অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ল’ৰা ছোৱালীৰ শৰীৰত এৰ’বিকছৰ প্ৰভাৱ :

ল’ৰা ছোৱালীৰ শৰীৰত এৰ’বিকছৰ প্ৰভাৱ :

 

যিকোনো শাৰীৰিক সক্ৰিয়তাই আমাৰ উশাহ-নিশাহ ঘন কৰাৰ লগতে শৰীৰৰ হৃৎপিণ্ডৰ মানো বঢ়াই দিয়ে,এইক্ষেত্ৰত এৰ’বিকছৰ প্ৰভাৱ আৰু বেছি।চিকিৎসা বিজ্ঞানত শেহতীয়াকৈ এই কথা প্ৰমাণ হৈছে যে দৈনিক দহ মিনিটকৈ হ’লেও এৰ’বিকছ প্ৰতিজন মানুহে কৰা অতি প্ৰয়োজন।এৰ’বিকছে শৰীৰ সুস্থ কৰি ৰখাত বহু সহায় কৰে।যোৱা সংখ্যাত এৰ’বিকছৰ শিশুৰ শৰীৰত পৰা প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হৈছিল।আজিৰ এই আলোচনাত শিশুৱে কৰিব পৰা এৰ’বিকছৰ কেইটামান ব্যায়ামৰ বিষয়ে ব্যাখ্যা কৰা হৈছে।

শিশুৱে প্ৰথমে থিয় হ’বলৈ শিকে।ইয়াৰ পাছত এখোজ-দুখোজকৈ খোজ দিবলৈ শিকাৰ পিছতে দৌৰিবলৈ শিকে।শিশুৱে দৌৰি বৰ আনন্দ লাভ কৰে।সেয়ে এৰ’বিকছৰ ব্যায়াম কৰোতে শিশুক মুক্ত মনে দৌৰিবলৈ দিব লাগে।অৱশ্যে এটা নিৰ্দিষ্ট পথত আৰু সময়ৰ সীমা বান্ধি প্ৰতিদিনে দৌৰিবলৈ দিব লাগে।এই কাম কৰোতে পাৰ্ক বা আপোনাৰ ঘৰৰ চোতালখনো ব্যৱহাৰ কৰিব পাৰে।মাত্ৰ মন কৰিব যাতে সিহঁতে দৌৰি থাকোঁতে আঘাত পোৱাৰ ভয় নাথাকে।সিহঁতে দৌৰা কামটোত আনন্দ লাভ কৰিবলৈ কিছুমান সৰু সৰু লক্ষ্য দিব পাৰে।যেনে-কিছু দুৰত এখন পতাকা আঁৰি থোৱা আৰু সেইখন সংগ্ৰহ কৰা,এঠাইৰ বস্তু আন এঠাইলৈ নিয়া ইত্যাদি।

জঁপিওৱা -

এৰ’বিকছ ব্যায়াম কৰোতে জঁপিয়াবলৈ শিশুক শিকাব লাগে।এনে কৰিলে সিহঁতৰ উচ্চতা বৃদ্ধিত সহায়ক হয়।এডাল ৰছী বান্ধি তাৰ ওপৰেদি জঁপিওৱাৰ লগতে স্কিপিঙো কৰিব পাৰে।স্কিপিং কৰাৰ বিভিন্ন নিয়ম আছে।দুয়োখন ভৰি একেলগ কৰি জঁপিওৱা,এখন এখন ভৰি দাঙি জঁপিওৱা অথবা ৰছীডাল পিঠিৰ ফালেৰে সৰকাইও জঁপিয়াব পাৰে।

স্কেইটব ৰ্ডিং -

এই ব্যায়ামটো জটিল যেন লাগিলেও শিশুক ভালদৰে শিকালে সিহঁতে ঘুৰা-পকা কৰোতে সমতা ৰাখিবলৈ শিকে।অৱশ্যে নিজে নিজে অভ্যাস নকৰি এজন প্ৰশিক্ষকৰ ওচৰতহে এই অভ্যাস কৰোৱা উচিত।এই অব্যাস সপ্তাহত কমেও ১৫০ মিনিট কৰা উচিত।

চাইকেল চলোৱা -

প্ৰায় সকলো ল’ৰা-ছোৱালীয়ে চাইকেল চলাই ভাল পায়।সেয়ে অভিভাৱকসকলে তিনি বছৰ পাৰ হ’লেই শিশুৰ হাতত সিহঁতে চলাব পৰা চাইকেল তুলি দিয়ে।এই চাইকেল চলোৱা অভ্যাসে সিহঁতৰ ভৰিৰ পেশী সবল কৰে।যিসকল লোকে নিয়মীয়াকৈ চাইকেল চলায় তেওঁলোকৰ কঁকালৰ তলছোৱাৰ পেশী সবল।এইসকল লোকে সহজতে পাহাৰো বগাব পাৰে।সম্প্ৰতি বজাৰত বিভিন্ন ধৰণৰ চাই কেল উপলব্ধ হৈছে যদিও সহজতে পোৱা ঘৰত থকা চাইকেলখন শিশুক নিয়মীয়াকৈ  আধা ঘণ্টা হ’লেও প্ৰতিদিনে চলাবলৈ দিয়ক।

এৰ’বিক ডেন্সিং -

এই ব্যায়াম শিশুৰ বাবে অতি আকৰ্ষণীয়।শিশুৱে সাধাৰণতে নাচি ভাল পায়।সেয়ে সিহঁতে নাচিব পৰা আৰু শুনি ভাল লগা যিকোনো গান বজাই তাৰ তালে তালে শিশুক নাচিবলৈ দিয়ক।এই নচাৰ ব্যায়ামটো সম্পুৰ্ণ শৰীৰৰ বাবে কৰা ব্যায়াম বাবে শিশুৱে যেতিয়ালোকে নাঘামে তেতিয়ালৈকে নাচি থাকিবলৈ দিয়ক।নচাৰ কোনো নিৰ্দিষ্ট মুদ্ৰা নাই।যাৰ যেনেকৈ মন যায় তেনেকৈয়ে নাচিব পাৰে।

খেলা -

সম্প্ৰতি বেছিসংখ্যক শিশুৱে পঢ়া-শুনাৰ বাদে আজৰি সময়খিনি ইলেকট্ৰনিক সামগ্ৰীৰ লগতে ব্যস্ত থাকে।সেইবাবে শিশুৰ শৰীৰতো মেদবহুলতাৰ সমস্যাই দেখা দিছে।এই সমস্যাবোৰৰ পৰা এৰাই চলিবলৈ যিকোনো এটা খেল খেলা প্ৰয়োজন।সেইটো জিমানাষ্টিক,হকী,ফুটবল,টেনিছ,বক্সিং,ক্ৰিকেট,সাঁতোৰা ইত্যাদি যিকোনো খেল হ’ব পাৰে।কেৱল শিশুক খেলিবলৈ উৎসাহ যোগাওক।খেলিলে সিহঁতে আনন্দ অনুভৱ কৰে আৰু আন বিষয়ত মনোযোগ দিব পাৰে।

খৰকৈ খোজ কঢ়া -

খোজ কঢ়াটো এটা সাধাৰণ ব্যায়াম।কিন্তু এই খোজ কঢ়াৰ অভ্যাস যেতিয়া আপুনি শৰীৰৰ ভালৰ বাবে অনুশীলন কৰিব,তেতিয়া প্ৰয়োজনতকৈ খৰকৈ খোজ কঢ়াৰ অভ্যাস কৰক।হাত দুখন মাৰি শিশুক এনেদৰে খোজ কাঢ়িবলৈ শিকাওক,যাতে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি হোৱাৰ লগতে হৃদস্পদনো বাঢ়ি যায়।

বগাবলৈ চেষ্টা কৰা -

শিশুক পাহাৰ বগাবলৈ শিকাওক।সপ্তাহত এটা দিন হ’লেও তেনেকুৱা ঠাইলৈ লৈ গৈ এই অভ্যাস কৰাওক।এনে কৰোতে সিহঁতে খোজ কাঢ়িবলৈ আৰাম পোৱা জোতা আৰু হাতত লাঠি দি দিব।এটা নিৰ্দিষ্ট লক্ষ্য ৰাখি এই অভ্যাস কৰাওক।

কিছুদিনৰ আগলৈকে শিশুৱে গছত উঠাৰ অনুশীলন নিজে নিজে কৰিছিল।কিন্তু সম্প্ৰতি জীৱনশৈলী বহু সলনি হোৱাৰ কাৰণে এই অভ্যাসবোৰ আপোনা-আপুনি নোহোৱা হৈছে।গছ উঠাৰ অভ্যাসে শিশুৰ হাতৰ পেশীবোৰ কঠিন কৰি তোলে আৰু শৰীৰত ৰক্ত সঞ্চালনো বৃদ্ধি কৰে।যদিহে সম্ভৱ হয় অভিভাৱকসকলে নিজে লগত থাকি শিশুৰ এই অভ্যাসৰ অনুশীলন কৰোৱা উচিত।

ঘৰুৱা কাম-কাজ কৰা -

শিশুক ঘৰুৱা কাম-কাজ কৰিবলৈ উৎসাহিত কৰক।সিহঁতক বাগানত কাম কৰোতে লগত লৈ লওক।গছ কাটিবলৈ,গাঁত খান্দিবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰৰ ব্যৱহাৰ সিহঁতক শিকাওক।শিশুক এটা নিৰ্দিষ্ট সময়ৰ কাৰণে পানীৰ ব্যৱহাৰ,চাফ-চিকুণতাৰ কাম,বস্তু কঢ়িওৱা কাম কৰিবলৈ শিকাওক।এনে কৰোতে কেতিয়াবা সৰু-সুৰা আঘাত লাগিব পাৰে।ইয়াৰ চিকিৎসাও শিশুক নিজে কৰিবলৈ শিকাওক।

লেখিকা: অনিতা ভৰালী (জি এন আৰচি স্বাস্থ্য)

 

 

 

 

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate