অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ ফিটনেছ :

শিশুৰ ফিটনেছ :

 

শাৰীৰিক বৃদ্ধিৰ ফালৰ পৰা প্ৰাক বিদ্যালয় শিশু অৰ্থাৎ এবছৰৰ পৰা ছয়বছৰৰ সময়ছোৱা শিশু এটিৰ বাবে অত্যন্ত স্পৰ্শকতাৰ। কিন্তু জন্মৰ পৰা এবছৰৰ ভিতৰত বৃদ্ধিৰ লগত তুলনা কৰিলে এবছৰৰ ভিতৰত বৃদ্ধিৰ লগত তুলনা কৰিলে এই সময়ছোৱাত ওজন বৃদ্ধিৰ হাৰ কিছু মন্থৰ। এই সময়ছোৱাত শাৰীৰিক ওজন কেৱল ২ ৰ পৰা ২ ১/২ কেজি প্ৰতি বছৰ হয়। প্ৰাক বিদ্যালয় শিশুৰ ওজনৰ তুলনাত উচ্চতাহে বেছি বৃদ্ধি হয়। সেইবাবে এই সময়ছোৱাত প্ৰথম বছৰৰ তুলনাত খীণ যেন দেখা যায়। প্ৰাক বিদ্যালয় শিশুসকলৰ অন্য এটা বৈশিষ্ট্য হ’ল বৰ্ধিত কাৰ্য-কলাপ। এই সময়ছোৱাত শিশুটি লাহে লাহে চোঁচৰাৰ পৰা দৌৰাদৌৰি কৰা, খেলা-ধুলা ইত্যাদি কৰিব পৰা হৈ আহে। গতিকে নিয়মমাফিক ওজন বৃদ্ধিৰ প্ৰয়োজন। প্ৰথম বছৰ প্ৰতি ৩ মাহত আৰু তাৰ পিচত প্ৰতিবছৰ শিশুটিৰ ওজন পৰীক্ষা কৰাটো খুবেই দৰকাৰ। এই সময়খিনি শিশুটিৰ প্ৰয়োজনীয় বৃদ্ধিৰ ক্ৰটি সংস্কাৰ কৰাৰ বাবে গুৰুত্বপুৰ্ণ। সুস্থ খাদ্য, নিকা, নিৰাপদ পৰিবেশৰ জৰিয়তে এই সময়ছোৱাত শিশুৰ যিকোনো ক্ৰটি সংস্কাৰ কৰিব পাৰি।

এই সময়ত শিশুটিৰ কেলৰিৰ প্ৰয়োজন থাকে যদিও এবছৰৰ শিশুৰ তুলনাত কিছু কম। এইছোৱা সময়ত আটাইতকৈ গুৰুত্বপুৰ্ণ খাদ্যপ্ৰাণবোৰ হ’ল- প্ৰ’টিন, কেলছিয়াম , ভিটামিন এ আৰু আইৰন। শিশুটিৰ সংক্ৰামক ৰোগ হোৱাৰ আশংকা খুবেই বেছি, গতিকে ভিটামিন এ আৰু আইৰনৰ প্ৰয়োজনীয়তা অধিক। এই সময়ছোৱা সুস্থ খাদ্যাভ্যাস শিকোৱাৰ সৰ্বোত্তম সময়।

প্ৰাক বিদ্যালয় শিশুৰ খাদ্যৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নিম্নলিখিত বিষয়সমুহ মনত ৰখা উচিত। বয়স অনুযায়ী অৰ্থাৎ ১-৩ বছৰ আৰু ৪ ৰ পৰা ৬ বছৰৰ বিভাগত ভগাই খাদ্য প্ৰস্তুত কৰিব লাগে। ভৌগালিক অৱস্থানক লৈ সহজে উপলব্ধ খাদ্য-সামগ্ৰী সাঙুৰিব লাগে। ধানজাতীয়, মাহজাতীয়, মাংসজাতীয়, কণী, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য, সেউজীয়া শাক-পাচলি ইত্যাদি সঘনাই ব্যৱহাৰ কৰিব লাগে। এইক্ষেত্ৰত শিশুটিয়ে ভালপোৱা-বেয়াপোৱা খাদ্যৰ বিচাৰ কৰি চাব লাগে। ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা খাদ্যবোৰ, যেনে- আম, গাজৰ, ৰঙালাউ, মাছ, মাখন, গাখীৰ, সেউজীয়া শাক-পাচলি খুৱাব লাগে।

নিৰ্দিষ্ট সময়ৰ ব্যৱধানত খাদ্য খোৱাৰ অভ্যাস কৰা দৰকাৰ। বেছি ঘনে ঘনে খোৱা বা বহু সময়ৰ ব্যৱধানত খাদ্য খোৱাৰ  অভ্যাস ত্যাগ কৰা উচিত। সঘনাই খোৱাটো প্ৰাক বিদ্যালয় শিশুৰ বাবে জৰুৰী। যিহেতু তেওঁলোকে এবাৰতে বেছি পৰিমাণৰ খাদ্য খাব নোৱাৰে। তিনিবাৰ মুল আহাৰ আৰু তাৰ মাজে মাজে ২ ৰ পৰা ৩ টা স্বাস্থ্যকৰ লঘু আহাৰেই যথেষ্ট। ১ ১/২ বছৰৰ শিশুৰ বাবে প্ৰতি ৩/৪ ঘণ্টাৰ ব্যৱধানত খাদ্য আৰু ২-৩ বাৰ গাখীৰ খোৱা আৱশ্যক। শক্তিবৰ্ধক আৰু প্ৰ’টিন থকা খাদ্য ৪ ৰ পৰা ৫ বাৰ দিব লাগে। ৩-৫ বছৰৰ শিশুৰ বাবে দুবাৰ গাখীৰ আৰু ৩ টা মুল খাদ্য (ব্ৰেকফাষ্,লান্স, ডিনাৰ), লগতে স্বাস্থ্যকৰ লঘু খাদ্যৰ প্ৰয়োজন।

প্ৰাক বিদ্যালয় শিশুৰ লঘু আহাৰসমুহে ৩০০ ৰ পৰা ৪০০ কি: কেলৰি আৰু যথেষ্ট প্ৰ’টিন, কেলছিয়াম, ভিটামিন এৰ যোগান ধৰিব পৰা হ’ব লাগে। কিন্তু মন কৰিব লাগে যাতে খাদ্যৰ পৰিমাণ বহু বেছি নহয়। লঘু খাদ্যবোৰ মাত্ৰা মুল খাদ্যৰ ওপৰঞ্চিহে হ’ব লাগে। কিন্তু মুল খাদ্যৰ সলনি ব্যৱহাৰ কৰিব নালাগে।

প্ৰাক বিদ্যালয় শিশুৰ ক্ষেত্ৰত বিশেষভাৱে মনোযোগ দিব লগা কথাবোৰ হ’ল- শিশুটিৰ বাবে প্ৰস্তুত কৰা খাদ্য ৰুচিকৰ হোৱা উচিত। শিশুৱে খাদ্য নিজে নিজে খাই ভাল পায়। সেইবাবে শিশুৱে মুখত সুমুৱাব পৰা জোখত খাদ্য কম কমকৈ দিব লাগে। নতুন খাদ্য লাহে, এটা এটাকৈ আৰু কম পৰিমাণত শিশুক দিব লাগে। কোনো খাদ্য শিশুক জোৰকৈ খুৱাব নালাগে। শিশুটিক নিজে ভালপোৱা বা বেয়াপোৱাৰ নিৰ্ণয় কৰিবলৈ দিব লাগে। নহ’লে খাদ্যৰ প্ৰতি বিৰুপ মনোভাব গঢ় লৈ উঠিব পাৰে। যদি শিশুৱে কিবা খাদ্য খাবলৈ প্ৰস্তুত নহয়, আমি ধৈৰ্য ধৰি কিছুদিন ৰৈ আকৌ খুৱাবলৈ চেষ্টা কৰা উচিত। প্ৰাক বিদ্যালয়ৰ সময়ছোৱাত শিশুৱে কিছুমান বিশেষ খাদ্যৰ প্ৰতি বেছি ভাল বা বেয়া পোৱা ভাব লয়। গতিকে আমি খাদ্যৰ প্ৰস্তুত প্ৰণালী সাল-সলনি কৰি বা যেতিয়া ভোকত থাকে, তেতিয়াহে খাবলৈ দিয়া উচিত।

শিশুৱে পিতৃ-মাতৃৰ খাদ্যাভ্যাসৰ অনুকৰণ কৰে। সেইবাবে পিতৃ-মাতৃয়ে নিজৰ খাদ্যাভ্যাস ব্যক্ত কৰোতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। শিশুৰ খাদ্য বেছি গৰম বা ঠাণ্ডা হ’ব নালাগে। শিশুসকল খুব সংবেদনশীল হয়। গতিকে পৰিমিত স্বাদৰ খাদ্যহে দিব লাগে।

শিশুৰ খাদ্যতন্ত্ৰ সহজেই উত্তেজিত হয়। সেইবাবে বেছি মছলাযুক্ত, মিঠা বা বেছি ভজা- পোৰা বস্তু দিব নালাগে। বেছি আঁহযুক্ত খাদ্যয়ো শিশুৰ খাদ্যতন্ত্ৰৰ অনিষ্ট কৰিব পাৰে। শিশু এটি সকলো সময়তে ব্যস্ত হৈ থাকে বাবে তেওঁলোকে প্ৰায়ে খাদ্যৰ প্ৰতি অমনোযোগী হৈ পৰে। সেয়েহে শিশুৰ খাদ্য ৰংচঙীয়া আৰু আকৰ্ষণীয় হোৱা উচিত।

লেখক: ভাস্কৰ কৌশিক (দেওবৰীয়া সম্ভাৰ )

 

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate