অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশু – মাতৃৰ সুস্বাস্থ্যৰ মহৌষধ

শিশু – মাতৃৰ সুস্বাস্থ্যৰ মহৌষধ

 

মাতৃদুগ্ধ

একমাত্ৰ স্তনপান বুলিলে কি বুজায়:

ইয়াৰ অৰ্থ হ’ল যে শিশুৰ প্ৰথম ছমাহ বয়সলৈকে একমাত্ৰ স্তনপান কৰোৱা, আন কোনো ধৰণৰ পানীয়, যেনে- মৌজোল, আন গাখীৰ, চেনিপানী বা খোৱাপানী ইত্যাদি তথা আন কোনো বস্তু খাবলৈ নিদিয়া। প্ৰথম ছমাহ বয়সলৈ আৱশ্যকীয় পানী মাতৃদুগ্ধৰ পৰাই পায়। গৰম দিনতো পিয়াহ লাগিলে অন্য পানীয় দিব নালাগে। কিন্তু কিছুমান বিশেষ অৱস্থাত চিকিৎসকৰ পৰামৰ্শমতে দৰব, অ’ আৰ এছ বা ভিটামিনৰ ছিৰাপ খুৱাব পাৰি।

পৰ্যাপ্ত পৰিমাণে শিশুক খুওৱাৰ অৰ্থ হ’ল:

১) শিশুৰ ছমাহ সম্পুৰ্ণ হোৱালৈকে একমাত্ৰ স্তনপান কৰোৱা।

২) দুই বা ততোধিক বছৰ বয়সলৈ স্তনপান কৰাই থকা আৰু ছমাহৰ পিচত নিৰাপদ আৰু উপযুক্ত অৰ্ধগোটা পৰিপুৰক আহাৰ খুৱাবলৈ আৰম্ভ কৰা।

কেঁচুৱাৰ বাবে উপকাৰিতা -

১) কৃত্ৰিমভাৱে গাখীৰ খোৱা কেঁচুৱাতকৈ স্তনপান কৰা কেঁচুৱা অধিক বুধিয়ক হয় তথা অধিক পটুতাৰে লিখা-পঢ়া কৰিব পাৰে। এনে শিশুৰ বুদ্ধাংক (ইণ্টেলিজিন্স কোশ্বেণ্ট)কৃত্ৰিম গাখীৰ খোৱা শিশুৰ তুলনাত তিনি গুণ বেছি হয়।

২) কেঁচুৱাৰ বাবে আৱশ্যকীয় সকলো পুষ্টি মাতৃদুগ্ধত থাকে। শিশুৰ মগজুৰ বিকাশৰ বাবে প্ৰয়োজনীয় ডি এইচ এ মাতৃদুগ্ধত পৰ্যাপ্ত পৰিমাণে থাকে।

৩) মাতৃদুগ্ধ সহজতে হজম হয় আৰু জীন যায়।

৪) মাতৃদুগ্ধ নিকা, আন মানুহৰ হাতৰ স্পৰ্শবিহীন আৰু ইয়াত কোনো ৰোগৰ বীজাণু নথকাৰ বাবে ই শিশুক ডায়েৰিয়া, নিউমোনিয়া আদি সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

৪) শিশু এটিয়ে মাতৃদুগ্ধ দেহৰ সঠিক তাপত পায়।

৫) ই শিশুৰ শ্বাস-প্ৰশ্বাসৰ ৰোগ নিউমোনিয়া, ডায়েৰিয়া, হাপানী, এলাৰ্জি আৰু বহু চৰ্মৰোগৰ পৰা ৰক্ষা কৰে। ই ডায়েৰিয়া ৰোগ ৫০% আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগ ৩০% প্ৰতিৰোধ কৰিব পাৰে।

কলষ্ট্ৰাম কি, কিয় উপকাৰী -

ক) ইয়াত যথেষ্ট পৰিমাণে ৰোগ প্ৰতিৰোধ কৰিব পৰা ইমিউনোগ্লবুলিন থাকে। ই হৈছে শিশুৰ প্ৰথম ৰোগ প্ৰতিষেধক ছিটা।

খ) কেঁচুৱাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ পুষ্টিকৰ উপাদান সঠিক মাত্ৰাত থাকে।

গ) ইয়াত অধিক ভিটামিন ‘এ’ আৰু ‘কে’ থাকে।

ঘ) নৱজাতকৰ শৌচ খোলোচা কৰি পেটত নাড়ী চাফা কৰাত সহায় কৰে। ই নৱজাতকৰ ‘জণ্ডিচ’ ৰোগ প্ৰতিৰোধত সহায় কৰে।

ছমাহৰ আগেয়ে আন আহাৰ খুওৱাৰ বিপদ -

১) ছমাহ বয়সৰ আগেয়ে আন আহাৰ, যেনে-পানীয়, গাখীৰৰ খাদ্য শিশুৰ বাবে বিপদজ্জন হ’ব পাৰে। কাৰণ-

২) ছমাহৰ আগতে অন্য আহাৰ আৰম্ভ কৰিলে, ই মাতৃদুগ্ধৰ ঠাই অধিকাৰ কৰে আৰু শিশুটি মাতৃদুগ্ধৰ উপকাৰিতাৰ পৰা বঞ্চিত হয়। কম পৰিমাণৰ মাকৰ গাখীৰ খোৱাৰ বাবে শৰীৰৰ বিকাশত প্ৰভাৱান্বিত হয়।

৩) কৃত্ৰিম আহাৰ খোৱা শিশু ডায়েৰিয়া, নিউমোনিয়া, কাণৰ ৰোগ অথবা অন্যান্য বহু সংক্ৰামক ৰোগত ভোগাৰ সম্ভাৱনা বেছি হয়।

৪) প্ৰথম ছমাহ বয়সত শিশুৰ পাচন ক্ৰিয়া আৰু বৃক্কৰ ক্ৰিয়া পৰিপক্ক নহয় আৰু ই কেৱল মাতৃদুগ্ধহে হজম কৰিব পৰাতে সীমিত হয়।

৫) বহুমুত্ৰ, উচ্চ ৰক্তচাপ, মেদবহুলতা আদি ৰোগ অন্য আহাৰ খোৱা শিশুৰ বেছি হোৱা দেখা যায়।

৬) প্ৰথম ছমাহ শিশুৱে ভালদৰে গোটা আহাৰ গিলিবলৈ অক্ষম। গতিকে গাখীৰতকৈ গোটা আহাৰ খুৱালে মুখৰ পৰা উলিয়াই দিয়ে।

সফল স্তনপানৰ বাবে কৰণীয় -

১) সফল স্তনপানৰ বাবে প্ৰয়োজন স্তনপান কৰাব বিচৰা আত্মবিশ্বাসী মাতৃ এক সক্ৰিয় বেমাৰ-আজাৰ নথকা নৱজাতক তথা এক সংযোগকাৰী যি মাকক আত্মবিশ্বাস বঢ়ায়, যি স্বাস্থ্যকৰ্মী হ’ব পাৰে বা ঘৰৰ অন্য সদস্যও হ’ব পাৰে।

২) প্ৰথম স্তনপান জন্মৰ এঘণ্টাৰ ভিতৰতে কৰিব লাগে আৰু শিশুৱে যেতিয়াই বিচাৰে তেতিয়াই দিব লাগে। কিমান সময় খাব, কেইবাৰ খাব সেইটো শিশুটিয়েহে নিৰ্ধাৰণ কৰিব।

৩) প্ৰথম স্তনপান আৰম্ভ কৰাৰ আগেয়ে কোনোধৰণৰ প্ৰাকস্তনপান আহাৰ খুবাব নালাগে। এনে আহাৰ মৌজোল, চেনি পানী, আন গাখীৰ, পানী বা আন পানীয়ও হ’ব পাৰে। এনে আহৰে শিশুৰ শৰীৰত ৰোগৰ বীজাণু বিয়পায়, শিশুৰ স্তনপানৰ আগ্ৰহ কমায়, যাৰ ফলত মাতৃদুগ্ধ তৈয়াৰ প্ৰক্ৰিয়াত বাধা জন্মায় তথা শিশুৱে কলষ্ট্ৰাম খোৱাৰ সুবিধাৰ পৰা বঞ্চিত হয়।

৪) মাতৃদুগ্ধ তৈয়াৰী প্ৰক্ৰিয়া নিৰ্ভৰ কৰে কিমান ঘনাই শিশুৱে স্তনপান কৰিছে তাৰ ওপৰত।

৫) নিশা স্তনপান কৰাটো অতি জৰুৰী। কাৰণ শিশুৱে স্তনপান কৰাৰ লগে লগে মাতৃগৰাকীৰ শৰীৰত ‘প্ৰোলেক্টিন’ নামৰ এবিধ হৰম’ন নি:সৰণ হয়। এই হৰম’নে তেজৰ লগত মিহলি হৈ স্তনৰ গাখীৰ তৈয়াৰ কৰিব পৰা কোষবোৰক সক্ৰিয় কৰে। প্ৰোলেক্টিন নিশা বেছি নিৰ্গত হয়। সেয়ে গাখীৰ তৈয়াৰ প্ৰক্ৰিয়া ভালদৰে চলাই যাবলৈ কেঁচুৱাক নিশাও স্তনপান কৰাই থাকিব লাগে।

৬) মাতৃগৰাকীৰ আত্মবিশ্বাস অতি প্ৰয়োজন। মাতৃগৰাকী আনন্দত থাকিলে, স্তনপান কৰাবলৈ আত্মবিশ্বাস থাকিলে, শিশুৰ ক্ৰন্দন বা শব্দ শুনিলে বা শিশুৰ কথা চিন্তা কৰিলে গাখীৰ উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। যদি মাতৃগৰাকী মানসিক চাপত থাকে তেন্তে এই প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়।

৭) গৰ্ভাৱস্থাতে মাতৃসকলক স্তনপানৰ বিষয়ে সঠিক জ্ঞান দিব লাগে। এই জ্ঞানে সঠিক সিদ্ধান্ত লৈ কৃতকাৰ্যতাৰে স্তনপান কৰোৱাত আগ্ৰহান্বিত কৰে।

৮) মাতৃগৰাকীক সোনকালে স্তনপান আৰম্ভ কৰোৱাত সহায় কৰিব লাগে। কিছুমান ঠাইত কেঁচুৱাক জন্মৰ তিনিদিনমান পিচতহে স্তনপান আৰম্ভ কৰে, যিটো অনুচিত। শিশুক খুওৱাৰ বিষয়ে আনকি পিতৃগৰাকীকো বুজাই আগ্ৰহান্বিত কৰিব লাগে।

৯) সমাজৰ বহু মহিলাই কলষ্ট্ৰাম পেলাই দিয়ে। শিশুক খাবলৈ নিদিয়ে। কলষ্ট্ৰামৰ উপকাৰিতাৰ বিষয়ে সকলোৱে অৱগত হোৱা উচিত।

১০) গাখীৰ সঠিক পৰিমাণে উৎপাদন হ’বলৈ মাতৃগৰাকীয়ে সঠিক পুষ্টিকৰ খাদ্য খাব লাগে। প্ৰ’টিনজাতীয় আৰু সেউজীয়া শাক-পাচলি খোৱাত গুৰুত্ব দিব লাগে।

১১) কিছুমান মাতৃয়ে ভাবে যে স্তনপান কৰালে তেওঁলোকৰ দৈহিক সৌন্দৰ্য আৰু অৱয়বৰ হানি হ’ব। এনে ধাৰণাৰ পৰিবৰ্তনৰ প্ৰয়োজন। স্তনপানে মাতৃগৰাকীৰ শাৰীৰিক গঠন অতি উত্তম কৰিহে ৰাখে। গৰ্ভাৱস্থাত লাভ কৰা অতিৰিক্ত ওজন স্তনপান কৰালে কমি যায়।

১২) বহু ঠাইত মাতৃগৰাকীৰ বা শিশুটিৰ বেমাৰ হ’লে স্তনপান কৰিবলৈ নিদিয়ে। ই এক ভ্ৰান্ত ধাৰণা। ৰুগীয়া মাতৃগৰাকী যদি স্তনপান কৰাব পৰা অৱস্থাত আছে, স্তনপান কৰাই থাকিব লাগে। ই শিশুক ৰুগীয়া নকৰে, বৰং শিশুক ৰোগৰ পৰা ৰক্ষাহে কৰে। শিশুৰ ৰোগ হ’লে স্তনপাই থাকিব লাগে, স্তনপানে শিশুটিক আৱশ্যকীয় পুষ্টি আৰু শক্তিৰ যোগান ধৰি ৰোগ উপশমত সহায় কৰে।

১৩) কিছুমান ভুল ধাৰণা, যেনে- মাতৃদুগ্ধ বঢ়াবলৈ মাতৃগৰাকীক কিছুমান বিশেষ আহাৰ খুৱাব লাগে, মাকে বেছি গাখীৰ খালে মাতৃদুগ্ধ বেছি হয় ইত্যাদি আঁতৰাব লাগে। বিশেষ আহাৰ তথা গাখীৰে মাতৃদুগ্ধ নবঢ়ায়।

সঠিক দৈহিক স্থিতি -

মাক আৰু শিশুৰ বাবে আৰামদায়ক হ’লে বহি, শুই বা থিয় হৈও স্তনপান কৰিব পাৰে। গাখীৰ খোৱাৰ সময়ত যাতে কেঁচুৱাই মাকৰ ফালে ঘুৰি থাকে, কাণ, কান্ধ আৰু তপিনা একেডাল সৰলৰেখাত থাকে।মাকে কেঁচুৱাটিক গাত গা লগাই থাকিব লাগে।

প্ৰথম ছমাহত মাতৃদগ্ধই শিশুৰ কাৰণে উপযুক্ত খাদ্য আৰু ই শিশুটিক সম্পুৰ্ণ পুষ্টি যোগান ধৰে। কিন্তু ছমাহৰ পিচত অকল মাতৃদুগ্ধই শিশুৰ আৱশ্যকীয় পুষ্টি যোগান ধৰিব নোৱাৰে। গতিকে বয়সোপযোগী পুষ্টিকৰ পৰিপুৰক আহাৰ আৰম্ভ কৰিব লাগে। কিন্তু কমেও দুবছৰ বয়সলৈকে পৰিপুৰক আহাৰৰ লগত স্তনপান কৰাই ৰাখিব লাগে। কাৰণ মাতৃদুগ্ধত উপলব্ধ পুষ্টি ঘৰুৱা আহাৰত পোৱা নাযায়। যিদৰে প্ৰথম ছমাহত কেৱল মাতৃদুগ্ধ দিয়াটো প্ৰয়োজন, সেইদৰে ছমাহ সম্পুৰ্ণ হ’লে সঠিক পৰিপুৰক আহাৰ আৰম্ভ কৰাটোও জৰুৰী অন্যথা পুষ্টিহীনতাত ভোগাৰ আশংকা বাঢ়ি যায়।

লেখক: ডা: দীপাংকৰ হাজৰিকা (দেওবৰীয়া সম্ভাৰ)

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate