অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব স্তনপান সপ্তাহ আৰু জানিবলগীয়া কথা

বিশ্ব স্তনপান সপ্তাহ আৰু জানিবলগীয়া কথা

 

এটি শিশু জন্ম হোৱাৰ লগে লগে নিজকে জীয়াই ৰাখিবলৈ হ’লে সকলো শাৰীৰিক যন্ত্র সঠিকভাৱে কাম কৰিব লাগিব। তাৰ বাবে শিশুটিৰ শৰীৰ তাপমাত্রা সঠিক অৱস্থাত থকাটো অতি দৰকাৰ। যদিহে প্ৰসৱ কোঠাটোৰ তাপমাত্ৰা ২৫ ডিগ্ৰী ছেলচিয়াছতকৈ কম হয়, তেতিয়া জন্মৰ কেই ছেকেণ্ডমানৰ পাছতে শিশুটিৰ ছালৰ তাপমাত্ৰা কমি আহে। গতিকে প্রয়োজনীয় তাপমাত্ৰা ধৰি ৰখাৰ ব্যৱস্থা নল’লে তাপমাত্ৰা কমি গৈ থাকে। তেতিয়া শিশুটি অসুখীয়া হয় আৰু মৃত্যু পর্যন্তও ঘটিব পাৰে। গতিকে জন্মৰ সময়ত আৰু তাৰ পাছত তলত উল্লেখ কৰা ব্যৱস্থাসমূহ পালন কৰি শিশুটিক দুগ্ধ পান কৰাব লাগে।

প্ৰতি বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈকে- এই সপ্তাহটোক "বিশ্ব স্তনপান সপ্তাহ" হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে স্তন্যপানৰ উপকাৰিতাৰ বিষয়ে মাতৃ গৰাকীক আৰু ঘৰখনৰ আন ব্যক্তিসকলক সজাগ কৰি শিশুটিক স্বাস্থ্যৱান কৰি গঢ়ি তোলা। বিষয়টোৰ প্রতি গুৰুত্ব ৰাখি আলোচনা কৰা হ’ল।

স্তনপান কেতিয়া আৰু কেনেকৈ কৰাব

 

জন্মৰ এঘণ্টাৰ ভিতৰতে প্ৰসৱ কক্ষতে শিশুটিক মাতৃৰ দুগ্ধপান কৰাব লাগে। এই দুগ্ধখিনি ডাঠ আৰু হালধীয়া (কলষ্ট্ৰাম)। এই দুগ্ধপান কৰোৱাৰ ফলত শিশুটিয়ে অতি ভাল পৰিপুষ্টি লাভ কৰে, ৰোগ প্রতিৰোধৰ ক্ষমতা পায় আৰু পৰৱৰ্তী কালত মাতৃগৰাকীৰ ভাল দুগ্ধ উৎপাদনত সহায়ক হয়। এটি শিশু জন্ম হোৱাৰ লগে লগে নিজকে জীয়াই ৰাখিবলৈ হ’লে সকলো শাৰীৰিক যন্ত্ৰ সঠিকভাৱে কাম কৰিব লাগিব। তাৰ বাবে শিশুটিৰ শৰীৰ তাপমাত্রা সঠিক অৱস্থাত থকাটো অতি দৰকাৰ। যদিহে প্রসৱ কোঠাটোৰ তাপমাত্রা ২৫ ডিগ্ৰী চেলচিয়াছতকৈ কম হয়, তেতিয়া জন্মৰ কেইছেকেণ্ডমানৰ পাছতে শিশুটিৰ ছালৰ তাপমাত্রা কমি আহে। গতিকে প্রয়োজনীয় তাপমাত্ৰা ধৰি ৰখাৰ ব্যৱস্থা নল'লে তাপমাত্ৰা কমি গৈ থাকে। তেতিয়া শিশুটি অসুখীয়া হয় আৰু মৃত্যু পর্যন্তও ঘটিব পাৰে। গতিকে জন্মৰ সময়ত আৰু তাৰ পাছত তলত উল্লেখ কৰা ব্যৱস্থাসমূহ পালন কৰি শিশুটিক দুগ্ধপান কৰাব লাগে।

কোনো কাৰণতে জন্মৰ পিছতে শিশুক গা ধোৱাব নালাগে। জন্মৰ ঠিক পাছতে এখন কোমল শুকান কাপোৰে শিশুটিৰ গাটো ভালকৈ মুচি শুকুৱাই ল’ব লাগে। তাপ পাছত মূৰটো আৰু গাটো একোখনকৈ পৰিষ্কাৰ শুকান কাপোৰে ঢিলাকৈ মেৰিয়াই লৈ মাকৰ গাত গা লগাই কাষতে ৰাখি এখন পৰিষ্কাৰ তপত চাদৰে মাক আৰু শিশুক ঢাকি ৰাখিব লাগে। এইদৰে মাকৰ সংস্পৰ্শত ৰাখি প্রয়োজনীয় তাপমাত্রা ধৰি ৰখা শিশু স্তনপানৰ বাবে আগতীয়াকৈ উত্তেজিত হয়।

স্তনপান কৰোৱাৰ শুদ্ধ পদ্ধতি

 

  • মাতৃগৰাকীয়ে সুবিধাজনক আৰু আৰামেৰে শুই বা বহি ল’ব লাগে আৰু শিশুটিক সুস্থিৰ আৰু জাগ্রত কৰি ল’ব লাগে। শিশুটি মূৰ আৰু সম্পূৰ্ণ শৰীৰ পোন কৰি এখন হাতেৰে পিঠিৰ ফালে ধৰি ৰাখিব লাগে, যাতে শিশুটিৰ পেটৰ অংশ মাকৰ পেটৰ অংশত স্পর্শ বা লাগি থাকে। তাৰ পাছত তৰ্জনিৰ আঙুলিৰে জ্ঞানটো দাঙি ধৰি বুঢ়া আঙুলিৰে নিপুলৰ গুৰিৰ ফালে ধৰি লৈ অলপ গাখীৰ চেপা মাৰি উলিয়াই ল’ব লাগে। তাৰ পাছত স্তনৰ মূৰটো শিশুটিৰ ওঁঠ বা নাকৰ মূৰত স্পর্শ কৰাই অলপ লিকলিকাই দি স্তন ধৰিবলৈ চেষ্টা কৰাব লাগে। এই সময়ত শিশুটিয়ে স্তন ধৰিবলৈ মুখখন বহলকৈ মেল খোৱা অৱস্থালৈ লক্ষ্য কৰক। মুখখন বহলকৈ মেলাৰ লগে লগে নিপুলৰ মূৰটো মুখৰ ভিতৰত সুমুৱাই দিব লাগে।
  • এনে কৰাৰ পাছত শিশুটিয়ে যে যে গাখীৰ খাইছে, এই কেইটা কথা পৰিলক্ষিত হ'ব।— শিশুটিৰ মুখখন বহলকৈ মেল খোৱা আৰু তলৰ ওঁঠটি বাহিৰলৈ ওলাই অহা, থুঁতুৰিটো স্তনত লাগি থকা আৰু স্তনৰ মূৰৰ চাৰিওফালৰ ক’লা অংশৰ উপৰিভাগ তলৰ ভাগতকৈ ভালকৈ দেখা পোৱা যাব। এইকেইটা অৱস্থান পালন হ’লেহে শিশুটিয়ে গভীৰভাৱে ৰৈ ৰৈ স্তন চুপিব পাৰিব, গিলা শব্দ শুনিব আৰু আনন্দিত হ’ব।
  • এটা স্তন খোৱাই শেষ হোৱাৰ পাছত ঠিক একেদৰে আনটো স্তনপান কৰাব লাগে।
  • কেঁচুৱাক মাকে গাখীৰ খোৱাই থকাৰ সময়ত নাক বন্ধ হৈ থাকিলে গাখীৰ ভালদৰে চুপিব নোৱাৰে তেনে অৱস্থা হ’লে কেঁচুৱাক গাখীৰ খুওৱাৰ আগতে এখন পৰিস্কাৰ আৰু কোমল কাপোৰে নাক চাফা কৰি ল’ব লাগে।
  • কোনো কাৰণতে কেঁচুৱাক জোৰ কৰি স্তন এৰাব নালাগে। এফালে খাই শেষ হ’লে বা গাখীৰ খাই সুখী হ’লে কেঁচুৱাই নিজে গাখীৰ এৰি দিব।
  • গাখীৰ খাই সুখী নোহোৱা শিশু অস্তিৰ হ’ব, কান্দিব আৰু আকৌ গাখীৰ খাবলৈ বিচাৰিব।
  • এটি সুস্থ নৱজাতকক দিনে ৰাতিয়ে কমেও ৮-১০ বাৰ (দুই-তিনি ঘন্টাৰ মূৰে মূৰে) বা যেতিয়াই বিচাৰে তেতিয়াই গাখীৰ খোৱাব লাগে।

বহুত মাতৃৰ প্ৰায় দু:চিন্তা হয় যে তেওঁৰ পৰ্য্যাপ্ত গাখীৰ ওলাইছে নে নাই আৰু সন্তানে পাইছেনে নাই। সঠিকভাৱে দুগ্ধপান কৰালে এনে চিন্তাৰ কোনো কাৰণ নাথাকে যদিও এইকেইটা কথা লক্ষ্য কৰা দৰকাৰ-

  • শিশুটিয়ে ২৪ ঘন্টাৰ ভিতৰত ৬-৮ বাৰ প্ৰেচাব কৰিব।
  • সঠিকভাৱে স্তনপান কৰাৰ পাছতে দুই-তিনি ঘন্টা টোপনি যাব।
  • প্ৰতিদিনে ১০-১৫ গ্ৰামকৈ ওজন বাঢ়িব।
  • দুই সপ্তাহৰ ভিতৰত জন্মতে পোৱা ওজনৰ বৃদ্ধি হ’ব।

সঠিকভাৱে স্তনপান নকৰাৰ ফলত হ’ব পৰা সমস্যাসমূহ

  • স্তনৰ মূৰত বিষ তথা ঘা লাগে।
  • স্তন ফুলি উঠে।
  • শিশুৰ যথাযথ ওজন বৃদ্ধি নহয়।
  • সহজতে শিশুৰ ৰোগ সংক্ৰমণ হয়।

স্তনপানৰ উপকাৰিতাসমূহ

  • শিশুৰ: শৰীৰে সহজতে গ্রহণ কৰি, শৰীৰ বৃদ্ধি, মস্তিষ্কৰ উত্তম বিকাশ আৰু ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অতি লাগতিয়াল সাদৃশ্য থকা এমাইন’এচিড পায় । শিশুৰ ডায়েৰিয়া, নিউম'নিয়া, কাণৰ সংক্ৰমণ ৰোগ হ্রাস পায় আৰু শিশু মৃত্যুৰ (জন্মৰ পৰা ১ বছৰ ভিতৰত) হাৰ কমে। মাতৃ সন্তানৰ আত্মীয়তা গঠন হয়। এই বাবেই মাতৃ দুগ্ধ শিশুৰ সর্বোত্তম খাদ্য।
  • মাতৃৰ: জৰায়ু সংকোচন ঘটি পুনৰ স্বাভাৱিক অৱস্থালৈ অহাত সহায়ক হয় আৰু তাৰ বাবে ৰক্তক্ষয় কমে। জৰায়ু বাহিৰলৈ ওলাই অহা বেমাৰ (ইউটেৰাইন প্রলেপস) হ্রাস হয়। পুনৰ গৰ্ভৱতী হোৱাটো পিছুৱাই দিয়ে। স্তন আৰু ডিম্বাশয়ৰ কেন্‌ছাৰ বেমাৰ হোৱাৰ শংকা হ্রাস হয়। মাকৰ কামৰ হেঁচা কমায়।
  • পৰিয়াল আৰু সমাজৰ: চিকিৎসাললৈ যোৱাৰ প্রয়োজনীয়তা আৰু খৰচ কমে। শিশুৰ মৃত্যুৰ হাৰ কমে।

কেঁচুৱাক গাখীৰ খোৱাই থকা মাতৃৰ বাবে প্রয়োজনীয় আহাৰ

ঘৰখন বা সমাজত এটা ভুল ধাৰণা প্রচলিত হৈ আহিছে যে গৰ্ভৱতী অৱস্থাত এগৰাকী মহিলাক আটাতকৈ বেছি পুষ্টিকৰ আহাৰৰ প্রয়োজন। এটি বাঢ়ি অহা শিশু বা এগৰাকী গৰ্ভৱতী থকা মাতৃক বহু বেছি পৰিমাণৰ পুষ্টিকৰ আহাৰৰ প্রয়োজন হয়। গতিকে অধিক পুষ্টিকৰ আহাৰ নাপালে মাতৃৰ স্বাস্থ্য ভাঙি যায়, ৰোগ প্রতিৰোধৰ ক্ষমতা হ্রাস হয় আৰু এনে অৱস্থাৰ বাবেই যক্ষ্মাৰ দৰে সংক্ৰামক ৰোগে মাতৃগৰাকীক সহজতে আক্রান্ত কৰে। এনে অৱস্থাৰ বাবেই মহিলা এই সময়তে যক্ষ্মাত বেছিকৈ আক্ৰান্ত হয়। অধিক পুষ্টিকৰ খোৱাই থকা মাতৃগৰাকীৰ এনে ভগ্ন স্বাস্থ্যৰ বাবে শিশুৰ প্রয়োজনীয় দুগ্ধৰ গুণ, মান আৰু পৰিমাণ হ্রাস পায়। তাৰ ফলত শিশুটি পুষ্টিহীনতাত ভোগে। প্রয়োজনীয় পুষ্টি জ্ঞান নথকা অথচ সৌন্দর্য পিপাসু মাতৃসকলে ভগ্ন স্বাস্থ্য আৰু সৌন্দর্য হানি হোৱাৰ ভয়তে সন্তানক নিজ দুগ্ধপান নকৰায়।

শিশুক এৰি কামলৈ যোৱা মাতৃৰ দুগ্ধপানৰ নিয়ম

 

কামলৈ যোৱা আগত আৰু কামৰ পৰা অহা পাছত শিশুক সঘনাই গাখীৰ খোৱাব লাগে। কামলৈ যোৱাৰ আগতে স্তনৰ গাখীৰ চেপি উলিয়াই কাপত ভালকৈ ৰাখিব লাগে আৰু ঘৰখনৰ মানুহ বা তত্ত্বাৱধায়কক চামুচেৰে শিশুক খুৱাবলৈ দিব লাগে।

শিশুৰ ছয় মাহৰ পাছত স্তনপান আৰু যতন

 

শিশুৰ ছমাহ বয়সলৈকে কেৱল মাকৰ গাখীৰেই যথেষ্ট। বয়স ছমাহ অতিক্রম কৰাৰ পাছত যথাযথ বৃদ্ধিৰ বাবে কেৱল মাকৰ গাখীৰেই কিন্তু যথেষ্ট নহয়। তথাপি শিশুৱে যিমান বাৰ বিচাৰে মাকৰ গাখীৰ খোৱাই থাকিব লাগে। ছমাহৰ পাছত গুণগত পৰিপূৰক আহাৰ দিব লাগে। এনে আহাৰৰ ভিতৰত আমাৰ সহজতে পোৱা আহাৰ, যেনে— ভাত, ৰুটি, বিস্কুট, দাইল, মিহিকৈ সিজোৱা শাক-পাচলি, পকা কল আদিয়েই যথেষ্ট। লগতে অলপ ঘি মিহলাই দিয়া ভাল। শিশুৰ বয়স বাঢ়ি অহাৰ লগে লগে গুণগত পৰিপূৰক আহাৰৰ পৰিমাণো বৃদ্ধি কৰি অধিকবাৰ খোৱাব লাগে। এনে আহাৰৰ ভিতৰত মাছ, মাংস, দাইল বা মাহজাতীয় খাদ্য, চয়াবিন, শাক-পাচলি, ফলমূল আদিয়েই পুষ্টিকাৰকে ভৰপূৰ আহাৰ। এনে পৰিপুষ্টি জ্ঞান নথকা মাতৃ আৰু কেৱল মাকৰ গাখীৰ খোৱাই থাকে। শিশু পুষ্টিহীনতা বেমাৰত ভোগা ইও এটা ডাঙৰ কাৰণ। পৰিপূৰক আহাৰ দিওঁতে শিশুটিক কোলাত লৈ মাতৃয়ে নিজেই চামুচেৰে আহাৰ খোৱাব লাগে। পৰা হ'লে শিশুক নিজে আহাৰ খাবলৈ দিয়া ভাল আৰু তেনে সময়ত মাক লগত থকা আৱশ্যক। খুওৱা বা খোৱাৰ আগতে মাক আৰু শিশুৰ দুই হাত ভালকৈ বিশুদ্ধ পানীত ধুই ল’ব লাগে।

মাতৃ দুগ্ধ নোপোৱা শিশুৰ বাবে গৰু গাখীৰ বা আন গাখীৰ দিয়া নিয়ম

 

আমাৰ সমাজত এটা ভুল ধাৰণা আছে যে মাতৃ দুগ্ধ নোপোৱা শিশুক গৰু গাখীৰ বা আন গাখীৰ বা আন গাখীৰ পনীয়াকৈ নোখোৱালে শিশুটিৰ পেটত ধৰিব আৰু হজম নহ’ব। এই ক্ষেত্ৰত ঘৰখনৰ আন ব্যক্তি, বিশেষকৈ আইতাকসকলৰ প্ৰভাৱ অতি বেছি৷ ই এটা অতি ভুল ধাৰণা। এনে অৱস্থা আহিলে সেইসকলক এই যুক্তিৰে বুজাব লাগে যে, যিহেতু কেঁচুৱাই জন্মৰ ঠিক পাছতে অতি ডাঠ গাখীৰ (কলস্ট্রাম বা ফেঁহু) হজম কৰিব পাৰে, তেনেস্থলত তাতোকৈ বহুত পনীয়া গৰু বা আন গাখীৰ কিয় হজম কৰিব নোৱাৰিব। পনীয়াকৈ গৰুৰ গাখীৰ বা আন গাখীৰ দিলে শিশুটিৰ পেটহে ভৰিব, কিন্তু অধিক লাগতিয়াল পুষ্টিকাৰক কমিব। শিশু পুষ্টিহীনতা বেমাৰত ভোগা ইও এটা কাৰণ। গতিকে কোনো কাৰণতে শিশুক গৰুৰ গাখীৰ বা আন গাখীৰ পনীয়াকৈ খোৱাব নালাগে।

চৰকাৰী আঁচনি আৰু দুগ্ধপান শিক্ষা

 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ‘নৱজাতক আৰু শিশু ৰোগৰ সংহত ব্যৱস্থাপনা’- এই আঁচনিখন ৰূপায়ণৰ বাবে সকলো স্বাস্থ্যকৰ্মীক (এ এন এম) জিলা পর্যায়ত প্রশিক্ষণ দিয়াৰ ব্যৱস্থা আছে তাৰে এটি অংশ হিচাপে মাতৃ দুগ্ধ খুওৱা সঠিক নিয়মৰ বিষয়ে ঘৰে ঘৰে গৈ এ এন এম সকলে মাতৃগৰাকী আৰু ঘৰখনৰ আন মানুহক বুজাব লাগে। তেওঁলোকে ঘৰলৈ যোৱা নিয়ম এনেধৰণৰ— সঠিক ওজনৰ শিশুৰ ক্ষেত্ৰত প্ৰসৱৰ প্রথম তৃতীয় আৰু সপ্তম দিনত এবাৰকৈ যাব লাগে। কম ওজনৰ সন্তানৰ ক্ষেত্ৰত প্ৰসৱৰ প্ৰথম, তৃতীয়, সপ্তম, চৈধ্য, একৈছ আৰু আঠাইছ দিনত এবাৰ যাব লাগে। এইটো জনাৰ পাছত ৰাইজৰ বোধগম্য হৈছে যে চৰকাৰে গ্ৰহণ কৰা এই আঁচনিবোৰ গাঁও অঞ্চলত কেনেদৰে ৰূপায়ণ হৈছে।

বজাৰত পোৱা গাখীৰ আৰু ব্যাৱসায়িক প্ৰচাৰ

 

ব্যাৱসায়িক প্ৰচাৰ কাৰ্যই বহুত পিতৃ-মাতৃৰ মনত এনে ধাৰণা দি আহিছে যে মাতু দুগ্ধতকৈ বজাৰত পোৱা গাখীৰ অধিক পুষ্টিকাৰক আৰু বেচি উপকাৰী। এনে প্রচাৰ বন্ধ কৰিব লাগে নতুবা চিগাৰেট বা ধঁপাতত লিখাৰ দৰে বিধিসন্মত সকীয়নি (বাধ্যতামূলকভাবে) লিখিব লাগে যে মাতৃ দুগ্ধ বজাৰত প্রস্তুত কৰা গাখীৰতকৈ অধিক উপকাৰী আৰু অতি লাগতিয়াল। অন্যথা চৰকাৰসমূহে ব্যৱসায়ীসকলৰ দ্বাৰা এনে প্ৰচাৰ কার্য চলাই যাবলৈ দিয়াটো আৰু লগতে স্তনপান সপ্তাহ পালন কৰাটো সাপ হৈ খোঁটা আৰু বেজ হৈ জৰাৰ দৰে হৈছে।

লিখক: ডাঃ উপেন্দ্ৰ নাথ গগৈ, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate