অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুক ভাল আৰু বেয়া স্পৰ্শৰ জ্ঞান দিয়ক

শিশুক ভাল আৰু বেয়া স্পৰ্শৰ জ্ঞান দিয়ক

 

স্পৰ্শৰ অনুভৱেৰে বহু কথাই বুজিব পাৰি। ভাল আৰু বেয়া স্পৰ্শৰ মাজৰ পাৰ্থক্য জনাটো অতি আৱশ্যকীয় কথা।

আজিকালি প্ৰায়ে দেখিবলৈ—শুনিবলৈ পোৱা যায় যে “যৌন শোষণৰ বলি হ’ল ফুলকুমলীয়া শিশু।” এনে শিহৰণকাৰী ঘটনাই সচেতন মহলক বাৰুকৈয়ে চিন্তিত কৰি তোলে। প্রায়ে বাতৰি কাকত, টিভি চেনেল আদিত বর্তমান এনেধৰণৰ খবৰে ভিৰ কৰিব লাগিছে। এটি অবোধ শিশুক বলাৎকাৰ কৰাসকল পিছে আত্মীয়-কুটুম্ব অথবা পৰিচিত ব্যক্তিয়ে হয়। বিশেষকৈ এনে ঘৃণনীয় কার্য সংঘটিত কৰে মানসিকভাৱে বিকৃত এচাম ব্যক্তিয়েই। কিন্তু শিশুটিয়েতো নাজানে ভুল কি শুদ্ধ কি। গতিকে সহজেই সিহঁত তেনে ব্যক্তিৰ চিকাৰ হয়।

কিয় প্রয়োজন

আজিকালি পিতৃ-মাতৃ দুয়োজনে চাকৰি, ব্যৱসায় আদি কৰে। যি কাৰণত শিশুটিয়ে বেছিভাগ সময় ঘৰত অকলে বা কোনো আত্মীয়ৰ স’তে সময় কটাবলগীয়া হয়। ব্যস্ততাৰ হেতু শিশুটিৰ চোৱাচিতাৰ নামত তেওঁলোকে বেছি সময় দিব নোৱাৰা হৈছে। ভাল আৰু বেয়া স্পৰ্শৰ শিক্ষা দিয়া এই কাৰণতে আৱশ্যক যাতে শিশুটিয়ে সেই পৰিস্থিতিৰ সন্মুখীন হ’লে তেনে ব্যক্তিৰ পৰা নিজক বচাব পাৰে। এইখিনিতে প্রশ্ন হ’ব পাৰে যে শিশুক কেতিয়া আৰু কেনেকৈ ভাল আৰু বেয়া স্পৰ্শৰ জ্ঞান দিব লাগিব।

কেতিয়া দিব জ্ঞান

  • যেতিয়া শিশুটিয়ে কথা ক’বলৈ আৰম্ভ কৰে আৰু বুজিব পৰা হয়।
  • আপুনি প্রশ্ন কৰিলে সি নিজৰ প্রয়োজনৰ বিষয়ে ক’ব পৰা হয়।
  • যেতিয়া আপোনাৰ শিশুটিয়ে সেই পৰিস্থিতিৰ বিষয়ে ক’ব পৰা হয়।

কেনেকৈ জ্ঞান দিব

শিশু একোটি অতি সৰলমনা হয় আৰু সি গম্ভীৰ কথাবোৰ বুজি নাপায়। সেয়েহে শিশুক সিহঁতে বুজিব পৰা ভাষাৰে অৰ্থাৎ খেলা-ধূলাৰ মাজেৰে মৰমেৰে বুজাওক।

  • সিহঁতৰ সন্মুখত যিকোনো ঘটনা বা স্থিতিৰ বাস্তৱ ছবি একোখন যদি দাঙি ধৰিব পৰা হয়, শিশুৱে সহজে কথাবোৰ বুজিব পাৰিব।
  • শিশুক কওক যে অচিনাকী ব্যক্তিৰ লগত কেতিয়াও যেন নাযায়। আনহাতে ক’লৈ যাব বিচাৰে সবিশেষ যাতে ঘৰৰ সদস্যসকলক জনাই থৈ যায়।
  • শিশুৰ স’তে সময় অতিবাহিত কৰক আৰু সিহঁতৰ কথা-বতৰাবোৰ ঠিকমতে শুনক, সি কিনো ক’ব বিচাৰে।
  • শিশুটিৰ ভাৱ-ভংগী তথা ব্যৱহাৰত যদি পৰিৱর্তন দেখিবলৈ পাইছে বা খিংখিঙীয়া প্রকৃতিৰ হৈ উঠিছে বা লাজ ভাৱ দেখুৱাইছে, তেন্তে তাৰ ব্যৱহাৰলৈ অহা পৰিৱৰ্তনৰ কাৰণ জানিবলৈ চেষ্টা কৰক।
  • শিশুৱে যদি কোনো বিশেষ ব্যক্তিৰ বিষয়ে কিবা অভিযোগ কৰে তেতিয়া ধমকি নিদিব। বৰং তাৰ লগত খোলাখুলিকৈ কথা হওক। এনে কৰিলে সি আপোনাৰ ওচৰত কথাবোৰ ক’বলৈ সংকোচ নকৰিব।

ভাল আৰু বেয়া স্পৰ্শৰ প্ৰভেদ

  • শিশুটিক জনাওক যে ভাল স্পর্শ হৈছে যিটো পিতৃ-মাতৃ, খুৰা-খুৰী, ককা-আইতাই মৰমেৰে চুমা খায় বা আলফুলে সাৱটি লয়। বেয়া স্পৰ্শই সুখ অনুভৱ কৰাব নোৱাৰে; কিয়নো তেনে ব্যক্তিয়ে অসৎ অভিপ্ৰায়েৰে স্পর্শ কৰে।
  • শিশুক বুজাওক যে যদি ব্যক্তি বিশেষৰ দাবী-ধমকিত ভয় খায়, তেন্তে তেওঁৰ অসৎ অভিসন্ধিৰ চিকাৰ হ’বলগীয়া হ’ব। সেয়ে তাক দৃঢ় হৈ তেনে অভিসন্ধিৰ মুকলি প্ৰতিবাদ কৰিবলৈ শিকাওক একো লুকঢাক নকৰাকৈ।
  • তাক বেয়া স্পর্শ আৰু এই সম্বন্ধীয় আইনৰ বিষয়ে অৱগত কৰাওক আৰু কওক যে তেনে অসৎ ব্যক্তিক শাস্তি বিহাৰ বহু কঠোৰ আইন আছে। গতিকে পলম নকৰি উপৰোক্ত কথাসমূহলৈ ধ্যান দি জনা হোৱাৰে পৰাই শিশুটিক ভাল আৰু বেয়া স্পৰ্শৰ প্ৰভেদ বুজাবলৈ আৰম্ভ কৰক।

লেখিকা: ৰীণা দেৱী।

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate