকচিন উক্ত বেমাৰৰ বীজানুৰ পৰা উৎপন্ন হোৱা Exotoxin নামৰ ৰাসায়নিক পদাৰ্থবিধৰ পৰা তৈয়াৰ কৰা হয়।গতিকে এইবিলাকক টক্সইড নামেৰে জনা যায়।

ভেকচিন স্ংৰক্ষনত শীতলীকৰন প্ৰ্ক্ৰিয়াৰ গুৰুত্ব

সকলো প্ৰতিষেধক টিকাৰে উপযুক্ত গুনাগুন সম্পূৰ্নৰুপে অটুট থকাটো নিৰ্ভৰ কৰে প্ৰ্তিটো প্ৰতিষেধকৰে স্ংৰক্ষন ব্যৱস্থাৰ ওপৰত।সকলো ধৰনৰ ভেকচিন সংৰক্ষন মূল উপাদানেই হৈছে শীতলীকৰন চক্ৰ্টো সম্পূৰ্নৰুপে অব্যাহত ৰাখিব পৰাটো।এই শীতলীকৰন চক্ৰটো প্ৰতিষেধক টিকা উৎপাদনকাৰী উদ্যোগৰ পৰাই আৰম্ভ কৰি প্ৰতিষেধক টিকা প্ৰ্দান কৰা কেন্দ্ৰপৰ্যন্ত অব্যাহত ৰখাটো অত্যন্তই জৰুৰী।ইয়াৰ বাবে বিভিন্নধৰনৰ অতি ব্যয়বহুল শীতলীকৰন যন্ত্ৰৰ আৱশ্যক।চৰকাৰী খণ্ডত এই শীতলীকৰন ব্যৱস্থাটো যথেষ্ঠ সুস্ংহত আৰু ইয়াৰ ওপৰত বিভিন্ন স্তৰত পৰ্যবেক্ষনৰ ব্যৱস্থাটোকে অতিশয় সুনিদিষ্ট।বেচৰকাৰী খণ্ডৰ কোনো অনুষ্ঠান অথবা চিকিৎসকৰ ব্যক্তিগত কক্ষত আপোনাৰ শিশুটিক প্ৰতিষেধক টিকা দিব লগা হলে তেওঁলোকে ব্যৱহাৰ কৰা শীতলীকৰন প্ৰ্ক্ৰিয়াটোৰ বিষয়ে অকনমান খৰচি মাৰি জানি লোৱাটো প্ৰ্ত্যোকজন সচেতন অভিভাৱকৰ কৰ্তব্য।

হীৰেন গগৈ

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate