অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ দাঁত গজা

শিশুৰ দাঁত গজা

শিশুটিৰ দাঁত গজাৰ সময়ত শিশুটিক মৰমেৰে আৱৰি ৰাখক। কাৰণ এই সময়ত শিশুটিয়ে যথেষ্ট কষ্টৰ সন্মুখীন হয়। কেতিয়াবা এই সময়ছোৱাত শিশুটি বিভিন্ন ৰোগৰ কবলত পৰে। শিশু-বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰি দাঁত গজাৰ সময়ত দেখা দিয়া লক্ষণ, ৰোগ আদিৰ বিষয়ে ভালদৰে জানি লওঁক। যিমান পাৰে শিশুটিৰ লগত পুতলা আদিৰে খেলক। শিশুটিৰ বেছিকৈ জ্বৰ উঠিলে, দাঁতৰ আলুত জেল ল’বলগীয়া হ’লে চিকিৎসাৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰক।

শিশুটিৰ দাঁত তিনিটামান গজোতেই দাঁতৰ যত্ন লোৱা উচিত। শিশুটিৰ দাঁত তিনিটামান গজোতেই দাঁতৰ যত্ন লোৱা উচিত। শিশুটিক ফ্লোৰাইডযুক্ত পেষ্টেৰে দাঁত ব্ৰাছ কৰিবলৈ শিকোৱা উচিত। তদুপৰি দাঁতৰ আলু মালিচ কৰিবলৈকে শিকোৱা উচিত। কেতিয়াবা শিশুটিয়ে পেষ্টখিনি সোৱাদ পাই গিলি থয়। গতিকে শিশুটিক পেষ্টৰ ফেনখিনি থুৱাই পেলাবলৈ শিকাওঁক। ব্ৰাছ কৰি থাকোতে থুৱাবলৈ আৰু মুখ ধুবলৈ শিকাওক।

শিশুটিক যথেষ্ট পৰিমাণে কেলচিয়ামযুক্ত খাদ্য খুৱাব লাগে। ফলত শিশুটিৰ দাঁতৰ গঠন আৰু হাড়ৰ গঠন ভাল হ’ব। শিশুটিক ফল-মূল, পানী, শাক-পাচলি আদি যথেষ্ট পৰিমাণে খাবলৈ দিয়ক। কিন্তু পৰাপক্ষত চেনিযুক্ত মিঠা বস্তু, চ’কলেট ক’লড-ড্ৰিংকছ, ফ্ৰিজত ৰখা পানী খাবলৈ নিদিয়াই ভাল। আহাৰৰ সৈতে বা আন সময়তো শিশুটিক মিঠা খাদ্য, মিঠা ফলৰ ৰস, মিঠা বিস্কুট আদি বেছিকৈ খাবলৈ দিয়া উচিত নহয়। তাৰ ঠাইত কম নিমখযুক্ত বস্তু খুৱাব পাৰে। কাৰণ শিশুটিৰ খাদ্যাভাস আৰু খোৱা বস্তুৰ ওপৰত দাঁতৰ গঠন বহু পৰিমাণে নিৰ্ভৰ কৰে। মিঠা বস্তু খোৱাৰ পিছত শিশুটিৰ দাঁতকেইটা লগে লগে পৰিষ্কাৰ কৰি পেলাব। শিশুটিৰ দাঁতৰ উপযুক্ত যত্ন ল’লেহে দাঁত পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা আদি ৰোগৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate