অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুক কেতিয়া কি খুৱাব?

শিশুক কেতিয়া কি খুৱাব?

 

নিজৰ সন্তানটিক কি খাদ্য খুৱাব, সেই সন্দৰ্ভত বহু পিতৃ-মাতৃৰ চিন্তাৰ অন্ত নাই। নিজৰ সন্তানক পুষ্টিকৰ খাদ্য খুৱাই সুস্থ সবল কৰি ৰাখিবলৈ প্রত্যেক পিতৃ-মাতৃয়ে বিচাৰে। সেয়েহে সকলোৱে এই কথা জনা উচিত যে, জন্মৰ পিচতেই শিশুৰ প্ৰথম তথা আদর্শ খাদ্য হ’ল মাতৃদুগ্ধ। পিচে ছমাহ বয়স সম্পূৰ্ণ হোৱাৰ পিচৰে পৰা শিশুৰ বাঢ়ি অহা শৰীৰৰ পুষ্টিৰ চাহিদা অনুসৰি মাতৃ দুগ্ধৰ সমান্তৰালভাবে অন্য কিছু খাদ্য খাবলৈ দিয়াটোও অতি জৰুৰী। জন্মৰ পিচৰ প্ৰথম ছমাহৰ বাবে মাতৃদুগ্ধই শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে যথেষ্ট। ছমাহৰ পিচৰে পৰা মাতৃদুগ্ধৰ লগতে শিশুৰ দাইল-চাউল আৰু বিভিন্ন শাক-পাচলিৰে ৰন্ধা খিচিৰী খুৱাব লাগে। পিচে মুখৰোচকস্বৰূপে কোনো ধৰণৰ মা-মছলা এনে খাদ্যত দিব নালাগে। কিয়নো জ্বলা-মছলাই শিশুৰ খাদ্য হজমৰ ক্ষেত্ৰত বিভিন্ন জটিলতাৰহে সৃষ্টি কৰিব পাৰে। সেয়েহে শিশুৰ খাদ্য প্রস্তুত কৰাৰ ক্ষেত্ৰত কিছু নিয়মমানি চলাটো প্রয়োজনীয়। শিশুক পিঠাগুৰিৰ লুখুৰী তৈয়াৰ কৰি খুৱাব পাৰে। লুথুৰী খোৱাত শিশুৱে কোনো অসুবিধা নাপালে লাহে লাহে খিচিৰী খুৱাবলৈ আৰম্ভ কৰিব পাৰে। প্রথম অৱস্থাত খিচিৰী চাউল, দাইল আৰু তেলৰ সহায়ত ৰান্ধিব পাৰে। ক্রমশঃ সেই খিচিৰীত কিছু শাক-পাচলিও মিহলাই খুৱাব পাৰে। এবছৰ হোৱাৰ পূর্বে শিশুক গাজৰ, আলু, বীন আদি কোমল পাচলি খিচিৰীত মিহলাই খুৱাব পাৰে। শিশুটিৰ শৰীৰত প্ৰ’টিনৰ চাহিদা পূৰণ কৰিবৰ বাবে কোমল কাঁইট নোহোৱা মাছ, মুৰ্গীৰ মঙহ, মুৰ্গীৰ চুপ, দাইলৰ পানী আদি খুৱাব পাৰে।

ফল-মূলৰ ভিতৰত পকা কল, পকা আম আৰু কমলাৰ ৰস শিশুক খুওৱাটো জৰুৰী। শিশুৰ খাদ্য প্ৰস্তুত কৰাৰ বেলিকা সদায়ে জলা, মছলা তেল, নিমখ আৰু চেনি (লুথুৰী তৈয়াৰ কৰোতে চেনিৰ ব্যৱহাৰ) ব্যৱহাৰৰ সন্দৰ্ভত যথেষ্ট সতৰ্কতা অৱলম্বন কৰা উচিত। পৰিস্কাৰ-পৰিচ্ছন্ন তথা সতেজ খাদ্যই শিশুৰ স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে। সাধাৰণতে তিনি ঘণ্টাৰ মূৰে মূৰে শিশুক কম কমকৈ খুৱাই থাকিব লাগে। শিশুক খাদ্য খুওৱাৰ ক্ষেত্ৰত বাটি আৰু চামুচ ব্যৱহাৰ কৰিলে খাদ্যৰ মাপ সঠিক হৈ থাকে। সাধাৰণতে শিশুৰ প্ৰতিবাৰৰ খাদ্যৰ পৰিমাণ বা মাত্রা ১০০-১২০ মিলিৰ মাজত হোৱাটো জৰুৰী।

উৎস: সাদিন ফিচাৰ্ছ।

শেহতীয়া উন্নীতকৰণ: : 2/16/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate