অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ ফ্লুৰ সমস্যা :

শিশুৰ ফ্লুৰ সমস্যা :

 

শিশুৰ ফ্লুৰ সমস্যাই শিশুটোক যথেষ্ট যন্ত্ৰণা দিয়ে। বিশেষকৈ প্ৰথম দুইৰ পৰা তিনিটা দিন শিশুটোৱে অতিশয় কষ্ট পায়। ফ্লুৰৰ কিছুমান লক্ষণ আছে। প্ৰায় ১০৪ ডিগ্ৰীৰ অধিক জ্বৰ, মূৰৰ বিষ, শুকান কাহ, বমি আৰু পেটৰ বিষ শিশুৰ এই ৰোগৰ কাৰণ। শিশুৰ এই ৰোগ হয় প্ৰধানকৈ সংক্ৰমণৰ দ্বাৰা। আক্ৰান্ত ব্যক্তিৰ কাহ বা শ্বাস-প্ৰশ্বাসৰ সংস্পৰ্শলৈ আহিলে শিশু অতি সহজে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। শিশুটো তেনে ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ ৫ৰ পৰা ৭ দিনৰ পিছতহে এই ৰোগে দেখা দিয়ে। শিশুৱে বিদ্যালয়ত নিজৰ কলম, পেঞ্চিল, চামুচ আদি আন আক্ৰান্ত শিশুৰ লগত সলনি কৰাৰ ফলত ৰোগৰ সংস্পৰ্শলৈ আহে। চিকিৎসকৰ মতে ৬ মাহৰ পৰা সকলো শিশুকে প্ৰতিষেধক দিব লাগে। কাৰণ ফ্লুক সহজে অৱজ্ঞা কৰা দেখা যায় যদিও ইয়াৰ ফলত আন গুৰুতৰ সমস্যাৰ উদ্ভৱ হ’ব পাৰে। চাইনাছ, কাণৰ সংক্ৰমণ, নিউমোনিয়া আদি ইয়াৰ বাবেই হ’ব পাৰে। যদি আপোনাৰ শিশুটিয়ে তিনি-চাৰি দিন ধৰি জ্বৰত ভোগে আৰু উশাহ লোৱাত অসুবিধা পায় আৰু পেটৰ বিষ, নাকেৰে পানী যোৱা আদি সমস্যাত ভোগে, তেন্তে তৎক্ষণাত চিকিৎসকৰ কাষলৈ লৈ যাব। ফ্লুক সাধাৰণ ৰোগ বুলি অৱজ্ঞা কৰিলে শিশুৰ স্বাস্থ্যলৈ ভাবুকি আহিব পাৰে।

উৎস: সুকন্যা

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate