অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ খাদ্যৰ প্ৰতি অনীহা আৰু উপায়

 

আধুনিক মাকবোৰৰ সমাধানবিহীন এক সমস্যা হ’ল তেখেতৰ সন্তানটোৰ খাদ্য খোৱাৰ প্ৰতি অনীহা । যাৰ ঘৰতে শিশু আছে তাত শিশুক খাদ্য খুওৱাৰ সময়ত মাকৰ যথেষ্ট কষ্ট হোৱা দেখা যায় । অধিকসংখ্যক মাতৃৰ মুখত শুনা যায় যে তেওঁ যি নকৰিলেও সন্তানে ভালদৰে খাদ্য খোৱাৰ প্ৰতি অনিচ্ছুক । বিভিন্ন ধৰণে শিশুক প্ৰলোভন দেখুৱাই নাইবা টিভি, মোবাইল আদিৰে মনোৰঞ্জন কৰি শিশুক খাদ্য খুওৱাৰ চেষ্টা কৰে । তদুপৰি শিশুৰ মনোভাব এনেকুৱা ধৰণে গঢ়ি তোলে যেন শিশুটোৱে খাদ্য মাকৰ বাবেহে খাইছে । আগৰ দিনৰ পদ্ধতিবোৰক আওকাণ কৰি বৰ্তমান এটা শিশুক খাদ্য খুওৱাৰ বাবে মাক-দেউতাক, ককাক-আইতাক সকলোৱে একেলগে চেষ্টা কৰিবলৈ লয় । ফলত যিমানে চেষ্টা কৰে সিমানে শিশুৱে খাদ্যৰ প্ৰতি অনীহা দেখায় । প্ৰকৃততে শিশুক প্ৰতিপালন কৰোতে আটাইতকৈ টান কামটো হ’ল শিশুক খাদ্য খুওৱা । প্ৰতিগৰাকী মাতৃয়ে ভাবে কেতিয়া তেওঁৰ শিশুৱে নিজে খাদ্য খাব পৰা হ’ব । ভালদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে শিশুৰ অধিকসংখ্যক ৰোগ সমতুল খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত হয় । পৰিষ্কাৰ-পৰিচ্ছন্নতা বাৰু ঠাইবিশেষে বেলেগ বেলেগ হয় যদিও শিশুৰ আহাৰৰ প্ৰতি অনীহাৰ সমস্যা প্ৰায় সকলো ঠাইতে একে হয় । শিশুক খাদ্য খোৱাৰ বিষয়ে শিকোৱাৰ সময়ত মাকে লক্ষ্য ৰখা উচিত যে জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ শিশুক তেখেতে দি আছে, যাৰ বাবে ধৈৰ্য আৰু উৎসাহ অতি প্ৰয়োজন । শিশুৰ খাদ্যৰ প্ৰতি অনীহা জন্মৰ প্ৰধান কাৰণবোৰ হ’ল-

শিশুৰ অত্যধিক ভোক লগা -

শিশুৰ অত্যধিক ভোক লগালৈকে খাদ্য দিবলৈ ৰৈ থাকিলে শিশু খিংখিঙীয়া হৈ পৰাৰ লগতে খাদ্যৰ প্ৰতি অনীহা জন্মে । মাতৃয়ে শিশুৰ খাদ্যনৈলী আৰু খাদ্য খোৱাৰ সময়বোৰ মন কৰা উচিত । খোৱাৰ সময়বোৰ পৰিৱৰ্তন কৰি থাকিলেও অধিক ভোক লগাৰ ফলত খাদ্যৰ প্ৰতি শিশুৰ অনীহা হ’ব পাৰে ।

শিশুৰ ভাগৰ লগা -

খেলি খেলি অধিক ভাগৰ লাগিলে শিশুৰ খাদ্য খোৱাৰ বাবে ধৈৰ্য নাথাকে । তদুপৰি ভাগৰ লাগিলে পানী খায় আৰু পাকস্থলীৰ আকাৰ সৰু হোৱা বাবে অলপ পানী খালেই ভৰি যায় । শিশুৰ অধিক ভাগৰ লাগিলে খাদ্য খুৱাবলৈ যত্ন কৰিব নালাগে, তাৰ পৰিৱৰ্তে অলপ পনীয়া কিবা খুৱাই কিছু পলমকৈ খাদ্যবস্তু খুৱাব লাগে ।

খাদ্যৰ আকাৰ-আকৃতি -

শিশুৰ খাদ্যবস্তুবোৰ ধুনীয়া আকাৰ-আকৃতিৰ নহ’লে খাবলৈ টান পায় । হাতৰ মুঠিত সোমাই পৰা আকাৰৰ আৰু মনোগ্ৰাহী আকৃতিৰ তথা ৰং-বিৰঙৰ খাদ্যবস্তুবোৰে শিশুক আকৰ্ষণ কৰে । যদি খাদ্যবস্তুবোৰ দেখোতে শিশুৰ পচন্দৰ নহয় তেতিয়াও খাবলৈ টান পায় ।

খোৱাৰ প্ৰতিকূল পৰিৱেশ -

শিশুক অকলশৰীয়াকৈ খাবলৈ দিলে অথবা টিভি-মোবাইল ফোন আদি দি ব্যস্ত ৰাখি খাদ্য খুৱালে শিশুৰ জোৰকৈ খুওৱা যেন অনুভৱ হয় । খাদ্য জোৰকৈ খুৱালে শিশুৰ মনোভাব হয়-যেন খাদ্য খোৱাটো তেওঁৰ কাম নহয়, মাকেহে জবৰদস্তি কৰি কৰোৱা এটা কাম । গতিকে খাদ্য খোৱাৰ সময়ত সকলোৰে লগত ডাইনিঙত বহি খাবলৈ এটা প্ৰতিকূল পৰিৱেশ নিদিলে শিশুৰ খাদ্যৰ প্ৰতি অনীহা হ’ব পাৰে । সেয়েহে শিশুক ডাঙৰবোৰৰ লগত একেলগে খোৱাৰ অভ্যাস কৰা উচিত । তেনেক্ষেত্ৰত শিশুৱে অধিক দেখি শিকে ।

অত্যধিক মানসিক চাপ :- জোৰকৈ শিশুক ডাবি-ধমকি বা মাৰপিট কৰি খাদ্য খুওৱাৰ চেষ্টা কৰিলে শিশুৰ খাদ্যৰ প্ৰতি অনীহা জন্মে ।

খাদ্য খাবলৈ অসুবিধা পোৱা :- জোখতকৈ ডাঙৰ বাচন-বৰ্তন তথা বহাৰ অসুবিধাৰ উপৰি খাদ্যবস্তুৰ আকাৰৰ বাবে পোৱা অসুবিধাৰ বাবেও শিশুৱে আহাৰ খাবলৈ অনাগ্ৰহী হয় ।

খাদ্যবস্তু ধৰিবলৈ অসুবিধা পোৱা :- খাদ্যবস্তুবোৰ শিশুৱে নিজে ধৰিবলৈ অসুবিধা পালে তাৰ প্ৰতি আকৰ্ষণ কমি যায় ।

শিশু বিশেষজ্ঞৰ মতে বয়স এবছৰ সম্পূৰ্ণ হোৱাৰ পাছত গাখীৰ সেৱনৰ পৰিমাণ কম কৰি দি ছেমি-ছলিড, অৰ্থাৎ গোটা-পনীয়া ধৰণৰ খাদ্য দিয়াৰ অভ্যাস কৰাব লাগে । দিনটোত শিশুক তিনি-চাৰিবাৰমান খাদ্য খুৱাব লাগে । বিভিন্ন ধৰণৰ ফল, শাক-পাচলি, ডালিয়া, খিচিৰি আদি দিব পাৰে । শিশুক সদায় আহাৰ খোৱাৰ সময়ত পৰিয়ালৰ আন সদস্যবোৰৰ লগত একেলগে এখন সৰু থালত ধুনীয়াকৈ সজাই মনোগ্ৰাহী কৰি দিব লাগে । খাদ্য পেলালে শিশুৰ ওপৰত খং কৰা বা ধমকি দিয়াটো অনুচিত । শিশুক নিজে নিজে খাবলৈ দিলে, আনবোৰে খোৱা দেখি নিজে নিজে খাবলৈ শিকি যাব । সাধাৰণতে শিশুসকলে খাদ্যৰ ভিন্নতা পচন্দ নকৰে, অৰ্থাৎ একেধৰণৰ খাদ্যহে খাই ভাল পায় । যিবোৰ খাদ্যৰ সোৱাদ শিশুৱে ভালদৰে জানে তেনেকুৱা খাদ্যহে শিশুৰ খাদ্য । নতুনকৈ দিয়া খাদ্যৰে প্ৰতি অনীহা দেখা যায় । তাকে দেখি মাকসকলে কয়- আমাৰ ল’ৰা বা ছোৱালীটোৱে একো এটা খাবলৈ ইচ্ছা নকৰে । প্ৰকৃততে খাওক বা নাখাওক প্ৰতিদিনে নতুন নতুন খাদ্য যাচিব লাগে । খাদ্যবস্তু যাতে শিশুৰ হাতৰ মুঠিত সোমাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । কণীৰ ফিংগাৰ চিপচ কৰি অথবা আলু সিজাই হাতত দিলেও শিশুৱে খাই ভাল পায় । খাদ্য আকৰ্ষক ধৰণেৰে সজাই-পৰাই দিলে অথবা ফল-চালাড আদি ধুনীয়া ধুনীয়া আকাৰত কাটি আগত দিলে শিশুৰ খাদ্যৰ প্ৰতি থকা অনীহা দূৰ হয় । সিজোৱা মটৰ, মাকৈ, ফল আদিও খাবলৈ দিব পাৰে । শিশুক খোৱাৰ সময়ত খং নকৰি মৰমেৰে খোৱাত উৎসাহ যোগাব লাগে । শিশুৰ খাদ্যবস্তু বিভিন্ন ৰং আৰু বেলেগ বেলেগ আকাৰৰ হোৱাটো অতি প্ৰয়োজন । ই শিশুক খাদ্যৰ প্ৰতি আকৰ্ষিত কৰে । শিশুৰ লগত খেলি থাকোতে খোৱা বস্তুবোৰৰ নাম কৈ অথবা খোৱা বস্তুবোৰৰ সৈতে খেলি খেলি ইয়াৰ প্ৰতি আকৰ্ষণ বঢ়াব পাৰি । খোৱা টেবুলত বিভিন্ন ধৰণৰ খাদ্যবস্তু ৰাখি তাৰ নাম আৰু সোৱাদৰ কথা সুধি শিশুৰ লগত খেলিব লাগে । শিশুৰ খোৱা টেবুলত খাদ্য নিজে খোৱাটোও এটা খেল যেন লাগিব লাগে । খোৱাৰ সময়ত শিশুৰ লগত কথা পাতি থাকিব লাগে । শিশুক দুই-তিনি ঘণ্টাৰ ব্যৱধানত খাদ্য যোগান ধৰি থাকিব লাগে । তেতিয়াহে কিবাকিবি খাই থকাৰ অভ্যাস হয় আৰু সন্তুলিত আহাৰৰ পৰা সকলোবোৰ খাদ্য প্ৰাণ শিশুৱে আহৰণ কৰিব পাৰে । লগতে মাকে শিশুৰ কেতিয়া বা কিমান সময়ৰ ব্যৱধানত ভোক লাগে তাৰ প্ৰতি নজৰ ৰখা উচিত আৰু ভোক লগাৰ ১৫ ৰ পৰা ২০ মিনিট আগতে কিবা খাদ্য আগত দিয়া উচিত । অন্যথা শিশু ভোকতে খিংখিঙীয়া হৈ পৰি খাদ্য নোখোৱা হয় । নিজে খাদ্য খোৱা দেখিলে শিশুক প্ৰশংসা কৰি উৎসাহিত কৰিব লাগে আৰু কিদৰে খাদ্য থালৰ পৰা নেপেলোৱাকৈ খাব পাৰি শিকাই দিব লাগে । এদিনত নিশিকিলে বাৰ বাৰ ক’ব লাগে । কিন্তু খং কৰাটো অনুচিত । খং কৰিলে শিশু অধিক জেদী হৈ পৰে । চামুচ বা হাতেৰে যিহেৰে খোৱাটো শিশুৱে পচন্দ কৰে খাবলৈ দিব লাগে । জোৰকৈ নিজৰ পচন্দ জাপি দিবলৈ চেষ্টা কৰিব নালাগে ।

সুস্থ-সবলভাৱে শিশুৰ বৃদ্ধি হ’বলৈ শিশুৰ সমতুল আহাৰ অতি প্ৰয়োজনীয় । কু-পোষণৰ ফলতে বহুতো শিশুৰ অনেক ৰোগৰ সৃষ্টি হয় । গতিকে অভিভাৱকে প্ৰতিটো শিশুৰ মানসিকতাৰ ভিন্নতা বুজি, পচন্দ-অপচন্দ বুজি শিশুক নিৰোগী কৰি ৰাখি বৃদ্ধিত সহায়ক হোৱাটোৱে সকলোৰে কাম্য ।

লেখক :- মুনিন হুজুৰী

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate