অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুসকলে কিয় মিছা কথা কয়?

শিশুসকলে কিয় মিছা কথা কয়?

“মেঘবোৰ হঠাতে শহাপহু হৈ পৰিল আৰু সেই শহাপহু বোৰ দৌৰি গৈ থাকোতে ডাঙৰ ভালুক এটা আহি শহাপহুবোৰ গিলি খাই থ’লে। শহাপহু খোৱা ভালুকটোৰ পেটটো ডাঙৰ হৈ গ’ল বাবে সি ঢুপুচকে পুখুৰীত পৰিল আৰু গাত পানী লগা কাজলি গাই এজনী হৈ ভয়তে দৌৰি গৈ গছৰ সুৰুঙাত উঠিলে গৈ”। এনে ধৰণৰ সাধু কথা শিশুৰ মুখত প্ৰায়ে শুনা যায়। শিশুসকলৰ কল্পনা শক্তি এনেয়ে অতি প্ৰৱল। সেই কল্পনা শক্তিৰ ফলতেই শিশুসকলৰ মনৰ মাজত এখন পৃথক জগত গঢ় লৈ উঠে। ইয়াৰ বাবেই শিশুসকলে এনে কিছুমান কথা গুৰুত্ব সহকাৰে ব্যক্ত কৰে যিবোৰ কথা ৱাস্তৱ সন্মত নহয় অথবা কেতিয়াও তেনে ঘটনা ঘটাই নাই। কেতিয়াবা এনেকুৱাও হয়। শিশুসকলে প্ৰত্যক্ষ কৰা কোনোবাটো ঘটনা শিশুসকলৰ জগতৰ লগত বা  তেওঁৰ কল্পনা শক্তিৰ যোগেৰে মিহলি কৰি গোটেই ঘটনাটোৱেই এটা নতুন ৰূপ প্ৰদান কৰি বক্তব্য আগবঢ়োৱা দেখা যায়। এনেবোৰ কথাকেই আমি শিশুসকলে কোৱা মিছা কথা বুলি আখ্যা দিওঁ।

মনোবিজ্ঞানীসকলৰ মতে প্ৰতিটো শিশুৱেই এটা বয়সত এনে কিছুমান মিছা কথা কয়।

এই লেখাটিত শিশুসকলে কোৱা মিছা কথাৰ নেপথ্যৰ বিভিন্ন কাৰণ আৰু এইসমূহ কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিব বিচৰা হৈছে।

  • শিশু অৱস্থাত হয়তো তেওঁলোকে সঁচা কথা আৰু মিছা কথা কোৱাৰ পাৰ্থক্য বুজি নাপায়। এনে ধৰণৰ মিছাকৈ কোৱা কথাসমূহ বহু ক্ষেত্ৰতে আনৰ বাবে ক্ষতিকাৰক নহ’লেই যেতিয়া বিদ্যালয়লৈ যোৱাৰ বয়স হয় সেই বয়সত এনেবোৰ বিষয়ত গুৰুত্ব দিয়া উচিত।
  • বিদ্যালয়লৈ নতুনকৈ যোৱা সময়ত বিভিন্ন নতুন পৰিৱেশ আৰু নতুন বন্ধু-বান্ধৱ তথা অপৰিচত ব্যক্তি (শিক্ষক-শিক্ষয়িত্ৰী) আদিৰ সংস্পৰ্শলৈ আহি শিশুসকল সততে ভিতীগ্ৰস্ত হ’ব পাৰে। এই ভয় লুকুৱাবলৈকে তথা নিজেই কৰি পেলোৱা ভুল-ত্ৰুটিবোৰ নেদেখুৱাবলৈকে শিশুসকলে মিছা কথা ক’ব পাৰে। নিজে কৰা ভুলসমূহ আনে গম পালে তাৰ প্ৰতিক্ৰিয়া কি হ’ব সেই সম্পৰ্কে শিশুসকল চিন্তিত হৈ পৰাৰ বাবেও মিছা কথা ক’ব পাৰে।
  • বহু সময়ত দেখা যায় আন লোকৰ মনোযোগ আকৰ্ষণ কৰিবলৈকে শিশুসকলে প্ৰায়ে মিছা কথা কয়। বিশেষকৈ বিভিন্ন কাৰণত পৰিয়াল বা বন্ধু-বান্ধৱৰ পৰা অৱহেলিত শিশুসকলৰ মাজত এই প্ৰৱণতা অধিক দেখা যায়। এনে ক্ষেত্ৰত শিশুটিৰ প্ৰতি মৰম, আদৰ, যত্ন লৈ এই সমস্যা আঁতৰাই তোলা সম্ভৱপৰ হয়।
  • অনিশ্চয়তা আৰু আত্ম মৰ্যাদাৰ অভাৱৰ বাবেও শিশুসকলৰ মাজত বিভিন্ন কথা বেছিকৈ বঢ়াই মিলি কোৱাৰ অভ্যাস দেখা যায়। সাধাৰণতে সমবয়সীয়া সকলৰ লগত যিকোনো খেল আদিত নিজকে পাকৈত দেখুৱাবলৈ, আন সকলতকৈ নিজৰ বুদ্ধি বেছি থকা দেখুৱাবলৈ শিশুসকলে মিছা কথা কোৱা দেখা যায়।
  • বহু সময়ত মাক-দেউতাকৰ লগতে পৰিয়ালৰ বিভিন্ন সদস্যই নিজৰ পেশাগত জীৱনত মিছা কথাৰ আশ্ৰয় লোৱাৰ প্ৰত্যক্ষ কৰিও শিশুসকলে মিছা কথা ক’বলৈ আৰম্ভ কৰা দেখা যায়। শিশুসকলে ভাৱে যে এনেকৈ মিছা কথা কোৱাটো যিহেতু ডাঙৰ সকলে কৰেই গতিকে এইটো কোনো দোষৰ বিষয় নহয়।
  • পৰাপক্ষত কথা বুজিবলৈ চেষ্টা কৰাৰ অৱস্থাৰ পৰাই শিশুসকলক কল্পনা আৰু মিছা কথাৰ মাজৰ পাৰ্থক্যটো বুজাই দিবলৈ চেষ্টা কৰা উচিত। তেওঁলোকক তেওঁলোকৰ মনে সজা বা বাস্তৱ বুলি ভবা কথা বিলাক গুৰুত্ব দি শুনা উচিত। কিন্তু বিদ্যালয়লৈ যোৱাৰ সময়ৰ পৰাই তেওঁলোকৰ সাধুকথা বা তেওঁলোকৰ বক্তব্যসমূহ বাস্তৱসন্মতভাৱে ব্যাখ্যা কৰি কল্পনা আৰু বাস্তৱৰ মাজৰ পাৰ্থক্যটো বুজাই দিবলৈ চেষ্টা কৰা উচিত।
  • যি বয়সৰ পৰা বিভিন্ন আখ্যানমূলক উপদেশমূলক সাধুকথা বুজিবলৈ পাৰে সেই বয়সৰ পৰাহে শিশুসকলক এনে কথাবোৰ কোৱা উচিত। বুজিব পৰা বয়সত এনে সাধুকথা ক’লে শিশুসকলে নিজেই ভাল আৰু বেয়া কামৰ পাৰ্থক্য বুজি ল’ব পাৰে। মিছা কথা মানুহৰ জীৱনৰ বাবে কিমান ভয়াৱহ হৈ উঠিব পাৰে সেই বিষয়টো বুজাবলৈ এনে সাধু কথাৰ সহায় লোৱা উচিত।
  • বহু সময়ত দেখা যায় শিশুসকলে কোৱা মিছা কথাবোৰ শুনি অভিভাৱকসকলে শিশুসকলক প্ৰশংসা কৰি, হাঁহি উৎসাহিত কৰে। এফালৰ পৰা চাবলৈ গ’লে এই কাৰ্য্যই শিশুটিক তাৰ কল্পনা শক্তিক উন্নীত কৰাত উৎসাহ যোগায় যদিও মিছা কথা কোৱাৰ পৰিণতিৰ বিষয়ে লাহে লাহে বুজাবলৈ আৰম্ভ নকৰিলে শিশুটিৱে দীৰ্ঘ সময়লৈকে মিছা কথাৰ আশ্ৰয় ল’ব পাৰে।
  • এনে সমস্যা থকা শিশুক বন্ধুত্ব সুলভভাৱে কথা পাতি বুজিবলৈ চেষ্টা কৰা উচিত যে কি কাৰণে শিশুটিৱে উক্ত মিছাকথাটো ক’লে বা সঁচা কথাটো ক’লে কি সমস্যাৰ সৃষ্টি হ’ব বুলি শিশুটিৱে ভাবে। অধিক সময় শিশুটিৰ লগত এনেভাৱে কথা পাতি শিশুটিৰ মানসিক অৱস্থাটো বুজিবলৈ চেষ্টা কৰা উচিত আৰু উক্ত সমস্যাটো কেনেদৰে সমাধান কৰা হয় সেই বিষয়ে চেষ্টা কৰা উচিত।
  • শিশুটিৰ পৰা প্ৰতিটো ইতিবাচক আচৰণত প্ৰশংসা কৰা উচিত আৰু সঁচা কথা কোৱা আৰু ভাল কাম কৰাৰ বাবে শিশুটিক বিভিন্ন ধৰণে পুৰস্কৃত কৰাৰ চেষ্টা কৰিব লাগে। এনেবোৰ কাৰ্য্যই শিশুটিৰ ইতিবাচক/ভাল কাম-কাজ আৰু সঁচা কথা কোৱাৰ প্ৰতি উৎসাহিত কৰে।
  • যদিহে অভিভাৱকসকলৰ আচৰণগত ভুলৰ বাবেই শিশুসকলে মিছাকথা ক’বলৈ শিকে তেন্তে এইটো অতি বিপদজনক বিষয়। এনে ক্ষেত্ৰত অনতিপলমে অভিভাৱকসকলে নিজৰ আচৰণ ব্যৱহাৰ আদি শুধৰাই লোৱা উচিত কিয়নো এটি শিশুৱে মাক-দেউতাকৰ পৰাই অধিক কথা শিকে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate